ইণ্ডোনেছিয়াৰ নিৰ্বনানীকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিউ প্ৰদেশত পাম অইলৰ খেতিৰ বাবে কৰা নিৰ্বনানীকৰণ,২০০৭

ইণ্ডোনেছিয়াৰ নিৰ্বনানীকৰণ (ইংৰাজী: Deforestation in Indonesia) দেশৰ বহু অংশৰ দীৰ্ঘম্যাদী বনাঞ্চল আৰু শ্যামলীমা হৰণৰ কাৰণ হিচাপে পৰিগণিত; পৰিৱেশ আৰু সামাজিক ক্ষেত্ৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। ইণ্ডোনেছিয়া বিশ্বৰ কিছুমান জৈৱ-বৈচিত্ৰ্যৰ গৃহভূমি হিচাপে বিবেচিত আৰু বিশ্বৰ ভিতৰতে ব্ৰাজিল আৰু গণতান্ত্ৰিক গণৰাজ্য কংগোৰ পিছতে ই তৃতীয় স্থানত আছে।[1] ১৯০০ চনৰ শেষৰ ফাললৈকে ইণ্ডোনেছিয়া গভীৰ বনাঞ্চলৰ দেশ হিচাপে পৰিগণিত আছিল; মুঠ ভূমিৰ ৮৪ শতাংশ অৰণ্যই আৱৰি ৰাখিছিল। ১৯৭০ চনত ই নিৰ্বনানীকৰণৰ কবলত পৰে,[1] আৰু তেতিয়াৰ পৰাই এই কাৰ্য অধিক ত্বৰান্বিত হৈছে। ১৯০০ চনৰ আশে-পাশে ১৭ কোটি হেক্টৰৰ আনুমানিক বনাঞ্চল ২০ শতিকাৰ শেষৰ ফালে হ্ৰাস পাই ১০ কোটি হেক্টৰতকৈও কম হয়।[2] ২০০৮ চনত অনুমান কৰা হৈছিল যে, ইণ্ডোনেছিয়াৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যসমূহ এটা দশকৰ পাছত কাটি পেলোৱা হ'ব।[3] ইণ্ডোনেছিয়াত মুঠ কাঠ কটাৰ ভিতৰত ৮০% পৰ্যন্ত অবৈধভাৱে কৰা বুলি কোৱা হৈছে।[4] ইণ্ডোনেছিয়াৰ বৃহৎ অঞ্চলৰ বনাঞ্চল বৃহৎ বহুজাতিক “পাল্প কোম্পানী’’ যেনে এছিয়া পাল্প এণ্ড পেপাৰে[5] পৰিষ্কাৰ কৰি তাৰ ঠাইত বাগিচা স্থাপন কৰিছে। কৃষক[6] আৰু বাগিচাৰ মালিকে প্ৰায়ে বনাঞ্চল জ্বলাই দিয়ে। বনাঞ্চল ধ্বংসৰ আন এটা প্ৰধান উৎস হৈছে, কাঠ কটা উদ্যোগ, যি চীন আৰু জাপানৰ চাহিদা পূৰণৰ উদ্দেশ্যে কৰা হয়।[7] কৃষি উন্নয়ন আৰু প্ৰব্ৰজন কাৰ্যসূচীয়ে বৃহৎ সংখ্যাক বৰ্ষাৰণ্য জনাঞ্চললৈ পৰিণত কৰিছিল, যাৰ ফলত বনাঞ্চল ধ্বংসৰ হাৰ আৰু অধিক বৃদ্ধি পাইছিল। ইণ্ডোনেছিয়াত হোৱা ব্যাপক বনাঞ্চল ধ্বংস (আৰু অন্যান্য পৰিৱেশ ধ্বংস)ক শিক্ষাবিদসকলে প্ৰায়ে পৰিৱেশনাশক বুলি বৰ্ণনা কৰে।[8][9][10][11][12]

খেতিৰ বাবে মাটি পৰিষ্কাৰ কৰিবলৈ কাঠ কটা আৰু বনাঞ্চল জ্বলাই দিয়াৰ ফলত ইণ্ডোনেছিয়া চীন আৰু আমেৰিকাৰ পিছতে বিশ্বৰ তৃতীয় বৃহত্তম সেউজ গৃহ গেছ নিৰ্গমনকাৰী দেশ হিচাপে পৰিগণিত হৈছে।[13] বনজুইয়ে প্ৰায়ে কাৰ্বন ছিংক ধ্বংস কৰা উচ্চ ক্ষমতাসম্পন্ন পুৰণি বৰ্ষাৰণ্য আৰু পিতনিসমূহ ধ্বংস কৰে। ২০১১ চনৰ মে' মাহত ইণ্ডোনেছিয়াই ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হোৱাকৈ নতুনকৈ কাঠ কটা চুক্তিৰ ওপৰত স্থগিতাদেশ ঘোষণা কৰে। .[14] সাময়িকভাবে এই আইন অকাৰ্যকৰী যেন লাগিল, কিয়নো বনাঞ্চল ধ্বংসৰ হাৰ বৃদ্ধি পাই থাকিল। ২০১২ চনৰ ভিতৰত ইণ্ডোনেছিয়াই ব্ৰাজিলৰ বনাঞ্চল ধ্বংসৰ হাৰ অতিক্ৰম কৰিছিল,[15] আৰু বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত নিৰ্বনানীকৰণৰ কবলত পৰা দেশ হিচাপে পৰিগণিত হৈছিল।[16]

