আৰ্থাৰ কোনান ডয়েল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছাৰ আৰ্থাৰ কোনান ডয়ল (Sir Arthur Conan Doyle, 1859-1930) চাৰ্লক হোমছ নামৰ অমৰ চৰিত্ৰৰ সৃষ্টিকাৰী ছাৰ আৰ্থাৰ কনান ডয়লৰ জন্ম হৈছিল ১৮৫৯ চনত স্কটলেণ্ডৰ এডিনবৰাত। এডিনবৰা বিশ্ববিদ্যালয়ত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰাৰ পাছত তেওঁ লণ্ডনত বসবাস কৰিবলৈ লয়। কিন্তু ব্যৱসায় সিমান ভাল নোহোৱাত তেওঁৰ হাতত যথেষ্ট আজৰি সময় থাকি গৈছিল। সেই সময়ৰে সদ্ব্যৱহাৰ কৰি তেওঁ চাৰ্লক হোমছৰ সেই বিখ্যাত গল্পবোৰ লেখিবলৈ লয়। ১৮৮৭ চনত 'খ্ৰিষ্টমাছ এনুৱেল' আলোচনীত প্ৰকাশ পোৱা তেওঁৰ গল্প ‘এ ষ্টাডি ইন স্কাৰলেটে’ তেওঁলৈ প্ৰথম সাফল্য কঢ়িয়াই আনে। ইয়াৰ কিছুদিন পাছতে ডাক্তৰী এৰি তেওঁ লেখিবলৈয়ে আৰম্ভ কৰি দিয়ে। অন্য বহুতো ৰহস্য গল্প আৰু বুৰঞ্জীমূলক ৰোমান্স তেওঁ লেখিছিল যদিও চাৰ্লক হোমছৰ চৰিত্ৰ থকা তেওঁৰ ডিটেক্টিভ কাহিনীবোৰেহে তেওঁক জনপ্ৰিয় কৰি তোলে। এই জনপ্ৰিয়তা এনে অৱস্থালৈ যায় যে এবাৰ ডয়লে লেখি লেখি আমনি লগা বাবে চাৰ্লক হোমছক ১৮৯৩ চনত তেওঁৰ ‘হিজ লাষ্ট বাউ’ত মাৰি পেলোৱাৰ পাছত পাঠকৰ হেঁচাতে তেওঁক বৰ বুধিৰে জীয়াই তুলিব লগা হৈছিল। আৰ্থাৰ কনান ডয়লৰ জীৱন বৈচিত্ৰ্যেৰে ভৰা আছিল। তেওঁ একাধাৰে এজন বুৰঞ্জীবিদ, ঘঁৰিয়াল-চিকাৰী, খেলুৱৈ, যুদ্ধৰ সংবাদদাতা আৰু আধ্যাত্মিকতাবাদীও আছিল। নিজৰ ডিটেক্টিভ বিদ্যা প্ৰয়োগ কৰি তেওঁ বিনাদোষতে দোষী সাব্যস্ত হোৱা দুজন লোকৰ নিৰ্দোষিতা প্ৰমাণ কৰি দেখুৱাইছিল। ব’ৱাৰৰ যুদ্ধৰ সময়ত দক্ষিণ আফ্ৰিকাৰ হস্পিটেলত আগবঢ়োৱা সেৱাৰ বাবে ১৯০২ চনত ডয়লক নাইট উপাধি প্ৰদান কৰা হয়। ১৯৩০ চনত তেওঁৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]