ইছাক্কি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইছাক্কি

দেৱী ইছাক্কিৰ মূৰ্তি
সম্পৰ্ক যক্ষী
অঞ্চল তামিলনাডু

ইছাক্কি (তামিল: இசக்கி), বা ইছাক্কি আম্মান এগৰাকী লোক হিন্দু দেৱী। ইছাক্কি শব্দটো সংস্কৃত যক্ষীৰ পৰা উদ্ভৱ হৈছে।প্ৰাকৃতত ইয়াক যক্কিৰ বুলি কোৱা হৈছে।[1] তামিলনাডুৰ দক্ষিণ ভাৰতীয় জিলা[2] বিশেষকৈ কন্যাকুমাৰী, তিৰুনেলভেলী আৰু চেলেম জিলাৰ কিছুমান হিন্দু সম্প্ৰদায়ৰ মাজত এইগৰাকী দেৱী জনপ্ৰিয়। সাধাৰণতে তেওঁক ‘গাঁৱৰ দেৱতা’ (কাৱল দেৱম)ৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। তেওঁৰ দৰে গাঁৱৰ দেৱতাই অভিভাৱক আত্মাৰ কাম কৰে বুলি বিশ্বাস কৰা হয়।[3][2]

মূৰ্তি প্ৰকাশ[সম্পাদনা কৰক]

ইছাক্কিক সাধাৰণতে ৰঙা পোছাক পৰিধান কৰা দেৱী হিচাপে চিত্ৰিত কৰা হয়। তেওঁ এহাতত এটি শিশু আৰু আনখন হাতত এপাত ত্ৰিশূল ধৰিথকা স্বৰূপত দেখুওৱা হয়। তেওঁক কেতিয়াবা মাটিত পৰি থকা মানুহৰ ওপৰত থিয় হৈ থকা অৱস্থাতো দেখুওৱা হয়।[4] ইছাক্কিৰ সৈতে জৈন যক্ষিনী অম্বিকাৰ মিল দেখা যায়। অম্বিকাক সদায় গছৰ তলত এটা বা দুটা সন্তানৰ সৈতে একেলগে প্ৰতিনিধিত্ব কৰা হয়।[5][4]

কিংবদন্তী[সম্পাদনা কৰক]

ইছাক্কিৰ সৈতে জড়িত আটাইতকৈ সাধাৰণ কিংবদন্তিটো হ’ল- অম্বিকা নামৰ এগৰাকী গৃহিণীয়ে স্বামী সোমশৰ্মান আৰু তেওঁলোকৰ দুই পুত্ৰৰ সৈতে শান্তিপূৰ্ণ পাৰিবাৰিক জীৱন কটাব ধৰিছিল। এদিন তেওঁলোকৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ বাবে তৰ্পনাম অনুষ্ঠান কৰিব লগা হ’ল, আৰু সকলো সামগ্ৰী যথাযথভাৱে প্ৰস্তুত কৰা হ’ল। অৱশ্যে সোমশৰ্মান নদীত গা ধুবলৈ যোৱাৰ সময়তে অম্বিকাই অনাহাৰে থকা ঋষি এজনলৈ খাদ্য আগবঢ়াইছিল, সেই ঋষিয়ে ভিক্ষা খুজি আহিছিল। আৱশ্যকীয় ৰীতি-নীতি আৰু পূজাৰ আগেয়ে ঋষিজনক আচাৰ-ব্যৱহাৰৰ খাদ্য পৰিবেশন কৰা বুলি সোমশৰ্মান ক্ষুব্ধ হৈ পৰিল আৰু অম্বিকা আৰু তাইৰ সন্তানক ঘৰৰ পৰা খেদি পঠিয়ালে। অম্বিকাই জিৰণি ল’বলৈ শান্তিপূৰ্ণ ঠাই অলপ বিচাৰি পোৱালৈকে ইফালেসিফালে ভ্ৰমি ফুৰিছিল। পিছত নিজৰ মূৰ্খতা উপলব্ধি কৰি সোমশৰ্মানে পত্নী আৰু সন্তানক বিচাৰিবলৈ ধৰে, কিন্তু তেওঁলৈ ভয় কৰি অম্বিকাই প্ৰাণ বিসৰ্জন দিয়ে। দুৰ্ভাগ্যজনক মৃত্যুৰ পিছতো ডাঙৰ হৈ অহা সন্তানৰ যত্ন ল’বৰ বাবেই তেওঁ যক্ষিনী ৰূপ লোৱা বুলি বিশ্বাস কৰা হয়। পিছলৈ তেওঁ নিজৰ সন্তানৰ ভালৰ বাবে পুনৰাই জীৱন লাভ কৰিবলৈ সক্ষম হৈছিল। এনেদৰেই অম্বিকা দেৱী ইছাক্কি হৈ পৰিল।