ইতিহাস[সম্পাদনা কৰক]

উত্তৰ সুমাত্ৰাত ধঁপাতৰ খেতিৰ বাবে কৰা বনধ্বংস,১৯০০

প্ৰায় ১৭ হাজাৰ দ্বীপযুক্ত ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জত বিশ্বৰ কিছুমান জৈৱ বৈচিত্ৰ্যপূৰ্ণ অৰণ্য আছে। ১৯০০ চনত মুঠ বনভূমিৰ প্ৰায় ৮৪% আৱৰি আছিল।[1] ১৯৫০ চনলৈকে বাগিচা স্থাপন আৰু ক্ষুদ্ৰ কৃষকৰ শস্য ৰোপণে মাত্ৰ এটা সৰু অঞ্চলহে সামৰি লৈছে। এই সময়লৈকে বনাঞ্চলৰ পৰিমাণ ১৪৫ মিলিয়ন হেক্টৰ প্ৰাথমিক বনাঞ্চল আৰু আন ১৪ মিলিয়ন হেক্টৰ গৌণ আৰু জোৱাৰ-ভাটাৰ বনাঞ্চল বুলি অনুমান কৰা হৈছে।[2]

১৯৭০ চনৰ আৰম্ভণিতে ইণ্ডোনেছিয়াই দেশখনৰ কাঠ প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহৰ বিকাশৰ লগে লগে এই মূল্যৱান সম্পদক অৰ্থনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিছিল। ১৯৮০ চনৰ শেষৰ ফালৰ পৰা ২০০০ চনলৈকে পাল্প আৰু কাগজ উদ্যোগত উৎপাদন ক্ষমতা প্ৰায় ৭০০% বৃদ্ধি পাইছিল, যাৰ ফলত ইণ্ডোনেছিয়া বিশ্বৰ নৱম বৃহত্তম পাল্প উৎপাদনকাৰী আৰু একাদশ বৃহত্তম কাগজ উৎপাদনকাৰী হিচাপে পৰিগণিত হৈছে।[1]

বনাঞ্চল ধ্বংসৰ হাৰ বাঢ়ি গৈ আছে। ২০০৯ চনৰ ৰাষ্ট্ৰপতি চুচিলো বামবাং যুধোয়োনোৱে মুকলি কৰা “ৰাজ্যিক পৰিৱেশ প্ৰতিবেদন’’ত প্ৰকাশ পাইছে যে, ২০০৮ চনত মাত্ৰ ১৯,১৯২টা বনজুইৰ হটস্পটৰ সংখ্যা ২০০৯ চনত ৩২,৪১৬ লৈ বৃদ্ধি পাইছে। পৰিৱেশ মন্ত্ৰ্যালয়ে ইয়াৰ বাবে দুৰ্বল আইন প্ৰয়োগকাৰী আৰু স্থানীয় কৰ্তৃপক্ষৰ পৰা তত্ত্বাৱধানৰ অভাৱক জগৰীয়া কৰে, মাটিৰ ওপৰৰ সেউজীয়া ধ্বংসৰ জুইক প্ৰধান কাৰণ হিচাপে লোৱা হৈছে।[17]

১৯৯০ চনৰ পৰা ২০০০ চনৰ ভিতৰত ইণ্ডোনেছিয়াৰ ২০% বনাঞ্চল (২৪ মিলিয়ন হেক্টৰ) কমি গৈছিল আৰু ২০১০ চনলৈকে মুঠ ভূমিৰ মাত্ৰ ৫২% বনাঞ্চল (৯৪ মিলিয়ন হেক্টৰ) বাকী আছিল।[18] ২০১০ চনত নতুন কাঠ কটা চুক্তিৰ ওপৰত স্থগিতাদেশ দিয়াৰ পিছতো ২০১২ চনত বনাঞ্চল ধ্বংসৰ হাৰ বৃদ্ধি পাই প্ৰায় ৮ লাখ ৪০,০০০ হেক্টৰ হয় আৰু ই ব্ৰাজিলৰ বন ধ্বংসৰ পৰিমাণ অতিক্ৰম কৰে।[19] ইণ্ডোনেছিয়াত বনাঞ্চল ধ্বংসৰ পৰিমাণ ২০১৬ চনত শিখৰত উপনীত হয়, আৰু তাৰ পিছত হ্ৰাস পায় প্ৰায় ৩০%, (২০১৭–২০১৯ চনৰ সৈতে ২০০৯–২০১৬ চনৰ তুলনাত)।[20] অধ্যয়নসমূহে ইয়াৰ কাৰণ হিচাপে "প্ৰাথমিক বনাঞ্চল নিষ্কাশন আৰু পিট নিষ্কাশন নিষেধাজ্ঞা, ভূমিৰ ৰেহাইৰ পৰ্যালোচনা, আৰু নতুন পাম তেল বাগিচা আৰু খনিৰ ওপৰত স্থগিতাদেশ দিয়াকে ধৰি নীতিগত মিশ্ৰণ"ৰ লগতে বৰ্তমানৰ বাগিচাসমূহৰ বনাঞ্চল ৰক্ষাৰ বাবে “তেলপাম বহনক্ষম পৰিৱেশ’’ প্ৰমাণীকৰণ কাৰ্যসূচী বুলি কয়।[20] সমগ্ৰ ইণ্ডোনেছিয়াত ২৪ লাখ হেক্টৰ বনভূমিৰ বাবে স্থানীয় সম্প্ৰদায়ক বনৰক্ষকৰ বাবে জড়িত কৰা হৈছিল, কিন্তু ২০২১ চনৰ এক অধ্যয়নত এই কাৰ্যসূচীৰ বাবে বনাঞ্চল ধ্বংস হ্ৰাস কৰাৰ প্ৰমাণ পোৱা নগ'ল।[20]

