সমললৈ যাওক

ইন্দিৰা বাজৰামোভিচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইন্দিৰা বাজৰামোভিচ
ৰাষ্ট্ৰীয়তা ৰোমানী
নাগৰিকত্ব বচনিয়া আৰু হাৰজেগোভিনা
পেচা সমাজকৰ্মী আৰু অৰ্থনীতিবিদ
সংস্থা ৰোমা মহোলাৰ “বেটাৰ ফিউচাৰ’’ৰ সতে জড়িত

ইন্দিৰা বাজৰামোভিচ এগৰাকী ৰোমা কৰ্মী আৰু অৰ্থনীতিবিদ, যিয়ে ২০ বছৰতকৈও অধিক সময় ধৰি বছনিয়া আৰু হাৰ্জেগোভিনাৰ ৰোমা মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ বাবে কাম কৰি আহিছে। তেওঁ টুজলাৰ এছ'চিয়েচন অৱ ৰোমা উইমেনৰ 'বেটাৰ ফিউচাৰ' (স্থানীয় নাম 'বলজা বুডুচনষ্ট')ৰ পৰিচালিকা।[1]

বাজৰামোভিচে চহৰৰ পৰা দূৰৈৰ ৰোমা গাঁওসমূহক সাহায্য আৰু আশ্বাস প্ৰদানৰ কাম কৰি আহিছে আৰু বছনিয়া আৰু হাৰ্জেগোভিনাত ৰোমা লোকসকলে সকলো ক্ষেত্ৰতে সমান সুযোগ লাভ কৰাৰ পোষকতাও কৰি আহিছে। বিশেষকৈ বাজৰামোভিচে নিবনুৱা ৰোমা মহিলা আৰু ঘৰুৱা হিংসা আৰু নিৰ্যাতনৰ বলি হোৱা মহিলাসকলে সম্মুখীন হোৱা অসুবিধাৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।[2]

কাৰ্যকলাপ

[সম্পাদনা কৰক]

বাজৰামোভিচৰ “বেটাৰ ফিউচাৰ’’ নামৰ সংস্থাটোৱে ৰোমা সম্প্ৰদায়ৰ সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীৰ লগতে স্কুলৰ সামগ্ৰী যোগান ধৰাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰি এই সংস্থাই দৰিদ্ৰ মহিলাসকলৰ বাবে ব্যক্তিগত চিকিৎসা, বিশেষকৈ স্তন কেন্সাৰৰ চিকিৎসাৰ বাবে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে, ।[3]

ক’ভিদ অতিমাৰী

[সম্পাদনা কৰক]

২০২০ চনৰ গ্ৰীষ্মকালত ক’ভিড-১৯ অতিমাৰীৰ মাজতে বাজৰামোভিচ আৰু তেওঁৰ ফাউণ্ডেচনে বছনিয়া আৰু হাৰ্জেগোভিনা মহিলা ৰোমা নেটৱৰ্ক, টুজলা কমিউনিটি ফাউণ্ডেশ্যন আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি মঞ্চ ইমাউছৰ সৈতে অংশীদাৰিত্ব কৰি কিচেলজাকৰ আশে-পাশে থকা স্থানীয় ৰোমা সম্প্ৰদায়ক ৭০০ সংখ্যক সাহায্য পেকেজ প্ৰদান কৰে। বাজৰামোভিচে স্বেচ্ছাসেৱকৰ সৈতে প্ৰতি ৩ দিনৰ মূৰে মূৰে এবাৰ দিনটোত স্বেচ্ছাসেৱকৰ ৪০০টা খাদ্য বিতৰণ কাৰ্যত সহায় কৰিছিল। ফুটবল খেলপথাৰ নিৰ্মাণ আৰু শিশুৰ বাবে খেলা কোঠাকে ধৰি কেইবাটাও নিৰ্মাণ প্ৰকল্পৰ লগত তেওঁ জড়িত আছিল। ইয়াৰ উপৰিও তেওঁ এটা ক্ষতিগ্ৰস্ত নলা পুনৰ নিৰ্মাণৰ কামত জড়িত আছিল, যাৰ ফলত পূৰ্বে বহু স্থানীয় ঘৰ বানপানীত বুৰ গৈছিল।[4] ক’ভিদ অতিমাৰীৰ সময়ত ৰোমা সম্প্ৰদায়ক বিভিন্ন ধৰণে সহায় আগবঢ়োৱাৰ উপৰি বাজৰামোভিচে গ্ৰাম্য অঞ্চলৰ অভাৱ অভিযোগসমূহ নথিভুক্ত কৰিছিল, যিবোৰ এই মহামাৰীৰ সময়ত আৰু অধিক ভয়াৱহ হৈ পৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে, ৰোমা সম্প্ৰদায়ৰ এটা অতি সৰু অংশৰ ছাত্ৰ-ছাত্ৰীয়েহে অনলাইন ক্লাছত অংশগ্ৰহণ কৰে আৰু এই সময়ছোৱাত ঘৰুৱা হিংসা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বৈষম্যৰ হাৰ বৃদ্ধি পাইছে। বিশেষকৈ এই গ্ৰাম্য জনগোষ্ঠীসমূহত ক'ভিড-১৯ পৰীক্ষাৰ উপলব্ধতাৰ অভাৱৰ ওপৰত তেওঁ আলোকপাত কৰে।[5]

