ইফ্ফত আৰা
ইফ্ফত আৰা | |
---|---|
২০০৬ চনত আৰা | |
স্থানীয় নাম | ইফ্ফাত আৰা |
জন্ম | ১৯৩৯ (বয়স ৮৪–৮৫) কিশোৰীগঞ্জ, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
পেচা | লেখক |
দাম্পত্যসঙ্গী | আব্দুল লতিফ তালুকদাৰ |
সন্তান | ৪ |
শামসুন নাহাৰ ইফ্ফত আৰা[1] (ইংৰাজী: Shamsun Nahar Iffat Ara; জন্ম: ১৯৩৯) বা ইফ্ফত আৰা এগৰাকী বাংলাদেশী লেখক, সমাজ কৰ্মী আৰু সাহিত্য উদ্যোগী। ১৯৫০চনৰ শেষৰ ফালৰপৰা তেওঁ চুটি গল্প লিখিবলৈ আৰম্ভ কৰিছিল আৰু সেইবোৰ ‘দ্য আজাদ’ৰ দৰে বাংলাদেশৰ নামী কাকতত প্ৰকাশ হৈছিল। এয়াই আছিল তেওঁৰ সাহিত্যিক জীৱনৰ আৰম্ভণি।[2]তেওঁ মাহেকীয়া সাহিত্য পত্ৰিকা দ্বিতীয় চিন্তাৰ প্ৰতিষ্ঠাপক আছিল। বাংলাদেশৰ নাৰী আন্দোলনত তেওঁৰ উল্লেখযোগ্য ভূমিকা আছিল আৰু তেওঁক ময়মনসিংহৰ প্ৰথম নাৰী উদ্যোক্তা ৰূপে জনা যায়।[3]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৩৯ চনত কিশোৰীগঞ্জৰ মৌলবী কুৱাজী আব্দুল হাকিম[1]ম আৰু হাজেৰা খাতুনৰ ঘৰত ইফ্ফত আৰাৰ জন্ম হৈছিল।[2] আনুষ্ঠানিক শিক্ষা লাভৰ বাবে তেওঁ যথেষ্ট সংঘৰ্ষৰ সন্মুখীন হৈছিল আৰু কোৰান পঢ়িবৰ বাবে ঘৰতে আৰবী শিকিছিল। প্ৰাথমিক শিক্ষা সমাপ্ত হোৱাৰ পাছতে তেওঁৰ দেউতাকে তেওঁক স্কুললৈ যোৱা বন্ধ কৰাই দিছিল, কাৰণ সেইখিনি সময়ত ছোৱালীৰ কাৰণে উচ্চ শিক্ষা জৰুৰী নহয় বুলি এটি ধাৰণা আছিল।[2] স্কুলৰপৰা এৰুৱাই অনাত পঢ়া-শুনাৰ প্ৰতি অত্যন্ত আগ্ৰহী আৰাই ঘৰত আত্মহত্যা কৰিম বুলি ভাবুকি দিয়াত তেওঁক চহৰৰ ‘বিদ্যাময়ী চৰকাৰী ছোৱালী হাইস্কুল’ত নাম লগাই দিয়া হয়। কিন্তু হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ আগেয়েই যুৱ অধিবক্তা তথা ৰাজনীতিক আব্দুল লতিফ তালুকদাৰলৈ তেওঁক বিয়া দিয়া হয়। বিয়াৰ পিছত তেওঁ মেট্ৰিক পাছ কৰে আৰু তাৰপিছত ‘মামিনুন্নেছা ৱুমেন কলেজ’ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। একেখন কলেজৰপৰা তেওঁ স্নাতক ডিগ্ৰী লয় আৰু ‘ময়মনসিংহ ৱুমেনচ্ টিচাৰ ট্ৰেইনিং কলেজ’ত বি এড শিক্ষা লবলৈ বুলি নামভৰ্তি কৰে। যেতিয়া ‘আনন্দ মোহন কলেজ’ বিশ্ববিদ্যালয়লৈ উন্নীত হয়, তেওঁ তাৰ পৰা ১৯৭৩ চনত বঙালী ভাষা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লয়।[2]
নাৰী আন্দোলন