নিৰ্বনানীকৰণ কাৰণ[সম্পাদনা কৰক]

২০০১–২০১৬ চনত ইণ্ডোনেছিয়াৰ বনাঞ্চল ধ্বংসৰ আটাইতকৈ ডাঙৰ আৰু একক কাৰক আছিল পাম তেল গছৰ বাগিচা, যিয়ে দেশজুৰি বনাঞ্চলৰ প্ৰায় ২৩% ধ্বংস কৰে। বনাঞ্চল ধ্বংসৰ দ্বিতীয় বৃহত্তম কাৰক আছিল বনাঞ্চলসমূহৰ গভীৰতা নষ্ট কৰি ঘাঁহনি/তৃণভূমিলৈ ৰূপান্তৰ কৰা, যিয়ে দেশজুৰি বনাঞ্চলৰ প্ৰায় ২০% ধ্বংস কৰে। ক্ষুদ্ৰ কৃষি আৰু ক্ষুদ্ৰ পৰিসৰৰ মিশ্ৰিত বাগিচাৰ বাবে কৰা বন ধ্বংসই দেশজুৰি বনাঞ্চল ধ্বংসৰ মুঠ ২২% আছিল। কাঠ কটা, পথ আৰু সৰু পৰিসৰৰ বনধ্বংস, পৰৱৰ্তী কালত নতুন বনাঞ্চলৰ পুনৰ বৃদ্ধি, দেশজুৰি বনাঞ্চল ধ্বংসৰ প্ৰায় ১০%। বাকী সকলো কাৰণ (যেনে খনি আৰু মাছৰ পুখুৰী) সামূহিকভাৱে দেশজুৰি বনাঞ্চল ধ্বংসৰ প্ৰায় ৫% অংশ গ্ৰহণ কৰে।[21]

ইণ্ডোনেছিয়াত কমেও ৩৩ লাখ হেক্টৰ বনাঞ্চল পাম তেল বাগিচালৈ ৰূপান্তৰিত কৰা হৈছিল। কিন্তু বাৰ্ষিক প্ৰাথমিক বনাঞ্চলৰ ক্ষতি ২০১৬ চনত ৯ লাখ ৩০ হাজাৰ হেক্টৰৰ পৰা ২০২২ চনত ২ লাখ ৩০ হাজাৰ হেক্টৰলৈ হ্ৰাস পাইছে। চৰকাৰে প্ৰৱৰ্তন কৰা নতুন নিয়ম অনুসৰি বনাঞ্চলত পাম তেল গছৰ খেতি কৰি উৎপাদন কৰা মাটিৰ মালিকে চৰকাৰক জৰিমনা দিব লাগিব, আনহাতে সংৰক্ষিত বনাঞ্চলত খেতি কৰা মাটিৰ মালিকেও পুনৰ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰক জৰিমনা দিব লাগিব। ২ লাখ হেক্টৰ বাগিচা বনাঞ্চললৈ ৰূপান্তৰিত কৰা হ’ব। অবৈধভাৱে বাগিচা স্থাপন কৰা কোম্পানীসমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।[22]

প্ৰভাৱ[সম্পাদনা কৰক]

দ্ৰুতগতিত বৃদ্ধি পোৱা নিৰ্বনানীকৰণৰ ফলত ইণ্ডোনেছিয়াৰ বিশাল জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হয় আৰু ইণ্ডোনেছিয়াৰ সেউজ গৃহ গেছৰ নিৰ্গমন বৃদ্ধি পায়, যি বিশ্বৰ ভিতৰতে সৰ্বাধিক।[21] পিতনিসমূহ পুতি জুই জ্বলোৱাৰ ফলত তীব্ৰ বায়ু প্ৰদূষণ হয়, যাৰ ফলত জনস্বাস্থ্যৰ ডাঙৰ ক্ষতি হৈছে।[21]

আক্ৰান্ত অঞ্চলসমূহ[সম্পাদনা কৰক]

পাম তেল উৎপাদনৰ বাবে ইন্দোনেছিয়াৰ এখন পিতনিৰ বনধ্বংস

কাঠ সম্পদ আৰু জৈৱ বৈচিত্ৰ্যত আটাইতকৈ চহকী ইণ্ডোনেছিয়াৰ নিম্নভূমিৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যসমূহ আটাইতকৈ বেছি বিপদত পৰিছে। ২০০০ চনৰ ভিতৰত চুলাৱেছিতএই সম্পদসমূহ প্ৰায় সম্পূৰ্ণৰূপে শেষ কৰা হৈছে আৰু সুমাট্ৰা আৰু কালিমন্তানত কেইবছৰমানৰ ভিতৰতে এই সম্পদসমূহ লুপ্ত হোৱাৰ ভৱিষ্যদ্বাণী কৰা হৈছে।[2]

