ইভ-টিজিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতত ইভ টিজিং হৈছে এটা ব্যঞ্জনা, যিটো মূলতঃ ইংৰাজীত দেখা যায় আৰু ইয়াত পুৰুষৰ দ্বাৰা মহিলাক ৰাজহুৱা স্থানত যৌন নিৰ্যাতন বা যৌন আতিশয্য কৰা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। "ইভ" নামটোৱে বাইবেলৰ আদম আৰু ইভৰ সৃষ্টিৰ কাহিনীক বুজায়।[1] ই পুৰুষ যুৱকসকলৰ যৌন-অপৰাধ প্ৰৱণতাৰ সৈতে জড়িত সমস্যা বুলি গণ্য কৰা হয়,[2] ই এক প্ৰকাৰৰ যৌন আক্ৰমণাত্মকতা, যিবোৰত স্পৰ্শৰ আকাংখা, যৌন উত্তেজক মন্তব্য কৰা, ৰাজহুৱা স্থানত হাতেৰে টনাটনি কৰা আদিলৈকে ধৰা হয়৷[3][4][5]

ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা আয়োগে পৰামৰ্শ দিছে যে, এই অভিব্যক্তিটোৱে অপৰাধৰ গুৰুত্বক তুচ্ছজ্ঞানহে কৰে, গতিকে, ইয়াৰ ঠাইত অধিক উপযুক্ত শব্দ ব্যৱহাৰ কৰিব লাগে।[6] তেওঁলোকে যুক্তি আগবঢ়ায় যে, ভাৰতীয় ইংৰাজীত শব্দটোৰ অৰ্থগত মূল বিবেচনা কৰিলে ইভৰ প্ৰলোভনকাৰী স্বভাৱক বুজায় আৰু ইয়ে জোকোৱাৰ দৰে ঘটনাৰ দায়িত্ব মহিলাগৰাকীৰ ওপৰতহে জাপি দিয়ে।[7]

বেছিভাগ ব্যক্তিগত ধৰণৰ নিৰ্যাতনৰ দৰেই যৌন নিৰ্যাতনক আইনী অৰ্থত প্ৰমাণ কৰাটো আচৰিতধৰণে কঠিন, কাৰণ অপৰাধীয়ে প্ৰায়ে মহিলাসকলক হাৰাশাস্তি কৰিবলৈ ভাবি-চিন্তি বিভিন্ন উপায় উদ্ভাৱন কৰে, যদিও ইভৰ টিজিং সাধাৰণতে ৰাজহুৱা স্থান, ৰাজপথত আৰু ৰাজহুৱা পৰিবহণত ঘটে।[8] অঞ্চলসমূহৰ কিছুমান গাইডবুকত মহিলা পৰ্যটকসকলক সাধাৰণ, ৰক্ষণশীল সাজ-পোছাক পৰিধান কৰি এই ধৰণৰ পুৰুষৰ দৃষ্টি আকৰ্ষণ নকৰিবলৈ অৰ্থাৎ ইভ টিজিঙৰ পৰা বাচি থাকিবলৈ সঁকিয়াই দিয়া হৈছে।[9][10] কিন্তু এই ধৰণৰ হাৰাশাস্তিৰ কথা ভাৰতীয় আৰু বিদেশী উভয়ৰে ৰক্ষণশীল সাজ-পোছাক পৰিহিত মহিলাই প্ৰকাশ কৰিছে।[11]

ইতিহাস[সম্পাদনা কৰক]