[সম্পাদনা কৰক]আৰাৰ সক্ৰিয় উপস্থিতি অবিহনে ময়মনসিংহত মহিলাৰ আন্দোলনৰ কথা ভাবিব পৰা নগৈছিল। ১৯৬০ চনৰপৰা তেওঁ এগৰাকী সক্ৰিয় এক্টিভিষ্ট ৰূপে পৰিচিত আছিল। ১৯৬৬ চনত ‘অল পাকিস্তান ৱুমেনচ্ এছ’চিয়েচন’ৰ সদস্যপদ গ্ৰহণৰ পিছতে তেওঁ মহিলাৰ হকে কৰা সমাজ কল্যাণমূলক কামসমূহত ব্যস্ত হৈ পৰে। ১৯৭১ চনত বাংলাদেশ জন্মৰ পিছত, তেওঁ লেখিকা হেলেনা খান, সুফিয়া কৰিম আৰু ৰাজনীতিবিদ বেগম মৰিয়াম হাছিমুদ্দিনৰ দৰে আনসকলৰ সহযোগত মহিলা সমিতি স্থাপনৰ বাবে উদ্যোগ লৈছিল।[3] [1] চৰকাৰী পৃষ্ঠপোষকতাত তেওঁ বাংলাদেশ জাতীয় মহিলা সংঘৰ ময়মনসিংহ অধ্যায়ৰ আয়োজন কৰিছিল আৰু ১৯৮৮ চনত ময়মনসিংহত ‘উদয়ন হাইস্কুল’ স্থাপনত যথেষ্ট অৱদান আগবঢ়াইছিল। বিবাহ সূত্ৰে তেওঁ ৰাজনীতিৰ সম্পৰ্কলৈ আহিছিল যদিও কেতিয়াও ৰাজনীতিত যোগদান কৰাৰ সিদ্ধান্ত লোৱা নাছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৬৮ চনত আৰাই নাছিৰাবাদ গাৰ্লছ স্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে আৰু ১৯৭২ চনত তাৰ পৰা ইয়াৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰে।[3] পিছত তেওঁ ময়মনসিংহৰপৰা প্ৰকাশিত সাপ্তাহিক ‘বাংলাৰ দৰ্পন’ৰ মহিলা পৃষ্ঠাৰ ফিচাৰ এডিটৰ ৰূপে কাৰ্যভাৰ চম্ভালে। যেতিয়া একেটা প্ৰতিষ্ঠানে ১৯৭৩ চনত ‘চন্দ্ৰকাশ’ শীৰ্ষক এখন মাহেকীয়া মহিলা আলোচনী প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে, ইফ্ফটক ইয়াৰ সম্পাদক হিচাপে নিযুক্ত কৰা হয়। ১৯৭৯ চনলৈকে তেওঁ ‘চন্দ্ৰকাশ’ৰ সম্পাদক হিচাপে কাম কৰিছিল।[3]
প্ৰকাশন
[সম্পাদনা কৰক]উপন্যাস, চুটি-গল্প, শিশুৰ জ্ঞান বৰ্ধক পুস্তিকা আৰু ৰচনাকে ধৰি আৰাৰ ১১খন কিতাপ প্ৰকাশ হৈছে।[3] ১৮ শতিকাৰ শেষৰফালে তেওঁ ‘বাংলাদেশৰ জনপ্ৰিয় কবিতা’ শীৰ্ষকেৰে এটি বঙালী কবিতাৰ সংকলনৰ সম্পাদনাৰ কাম কৰিছিল।[4] হাইস্কুললৈ যোৱা শিক্ষাৰ্থীসকলৰ বাবে তেওঁ লিখা জ্ঞান বৰ্ধক কিতাপসমূহ জনপ্ৰিয় হৈছিল আৰু ১৯৯০ চনৰপৰা এইবোৰৰ কেইবাটাও সংস্কৰণ প্ৰকাশ পাইছে। তেওঁৰ উপন্যাস ‘সুখ যেখান শেষ বেলায়’ ২০০০ চনত প্ৰকাশ পাইছিল।
দ্বিতীয় চিন্তা