সুমাট্ৰাত কেন্দ্ৰীয় চৰকাৰে পাম তেল কোম্পানীসমূহক অৰণ্যত হাত লগাবলৈ দিয়া সুবিধাৰ বাবেই প্ৰায় লাখ লাখ বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰা হৈছে।[23] কালিমন্তনত ১৯৯১ চনৰ পৰা ২০১৪ চনলৈকে সমগ্ৰ দক্ষিণ-পূব এছিয়াত বায়ুমণ্ডল প্ৰদূষণৰ সৃষ্টি কৰা অনিয়ন্ত্ৰিত জুইৰ বাবে বনাঞ্চলৰ বৃহৎ অঞ্চল জ্বলি যায়।[24]

অবৈধ বনমুক্তকৰণ[সম্পাদনা কৰক]

২০০৬ চনৰ ৫ অক্টোবৰত বৰ্নিও দ্বীপৰ ওপৰৰ পৰা নাছাই লোৱা টেৰা উপগ্ৰহৰ ছবিখন। বছৰি খৰালি কালত (আগষ্ট–অক্টোবৰ) এই জুই জ্বলোৱা হয়, মূলতঃ ভূমি পৰিষ্কাৰ কৰা আৰু অন্যান্য কৃষি জুইৰ ফলত আকাশ ধোঁৱাময় হয়, কাৰণ জুই নিয়ন্ত্ৰণৰ পৰা বাহিৰ হৈ যায় আৰু বনাঞ্চল আৰু পিট-জলাশয় অঞ্চললৈ ই বিয়পি পৰে।

২০০৭ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ প্ৰতিবেদনত অনুমান কৰা হৈছে যে ইণ্ডোনেছিয়াত কাঠ কটা ৭৩%ৰ পৰা ৮৮% অবৈধভাবে কাঠ কটা হৈছে। আন এক অনুমান অনুসৰি ইণ্ডোনেছিয়াত কাঠ কটা ৪০%ৰ পৰা ৫৫% অবৈধভাবে কটা হৈছে।[25] ২০২১ চনৰ এক অধ্যয়নত অনুমান কৰা হৈছে যে, ইণ্ডোনেছিয়াত পাম তেলৰ বাবে বন নিষ্কাশন ৮১% অবৈধ, আৰু ইণ্ডোনেছিয়াৰ উচ্চতম নিৰীক্ষণ সংস্থাই নিৰ্ধাৰণ কৰিছিল যে, দেশখনৰ ২০%তকৈও কম পাম তেলৰ কাৰ্যকলাপে ৰাষ্ট্ৰীয় আইন আৰু বিধি-নিয়ম মানি চলে।[26] ইণ্ডোনেছিয়াৰ পৰা অহা অবৈধ কাঠৰ সামগ্ৰীৰ বাবে মালয়েছিয়া হৈছে মূল সৰবৰাহকাৰী দেশ।[27] স্থানীয় আৰু আঞ্চলিক বজাৰৰ কাঠৰ চাহিদাৰ পৰা অৰ্থনৈতিক লাভৰ দ্বাৰা লাভান্বিত হোৱা ব্যক্তিগত নিগমসমূহেই বনাঞ্চল ধ্বংসৰ বাবে দোষী। এই কৃষি উদ্যোগিক কোম্পানীসমূহে কৃষিৰ উদ্দেশ্যে মাটি পৰিষ্কাৰ কৰিবলৈ বনজুইৰ দৰে ব্যয়বহুল অথচ পৰিৱেশৰ প্ৰতি অতি ভয়ংকৰ বনাঞ্চল ধ্বংসৰ পদ্ধতি অনুপযুক্তভাৱে ব্যৱহাৰ কৰি প্ৰায়ে মৌলিক আইনী-কানুনবোৰ মানি নচলে। ১৯৯৯ চনৰ বন আইন অনুসৰি কোম্পানীসমূহে বনাঞ্চল ধ্বংস কাৰ্য্যকলাপৰ আইনী অনুমোদনৰ বাবে “আই পি কে অনুমতি পত্ৰ’’ (কাঠ কটাৰ অনুমতি পত্ৰ) থকা নিজ নিজ অঞ্চলৰ কৰ্তৃপক্ষই চকু দিয়াটো অতি প্ৰয়োজনীয়।.[28] এই নিগমসমূহৰ বহুতেই এই চৰকাৰী বিধি-নিষেধ আওকাণ কৰি, অবৈধ কাঠ কটা কাৰ্য সম্পন্ন কৰি ৰাজহৰ লাভ সৰ্বাধিক কৰিব পাৰে কাৰণ ইণ্ডোনেছিয়াৰ দৰে বৃহৎ উন্নয়নশীল দেশসমূহৰ শিথিল আইন প্ৰয়োগ আৰু ছিদ্ৰযুক্ত আইন-কানুনে বন সংৰক্ষণৰ প্ৰচেষ্টাক ক্ষতিগ্ৰস্ত কৰি আহিছে।[29]

