ইগ্ ন'বেল বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এটা ভেকুলীক Magnetic levitation-ৰ দ্বাৰা উত্তোলিত কৰা হৈছে। এই পৰীক্ষাৰ বাবে University of Nijmegen-ৰ Sir Andre Geim আৰু University of Bristol-ৰ Sir Michael Berry-ক ২০০০ চনৰ পদাৰ্থবিজ্ঞানৰ ইগ্ ন'বেল বঁটা দিয়া হৈছিল। স্মৰ্তব্য, Andre Geim-এ ২০১০ চনত তেওঁৰ গ্ৰাফীন সম্পৰ্কীয় গৱেষণাৰ বাবে ২০১০ চনৰ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।

ইগ্ ন'বেল বঁটা (ইংৰাজী: Ig Nobel Prizes) ন'বেল বঁটাৰ এক আমেৰিকান পেৰ'ডী সংস্কৰণ। প্ৰতি বছৰে অক্টোবৰ মাহৰ আৰম্ভণিতে এই বঁটা বৈজ্ঞানিক গৱেষণা ক্ষেত্ৰৰ দহটা আচহুৱা (unusual) আৰু তাৎপৰ্যহীন (trivial) প্ৰাপ্তিক প্ৰদান কৰা হয়। এই বঁটাৰ লক্ষ্য সম্পৰ্কে এইদৰে উল্লেখ কৰা হৈছে The stated aim of the prizes is to "honor achievements that first make people laugh, and then make them think."। কেতিয়াবা এই বঁটাৰ জৰিয়তে সমালোচনা (veiled criticism) আৰু আন কেতিয়াবা ইয়াৰ দ্বাৰা গুৰুত্বহীন গৱেষণাক মৃদু ভেঙুচালি (gentle sattire) কৰা হয়। বৈজ্ঞানিক হাস্য ব্যংগ আলোচনী Annals of Improbable Research (AIR)ৰ দ্বাৰা হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ Sanders Theater -ত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত ন'বেল বঁটা বিজয়ী আৰু অন্য সদস্যৰে গঠিত এটা গোটৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদানৰ পিছত বিজয়ীসকলৰ দ্বাৰা MIT-ত ৰাজহুৱা বক্তৃতা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়।[1]

ইগ্ ন'বেল বঁটাৰ ইগ্ (Ig) শব্দাংশ ignoble ("characterized by baseness, lowness, or meanness") আৰু বাকী শব্দাংশ ন'বেল বঁটা(Nobel Prize)-ৰ পৰা লোৱা হৈছে। বঁটা প্ৰদান অনুষ্ঠানত ইয়াক "ignoble" হিচাপে উচ্চাৰণ নকৰি /ˌɪɡnˈbɛl/ ig-noh-bel হিচাপে উচ্চাৰণ কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

১৯৯১ চনত প্ৰথমবাৰৰ বাবে Annals of Improbable Research আলোচনীৰ সম্পাদক তথা সহ-প্ৰতিষ্ঠাপক Marc Abrahams -এ প্ৰথমবাৰৰ বাবে ইগ্ ন'বেল বঁটাৰ আৰম্ভণি কৰিছিল। আৰম্ভণিৰে পৰা এই বঁটা প্ৰদান অনুষ্ঠানটোৰ আঁত ধৰোঁতা হিচাপেও Marc Abrahams-এ ভূমিকা লৈ আহিছে। সেই সময়ত বঁটা প্ৰদানৰ কাৰণ এইদৰে ব্যাখ্যা কৰা হৈছিল- Awards were presented at that time for discoveries "that cannot, or should not, be reproduced।" প্ৰতি বছৰে ন'বেল বঁটা প্ৰদান কৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু শান্তিৰ লগতে অন্য কেইবাটাও শাখাত – জনস্বাস্থ্য, অভিযান্ত্ৰিক, জীৱবিজ্ঞান আৰু আন্তঃবিভাগীয় গৱেষণা এইকেইটা বিভাগত ইগ ন'বেল বঁটা প্ৰদান কৰা হয়। ইগ ন'বেল বঁটা সম্পূৰ্ণ বাস্তৱিক প্ৰাপ্তিকহে প্ৰদান কৰাৰ নিয়ম। অৱশ্যে ব্যতিক্ৰম হিচাপে এই বঁটা প্ৰদানৰ প্ৰথম বছৰত তিনিজন কাল্পনিক বিজ্ঞানী ক্ৰমে Josiah Carberry, Paul DeFanti, আৰু Thomas Kyle-ক এই বঁটা প্ৰদান কৰা হৈছিল।

২০১০ চনত ছাৰ Andre Geim ইগ্ ন'বেল বঁটা আৰু ন'বেল বঁটা দুয়োটা পুৰস্কাৰ লাভ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয়।[2][3]

পুৰস্কাৰ প্ৰদান অনুষ্ঠান[সম্পাদনা কৰক]

