সমললৈ যাওক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়াঞ্চল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমেৰিকা যুক্তৰাষ্ট্ৰ মানচিত্ৰ আৰু ২ এপ্ৰিল, ২০০৬-ৰ পৰা ১১ মাৰ্চ, ২০০৭-লৈ প্ৰচলিত প্ৰধান সময় অঞ্চলসমূহ। বৰ্তমানৰ পৰিস্থিতি বেলেগ, কিয়নো ইণ্ডিয়ান ৰাজ্যৰ কেইবাখনো কাউণ্টি এতিয়া কেন্দ্ৰীয় সময় অঞ্চলৰ সলনি পূব সময় অঞ্চলৰ অন্তৰ্গত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়ক আইন অনুসৰি নটা সময় অঞ্চলত ভাগ কৰা হৈছে। দেশখনৰ বেছিভাগ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। এই সময় অঞ্চলসমূহৰ সীমা আৰু দিবালোক সংৰক্ষণ সময়ৰ নীতি-নিয়ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগৰ আধিনত পৰিচালিত হয়।

সময় অঞ্চলসমূহ

[সম্পাদনা কৰক]

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নটা সময় অঞ্চল হৈছে: পূবৰ পৰা পশ্চিমলৈ আটলান্টিক মান সময় (Atlantic Standard Time, AST), পূব মান সময় (Eastern Standard Time, EST), কেন্দ্ৰীয় মান সময় (Central Standard Time, CST), পৰ্বতীয় মান সময় (Mountain Standard Time, MST), প্ৰশান্ত মান সময় (Pacific Standard Time, PST), আলাস্কা মান সময় (Alaskan Standard Time, AKST), হাৱাই-অলুয়েছিয়ন মান সময় (Hawaii-Aleutian Standard Time, HST), চামোৱা মান সময় (Samoa standard time, ইউ টি চি −১১) আৰু চামাৰো মান সময় (Chamorro Standard Time, ইউ টি চি +১০)। সময় অঞ্চলবোৰৰ সীমা ইয়াত Archived 2011-06-25 at the Wayback Machine চাব পাৰে।

আমেৰিকাৰ মূল ভূ-খণ্ডত ব্যৱহৃত সময় অঞ্চলসমূহ

[সম্পাদনা কৰক]
কেন্টাকিৰ ৱেইন কাউণ্টিত প্ৰবেশৰ পথত পূব সময় অঞ্চলত প্ৰবেশ কৰাৰ জাননী দেখা গৈছে

পূবৰ পৰা পশ্চিমলৈ, আমেৰিকাৰ মূল ভূ-খণ্ডত ব্যৱহাৰ কৰা সময় অঞ্চলসমূহ:

মূল ভূ-খণ্ডৰ বাহিৰৰ ৰাজ্যত ব্যৱহৃত সময় অঞ্চলসমূহ

[সম্পাদনা কৰক]

ৰাজ্যৰ বাহিৰৰ সময় অঞ্চলসমূহ

[সম্পাদনা কৰক]

ক্ষুদ্ৰ দূৰবৰ্তী দ্বীপসমূহ

[সম্পাদনা কৰক]

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান ক্ষুদ্ৰ দূৰবৰ্তী দ্বীপে উপৰত বহিৰে আন বেলেগ সময় অঞ্চল ব্যৱহাৰ কৰে। বেকাৰ দ্বীপ আৰু হাউলেণ্ড দ্বীপ ইউ টি চি −১২-ৰ অন্তৰ্গত, আনহাতে ৱেক দ্বীপ ইউ টি চি +১২-ৰ অন্তৰ্গত। উদাহৰণ স্বৰূপে বেকাৰ দ্বীপ আৰু হাউলেণ্ড দ্বীপত বুধবাৰৰ দুপৰীয়া ১২ বাজিলে ৱেক দ্বীপ বৃহস্পতি বাৰৰ দুপৰীয়া ১২ বাজিব। আন্তৰাষ্ট্ৰীয় তাৰিখ ৰেখাৰ পৰস্পৰ বিপৰীত ফালে এই দ্বীপকেইটাই কৰা অৱস্থানেই হৈছে ইয়াৰ কাৰণ। আন দূৰবৰ্তী দ্বীপসমূহ হৈছে: জাৰ্ভিচ দ্বীপ, মিডৱে এটোল, পালম্যৰা এটোল আৰু কিংমেন ৰীফ (ইউ টি চি −১১); জনষ্টোন এটোল (ইউ টি চি −১০); আৰু নাভাচা দ্বীপ, বাজ’ নুৱেভ’ বেঙ্ক আৰু চেৰানিলা বেঙ্ক (ইউ টি চি −০৫)।

