আমোছ অজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম ৪ মে’, ১৯৩৯
জেৰুছালেম, পেলেষ্টাইন
মৃত্যু ২৮ ডিচেম্বৰ, ২০১৮
পেটাহ টিকভা, ইজৰাইল
পেচা ঔপন্যাসিক, সাংবাদিক, অধ্যাপক
ৰাষ্ট্ৰীয়তা ইজৰাইল
দাম্পত্যসংগী নিলি জুকাৰমেন
সন্তান

আমোছ অজ (৪ মে' ১৯৩৯ – ২৮ ডিচেম্বৰ ২০১৮) [1] আছিল এজন ইজৰাইলী লেখক, ঔপন্যাসিক, সাংবাদিক আৰু বুদ্ধিজীৱী। তেখেতে নেগেভৰ বেন-গুৰিয়ান বিশ্ববিদ্যালয়ৰ হিব্ৰু সাহিত্যৰ অধ্যাপক আছিল। উপন্যাস, চুটিগল্প সংকলন, শিশু গ্ৰন্থকে ধৰি ৪০খন গ্ৰন্থৰ লেখক হিচাপে তেওঁৰ ৰচনা বৰ্তমানলৈকে ৪৫টা ভাষাত প্ৰকাশিত হৈছে৷ পাইছে, তেখেতে বহুতো সন্মান আৰু বঁটা লাভ কৰিছে, ইয়াৰ ভিতৰত ফ্ৰিডেন্সপ্ৰাইছ ডেছ ডয়চেন বুচহেণ্ডেলছ, লিজিয়ন অৱ অনাৰ অৱ ফ্ৰান্স, ইজৰাইল বঁটা, গ'থে বঁটা, প্ৰিন্স অৱ আষ্টুৰিয়াছ বঁটা, সাহিত্যত হাইনৰিখ হাইন বঁটা, আৰু ফ্ৰান্স কাফকা আদি অন্যতম৷ তেখেতক ইজৰাইলৰ আটাইতকৈ উৎকৃষ্ট লেখক আৰু সন্মানীয় বুদ্ধিজীৱীৰ ভিতৰৰ এজন হিচাপে গণ্য কৰা হয়।[2]

জীৱনী[সম্পাদনা কৰক]

১৯৩৯ চনত পেলেষ্টাইনত জন্মগ্ৰহণ কৰা এমোছ ক্লাউছনাৰৰ (পিছলৈ অজ)ৰ জন্ম হৈছিল কেৰেম আভ্ৰাহাম চুবুৰীৰ ১৮ নং এমোছ ষ্ট্ৰীটত । তেখেতে জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত লগ পোৱা মেণ্ডেটৰী পেলেষ্টাইনলৈ অনুপ্ৰৱেশ কৰা ফানিয়া (মুছমান) আৰু য়েহুদা আৰিয়েহ ক্লাউছনাৰৰ একমাত্ৰ সন্তান আছিল । তেখেতৰ পিতৃৰ পৰিয়ালটো লিথুৱেনিয়াৰ আছিল, য'ত তেওঁলোকে ভিলনিয়াছৰ ওচৰত গৰু-ম'হ আৰু শাক-পাচলিৰ ব্যৱসায় কৰিছিল ।[3] তেওঁৰ পিতৃয়ে ভিলনিয়াছত ইতিহাস আৰু সাহিত্য অধ্যয়ন কৰিছিল আৰু তুলনামূলক সাহিত্যৰ অধ্যাপক হোৱাৰ আশা কৰিছিল যদিও শৈক্ষিক জগতত কেতিয়াও অগ্ৰগতি লাভ কৰা নাছিল। জীৱনৰ বেছিভাগ সময় তেওঁ ইহুদী ৰাষ্ট্ৰীয় আৰু বিশ্ববিদ্যালয় পুথিভঁৰালত লাইব্ৰেৰিয়ান হিচাপে কাম কৰিছিল । [4] অজৰ পিতৃ-মাতৃ বহুভাষিক আছিল (তেওঁৰ পিতৃয়ে দাবী কৰিছিল যে তেওঁ ১৬ বা ১৭টা ভাষাত পঢ়িব পাৰে, আনহাতে মাকে চাৰি-পাঁচটা ভাষা ক’ব পাৰে, কিন্তু সাত-আঠটা ভাষাত পঢ়িব পাৰে) কিন্তু দুয়োজনৰে এজনেও হিব্ৰু ভাষাত কথা ক’ব পৰা নাছিল, যিটো ভাষা ইজৰাইলত চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। তেওঁলোকে ইজনে সিজনৰ লগত ৰাছিয়ান বা পোলেণ্ড ভাষাত কথা পাতিছিল [5] কিন্তু তেওঁলোকে অজক শিকিবলৈ দিয়া একমাত্ৰ ভাষাটো আছিল হিব্ৰু। ১৯৫২ চনৰ জানুৱাৰী মাহত অজৰ বয়স ১২ বছৰ হওেত তেওঁৰ মাতৃয়ে আত্মহত্যা কৰে। [6] পিছলৈ অজে তেওঁৰ স্মৃতিগ্ৰন্থ ‘এ টেল অৱ লাভ এণ্ড ডাৰ্কনেছ’ত এই পৰিঘটনাৰ বিষয়ে বহলাই লিখিছে৷ তেওঁ এসময়ত ছিৰিয়াৰ সৈতে সীমান্ত সংঘৰ্ষত অংশগ্ৰহণ কৰি নাহাল ব্ৰিগেডত ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ সেৱা কৰিছিল । তিনি বছৰীয়া বাধ্যতামূলক নিয়মীয়া সেনা সেৱা সমাপ্ত কৰাৰ পিছত তেওঁক তেওঁৰ কিবুটজৰ দ্বাৰা জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়লৈ পঠিওৱা হয়, য'ত তেওঁ দৰ্শন আৰু হিব্ৰু সাহিত্য অধ্যয়ন কৰে। ১৯৬৩ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু কিবুটজ হাইস্কুলত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে, একে সময়তে তেওঁ লিখা-মেলাও আৰম্ভ কৰে। [7]