সামাজিক পৰিৱেশত গ্ৰাম্য অঞ্চলৰ অল্প শিক্ষিত ক্ষুদ্ৰ কৃষকসকলে, তেওঁলোকে নিজৰ কৃষি কাৰ্য কৰিবলৈ ঝুম পদ্ধতি ব্যৱহাৰ কৰে। এই আদিম কৃষি পদ্ধতিত খৰালিৰ আগে আগে বনৰ গছ-লতা কাটি পেলোৱা হয় আৰু তাৰ পিছত পিছৰ খৰালি কালত এই গছবোৰ জ্বলাই শস্যৰ উৎপাদনত সহায়ক হোৱাকৈ সাৰৰ যোগান ধৰা হয়। এই কৃষি পদ্ধতি একেখিনি মাটিতে তেতিয়ালৈকে ব্যৱহাৰ কৰা হয়, যেতিয়ালৈকে ঠাইডোখৰৰ মাটিৰ উৰ্বৰতা কৃষিকৰ্মৰ বাবে উপযুক্ত হৈ থাকে৷ ইয়াৰ পিছত এই কৃষকসকলে আন এটুকুৰা মাটি দখল কৰিবলৈ আগবাঢ়ি যায় আৰু তেওঁলোকে একেই ধৰণে কটা আৰু জুই জ্বলোৱা পদ্ধতি ব্যৱহাৰ কৰে।[30] বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত অৰিহণা যোগোৱা এই সামাজিক কাৰকে ইণ্ডোনেছিয়াৰ দৰে উন্নয়নশীল দেশসমূহত বনজ সম্পদৰ বহনক্ষমতাই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহক শক্তিশালী কৰে।

ৰাজনৈতিক ক্ষেত্ৰত বনাঞ্চল ধ্বংস ৰোধৰ বিষয়ত ইণ্ডোনেছিয়াৰ চৰকাৰী ভূমিকাক বহুলাংশে সমালোচনা কৰা হৈছে। ইণ্ডোনেছিয়াৰ স্থানীয় বিষয়াসকলৰ মাজৰ দুৰ্নীতিগ্ৰস্ততাই অবৈধ কাঠ কটা কাৰ্যকলাপৰ ওপৰত চৰকাৰী হস্তক্ষেপ সন্দৰ্ভত বেয়াকৈ ইন্ধন যোগাইছে। ২০০৮ চনত কাঠ ব্যৱসায়িক প্ৰতিষ্ঠান এডেলিন লিছ ৰ এজন মালিকক অবৈধ কাঠ কটাৰ অভিযোগত দোষমুক্ত কৰাটোৱে জনমতক আৰু অধিক উত্তেজিত কৰে আৰু ইণ্ডোনেছিয়াৰ ৰাজনৈতিক প্ৰতিষ্ঠানটো সমালোচনাৰ সন্মুখীন হয়।[31]

ইণ্ডোনেছিয়া চৰকাৰে বনাঞ্চল ধ্বংসৰ ব্যৱস্থাপনাৰ সৈতে বহনক্ষম নগৰ উন্নয়নৰ সৈতে যুঁজিছে কাৰণ গ্ৰাম্য-নগৰীয়া প্ৰব্ৰজনৰ বাবে চহৰসমূহ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে।[32] ইণ্ডোনেছিয়া চৰকাৰে গ্ৰহণ কৰা প্ৰব্ৰজন প্ৰকল্পৰ প্ৰাসংগিকতাৰ বাবে বনাঞ্চল ধ্বংসৰ দায়বদ্ধতাৰ অভাৱে তেওঁলোকৰ উন্নয়ন প্ৰকল্পত বনজ বহনক্ষমতাৰ বাবে বিবেচনাৰ সাক্ষ্য দিবলৈ নূন্যতম সমৰ্থনকাৰী প্ৰমাণৰ উদাহৰণ দাঙি ধৰে। ইয়াৰ ফলত ইণ্ডোনেছিয়া চৰকাৰৰ নগৰ উন্নয়ন প্ৰকল্প আৰু বন সংৰক্ষণ প্ৰচেষ্টাসমূহ দক্ষতাৰে আৰু দায়িত্বশীলভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশ্বাসযোগ্যতাৰ প্ৰশ্ন অধিক বৃদ্ধি পায়।[33]

সংৰক্ষণৰ প্ৰচেষ্টা[সম্পাদনা কৰক]

গোলকীয় জলবায়ু পৰিৱৰ্তন ৰোধৰ প্ৰচেষ্টাত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বা স্থানীয় চৰকাৰসমূহক বনাঞ্চল ধ্বংসৰ গতিবিধি নিৰীক্ষণ কৰা আৰু এই কাৰ্য বন্ধ কৰিবলৈ উৎসাহিত কৰিবলৈ বিভিন্ন উপায় অন্তৰ্ভুক্ত কৰা হৈছে। এই ধৰণৰ কাৰ্যসূচীৰ শিৰোনাম হ’ল বনাঞ্চল ধ্বংস আৰু বনাঞ্চলৰ অৱক্ষয়ৰ পৰা নিৰ্গমন হ্ৰাস কৰা Reducing emissions from deforestation and forest degradation চমুকৈ REDD। ইণ্ডোনেছিয়াত বনাঞ্চল ধ্বংস নিৰীক্ষণৰ বাবে নতুন ব্যৱস্থা প্ৰয়োগ কৰা হৈছে। তেনে এটা ব্যৱস্থা, চেণ্টাৰ ফৰ গ্ল'বেল ডেভেলপমেণ্টৰ ফৰেষ্ট মনিটৰিং ফৰ একচন প্লেটফৰ্মে বৰ্তমান সমগ্ৰ ইণ্ডোনেছিয়াত বনাঞ্চল ধ্বংসৰ বিষয়ে মাহেকীয়া আপডেট কৰা তথ্য প্ৰদৰ্শন কৰে।[34]

