ইউট'পিয়ান আৰু ডিষ্ট’পিয়ান কল্পকাহিনী
ইউটোপিয়ান আৰু ডিষ্ট'পিয়ান কল্পকাহিনী (ইংৰাজী: Utopian and dystopian fiction) হৈছে সামাজিক আৰু ৰাজনৈতিক গাঁথনিৰ সন্ধান কৰা এক অনুমানভিত্তিক ধাৰা। ইউটোপিয়ান কল্পকাহিনীত লেখকৰ নীতি-আদৰ্শৰ সৈতে সাদৃশ্যপূৰ্ণ এক পৰিৱেশৰ চিত্ৰণ কৰা হৈছে, য’ত পাঠকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে আন এটা বাস্তৱৰ বিভিন্ন বৈশিষ্ট্য সংযোজন কৰা হয়। ডিষ্ট'পিয়ান কল্পকাহিনীয়ে ইয়াৰ বিপৰীত দিশটো আগবঢ়াইছে: লেখকৰ নীতি-আদৰ্শৰ সৈতে সম্পূৰ্ণ মতানৈক্যপূৰ্ণ পৰিৱেশৰ চিত্ৰণ।[1] কিছুমান উপন্যাসে দুয়োটা ধাৰাকে একত্ৰিত কৰে। মানৱজাতিয়ে নিজৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি ল’ব পৰা বিভিন্ন দিশৰ উপমা হিচাপে এইধৰণৰ ধাৰাৰ কেতিয়াবা প্ৰয়োগ কৰা হয়। দুটা সম্ভাৱ্য ভৱিষ্যতৰ ভিতৰত যিকোনো এটাৰ গ্ৰহণ বা বৰ্জনৰ জৰিয়তে এই কাহিনী শেষ হয়। ইউট'পিয়া আৰু ডিষ্ট’পিয়ান দুয়োটা ধাৰাই কল্পবিজ্ঞান আৰু অন্যান্য ধৰণৰ অনুমানভিত্তিক কল্পকাহিনীত সাধাৰণতে পোৱা যায়।
১৯০০ চনৰ আগতে ইংৰাজী ভাষাৰ ৪০০ তকৈ অধিক ইউটোপিয়ান গ্ৰন্থ প্ৰকাশ পাইছিল আৰু ২০ শতিকাৰ সময়ছোৱাত হাজাৰখনতকৈ অধিক গ্ৰন্থ প্ৰকাশ পাইছিল।[2] এই বৃদ্ধি আংশিকভাৱে কল্পবিজ্ঞানমূলক ধাৰা। এই ধাৰা কল্পবিজ্ঞান আৰু অধিক সাধাৰণভাৱে যুৱ- প্ৰাপ্তবয়স্ক কল্পকাহিনীৰ জনপ্ৰিয়তা বৃদ্ধিৰ সৈতে জড়িত, কিন্তু বৃহৎ পৰিসৰৰ সামাজিক পৰিৱৰ্তনৰ সৈতেও জড়িত যিয়ে বৃহৎ সমাজ বা বিশ্বজনীন বিষয়, যেনেঃ প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন, আৰু বৃদ্ধি পোৱা মানৱ জনসংখ্যাৰ প্ৰতি সজাগতা আনিছিল। এই ধাৰাসমূহৰ কিছুমানে ইক’ট’পিয়ান কল্পকাহিনী, জলবায়ু কল্পকাহিনী, যুৱ প্ৰাপ্তবয়স্ক ডিষ্ট’পিয়ান উপন্যাস, নাৰীবাদী ডিষ্ট’পিয়ান উপন্যাস আদি সুকীয়া উপধাৰাৰ সৃষ্টি কৰিছে।
উপধাৰাসমূহ
[সম্পাদনা কৰক]ইউটোপিয়ান কল্পকাহিনী
[সম্পাদনা কৰক]ইউটোপিয়া শব্দটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ প্ৰসংগত ব্যৱহাৰ কৰিছিল ছাৰ থমাছ ম’ৰে ১৫১৬ চনত লিখা ইউটোপিয়া গ্ৰন্থত। ইউটোপিয়া শব্দটো গ্ৰীক শব্দ outopos ("কোনো ঠাই নাই"), আৰু eutopos ("ভাল ঠাই") দুয়োটাৰে সৈতে মিল আছে। লেটিন ভাষাত লিখা ম’ৰৰ কিতাপখনত এখন আদৰ্শ সমাজৰ দৃষ্টিভংগী দাঙি ধৰা হৈছে। শিৰোনামটোৱে কোৱাৰ দৰে গ্ৰন্থখনে আদৰ্শ অৱস্থাৰ এক অস্পষ্ট আৰু বিদ্ৰুপপূৰ্ণ প্ৰক্ষেপণ উপস্থাপন কৰিছে।