এই সমস্যাই ভাৰতত প্ৰথমবাৰৰ বাবে সত্তৰৰ দশকত জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল।[12][13] তাৰ পিছৰ দশকবোৰত অধিক সংখ্যক মহিলাই কলেজত পঢ়িবলৈ আৰম্ভ কৰিলে আৰু স্বতন্ত্ৰভাৱে কাম কৰিবলৈ ধৰিলে, অৰ্থাৎ পৰম্পৰাগত সমাজত প্ৰচলিত হোৱাৰ দৰে প্ৰায়ে তেওঁলোক পুৰুষ আবেষ্টনীৰ মাজত নাথাকিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সমস্যাটো আতংকজনক মাত্ৰালৈ বাঢ়ি আহিল; যদিও আন সংস্কৃতিত মহিলাসকলে নিজৰ ইচ্ছামতে অহা-যোৱা, ঘূৰা-পকা কৰে।[14] অতি সোনকালেই ভাৰত চৰকাৰে এনে ঘটনা ৰোধ কৰিবলৈ ন্যায়িক আৰু আইন প্ৰয়োগকাৰী দুয়োটা দিশতে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ’ল। এই বিষয়টোৰ ওপৰত আৰক্ষীক অধিক সংবেদনশীল কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল আৰু আৰক্ষীয়ে ইভৰ টিজাৰবোৰৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰিছিল। এই উদ্দেশ্যে সাধাৰণ পোছাক পৰিহিত মহিলা আৰক্ষী বিষয়া নিয়োগ কৰাটো বিশেষভাৱে ফলপ্ৰসূ হৈছিল।[15] এই ঘটনা ৰোধৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহ আছিল, বিভিন্ন চহৰত মহিলাৰ বাবে হেল্পলাইন নম্বৰ, মহিলাৰ কৰ্মচাৰীৰে গঠিত আৰক্ষী থানা আৰু বিশেষ আৰক্ষী কোষ স্থাপন কৰা।[16]

এই সময়ছোৱাত এই প্ৰথাৰ বিৰুদ্ধে জনমত গঠন হোৱাৰ বাবে যৌন নিৰ্যাতনৰ গোচৰ দাখিল কৰিবলৈ আগবাঢ়ি অহা মহিলাৰ সংখ্যাও লক্ষণীয়ভাৱে বৃদ্ধি পোৱা দেখা গৈছিল। আনহাতে, এই কাণ্ডবোৰৰ ভয়াৱহতাও বাঢ়ি আহিল, কিছুমান ক্ষেত্ৰত এচিড নিক্ষেপৰ দৰে ঘটনা সংগটিত হ’ল, যাৰ ফলত তামিলনাডুৰ দৰে ৰাজ্যই ইয়াক এক জামিনবিহীন অপৰাধ হিচাপে গণ্য কৰিলে। মহিলা সংগঠন আৰু মহিলাৰ অধিকাৰৰ বাবে কাম কৰাসকলৰ সংখ্যাও বৃদ্ধি পালে আৰু এই সময়ছোৱাত নৱবিবাহিতাক জ্বলোৱাৰ প্ৰতিবেদনো বৃদ্ধি পালে।[17] মহিলাৰ সৈতে জড়িত হিংসাত্মক কাণ্ডৰ সংখ্যা বৃদ্ধিৰ অৰ্থ আছিল, পূৰ্বতে মহিলাৰ অধিকাৰৰ প্ৰতি থকা উদাসীন মনোভাৱক সংশোধন কৰি আইনৰ দ্বাৰা সমৰ্থন কৰিবলগীয়া হৈছিল। অনাগত বছৰবোৰত কিছুমান বিশেষ সংগঠনে ‘দিল্লী প্ৰহিবিচন অৱ ইভ-টিজিং বিল ১৯৮৪’কে ধৰি অচিনাকি মানুহৰ পৰা আক্ৰমণাত্মক আচৰণৰ পৰা মহিলাসকলক ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা আইন গৃহীত কৰাৰ বাবে জনমত গঠন কৰাত মূল ভূমিকা পালন কৰিছিল।[14]