২০১০ চনৰ ২৬ মে'ত নতুনকৈ কাঠ কটা কাৰ্য দুবছৰৰ বাবে স্থগিত ৰখাৰ বাবে, ইণ্ডোনেছিয়াই নৰৱেৰ সৈতে এক ’সংকল্প পত্ৰ’ত স্বাক্ষৰ কৰে, যি চুক্তিৰ অংশ আছিল, ইণ্ডোনেছিয়াই নিজৰ প্ৰতিশ্ৰুতি মানি চলিলে ১ বিলিয়ন মাৰ্কিন ডলাৰ পৰ্যন্ত লাভ কৰিব। এই চুক্তিৰ ফলত ইণ্ডোনেছিয়াৰ পাম তেল উদ্যোগত ভেটা পৰিব আৰু পাপুয়া প্ৰদেশত এক বিশাল কৃষি ক্ষেত্ৰ সৃষ্টিৰ পৰিকল্পনাত বিলম্ব বা লেহেমীয়া হ’ব বুলি আশা কৰা হৈছিল।[35] প্ৰথম অৱস্থাত ইণ্ডোনেছিয়াৰ জলবায়ু আৰু বন আৰু জলবায়ু সংৰক্ষণ কৌশল, প্ৰতিবেদন আৰু পৰীক্ষা কৰাৰ ক্ষমতা গঢ়ি তোলা আৰু সংৰক্ষণকাৰী নীতি আৰু প্ৰতিষ্ঠানিক সংস্কাৰ স্থাপনৰ বাবে ধন নিয়োজিত কৰা হ’ব।[36] নৰৱেই ইণ্ডোনেছিয়াক দুৰ্নীতি হ্ৰাস কৰাত সহায়ক হোৱাকৈ এটা ব্যৱস্থা স্থাপন কৰাত সহায় কৰিবলৈ ওলাইছে যাতে এই চুক্তি বলবৎ কৰিব পৰা যায়।[37][38] ২০১১ চনৰ ২০ মে’ত দুবছৰীয়া কাঠ কটা বন্ধ ঘোষণা কৰা হয়।[14] ২০১৩ চনত এই সংকল্প আৰু দুবছৰলৈ বৃদ্ধি কৰা হয়।[39]