[সম্পাদনা কৰক]আৰাই তেওঁৰ ঘৰতে এটি প্ৰকাশন সংস্থা ‘দেশ মুদ্ৰণ’ আৰম্ভ কৰিছিল[1] আৰু ১৯৮৬ চনৰপৰা ‘চিন্তা’ নামেৰে এখন সাহিত্য আলোচনী প্ৰকাশ কৰিছিল। ১৯৮৮ চনত ‘দ্বিতীয় চিন্তা’ নামেৰে আলোচনীখনৰ পুনৰ নামাংকন কৰা হয়। সোনকালেই ময়মনসিংহত অৱস্থিত তেওঁৰ বাসগৃহ ‘ইফ্ফত মেনচন’, য’ৰপৰা তেওঁ সাহিত্যালোচনী দ্বিতীয় চিন্তা প্ৰকাশ কৰিছিল, সাহিত্য সম্পৰ্কীয় কাম-কাজৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হয়। দ্বিতীয় চিন্তাত স্থানীয় লেখকৰ উপৰিও দেশৰ বহুতো আগশাৰীৰ লেখক আৰু কবিৰ লেখনি প্ৰকাশ পাইছিল।[2]
মৃত্যু
[সম্পাদনা কৰক]প্ৰায় তিনি বছৰ পাৰ্কিন্সনত ভোগাৰ পিছত ২০২১ চনৰ ১৪ আগষ্ট তাৰিখে চিকিৎসাধীন অৱস্থাত ঢাকাৰ এভাৰকেয়াৰ চিকিৎসালয়ত ইফ্ফত আৰাৰ মৃত্যু হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 ইমৰান মাহফুজ (২৭ আগষ্ট, ২০২১). "জীবনশিল্পী ইফফাত আৰা". https://bangla.thedailystar.net/. https://bangla.thedailystar.net/%e0%a6%b8%e0%a6%82%e0%a6%b8%e0%a7%8d%e0%a6%95%e0%a7%83%e0%a6%a4%e0%a6%bf/%e0%a6%ac%e0%a6%87/%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6%bf%e0%a6%a4%e0%a7%8d%e0%a6%af/%e0%a6%9c%e0%a7%80%e0%a6%ac%e0%a6%a8%e0%a6%b6%e0%a6%bf%e0%a6%b2%e0%a7%8d%e0%a6%aa%e0%a7%80-%e0%a6%87%e0%a6%ab%e0%a6%ab%e0%a6%be%e0%a6%a4-%e0%a6%86%e0%a6%b0%e0%a6%be-254831?fbclid=IwAR299AroMoYRPmy-5QGK68459pRwk5jZrzYe2XQC90uhOlqWZ9aLpaAb7PY। আহৰণ কৰা হৈছে: ৬ নৱেম্বৰ, ২০২৩.
- ↑ 2.0 2.1 2.2 2.3 2.4 Aminul Islam (February 03, 2007). "Iffat Ara: Writing from the Margins". http://www.thedailystar.net.+Archived+from the original on 10 February 2007. https://web.archive.org/web/20070210013808/http://www.thedailystar.net/starinsight/2007/02/01/she.htm। আহৰণ কৰা হৈছে: 5 November 2023.
- ↑ 3.0 3.1 3.2 3.3 3.4 ইমৰান মাহফুজ (২৯ আগষ্ট, ২০২১). "ইফফাত আৰা: একজন জীৱনসফল মানুষেৰ গল্প". সমকাল. Archived from the original on 2023-11-06. https://web.archive.org/web/20231106042854/https://epaper.samakal.com/nogor-edition/2021-08-29/8। আহৰণ কৰা হৈছে: ৬ নৱেম্বৰ, ২০২৩.
- ↑ Lekhok Obidhan. প্ৰকাশক Dhaka: Bangla Academy. 1999.
- ↑ "Writer Iffat Ara passes away". দ্য ডেইলি ষ্টাৰ নেট. 16 August 2021. https://www.thedailystar.net/news/bangladesh/news/writer-iffat-ara-passes-away-2153051। আহৰণ কৰা হৈছে: 6 November 2023.