ইগ্ ন'বেল বঁটা প্ৰদান অনুষ্ঠানত প্ৰকৃত ন'বেল বঁটা বিজয়ীৰ দ্বাৰা ইগ' ন'বেল প্ৰদান কৰা হয়। আদিতে এই বঁটা প্ৰদান অনুষ্ঠান MIT-ৰ এটা বক্তৃতা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল যদিও বৰ্তমান ই হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ Sanders Theater-ত অনুষ্ঠিত হয়। বঁটা প্ৰদান অনুষ্ঠানত বহু ফুচুৰিৰ অৱতাৰণা কৰা হয়। এনে এক ফুচুৰিৰ এটা চৰিত্ৰ হৈছে Miss Sweetie Poo, আৰু কোনো বক্তাই দীঘলীয়া বক্তব্য আগবঢ়াবলৈ ধৰিলেই তাই উচ্চ স্বৰত "Please stop: I'm bored" বুলি ফেকুঁৰি কান্দিবলৈ আৰম্ভ কৰে।[4] সচৰাচৰ এই বঁটা প্ৰদান অনুষ্ঠানটি নিম্নোক্ত বাক্যশাৰীৰে সমাপ্তি ঘটোৱা হয়:"If you didn't win a prize — and especially if you did — better luck next year!"

এই বঁটা প্ৰদান অনুষ্ঠান Harvard Computer Society, Harvard–Radcliffe Science Fiction Association আৰু Harvard–Radcliffe Society of Physics Students-ৰ যুটীয়া পৃষ্ঠপোষকতাত অনুষ্ঠিত হয়।

ইগ্ ন'বেল বঁটা প্ৰদান অনুষ্ঠানত কাগজেৰে তৈয়াৰী বিমান প্ৰক্ষেপ কৰাটো এটা পুৰণি পৰম্পৰা। বিগত বৰ্ষবোৰত, পদাৰ্থবিজ্ঞানৰ অধ্যাপক Roy Glauber -এ আনুষ্ঠানিক "Keeper of the Broom" হিচাপে বঁটা প্ৰদান অনুষ্ঠানৰ মঞ্চ কাগজৰ বিমানবোৰ সাৰি পুঁচি নিকা কৰাৰ দায়িত্ব পালন কৰি আহিছে। ২০০৫ চনত অধ্যাপক Glauber-এ ইগ্ ন'বেল বঁটা প্ৰদান অনুষ্ঠানৰ একে সময়তে ষ্টকহ'মলৈ পদাৰ্থবিজ্ঞানৰ প্ৰকৃত ন'বেল বঁটা গ্ৰহণ কৰিবলৈ যাব লগা হোৱাৰ বাবে তেওঁ ইগ্ ৰ অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল।

প্ৰচাৰ[সম্পাদনা কৰক]

ইগ্ ন'বেল বঁটা প্ৰদান অনুষ্ঠানটো বাণীবদ্ধ কৰি ৰাষ্ট্ৰীয় সৰ্বজনীন ৰেডিঅ' (ইংৰাজী:National Public Radio)-ৰ জৰিয়তে প্ৰচাৰিত হোৱাৰ উপৰিও ইণ্টাৰনেটত পোনপটীয়াভাৱে প্ৰদৰ্শন কৰা হয়। ইয়াৰ বাণীবদ্ধৰূপ প্ৰতিবছৰে আমেৰিকা যুক্তৰাষ্ট্ৰথেংক্‌ছগিভিং দিৱসৰ পিছৰ শুকুৰবাৰে ৰাজহুৱা ৰেডিঅ'ৰ Science Friday শীৰ্ষক কাৰ্যক্ৰমত প্ৰচাৰিত হয়। ইয়াৰ স্বীকৃতিস্বৰূপে শ্ৰোতাসকলে ৰেডিঅ' অনুষ্ঠানৰ আঁতধৰোঁতা গৰাকীৰ প্ৰথম নামটো গায়।

ইগ্ ন'বেল বঁটা বিজয়ীসকলৰ কাহিনীৰে ২০০৯ চনৰ মাৰ্চ মাহলৈকে দুখন কিতাপ প্ৰকাশিত হৈছে। এই দুখন হৈছে: The Ig Nobel Prize (2002, US paperback ISBN 0-452-28573-9, UK paperback ISBN 0-7528-4261-7) আৰু The Ig Nobel Prize 2 (2005, US hardcover ISBN 0-525-94912-7, UK hardcover ISBN 0-7528-6461-0)। দ্বিতীয়খন কিতাপ পিছত The Man Who Tried to Clone Himself (ISBN 0-452-28772-3) নামেৰে পুনঃনামকৰণ কৰা হয়।

২০০৩ চনৰ পৰা যুক্তৰাজ্যৰ বাৰ্ষিক ৰাষ্ট্ৰীয় বিজ্ঞান সপ্তাহত ইগ্ ন'বেল যাত্ৰাৰ আয়োজন কৰা হৈ আহিছে।[5] এই যাত্ৰা কেইবাবাৰো অষ্ট্ৰেলিয়ালৈও গৈছে, লগতে ডেনমাৰ্কৰ আৰহাছ বিশ্ববিদ্যালয়লৈ ২০০৯ চনৰ এপ্ৰিলত আৰু ইটালী আৰু নেডাৰলেণ্ডলৈও ভ্ৰমণ কৰিছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]