আলামিক্কালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আলামিক্কালী (ইংৰাজী: Alamikkali)ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ মাংগালোৰ আৰু কেৰালাৰ কাছাৰগোড়ৰ কিছু অঞ্চলত পালিত এক লোক উৎসৱ। এই উৎসৱে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় ঐক্যৰ পৰিচয় দিয়ে। কাছাৰগোড় জিলাত কানহাংগাড়ৰ সমীপত অৱস্থিত আলামীপল্লী।

এই উৎসৱ মুছলমান ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় কাৰবালা যুদ্ধৰ স্মৃতি হিচাপে পৰিগণিত হয়, কিয়নো তেওঁলোকে এই ঘটনাৰ সৈতে সংগতি ৰাখি মহৰম উদযাপন কৰে। আলমিক্কালী উৎসৱৰ সময়তো একে স্মৃতিচাৰণ অনুকৰণ কৰা হয়।[1][2]

শিখা প্ৰজ্জ্বলন[সম্পাদনা কৰক]

হজৰত ইমাম হুছেইনৰ নেতৃত্বত মুছলমানসকলে স্বৈৰাচাৰী শাসক ইয়াজিদৰ বিৰুদ্ধে যুঁজিছিল। সেই যুদ্ধত শত্ৰুৰ সেনাই হুছেইন সৈন্যক ভয় খুৱাবলৈ ক’লা কাপোৰ পিন্ধিছিল। আলামিক্কালীৰ সাজ-পোছাকো ক’লা আৰু ইয়ে এই কথা সোঁৱৰণ কৰে। সেই সময়ত হুছেইনৰ সৈন্য পিয়াহত কাতৰ হৈ পৰিছিল আৰু পানী বিচাৰি ঘূৰি ফুৰিছিল। ইয়াজিদৰ সৈন্যই ওচৰৰ এটা কুঁৱাৰ চাৰিওফালে জুই লগাই দিয়ে। আলামিক্কালীৰ অনুষ্ঠানত এই ঘটনাসমূহৰ স্মৃতিচাৰণ কৰা হয়। আলামিক্কালীৰ সামৰণি অনুষ্ঠানত জুইৰ শিখা জ্বলাই তাক মেৰিয়াই লোৱাটো গুৰুত্বপূৰ্ণ। যুদ্ধক্ষেত্ৰত প্ৰাণ হেৰুৱা সৈনিকসকলৰ প্ৰতি থকা সন্মান দেখুৱাবলৈ এই কাম কৰা হয়।[3]

যুদ্ধৰ শেষত হুছেইনক নিৰ্মমভাৱে হত্যা কৰা হয় আৰু তেওঁৰ শৰীৰটো টুকুৰা টুকুৰ কৰি পেলোৱা হয়। সমাধিস্থ কৰাৰ পৰত হুছেইনৰ হাত দুখন পোতাটো অসম্ভৱ হৈ পৰিছিল। যিমানেই চেষ্টা কৰিলেও হাত দুখন পোত খুৱাবলৈ সম্ভৱ নহ’ল। অৱশেষত শত্ৰুবোৰে তেনেদৰেই শটো আধা ঢাকি পলাই গ’ল। আলামিক্কালীৰ মূল বস্তু ভেল্লিকৰাম, এই ঘটনাৰ স্মৃতিত কৰা হয়।[4]

ইতিহাস[সম্পাদনা কৰক]

