আৰতি দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰতি দত্ত
জন্ম ২৩ ছেপ্টেম্বৰ ২০২৪
কলিকতা
মৃত্যু ৬ মে’ ২০০৩
কলিকতা
পেচা সমাজকৰ্মী
দাম্পত্যসঙ্গী বিৰেন্দ্ৰসদয় দত্ত
সন্তান দেৱসদয় দত্ত


আৰতি দত্ত (ইংৰাজী: Aroti Dutt; ১৯২৪ – ২০০৩) ভাৰতৰ এগৰাকী সমাজকৰ্মী আছিল। ১৯৬৫ চনৰ পৰা ১৯৭১ চনলৈকে দুটা কাৰ্যকালৰ বাবে “এছ'চিয়েটেড কাণ্ট্ৰিউইমেন অৱ দ্য ৱৰ্ল্ড”ৰ[1][2][3] বিশ্ব সভানেত্ৰী আছিল আৰু তাৰ পিছত তেওঁলোকৰ সন্মানীয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ “ইণ্টাৰনেশ্যনেল এলায়েন্স অৱ উইমেন”ৰো আন্তঃৰাষ্ট্ৰীয় উপ-সভানেত্ৰী আছিল। ভাৰতত ১৯৭০ চনৰ পৰা ২০০৩ চনলৈ মহিলা কৰ্মৰ প্ৰতি নিবেদিত সংগঠন “সৰোজ নলিনী দত্ত সোঁৱৰণী সন্থা”ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৪২ চনৰ পৰা সেই সংস্থাত বিভিন্ন পদবীত কাম কৰি ভাৰতত আন বিভিন্ন সমাজ কল্যাণমূলক সংস্থা প্ৰতিষ্ঠা কৰিছিল আৰু আন বহুত অনুষ্ঠানৰ সৈতে জড়িত আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা আৰতি দত্তই নেডাৰলেণ্ডৰ হেগত অৱস্থিত “ইনষ্টিটিউট অৱ ছ’চিয়েল ষ্টাডিজ”ৰ পৰা সমাজ কল্যাণ বিভাগৰ ডিপ্লমা লাভ কৰিছিল।

জীৱনী[সম্পাদনা কৰক]

১৯২৪ চনৰ ২৩ ছেপ্টেম্বৰত কলিকতাত আৰতি মিত্ৰৰ (দত্ত) জন্ম হৈছিল। আৰতি দত্ত আছিল পিতৃ সত্যেন্দ্ৰ চন্দ্ৰ মিত্ৰ আৰু মাতৃ উমা মিত্ৰৰ একমাত্ৰ সন্তান। তেওঁৰ দেউতাক এজন স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। কিছুদিনৰ বাবে তেওঁৰ পিতৃ নতুন দিল্লীৰ কেন্দ্ৰীয় বিধানসভাৰ সদস্য আছিল আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰা ৰাজনৈতিক কাৰ্যকলাপৰ বাবে ভাৰতৰ ব্ৰিটিছ চৰকাৰে তেওঁক কাৰাগাৰতো ভৰাইছিল। শৈশৱৰ সময়ত ভাৰতৰ বহু ঠাই ভ্ৰমণ কৰি কটোৱা আৰতিয়ে মূলতঃ ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল। অৱশেষত যেতিয়া তেওঁৰ পিতৃ বংগ বিধান পৰিষদৰ সভাপতি হয়, তেতিয়া আৰতিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।