দিবালোক সংৰক্ষণ সময়

[সম্পাদনা কৰক]

আমেৰিকা যুক্তৰাষ্ট্ৰত দিবালোক সংৰক্ষণ সময় প্ৰথম বাৰৰ বাবে পালন কৰা হয় ১৯১৮ চনত। বৰ্তমান দেশখনৰ অধিকাংশ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। ইয়াৰ ব্যতিক্ৰম হৈছে আৰিজোনা আৰু হাৱাই ৰাজ্য, লগতে পুয়েৰ্তো ৰিকো, আমেৰিকান চামোৱা, গুৱাম, উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জ, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া দ্বীপপুঞ্জ

১৯৮৭ ৰ পৰা ২০০৬ চনলৈ, আমেৰিকা যুক্তৰাষ্ট্ৰত দিবালোক সংৰক্ষণ সময় এপ্ৰিল মাহৰ প্ৰথম দেওবাৰৰ পৰা আৰম্ভ হৈ অক্টোবৰ মাহৰ অন্তিম দেওবাৰত শেষ হৈছিল। শক্তি সঞ্চয়ৰ উদেশ্য, শক্তি নীতি আইন, ২০০৫ অনুসৰি ২০০৭ চনৰ পৰা দিবালোক সংৰক্ষণ সময় এমাহৰ বাবে বঢ়াই দিয়া হয়। তেতিয়াৰে পৰা ই মাৰ্চ মাহৰ দ্বিতীয় দেওবাৰৰ পৰা আৰম্ভ হৈ নৱেম্বৰ মাহৰ প্ৰথম দেওবাৰত শেষ হয়।[1] স্থানীয় সময়ৰ পূৱা ২ বজাত দিবালোক সংৰক্ষণৰ বাবে সময় সলনি কৰা হয়।

১৯১৮ চনত প্ৰথম বাৰৰ বাবে দিবালোক সংৰক্ষণ সময় পালন কৰাৰ সময়ত যুক্তৰাষ্ট্ৰ কেপিটলত থকা অ’হাঅ’ ঘড়ীটোৰ সময় আগুৱাই দিয়াৰ দৃশ্য
দিবালোক সংৰক্ষণ সময় - আৰম্ভণি আৰু সমাপ্তিৰ তাৰিখ
বছৰ আৰম্ভণি সমাপ্তি
২০০৭ ১১ মাৰ্চ ৪ নৱেম্বৰ
২০০৮ ৯ মাৰ্চ ২ নৱেম্বৰ
২০০৯ ৮ মাৰ্চ ১ নৱেম্বৰ
২০১০ ১৪ মাৰ্চ ৭ নৱেম্বৰ
২০১১ ১৩ মাৰ্চ ৬ নৱেম্বৰ
২০১২ ১১ মাৰ্চ ৪ নৱেম্বৰ
২০১৩ ১০ মাৰ্চ ৩ নৱেম্বৰ
২০১৪ ৯ মাৰ্চ ২ নৱেম্বৰ
২০১৫ ৮ মাৰ্চ ১ নৱেম্বৰ
২০১৬ ১৩ মাৰ্চ ৬ নৱেম্বৰ
২০১৭ ১২ মাৰ্চ ৫ নৱেম্বৰ
২০১৮ ১১ মাৰ্চ ৪ নৱেম্বৰ
২০১৯ ১০ মাৰ্চ ৩ নৱেম্বৰ
২০২০ ৮ মাৰ্চ ১ নৱেম্বৰ
২০২১ ১৪ মাৰ্চ ৭ নৱেম্বৰ
২০২২ ১৩ মাৰ্চ ৬ নৱেম্বৰ
২০২৩ ১২ মাৰ্চ ৫ নৱেম্বৰ
২০২৪ ১০ মাৰ্চ ৩ নৱেম্বৰ
২০২৫ ৯ মাৰ্চ ২ নৱেম্বৰ

