আহোম সাহিত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

টাই আহোম সাহিত্য হল প্ৰাচীন টাই সাহিত্যৰ পৰা বিকশিত হোৱা সাহিত্য যি মধ্যযুগৰ অসমৰ ৰাজসাহিত্য আছিল। ই চীনৰ গুৱাঙচি অঞ্চলৰ পৰা আৰম্ভ হৈছিল। আহোম সাহিত্যত নিজা আহোম লিপি আৰু ভাষাৰ প্ৰয়োগ হয় যি ইয়াক উচ্চখাপৰ সাহিত্য বুলি প্ৰমাণ কৰে। ইয়াত টাই সাহিত্যৰ উপৰিও কিছু পৰিমাণৰ চীনা আৰু ঝুৱাঙ সাহিত্যৰো প্ৰভাৱ আছে।

প্ৰাচীন সাহিত্য[সম্পাদনা কৰক]

আহোমসকলৰ প্ৰাচীন সাহিত্য চীনত অধিক সময়লৈকে আছিল। এই প্ৰাচীন সাহিত্যৰ বৰ্তমানৰ অসমীয়া সাহিত্যত যথেষ্ট অৱদান আছে। প্ৰাচীন আহোম সাহিত্য মূলতঃ মুঙ ফি নামৰ ঠাইখনত অধিক বিকশিত হৈছিল। এই প্ৰাচীন সাহিত্যত টাই সকলৰ প্ৰবজন, বিকাশ, ৰাজ্য আদিৰ কথা উল্লেখ থকাৰ লগতে কিছু প্ৰাচীন টাই দৰ্শনৰ কথাও উল্লেখ আছিল। বিশেষকৈ টাই মহিলা সাহিত্যিক তথা দাৰ্শনিক নাঙ য়া ছিং ফাই বহুখিনি সাহিত্য কৰ্ম আগুৱাই নিছিল। লিত লাই পেয়' কাকা নামৰ গ্ৰন্থৰ দ্বাৰা টাই জাতিৰ উৎপত্তি বিকাশ আৰু প্ৰবজন সম্বন্ধে আহোম সাহিত্যত বিস্তাৰিত ভাবে লিখা অচেম

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

উৎস প্ৰসংগ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]