মন্দিৰ[সম্পাদনা কৰক]

শ্বেনকোট্টাইৰ ওচৰৰ এটা সৰু মন্দিৰৰ গেটত চিত্ৰিত কৰা ধৰণে দেৱী ইছাক্কি,তামিলনাডু

বৈদিক দেৱতাৰ মন্দিৰৰ বিপৰীতে ইছাক্কিৰ বাবে উৎসৰ্গিত মন্দিৰসমূহ সাধাৰণতে শান্ত প্ৰকৃতিৰ মন্দিৰ, তামিল ভাষাত পালকল্লী নামেৰে জনাজাত কেকটাছৰ দৰে উদ্ভিদৰে সজোৱা হয়। মন্দিৰৰ কিবা ক্ষতি হ’লে এই কেকটাছবোৰৰ পৰা গাখীৰৰ দৰে ৰস ওলাই আহে বুলি কোৱা হয়।আৰু এয়া দেৱী ইছাক্কিৰ চিন বুলি গণ্য কৰা হয়।

ইছাক্কি মন্দিৰত ওচৰত সাধাৰণতে বৰ গছ ৰোপণ কৰা হয়। সন্তান জন্ম দিব বিচৰা মহিলাসকলে প্ৰায়ে সৰু সৰু কাঠৰ বিচনা আৰু/বা তেওঁলোকৰ শাড়ীৰ টুকুৰাবোৰ এই বৰগছৰ ডাল বা গছৰ দৃশ্যমান শিপাত বান্ধি প্ৰসাদ হিচাপে ৰাখে।

উৎসৱ-পাৰ্বণ[সম্পাদনা কৰক]

ইছাক্কি আম্মান এক জনপ্ৰিয় উৎসৱৰ সৈতেও জড়িত। এই উৎসৱ সময়ত মন্দিৰত ভোগ ৰন্ধাৰ লগতে উজ্জ্বল ৰঙেৰে দেৱীৰ বৃহৎ টেৰাকোটাৰ মূৰ্তি (৩ৰ পৰা ৪ ফুট উচ্চতা)বনাই পূজা কৰা হয়। উৎসৱৰ সময়ত দেৱতাসকলক দিনে দুবাৰকৈ পানী, নাৰিকল, গোলাপজল, মৌ বা তেলেৰে অভিষেক কৰা হয়। এই মূৰ্তিবোৰত কেতিয়াবা চূণ, পানী, হালধি(যিটোৱে আচাৰ-ব্যৱহাৰ অনুসৰি তেজক প্ৰতিনিধিত্ব কৰে) মিহলাই তৈয়াৰ কৰা তৰল পদাৰ্থৰে লেপি দিয়া হয়। তাৰ পিছত দেৱীলৈ বুলি চাউল, পিঠা, ফল, গাখীৰ আগবঢ়োৱা হয় আৰু মুখ্য পুৰোহিতৰ দ্বাৰা পূজা কৰা হয়। অনুষ্ঠান আৰু উৎসৱৰ শেষত মন্দিৰৰ পৰা খাদ্য সমূহ আঁতৰোৱা হয়।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Kalpana Ram; Mukkuvar Women.
  • Xavier Romero-Frias, The Maldive Islanders, A Study of the Popular Culture of an Ancient Ocean Kingdom. Barcelona 1999.
  • Tiwari, M.N.P. (1989). Ambika in Jaina arts and literature, New Delhi: Bharatiya Jnanpith.

বহ্যিক সংযোগ[সম্পাদনা কৰক]

ৱিকিমিডিয়া কমন্সত ইছাক্কি সম্পৰ্কীয় মিডিয়া ফাইল।