ৰাজ্যসমূহত ব্যৱহৃত সময় অঞ্চলসমূহৰ তালিকা

[সম্পাদনা কৰক]
ৰাজ্য
(বা বিশেষ অঞ্চল)
সময় অঞ্চল
দি স স
টোকা
আলাবামাইউ টি চি−০৫:০০ ET
ইউ টি চি−০৬:০০ CT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
  • ফিনিক্স নগৰ: ইউ টি চি−০৫:০০ EST পূব মান সময় (অনাধিকাৰিক ভাবে)
আলাস্কা ইউ টি চি−০৯:০০
ইউ টি চি−১০:০০
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−09 AKST আলাস্কা মান সময়
  • অলুয়েছিয়ন দ্বীপপুঞ্জ (১৬৯°৩০' পশ্চিমৰ পশ্চিমত): ইউ টি চি−১০:০০ দি স স সৈতে HST হাৱাই-অলুয়েছিয়ন মান সময়
আমেৰিকান চামোৱাইউ টি চি−১১:০০নহয়চামোৱা মান সময়
এৰিজোনা ইউ টি চি−০৭:০০ MT কিছু অংশ পৰ্বতীয়।
নাভাজো নেচনৰ বাহিৰে আৰিজোনাৰ আন অংশত দিবালোক সংৰক্ষণ সময় মানি চলা নহয়।
আৰকানচ'ইউ টি চি−০৬:০০ CTহয়কেন্দ্ৰীয় মান সময়
কেলিফৰ্ণিয়াইউ টি চি−০৮:০০ PTহয়প্ৰশান্ত মান সময়
কল’ৰাডোইউ টি চি−০৭:০০ MTহয়পৰ্বতীয় মান সময়
কানেকটিকাটইউ টি চি−০৫:০০ ETহয়পূব মান সময়
ডেলাৱেৰইউ টি চি−০৫:০০ ETহয়পূব মান সময়
ফ্লৰিডা ইউ টি চি−০৫:০০ ET
ইউ টি চি−০৬:০০ CT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৫:০০ EST পূব মান সময়
  • কিছু অংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
জৰ্জিয়াইউ টি চি−০৫:০০ ETহয়পূব মান সময়
গুৱামইউ টি চি+১০:০০নহয়চামাৰো মান সময়
হাৱাইইউ টি চি−১০:০০নহয়হাৱাইয় মান সময়
আইডাহো ইউ টি চি−০৭:০০ MT
ইউ টি চি−০৮:০০ PT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
  • কিছু অংশ: ইউ টি চি−০৮:০০ PST প্ৰশান্ত মান সময়
ইলিনয়ইউ টি চি−০৬:০০ CTহয়কেন্দ্ৰীয় মান সময়
ইণ্ডিয়ানা ইউ টি চি−০৫:০০ ET
ইউ টি চি−০৬:০০ CT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৫:০০ EST পূব মান সময়
  • কিছু অংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
আয়'বাইউ টি চি−০৬:০০ CTহয়কেন্দ্ৰীয় মান সময়
কেনচাচ ইউ টি চি−০৬:০০ CT
ইউ টি চি−০৭:০০ MT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
  • গ্ৰীলি, হেমিল্টন, চাৰমেন আৰু ৱেলেচ কাউণ্টি: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
কেন্টাকি ইউ টি চি−০৫:০০ ET
ইউ টি চি−০৬:০০ CT
হয়
  • ৰাজ্যৰ পূব অংশ: ইউ টি চি−০৫:০০ EST পূব মান সময়
  • ৰাজ্যৰ পশ্চিম অংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
লুইজিয়ানাইউ টি চি−০৬:০০ CTহয়কেন্দ্ৰীয় মান সময়
মেইনইউ টি চি−০৫:০০ ETহয়পূব মান সময়
মেৰিলেণ্ডইউ টি চি−০৫:০০ ETহয়পূব মান সময়
মাচাছুছিটাচইউ টি চি−০৫:০০ ETহয়পূব মান সময়
মিছিগান ইউ টি চি−০৫:০০ ET
ইউ টি চি−০৬:০০ CT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৫:০০ EST পূব মান সময়
  • উইচকনচিন ৰাজ্যৰ সীমাত থকা আপাৰ পেনিনচিলা কাউণ্টি: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
মিনিচোটাইউ টি চি−০৬:০০ CTহয়কেন্দ্ৰীয় মান সময়
মিছিছিপিইউ টি চি−০৬:০০ CTহয়কেন্দ্ৰীয় মান সময়
মিজুৱাৰীইউ টি চি−০৬:০০ CTহয়কেন্দ্ৰীয় মান সময়
মন্টানাইউ টি চি−০৭:০০ MTহয়পৰ্বতীয় মান সময়