পৃথিৱীৰ প্ৰায় ৪০খন দেশৰ ভিতৰত ইণ্ডোনেছিয়াই অন্যতম যিয়ে ২০২০ চনৰ ভিতৰত নিৰ্বনানীকৰণ আধালৈ হ্ৰাস কৰি ২০৩০ চনৰ ভিতৰত ইয়াৰ অন্ত পেলাব বুলি ২০১৪ চনত স্বেচ্ছামূলক প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে এই চুক্তিখন আইনগতভাৱে বাধ্যতামূলক নাছিল আৰু ব্ৰাজিলৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ দেশ, চীন আৰু ৰাছিয়াই ইয়াত স্বাক্ষৰ কৰা নাছিল।[40][41][42] ফলত এই প্ৰচেষ্টা বিফল হয় আৰু ২০১৪ চনৰ পৰা ২০২০ চনলৈকে সমগ্ৰ বিশ্ব আৰু ইণ্ডোনেছিয়া উভয়তে নিৰ্বনানীকৰণ বৃদ্ধি পায়।[40][41] ২০২১ চনৰ নৱেম্বৰ মাহত গ্লাছগোত অনুষ্ঠিত হোৱা COP26 জলবায়ু সন্মিলনত বন আৰু ভূমি ব্যৱহাৰৰ ওপৰত গ্লাছগোৰ নেতাসকলৰ ঘোষণাপত্ৰত সন্মতি দিয়া ১৪১খন দেশৰ ভিতৰত অন্যতম আছিল ইণ্ডোনেছিয়া, যি ২০৩০ চনৰ ভিতৰত নিৰ্বনানীকৰণ সম্পূৰ্ণ ৰোধ কৰি সেউজ ভূমি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল৷[41][43][44] এই চুক্তিৰ লগে লগে প্ৰায় ১৯.২ বিলিয়ন ডলাৰৰ সংশ্লিষ্ট পুঁজিৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল।[43] পূৰ্বৰ চুক্তিৰ দৰেই গ্লাছগো নেতাসকলৰ ঘোষণাপত্ৰখনো ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ পৰিকাঠামো চুক্তিৰ আওতাৰ বাহিৰত স্বাক্ষৰ কৰা হৈছিল আৰু সেয়েহে ই আইনগতভাৱে বাধ্যতামূলক নাছিল।.[43] ইণ্ডোনেছিয়াই এই সংকল্প প্ৰদান কৰাৰ লগে লগে কাউন্টি চৰকাৰে এই সংকল্পত বাট ভেটা দিয়ে, পৰিৱেশ মন্ত্ৰী ছিটি নুৰবায়া বাকাৰে কয় যে “২০৩০ চনলৈ ইণ্ডোনেছিয়াৰ নিৰ্বনানীকৰণ শূন্য কৰিবলৈ বাধ্য কৰাটো স্পষ্টভাৱে অনুচিত আৰু অন্যায়।”[45]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 ABC Four Corners: Background information on Indonesia, deforestation and illegal logging Archived 16 January 2016 at the Wayback Machine, Retrieved 28 May 2010
  2. 2.0 2.1 2.2 Matthews, Emilly (ed.): The State of Forests Indonesia, Bogor 2002, Retrieved 28 May 2010
  3. China is black hole of Asia's deforestation, Asia News, 24 March 2008
  4. Riskanalys av glas, järn, betong och gips Archived 13 May 2012 at the Wayback Machine
  5. "Indonesia without trees? - Record breaking logging of last rainforests" (en ভাষাত). Friends of the Earth Internationalfoei.org. Archived from the original on 8 December 2015. https://web.archive.org/web/20151208100830/http://members.foei.org/en/resources/publications/miscellaneous/clashes/indonesiatrees.html। আহৰণ কৰা হৈছে: 8 March 2017. 
  6. Slash and burn, Encyclopedia of Earth
  7. "Japan depletes Borneo's rainforests; China remains largest log importer". News.mongabay.com. http://news.mongabay.com/2006/0710-itto.html। আহৰণ কৰা হৈছে: 18 August 2013. 
  8. "Forensic Architecture". forensic-architecture.org. https://forensic-architecture.org/investigation/ecocide-in-indonesia। আহৰণ কৰা হৈছে: 2023-07-05. 
  9. "Explainer: What is ecocide?" (en ভাষাত). Eco-Business. 2022-08-04. https://www.eco-business.com/news/explainer-what-is-ecocide/। আহৰণ কৰা হৈছে: 2023-07-05. 
  10. Aida, Melly; Tahar, Abdul Muthalib; Davey, Orima (2023), Perdana, Ryzal; Putrawan, Gede Eka; Saputra, Bayu et al., eds., "Ecocide in the International Law: Integration Between Environmental Rights and International Crime and Its Implementation in Indonesia" (en ভাষাত), Proceedings of the 3rd Universitas Lampung International Conference on Social Sciences (ULICoSS 2022) (Paris: Atlantis Press SARL) খণ্ড 740: pp. 572–584, doi:10.2991/978-2-38476-046-6_57, ISBN 978-2-38476-045-9, https://www.atlantis-press.com/doi/10.2991/978-2-38476-046-6_57, আহৰণ কৰা হৈছে: 2023-07-05 
  11. Alberro, Heather; Daniele, Luigi (2021-06-29). "Ecocide: why establishing a new international crime would be a step towards interspecies justice" (en ভাষাত). The Conversation. http://theconversation.com/ecocide-why-establishing-a-new-international-crime-would-be-a-step-towards-interspecies-justice-162059। আহৰণ কৰা হৈছে: 2023-07-05. 
  12. Setiyono, Joko; Natalis, Aga (2021-12-30). "Ecocides as a Serious Human Rights Violation: A Study on the Case of River Pollution by the Palm Oil Industry in Indonesia" (en ভাষাত). International Journal of Sustainable Development and Planning খণ্ড 16 (8): 1465–1471. doi:10.18280/ijsdp.160807. ISSN 1743-7601. https://www.iieta.org/journals/ijsdp/paper/10.18280/ijsdp.160807. 
  13. Higgins, Andrew (19 November 2009). "The Washington Post, November 19, 2009". Washingtonpost.com. https://www.washingtonpost.com/wp-dyn/content/article/2009/11/18/AR2009111804162.html. 
  14. 14.0 14.1 "Indonesia's forest moratorium: A stepping stone to better forest governance?", CIFOR Working Paper 76, 2011
  15. Bachelard, Michael: "World's worst illegal logging in Indonesia", in The Sydney Morning Herald, 30 June 2014
  16. "Deforestation in Indonesia Is Double the Government's Official Rate", in Scientific American, 30 June 2014
  17. Simamora, Adianto (11 June 2010). "More hotspots detected despite pledge to reduce forest fires". The Jakarta Post. Archived from the original on 12 June 2010. https://web.archive.org/web/20100612172319/http://www.thejakartapost.com/news/2010/06/11/more-hotspots-detected-despite-pledge-reduce-forest-fires.html. 
  18. Staff (30 November 2011) Global Forest Resources Assessment 2010 – Trends in Extent of Forest 1990–2010 Archived 2019-07-28 at the Wayback Machine Food and Agriculture Organization of the United Nations, Media Centre, Accessed 5 March 2012