১৯৬০ চনত অজে নিলি জুকাৰমেনক বিয়া কৰায় আৰু তেওঁলোকৰ তিনিটা সন্তান জন্ম হয়। [8] ১৯৮৬ চনলৈকে তেওঁলোকৰ পৰিয়ালটোৱে হুল্ডা অঞ্চলত বাস কৰিছিল৷ অজ ১৯৮৭ চনৰ পৰা ২০১৪ চনলৈকে নেগেভৰ বেন-গুৰিয়ান বিশ্ববিদ্যালয়ত হিব্ৰু সাহিত্যৰ পূৰ্ণ অধ্যাপক আছিল। তেওঁ বিদেশৰ বিশ্ববিদ্যালয়সমূহত আৱাসিকভাৱে লেখক আৰু অতিথি পণ্ডিত হিচাপেও কাম কৰিছিল।২০১৪ চনত তেওঁলোকৰ পৰিয়ালটো টেল আভিভলৈ গুচি যায় । ২০১৮ চনৰ ২৮ ডিচেম্বৰত ৰাবিন মেডিকেল চেণ্টাৰ, পেটাহ টিকভাত কৰ্কট ৰোগত আক্ৰান্ত হৈ অজৰ মৃত্যু হয় তেওঁক কিবুটজ হুল্ডাত সমাধিস্থ কৰা হয়। [9]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

১৯৬৫ চনত অজে তেওঁৰ প্ৰথমখন গ্ৰন্থ ‘Where the Jackals Howl’ শীৰ্ষক চুটিগল্প সংকলন প্ৰকাশ কৰে । হিষ্টাড্ৰুট প্ৰেছ আম অভেডৰ সৈতে অজে প্ৰতি বছৰে গড়ে এখন কিতাপ লিখিছিল৷ অজে সৰ্বমুঠ ৪০ খন গ্ৰন্থ ৰচনা কৰিছল৷ ইয়াৰে ১৪ খন উপন্যাস, পাঁচখন গল্প আৰু উপন্যাস সংকলন, দুখন শিশু গ্ৰন্থ, আৰু বাৰখন প্ৰবন্ধ গ্ৰন্থ আছিল৷ তদুপৰি তোওঁ প্ৰায় ৪৫০ টা মান প্ৰবন্ধ প্ৰকাশ কৰিছিল৷ তেওঁৰ ৰচনাসমূহ বৰ্তমান প্ৰায় ৪৫টা ভাষালৈ অনুবাদ কৰা হৈছে, যিটো আন যিকোনো ইজৰাইলী লেখকতকৈ অধিক। ২০০৭ চনত চীনা অনুবাদৰ পৰা নিৰ্বাচিত ‘এ টেল অৱ লাভ এণ্ড ডাৰ্কনেছ’ আধুনিক হিব্ৰু সাহিত্যৰ প্ৰথমখন গ্ৰন্থ আছিল যিখন চীনৰ চৰকাৰী পাঠ্যপুথি হিচাপেে স্বীকৃতি পাইছিল।[10]