নাব্ৰাস্কা ইউ টি চি−০৬:০০ CT
ইউ টি চি−০৭:০০ MT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
  • নাব্ৰাস্কা পেনহেণ্ডেল, পশ্চিম সীমাত কল’ৰাডো ৰাজ্য থকা কাউণ্টিসমূহ, আৰু পশ্চিম চেণ্ড হিলচ্: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
নেভাডা ইউ টি চি−০৭:০০ MT
ইউ টি চি−০৮:০০ PT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৮:০০ PST প্ৰশান্ত মান সময়
  • জেকপট আৰু ৱেষ্ট ৱেণ্ড‘ভাৰ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
নিউ হেম্পশায়াৰইউ টি চি−০৫:০০ ETহয়পূব মান সময়
নিউজাৰ্চীইউ টি চি−০৫:০০ ETহয়পূব মান সময়
নিউ মেক্সিকোইউ টি চি−০৭:০০ MTহয়পৰ্বতীয় মান সময়
নিউয়ৰ্কইউ টি চি−০৫:০০ ETহয়পূব মান সময়
নৰ্থ কেৰলাইনাইউ টি চি−০৫:০০ ETহয়পূব মান সময়
নৰ্থ ডকোটা ইউ টি চি−০৬:০০ CT
ইউ টি চি−০৭:০০ MT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
  • কিছু অংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জইউ টি চি+১০:০০নহয়চামাৰো মান সময়
অ’হাঅ’ইউ টি চি−০৫:০০ ETহয়পূব মান সময়
অকল’হামাইউ টি চি−০৬:০০ CTহয়কেন্দ্ৰীয় মান সময়
অৰেগন ইউ টি চি−০৭:০০ MT
ইউ টি চি−০৮:০০ PT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৮:০০ PST প্ৰশান্ত মান সময়
  • মালহেউৰ কাউণ্টিৰ উত্তৰাঞ্চলৰ অংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
পেনছিলভেনিয়াইউ টি চি−০৫:০০ ETহয়পূব মান সময়
পুয়েৰ্তো ৰিকোইউ টি চি−০৪:০০নহয়আটলান্টিক মান সময়
ৰড আইলেণ্ডইউ টি চি−০৫:০০ ETহয়পূব মান সময়
চাউথ কেৰলাইনাইউ টি চি−০৫:০০ ETহয়পূব মান সময়
চাউথ ডাকোটা ইউ টি চি−০৬:০০ CT
ইউ টি চি−০৭:০০ MT
হয়
  • ৰাজ্যখনৰ পূব অংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
  • ৰাজ্যৰ পশ্চিম অংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
টেনেচি ইউ টি চি−০৫:০০ ET
ইউ টি চি−০৬:০০ CT
হয়
টেক্সাচ ইউ টি চি−০৬:০০ CT
ইউ টি চি−০৭:০০ MT
হয়
  • ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
  • কিছু অংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
ইউটাহইউ টি চি−০৭:০০ MTহয়পৰ্বতীয় মান সময়
ভাৰমন্টইউ টি চি−০৫:০০ ETহয়পূব মান সময়
ভাৰ্জিনিয়াইউ টি চি−০৫:০০ ETহয়পূব মান সময়
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া দ্বীপপুঞ্জইউ টি চি−০৪:০০নহয়আটলান্টিক মান সময়
ৱাছিংটনইউ টি চি−০৮:০০ PTহয়প্ৰশান্ত মান সময়
ৱাছিংটন ডি চিইউ টি চি−০৫:০০ ETহয়পূব মান সময়
ৱেষ্ট ভাৰ্জিনিয়াইউ টি চি−০৫:০০ ETহয়পূব মান সময়
উইচকনচিনইউ টি চি−০৬:০০ CTহয়কেন্দ্ৰীয় মান সময়
ৱায়মিংইউ টি চি−০৭:০০ MTহয়আলাস্কা মান সময়

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Daylight Time". United States Naval Observatory. Archived from the original on 2011-11-05. https://web.archive.org/web/20111105214505/http://www.usno.navy.mil/USNO/astronomical-applications/astronomical-information-center/daylight-time আহৰণ কৰা হৈছে: 2011-11-06.