১৯৪২ চনত আই. চি. এছ. গুৰুসদয় দত্তৰ একমাত্ৰ পুত্ৰ বীৰেন্দ্ৰসদয় দত্তৰ সৈতে আৰতি বিবাহপাশত আবদ্ধ হয়। তেওঁৰ শহুৰেকে তেওঁৰ পত্নীৰ স্মৃতিত নাৰী কল্যাণৰ বাবে উৎসৰ্গিত মহিলা সংগঠন “সৰোজ নলিনী দত্ত সোঁৱৰণী সংস্থা” প্ৰতিষ্ঠা কৰিছিল। দত্ত পৰিয়ালটো সমাজ কল্যাণ হকে কাম কৰাৰ বাবে বিখ্যাত আছিল আৰু সেই সূত্ৰে ১৮ বছৰ বয়সত বিয়াৰ পিছত অতি সোনকালে আৰতিয়ো সমাজ কল্যাণৰ সৈতে জড়িত হৈ পৰে। ১৯৪৮ চনত তেওঁৰ একমাত্ৰ সন্তান দেৱসদয় দত্তৰ জন্ম হয়।

১৯৫৮ চনত নেদাৰলেণ্ডৰ হেগস্থিত “ইনষ্টিটিউট অৱ ছ’চিয়েল ষ্টাডিজ”ত আন্তঃৰাষ্ট্ৰীয় সমাজ কল্যাণ বিষয়ত ডিপ্লমা কৰিবলৈ তেওঁ বৃত্তি লাভ কৰে। ১৯৫৯ চনত "নিম্ন আয়ৰ দেশৰ বাবে সমাজ কল্যাণ পৰিকল্পনা" গৱেষণা পত্ৰৰ বাবে তেওঁ ডিপ্লমা লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় সামাজিক কৰ্ম[সম্পাদনা কৰক]

১৯৫৯ চনত এডিনবাৰ্গত অনুষ্ঠিত হোৱা বিশ্ব সন্মিলনত আৰতি দত্তই “এছ'চিয়েটেড কাণ্ট্ৰিউইমেন অৱ দ্য ৱৰ্ল্ড”ৰ এছিয়া অঞ্চলৰ উপ-সভানেত্ৰী পদ লাভ কৰে,[4] আৰু ১৯৬২ চনত মেলবৰ্ণত অনুষ্ঠিত হোৱা বিশ্ব সন্মিলনত পুনৰ সেই পদৰ বাবে নিৰ্বাচিত হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত হোৱা ইউনেস্কৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত তেওঁ “এছ'চিয়েটেড কাণ্ট্ৰিউইমেন অৱ দ্য ৱৰ্ল্ড”ক প্ৰতিনিধিত্ব কৰিছিল।

১৯৬৫ চনত ডাবলিনত অনুষ্ঠিত হোৱা বিশ্ব সন্মিলনত “এছ'চিয়েটেড কাণ্ট্ৰিউইমেন অৱ দ্য ৱৰ্ল্ড”ৰ বিশ্ব সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু ১৯৬৮ চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ নিৰ্বাচিত হয়।

১৯৮৩ চনত “এছ'চিয়েটেড কাণ্ট্ৰিউইমেন অৱ দ্য ৱৰ্ল্ড” তেওঁক "সন্মানীয় সদস্য" হিচাপে নিৰ্বাচিত কৰে।

তেওঁ “ইণ্টাৰনেশ্যনেল এলায়েন্স অৱ উইমেন”ৰো উপ-সভানেত্ৰী আছিল আৰু “ৱৰ্ল্ড ভিউ ইণ্টাৰনেশ্যনেল”ৰ সৈতেও জড়িত আছিল।

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

ভাৰত আৰু বিদেশী আলোচনীৰ বাবে বাংলা আৰু ইংৰাজী দুয়োটা ভাষাতে আৰতি দত্তই সঘনাই লেখা-মেলা কৰিছিল। তেওঁ প্ৰকাশ কৰা কেইখনমান গ্ৰন্থ হৈছে:[5]

  • বৃখশাখায়ে এক ৰাত (১৯৭৭) – বাংলা ভাষাত;
  • বিচিত্ৰ পৃথিৱী, অজানা মানুষ (১৯৮৫) – বাংলা ভাষাত;
  • অভাৰ দ্য ৰেইনব’ (১৯৯৯) – ইংৰাজী ভাষাত;[6]
  • জীৱনেৰ নানা দিগন্ত (২০০৩) – বাংলা ভাষাত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]