  19. John Vidal: "Rate of deforestation in Indonesia overtakes Brazil, says study" in The Guardian, 30 June 2014
  20. 20.0 20.1 20.2 Sebastian Kraus, Jacqueline Liu, Nicolas Koch, Sabine Fuss, No aggregate deforestation reductions from rollout of community land titles in Indonesia yet, Proceedings of the National Academy of Sciences (October 2021), 118 (43), doi:10.1073/pnas.2100741118.
  21. 21.0 21.1 21.2 Kemen G. Austin, Amanda Schwantes, Yaofeng Gu & Prasad S. Kasibhatla, What causes deforestation in Indonesia?, Environmental Research Letters, Vol 14, No. 2 (2019).
  22. Bennett, Paige (2 November 2023). "200,000 Hectares of Oil Palm Plantations to Be Converted Into Forests, Indonesia’s Government Says". Ecowatch. https://www.ecowatch.com/palm-oil-plantations-forests-conversion-indonesia.html. 
  23. Losing land to palm oil in Kalimantan, BBC News, 3 August 2007
  24. "Forest fires result from government failure in Indonesia". News.mongabay.com. http://news.mongabay.com/2006/1015-indonesia.html। আহৰণ কৰা হৈছে: 18 August 2013. 
  25. Jake Schmidt, Illegal Logging in Indonesia: The Environmental Economic and Social Costs. BlueGreen Alliance, April 2010.
  26. Cassie Dummett, Arthur Blundell, Kerstin Canby, Michael Wolosin, and Eszter Bodnar, Report: Illicit Harvest, Complicit Goods: The State of Illegal Deforestation for Agriculture, Forest Policy, Trade, and Finance Initiative, Forest Trends Association, May 2021.
  27. Environmental Investigation Agency and Telepak (2004) Profiting from Plunder: How Malaysia Smuggles Endangered Wood.
  28. "Indonesia's Sinar Mas Accused of Illegal Land Clearing". The Jakarta Globe. 10 December 2009. http://www.thejakartaglobe.com/news/indonesias-sinar-mas-accused-of-illegal-land-clearing/346751। আহৰণ কৰা হৈছে: 18 August 2013. 
  29. "88 percent of logging illegal: ICW". The Jakarta Post. 22 June 2011. Archived from the original on 25 May 2013. https://web.archive.org/web/20130525034947/http://www.thejakartapost.com/news/2011/06/22/88-percent-logging-illegal-icw.html। আহৰণ কৰা হৈছে: 18 August 2013. 
  30. Tony Waters, The Persistence of Subsistence Agriculture, p. 3. Lexington Books (2007)
  31. "INECE Newsletter – 16th Edition". Inece.org. Archived from the original on 7 January 2008. https://web.archive.org/web/20080107015400/http://inece.org/newsletter/16/asia/indonesia.html। আহৰণ কৰা হৈছে: 18 August 2013. 
  32. William D. Sunderlin and Ida Aju Pradnja Resosudarmo: "Rates and Causes of Deforestation in Indonesia: Towards a Resolution of the Ambiguities", in CIFOR Occasional Paper no.9, 1996
  33. Transparency International: "Tackling Political Corruption to Combat Illegal Logging"[সংযোগবিহীন উৎস], Project paper, 2011
  34. Center for Global Development: Forest Monitoring for Action, retrieved 24 October 2010
  35. Allard, Tom (28 May 2010). "Norway to pay for Indonesian logging moratorium". The Sydney Morning Herald. https://www.smh.com.au/environment/conservation/norway-to-pay-for-indonesian-logging-moratorium-20100527-whrg.html. 
  36. The Norway Post: Deforestation agreement with Indonesia Archived 8 June 2010 at the Wayback Machine, retrieved 28 May 2010
  37. Belford, Aubrey (27 May 2010). "Indonesia Agrees to Curb Commercial Deforestation". The New York Times. https://www.nytimes.com/2010/05/28/world/asia/28indo.html. 
  38. "Indonesia declares logging halt". Al Jazeera. 27 May 2010. http://english.aljazeera.net/news/asia-pacific/2010/05/201052754340992340.html। আহৰণ কৰা হৈছে: 30 May 2010. 
  39. "Indonesia Extends Logging Ban to Protect Rainforest" Archived 3 September 2014 at the Wayback Machine, in The Jakarta Globa, 15 May 2013
  40. 40.0 40.1 "COP26: World leaders promise to end deforestation by 2030". BBC News. 2 November 2021. https://www.bbc.co.uk/news/science-environment-59088498. 
  41. 41.0 41.1 41.2 Rhett A. Butler (5 November 2021). "What countries are leaders in reducing deforestation? Which are not?". Mongabay. https://news.mongabay.com/2021/11/glasgow-declaration-what-countries-are-leaders-in-reducing-deforestation/. 
  42. "Endorsers of the New York Declaration on Forests". Forest Declaration. https://forestdeclaration.org/about/nydf-endorsers/. 
  43. 43.0 43.1 43.2 Jake Spring; Simon Jessop (3 November 2021). "Over 100 global leaders pledge to end deforestation by 2030". Reuters. https://www.reuters.com/business/environment/over-100-global-leaders-pledge-end-deforestation-by-2030-2021-11-01/. 
  44. "Glasgow Leaders' Declaration on Forests and Land Use". 2021 United Nations Climate Change Conference. November 12, 2021. Archived from the original on November 14, 2021. https://web.archive.org/web/20211114073626/https://ukcop26.org/glasgow-leaders-declaration-on-forests-and-land-use/. 
  45. "Indonesia walks back zero-deforestation pledge at COP26". Agence France-Presse. 4 November 2021. https://www.france24.com/en/live-news/20211104-indonesia-walks-back-zero-deforestation-pledge-at-cop26.