অজৰ ৰাজনৈতিক ধাৰাভাষ্য আৰু সাহিত্য সমালোচনা আদিবোৰ ‘হিস্তাদৰুট’ কাকত ‘ডাভাৰ’ আৰু ‘য়েদিয়থ আহ্ৰ'নথ’ কাকতত প্ৰকাশ পাইছে । তেওঁৰ ৰচনাসমূহৰ অনুবাদ নিউয়ৰ্ক ৰিভিউ অৱ বুকছত প্ৰকাশ পাইছে । নেগেভৰ বেন-গুৰিয়ান বিশ্ববিদ্যালয়ে তেওঁৰ ৰচনাৰ আৰ্কাইভ সংৰক্ষণ কৰিছে।[11]

প্ৰকাশিত ৰচনা[সম্পাদনা কৰক]

  • ইন দ্য লেণ্ড অৱ্ ইজৰাইল (ৰাজনৈতিক বিষয়ৰ ওপৰত ৰচনা)
  • ইজৰাইল, পেলেষ্টাইন এণ্ড পিছ: এছেছ (১৯৯৫)
  • দ্য ছ্লপেজ অৱ লেবানন (১৯৯৫)
  • এ টেল অৱ লাভ এণ্ড ডাৰ্কনেছ (২০০২)
  • হাউ টু কিউৰ এ ফেনেটিক (২০০৬)
  • জিউচ্ এণ্ড ৱৰ্ডছ (২০ নৱেম্বৰ ২০১২)
  • ডিয়াৰ জিলটছ: লেটাৰছ ফ্ৰম এ ডিভাইডড লেণ্ড (২০১৭)
  • হুৱাট্ছ ইন এন এপল (শ্বিৰা হাদাদৰ সৈতে হোৱা কথা-বতৰা), ২০১৮

কল্পকাহিনী[সম্পাদনা কৰক]

  • ৱেৰ দ্য জেকেলছ হাউল (১৯৬৫)
  • এলছ্হুৱেৰ, পাৰহেপচ্(১৯৬৬)
  • মাই মাইকেল (১৯৬৮)
  • আনটিল দ্য ডেথ(১৯৭১)
  • টাচ দ্য ৱাটাৰ, টাচ দ্য ৱাইণ্ড (১৯৭৩)
  • দ্য হিল অৱ ইভিল কাউন্সেল (১৯৭৬)
  • সৌমচি (১৯৭৮)
  • এ পাৰফেক্ট পিছ (১৯৮২)
  • ব্লেক বক্স (১৯৮৭)
  • টু নো এ উইমেন (১৯৮৯)
  • ফিমা (১৯৯১)
  • ডনট কল ইট নাইট (১৯৯৪)
  • পেন্থাৰ ইন দ্য বেছমেণ্ট (১৯৯৫)
  • দ্য চেম ছি (১৯৯৯)
  • দ্য চাইলেন্স অৱ হেভেন: এগননৰ ফিয়েৰ অৱ গড (২০০০)
  • ছাডেনলি্ ইন দ্য দিপ্ত অৱ্ ফৰেষ্ট (২০০৫)
  • ৰাইমিং লাইফ এণ্ড ডেথ (২০০৭)
  • ছিন্ছ ফৰ্ম ভিলেজ লাইফ (২০০৯)
  • বিটুইন ফ্ৰেইণ্ডছ্ (২০১২)
  • জুডাছ (২০১৪)

চুটিগল্প[সম্পাদনা কৰক]

অজ, আমোছ (২২ জানুৱাৰী ২০০৭) অজ, আমোছ (৮ ডিচেম্বৰ ২০০৮) অজ, আমোছ (১৭ জানুৱাৰী ২০১১)