আলামিক্কালী উৎসৱৰ মূল স্থান কাছাৰগোড়ৰ আলামিপল্লীত। আলামীপল্লীৰ বাহিৰেও মুছলমান জনবসতি প্ৰধান ঠাই চিথাৰী, কোট্টিকুলাম আৰু কাছাৰগোড়তো ইয়াক উদযাপন কৰা হয়। মূল কেন্দ্ৰ আলামিপল্লী, য’ত কোনো মছজিদ নাই। তেওঁলোকৰ ঘৰত শিখাৰ আকৃতিৰ শিলৰ ৰেখাৰে আবৃত মজিয়া থাকে। হিন্দুস্তানী ভাষা কোৱা “হানেফী পন্থা’’ৰ মুছলমানসকলে এই অনুষ্ঠানৰ আয়োজন কৰে আৰু নেতৃত্ব দিয়ে। এওঁলোকক চাহিব বা তুলুকেৰ বুলি জনা যায়। টিপ্পুৰ প্ৰচাৰৰ সময়ত তুৰ্কীসকল তালৈ গৈছিল। তেওঁলোকে পুথিয়াকোটাৰ আশে-পাশে (নতুন দুৰ্গ, কানহাংগদৰ আন এটা ঠাই) আৰু দুৰ্গৰ ভিতৰতে থাকিল। তুৰস্কৰ যুদ্ধ কলা জনাৰ বাবে তেওঁলোকক সন্মান জনাবলৈ চাহাব বুলি কোৱা হৈছিল। সেনাই যেতিয়া এই দুৰ্গসমূহ দখল কৰিছিল, তেতিয়া তেওঁলোকে সেই অঞ্চলসমূহ বাকী থকা তুৰ্কীসকলক দি দিছিল। পিছলৈ তুৰ্কীসকলে জীৱিকাৰ বাবে সংগ্ৰাম কৰিছিল আৰু তেওঁলোকৰ বহুতেই তুৰস্কলৈ উভতি গৈছিল। এটা পৰিয়ালৰ এজন সদস্য আছিল এচিকনামৰ মুখ্য জমিদাৰৰ ঘৰৰ বনৰক্ষী। আলমিক্কালীৰ আয়োজন আৰু পৰিচালনা কৰা ৰছুল চাহাবকে ধৰি একাধিক ফকিৰ চাহাব আৰু এই পৰিয়ালটোৰ পৰাই আহিছে।[5]

লোকাচাৰ[সম্পাদনা কৰক]

আলামিৰ কামবোৰ হিন্দু ধৰ্মৰ লোকে কৰে৷ তেওঁলোকে গোটেই শৰীৰত এঙাৰ বা ছাই সানি বগা ফোঁট লগায়। ডিঙিত ফুল আৰু পাত লগোৱা শিকলি পিন্ধি গোঁফ আৰু দাড়ি মুণ্ডা (মেট বনাবলৈ ব্যৱহাৰ কৰা কাঁইট আৰু পাত থকা উদ্ভিদ) গছৰ আঁহেৰে সজাই তোলে৷ আঁঠুত ধূতি আৰু মূৰত স্পাথৰ টুপী পিন্ধে য’ত ৰাঙল ফুল(কেৰেলাত পূজাৰ বাবে ব্যৱহাৰ কৰা মূল ফুল) থাকে। গাঁৱে-ভূঞে আলামীসকল দলে দলে গৈ থাকে আৰু প্ৰতিটো দলত পাঁচ-ছয়জন সদস্য থাকে।

ঘণ্টা আৰু লাঠি ব্যৱহাৰ কৰি ডাঙৰ চিঞৰ মাৰি উলাহ-উদ্দীপনাৰে সৈতে গতি কৰে। গভীৰ তলিৰ পাত্ৰ এটাৰ সৈতে এটা ধনৰ মোনা কঢ়িয়াই নিয়া হয়। আলামীসকলে কেতিয়াও জোতা নিপিন্ধে। প্ৰতিখন ঘৰতে দান-বৰঙণি বিচাৰি ঘূৰি ফুৰে। ধনৰ মোনাটো তললৈ নমাই ৰখাৰ পিছত তেওঁলোকে যেনেকৈ মন যায় তেনেকৈ প্ৰতিটো ঘৰৰ সন্মুখত নাচে। আলমিক্কালীৰ গীতৰ সুৰ আৰু পদ্যৰ এক অনন্য; "লাচোলাইমা... লাছো... লায়মা... লায়মা... লায়মালো..." প্ৰতিটো গীতৰ প্ৰথম আৰু শেষ শাৰী। গীতৰ ৰূপত কথোপকথনো কৰা হয়।[6]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Department of Tourism, Government of Kerala Site
  2. A report
  3. Mathrubhumi News
  4. Tourism News
  5. Department of Tourism, Government of Kerala
  6. "Alamikkali conducted as a part of the campaign - kerala.gov.in". Archived from the original on 2022-04-02. https://web.archive.org/web/20220402072416/http://sanitation.kerala.gov.in/projects/alamikkali-conducted-as-a-part-of-the-campaign-in-pilicode-gramapanchayat/। আহৰণ কৰা হৈছে: 2020-08-25.