সমললৈ যাওক

আলেকজেণ্ডাৰ গ্ৰথেণ্ডিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম ২৮ মাৰ্চ,১৯২৮
জাৰ্মানীৰ বাৰ্লিনত
মৃত্যু ১৩ নৱেম্বৰ,২০১৪
ৰাষ্ট্ৰীয়তা ফ্ৰান্স

আলেকজেণ্ডাৰ গ্ৰথেণ্ডিক (ইংৰাজী: Alexander Grothendieck) হৈছে জাৰ্মানীত জন্মগ্ৰহণ কৰা এগৰাকী ফৰাচী গণিতজ্ঞ।[1]

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

১৯২৮ চনৰ ২৮ মাৰ্চত জাৰ্মানীৰ বাৰ্লিনত আলেকজেণ্ডাৰ গ্ৰথেণ্ডিকৰ জন্ম হয়। [2] তেওঁৰ মাকৰ নাম আছিল যোহান 'হাংকা' গ্ৰথেণ্ডিক। আলেকজেণ্ডাৰৰ জন্মৰ সময়ত মাক যোহানেছ ৰাড্ডাটছ নামৰ এজন সাংবাদিকৰ পত্নী আছিল। আলেকজেণ্ডাৰৰ জৈৱিক পিতৃ আছিল - আলেকজেণ্ডাৰ ছাছা' স্কাপিৰ (তেওঁক আলেকজেণ্ডাৰ টানাৰফ নামেৰেও জনা যায়।)

  1. হেয়ডৰ্ণৰ ওচৰত প্ৰাথমিক শিক্ষা লাভ কৰিছিল।
  2. গ্ৰথেণ্ডিকে পাছত কলেজ চেভেনলত (এতিয়া ল কলেজ লিচী চেভেনল ইণ্টাৰনেছলনেল) পঢ়িবলৈ লয়। [3]
  3. মণ্টপেলিয়েৰ বিশ্ববিদ্যালয়ত গণিত অধ্যয়ন কৰে।
  4. ১৯৫০ চনত তেওঁ গণিত বিষয়ত গৱেষণাৰ বাবে নাগী বিশ্ববিদ্যালয়লৈ যায়।
  5. ফাংছনেল এনালাইছিছ' বিষয়ত থেছিছ প্ৰস্তুত কৰি তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে।
  6. ১৯৫৭ চন মানৰ পৰা তেওঁ বীজগণিতীয় জ্যামিতি আৰু অনুক্ৰমিক বিজগণিত অধ্যয়ন কৰিবলৈ লয়।

কৰ্মজীৱন

[সম্পাদনা কৰক]
  1. ১৯৫৯ চনত তেওঁ নতুনকৈ স্থাপিত IHES ত (INSTITUT DES HAUTES ETUDES SCIENTIFIQUES) অধ্যাপক হিচাপে যোগদান কৰে।[4]
  2. মণ্টপেলিয়েৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে পুনৰ শৈক্ষিক জীৱনলৈ ঘূৰি আহিছিল।

সাহিত্যৰাজি

[সম্পাদনা কৰক]

এলিমেণ্টছ অব এলজেব্ৰিক জ্যামিতি।[5]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  1. ১৯৬৬ চনত ফিল্ডছ মেডেল লাভ কৰে।
  2. ১৯৮৮ চনত ক্ৰাফুৰ্ড বঁটা লাভ কৰে।[6]

২০১৪ চনৰ নৱেম্বৰত এক হস্পিতালত অসুস্থ গ্ৰথেণ্ডিকক ভৰ্তি কৰোৱা হয় আৰু তাতেই ১৩ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা, দ্বিতীয় প্ৰকাশ: জুলাই, ২০১৮, পৃষ্ঠা-৭৫
  2. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৫
  3. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৬
  4. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৬
  5. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৬
  6. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৭
  7. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ: জুলাই,২০১৮,পৃষ্ঠা-৭৭