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

  • ১৯৬৫- হ'লন পৌৰসভাৰ পৰা কুগেল বঁটা৷
  • ১৯৭৬– ব্ৰেনাৰ বঁটা৷
  • ১৯৮৩– এ পাৰ্ফেক্ট পিছৰ বাবে বাৰ্নষ্টেইন বঁটা (মূল হিব্ৰু উপন্যাসৰ শ্ৰেণী)৷
  • ১৯৮৪- ফ্ৰান্সত অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছৰ অফিচাৰ হিচাপে নিযুক্তি দিয়া হয়৷
  • ১৯৮৬– সাহিত্যৰ বাবে বিয়ালিক বঁটা ( ইৎজাক অৰ্পাজৰ সৈতে যৌথভাৱে )৷
  • ১৯৮৮– ফৰাচী বিদেশী ফেমিনা বঁটা৷
  • ১৯৯২– জাৰ্মান গ্ৰন্থ বাণিজ্যৰ শান্তি বঁটা৷
  • ১৯৯৮– সাহিত্যৰ বাবে ইজৰাইল বঁটা।
  • ২০০৪– জাৰ্মান কাকত ডাই ৱেল্টৰ পৰা বিশ্ব সাহিত্য বঁটা।
  • ২০০৪– ৰোমানিয়াৰ নেপটুন চহৰৰ পৰা অভিড বঁটা।
  • ২০০৫- জাৰ্মানীৰ ফ্ৰেংকফৰ্ট চহৰৰ পৰা গ'থে বঁটা ।
  • ২০০৬– জেৰুজালেম-এগনন বঁটা।
  • ২০০৬– ক'ৰিন সাহিত্য বঁটা (জাৰ্মানী)।
  • ২০০৭– সাহিত্যত প্ৰিন্স অৱ আষ্টুৰিয়াছ বঁটা (স্পেইন)।
  • ২০০৭-চনত তেখেতৰ ‘এ টেল অৱ লাভ এণ্ড ডাৰ্কনেছ’ গ্ৰন্থখন ইজৰাইল ৰাষ্ট্ৰ সৃষ্টিৰ পিছৰ দহখন গুৰুত্বপূৰ্ণ গ্ৰন্থৰ ভিতৰত অন্যতম বুলি ঘোষণা কৰে।
  • ২০০৮– জাৰ্মান ৰাষ্ট্ৰপতিৰ উচ্চ সন্মান বঁটা।
  • ২০০৮– প্ৰিমো লেভি বঁটা (ইটালী)।
  • ২০০৮– জাৰ্মানীৰ ডাচেলডৰ্ফৰ হাইনৰিখ হাইন বঁটা।
  • ২০০৮-চনত টেল আভিভ বিশ্ববিদ্যালয়ৰ ডেন ডেভিদ বঁটা।
  • ২০১৩– ফ্ৰান্স কাফকা বঁটা।
  • ২০১৪– অৰ্ডাৰ অৱ চিভিল মেৰিট।
  • ২০১৪– ছিগফ্ৰাইড লেন্স বঁটা, হামবাৰ্গ চহৰৰ দ্বাৰা প্ৰদান কৰা হয়।
  • ২০১৫– আন্তৰ্জাতিক সাহিত্য বঁটা – হাউচ অৱ ৱৰ্ল্ড কালচাৰছ , জাৰ্মানী, জুডাছৰ বাবে বিজয়ী।
  • ২০১৫– মিলান বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী (যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে ভাষা আৰু সংস্কৃতিত)।
  • ২০১৫– পাৰ্ক কিয়ং-নি বঁটা , দক্ষিণ কোৰিয়াৰ এটা বঁটা যাৰ মূল্য ১ লাখ ডলাৰ।
  • ২০১৮– ষ্টিগ ডেজাৰমেন বঁটা, ছুইডেন ("জুডাছ"ৰ বাবে)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Kershner, Isabel (28 December 2018). "Amos Oz, Israeli Author and Peace Advocate, Dies at 79". The New York Times. Retrieved 29 December 2018.
  2. Kershner, Isabel (28 December 2018). "Amos Oz, Israeli Author and Peace Advocate, Dies at 79". The New York Times. Retrieved 29 December 2018.
  3. Cain, Sian (28 December 2018). "Israeli novelist Amos Oz dies aged 79". The Guardian. ISSN 0261-3077. Retrieved 28 December 2018.
  4. Cohen, Joseph (1 February 2012). Voices of Israel: Essays on and Interviews with Yehuda Amichai, A. B. Yehoshua, T. Carmi, Aharon Appelfeld, and Amos Oz. SUNY Press. ISBN 9780791499399 – via Google Books.
  5. A Tale of Love and Darkness, Amos Oz, Random House, 2005, page 2
  6. Lieber, Dov (12 December 2014). "Between Rivne and Jerusalem: How Amos Oz wrote a family history that defines a nation". The Jerusalem Post. Retrieved 30 December 2018
  7. "Amos Oz". The Institute for the Translation of Hebrew Literature. 2012.
  8. Kershner, Isabel (28 December 2018). "Amos Oz, Israeli Author and Peace Advocate, Dies at 79". The New York Times. Retrieved 29 December 2018.
  9. "Famed Israeli author Amos Oz passes away at 79". The Jerusalem Post. 28 December 2018. Archived from the original on 10 September 2023. Retrieved 29 December 2018.
  10. "Curriculum Vitae". Ben-Gurion University of the Negev. Archived from the original on 29 December 2018. Retrieved 29 December 2018.
  11. "Amos Oz Archive". Retrieved 29 December 2018.

প্ৰসঙ্গ পুথি[সম্পাদনা কৰক]