[3] গ্ৰন্থখনৰ উজ্জ্বল স্বৰূপটো ইউটোপিয়াৰ দ্বিতীয়খন কিতাপৰ কথক ৰাফেল হাইথল’ডেয়ে নিশ্চিত কৰিব পাৰে। "হাইথল'ডে" নামৰ গ্ৰীক মূলটোৱে এজন 'আজেবাজে কথাৰ বিশেষজ্ঞ'ৰ ইংগিত দিয়ে।
ডিষ্ট'পিয়ান কল্পকাহিনী
[সম্পাদনা কৰক]ডিষ্ট'পিয়া হৈছে এনে এখন সমাজ যাৰ বৈশিষ্ট্য হৈছে লেখকৰ নীতিৰ বিপৰীত দিশত মনোনিৱেশ কৰা, যেনেঃ গণ দৰিদ্ৰতা, জনসাধাৰণৰ অনাস্থা আৰু সন্দেহ, আৰক্ষী ৰাষ্ট্ৰ বা অত্যাচাৰ।[1] ডিষ্ট’পিয়ান কল্পকাহিনীৰ বেছিভাগ লেখকে অন্ততঃ এনে এটা কাৰণৰ সন্ধান কৰে যে- কিয় বস্তুবোৰ বা ঘটনাবোৰ তেনেকুৱা হৈছে। ডিষ্ট'পিয়ান সাহিত্যই "সমস্যাপূৰ্ণ সামাজিক আৰু ৰাজনৈতিক পদ্ধতিৰ সতেজ দৃষ্টিভংগী প্ৰদান কৰাৰ কাম কৰে যিবোৰক অন্যথা স্বাভাৱিক আৰু অনিবাৰ্য বুলি গণ্য কৰা হ'ব পাৰে"।[4] কিছুমান ডিষ্ট’পিয়াই নিজকে ইউটোপিয়া বুলি দাবী কৰে। চেমুৱেল বাটলাৰৰ ইৰেউহনক ডিষ্ট’পিয়া হিচাপে চাব পাৰি কাৰণ ৰোগীক অপৰাধী হিচাপে শাস্তি দিয়াৰ বিপৰীতে চিকিৎসালয়ত চোৰক "নিৰাময়" কৰা হয়, যিটো এৰেহনৰ বাসিন্দাসকলে স্বাভাৱিক আৰু সঠিক বুলি ভাবে, অৰ্থাৎ সেয়া ইউটোপিয়ান (ভল্টেয়াৰৰ কেণ্ডাইডত উপহাস কৰা ধৰণে)।
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Apocalyptic Literature. Bloomsbury Publishing Ltd. 1993.
- ↑ Sargent, Lyman Tower (November 1976). "Themes in Utopian Fiction in English Before Wells". Science Fiction Studies খণ্ড 3 (3): 275–82; see p. 275–6. http://www.depauw.edu/sfs/backissues/10/sargent10art.htm.
- ↑ Thomas More : why patron of statesmen?. Curtright, Travis. প্ৰকাশক Lanham: Lexington Books. 10 September 2015. পৃষ্ঠা. 174. ISBN 978-1-4985-2227-4. OCLC 920466356. "Mantel's Cromwell, despite his keen appreciation of literature and love of Petrarch, completely misses the ironic and ambiguous structure of Utopia."
- ↑ Booker, Keith M. (1994). The Dystopian Impulse in Modern Literature. প্ৰকাশক Westport, CT: Greenwood Press. ISBN 9780313290923.