ৰাজনীতিত

[সম্পাদনা কৰক]

ইন্দিৰা বাজৰামোভিচে টুজলা চহৰ পৰিষদৰ নিৰ্বাচনত ইউনিয়ন ফৰ এ বেটাৰ ফিউচাৰ অৱ বিএইচ (Union for a Better Future of BiH) দলৰ টিকট নম্বৰ ৯ৰে কাউন্সিলাৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ নিৰ্বাচিত হোৱা নাছিল। মুঠ ২০ গৰাকী ৰোমান মহিলাই এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও কোনো এগৰাকী মহিলাই কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হোৱা নাছিল। এই নিৰ্বাচনৰ সময়ত ৪৭জন ৰোমা পুৰুষেও নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, ইয়াৰে ৬জন কাউন্সিলাৰ হৈছিল। ইন্দিৰা বাজৰামোভিচে মহিলাসকল ৰাজনীতিত অসফল হোৱাৰ কাৰণ হিচাপে তেওঁলোকে দৃশ্যমান প্ৰচাৰৰ পৰিৱৰ্তে সামূহিক কামত মনোনিৱেশ কৰে বুলি কয়। তেওঁ বহুতো নতুন দলৰ মাজত ভোট বিভাজনৰ প্ৰতিও মানুহৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ৰোমা বাসীক এজন প্ৰাৰ্থীৰ আঁৰত একত্ৰিত হ'বলৈ আহ্বান জনায় যদিও পূৰ্বৰ বছৰবোৰতকৈ অধিক সংখ্যক ৰোমাই ক্ষমতাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাটোৱে তেওঁৰ মনত আঘাত কৰে।[4][6]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Naš tim". www.bolja-buducnost.org. Archived from the original on 2022-02-16. https://web.archive.org/web/20220216075010/https://www.bolja-buducnost.org/index.php/en/o-nama/nas-tim/team/1 আহৰণ কৰা হৈছে: 2022-02-16.
  2. "ক’ভিদ ১৯". https://eca.unwomen.org/en/news/stories/2020/7/indira-bajramovic-we-were-the-first-to-enter-roma-communities-and-deliver-packages আহৰণ কৰা হৈছে: 19 March 2024.
  3. "ইন্দিৰা". https://azra.ba/intervju/138507/indira-bajramovic-romkinja-koja-pomjera-granice/ আহৰণ কৰা হৈছে: 19 March 2024.
  4. 1 2 "SBB Tuzla: Sadašnji vijećnici predvode listu kandidata za GV Tuzla [SBB Tuzla: The current councilors are leading the list of candidates for GV Tuzla]" (bs-BA ভাষাত). tuzlainfo.ba. September 14, 2020. https://tuzlainfo.ba/index.php/novosti/item/24687-sbb-tuzla-sadasnji-vijecnici-predvode-listu-kandidata-za-gv-tuzla আহৰণ কৰা হৈছে: 2021-03-13.
  5. S, M. R.. "Poražavajući podaci o životu Roma tokom pandemije: Plakali smo kad smo ih obišli". Radio Sarajevo. https://radiosarajevo.ba/metromahala/zmajevi/alarmantan-izvjestaj-o-zivotu-roma-tokom-pandemije-plakali-smo-zbog-onoga-sta-smo-zatekli/394590 আহৰণ কৰা হৈছে: 2022-02-16.
  6. Redakcija (2020-11-26). "IZBORI 2020: Romkinje nisu imale ravnopravan pristup medijima ni predstavljanju tokom kampanje" (bs-BA ভাষাত). Portal Udar (Sarajevo, Bosnia and Herzegovina: Elabsarajevo). https://www.portal-udar.net/izbori-2020-romkinje-nisu-imale-ravnopravan-pristup-medijima-ni-predstavljanju-tokom-kampanje/.