সমললৈ যাওক

আৰ্দ্ৰতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰণ্যত কুঁৱলী

আৰ্দ্ৰতা (ইংৰাজী: Humidity) হৈছে বায়ুত থকা জলীয় বাষ্পৰ ঘনত্ব। পানীৰ বাষ্প অৰ্থাৎ পানীৰ গেছীয় অৱস্থা, সাধাৰণতে মানুহৰ চকুৰ বাবে অদৃশ্য।[1] আৰ্দ্ৰতাই বৰষুণ, নিয়ৰ বা কুঁৱলী থকাৰ সম্ভাৱনাক সূচায়।

আৰ্দ্ৰতা বায়ুমণ্ডলৰ উষ্ণতা আৰু চাপৰ ওপৰত নিৰ্ভৰ কৰে। সূৰ্যৰ আপাতিত ৰশ্মিৰ উত্তাপৰ বাবে বৰফৰ স্তূপ, বৰাবৃত অঞ্চল, সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, জলাশয় আদিৰ পৰা প্ৰতিদিনে অবিৰতভাৱে বাষ্পীভৱন হৈ আছে। এনেদৰে বাষ্পীভূত হোৱা জল-কণাবোৰ বায়ুমণ্ডলত মিহলি হৈ থাকে। বছৰৰ ভিন ভিন ঋতুত আৰু ভিন ভিন ঠাইত বায়ুৰ উত্তাপৰ পাৰ্থক্যৰ বাবে বায়ুমণ্ডলে ধাৰণ কৰা জলীয়বাষ্পৰ পৰিমাণ ভিন ভিন হোৱা দেখা যায়। এইদৰে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক আৰ্দতা বুলি কোৱা হয়।

আৰ্দ্ৰতা দুই প্ৰকাৰৰ:

চৰম আৰ্দ্ৰতা

কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ প্ৰকৃত পৰিমাণকে চৰম আৰ্দ্ৰতা (Absolute Humidity) বোলে। যেতিয়া বায়ু ৩৯° চেণ্টিগ্ৰেড (৮৬° ফে)ত সংপৃক্ত হয়, বায়ুমণ্ডলত চৰম আৰ্দ্ৰতা প্ৰতি ঘন মিটাৰত প্ৰায় শূন্যৰ পৰা প্ৰায় ৩০ গ্ৰাম (১.১ আউন্স)ৰ ভিতৰত থাকে।[2][3] চৰম আৰ্দ্ৰতা হৈছে জলীয় বাষ্পৰ ভৰ ক, জলীয় বাষ্প আৰু বায়ুৰ মিশ্ৰণৰ আয়তন ৰে ভাগ কৰি পোৱা ভাগফল। ইয়াক তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি:

আপেক্ষিক আৰ্দ্ৰতা

কোনো নিৰ্দিষ্ট উষ্ণতাত সেই আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ লগত সেই একে উষ্ণতাত সেই আয়তনৰ বায়ুখিনি সংপৃক্ত হ'বলৈ প্ৰয়োজনীয় জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা (Relative Humidity) বোলে।

কেতিয়াবা বায়ুৰ উত্তাপ হ্ৰাস হৈ এনে অৱস্থা পায়গৈ যে, বায়ুত থকা জলীয় বাষ্পখিনি ঘনীভূত হৈ কুঁৱলী, নিয়ৰ, বৰষুণ, বৰফ কণা আদিৰ সৃষ্টি হয় আৰু পিছত অধোগামী হৈ ভূপৃষ্ঠত পৰেহি এইবিলাকক একে লগে অধঃক্ষেপ বুলি কোৱা হয়।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "What is Water Vapor". http://www.weatherquestions.com/What_is_water_vapor.htm আহৰণ কৰা হৈছে: 2012-08-28.
  2. "Climate - Humidity indexes". Encyclopaedia Britannica. https://www.britannica.com/science/climate-meteorology/Humidity-indexes আহৰণ কৰা হৈছে: 15 February 2018.
  3. "Climate/humidity table". Transport Information Service of the German Insurance Association. http://www.tis-gdv.de/tis_e/misc/klima.htm আহৰণ কৰা হৈছে: 15 February 2018.