১৯৯৮ চনত চেন্নাইত ছাৰিকা শ্বাহ নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ফলত[18] দক্ষিণ ভাৰতত এই সমস্যা প্ৰতিহত কৰিবলৈ কিছুমান কঠোৰ আইন প্ৰণয়ন কৰা হয়।[19] হত্যাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত প্ৰায় আধা ডজন প্ৰতিবেদনে আত্মহত্যাৰ ৰূপ দিবলৈ হেঁচা দিছিল বুলি কোৱা হয়৷[14] ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত বদোদৰাৰ মহাৰাজা ছায়াজিৰাও বিশ্ববিদ্যালয়ৰ (এম এছ ইউ) ছাত্ৰীসকলে পৰিয়াল আৰু সামূহিক বিজ্ঞান অনুষদৰ ওচৰৰ চাৰিজন যুৱকক আক্ৰমণ কৰে, কাৰণ যুৱককেইজনে এছ ডি হল হোষ্টেলত থকা এগৰাকী ছাত্ৰীৰ প্ৰতি অশ্লীল মন্তব্য কৰিছিল।[20] প্ৰতিশোধ লোৱাৰ ভয়ত আৰু সামাজিক অপবাদৰ ভয়ত বহু গোচৰ ৰিপৰ্ট নকৰাকৈয়ে থাকি যায়। কিছুমান ক্ষেত্ৰত ৰাজহুৱাকৈ “কাণত ধৰি উঠা-বহা কৰা’’ৰ দৰে শাস্তি দিয়ে আৰু কিছুমান অপৰাধীক আৰক্ষীয়ে এনেয়ে এৰি দিয়ে।[21] ২০০৮ চনত দিল্লীৰ আদালতে মহিলাসকলক অশ্লীল মন্তব্য কৰি ধৰা পৰা ১৯ বছৰীয়া কিশোৰক শাস্তি স্বৰূপে স্কুল-কলেজৰ বাহিৰৰ যুৱক-যুৱতীসকলক ৫০০খন “জাননী পত্ৰ’’ বিতৰণ কৰিবলৈ নিৰ্দেশ দিছিল, য’ত অশ্লীল আচৰণৰ পৰিণতিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছিল।[22]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Barrett, Grant (2006), "Eve Teasing", The Official Dictionary of Unofficial English (McGraw-Hill Professional): p. 109, ISBN 0-07-145804-2, https://books.google.com/books?id=Fn-Sh1nv7pQC&q=eve-teasing&pg=PA109 
  2. Shah, Giriraj (1993), "Eve-Teasing", Image Makers: An Attitudinal Study of Indian Police (Abhinav Publications): pp. 233–34, ISBN 81-7017-295-0, https://books.google.com/books?id=0sHAmkBpUoIC&q=eve-teasing&pg=PA233 
  3. "Lewd nature goes unchecked". The Times of India (Kanpur: Bennett, Coleman & Co. Ltd.). 26 February 2009. http://timesofindia.indiatimes.com/city/kanpur/Lewd-nature-goes-unchecked/articleshow/4191905.cms?. 
  4. Venkataraman, Rajesh (13 April 2004). "Controlling eve-teasing". The Hindu. http://www.hindu.com/op/2004/04/13/stories/2004041300121800.htm. 
  5. Khan, Shoeb (15 February 2009). "Harassment in public places a routine for many". The Times of India (Jaipur). Archived from the original on 6 November 2012. https://web.archive.org/web/20121106154352/http://articles.timesofindia.indiatimes.com/2009-02-15/jaipur/28045948_1_eve-teasing-boys-buses. 
  6. "Ive Teasing". Archived from the original on 29 October 2018. https://web.archive.org/web/20181029152016/http://ncw.nic.in/frmReportLaws09.aspx। আহৰণ কৰা হৈছে: 8 March 2024. 
  7. Gangoli, Geetanjali (2007), "Sexual Harassment", Indian Feminisms: Law, Patriarchies and Violence in India (Ashgate Publishing, Ltd.): pp. 63–64, ISBN 978-0-7546-4604-4, https://books.google.com/books?id=SKkzbVsmGOQC&q=eve-teasing&pg=PA63 
  8. Faizal, Farah; Rajagopalan, Swarna (2005), "In Public Spaces: Security in the Street and in the Chowk", Women, Security, South Asia: A Clearing in the Thicket (SAGE): p. 45, ISBN 0-7619-3387-5, https://books.google.com/books?id=G4oDbma2Y0MC&q=eve-teasing&pg=PA45 
  9. "India – Practical information – Health & Safety". Lonelyplanet.com. Lonely Planet. http://www.lonelyplanet.com/india/practical-information/health. 
  10. "India – Tips for Women Travelers". Frommer's. John Wiley & Sons, Inc.. http://www.frommers.com/destinations/india/3475028784.html. 
  11. Dutt, Nidhi (13 January 2012). "Eve teasing in India: Assault or harassment by another name". BBC. https://www.bbc.co.uk/news/magazine-16503338. 
  12. "Eve-Teasing". Time. 12 September 1960. Archived from the original on 13 November 2010. https://web.archive.org/web/20101113105921/http://www.time.com/time/magazine/article/0,9171,897530,00.html। আহৰণ কৰা হৈছে: 8 March 2024. 
  13. Historical citations of the phrase at WayWordRadio.org
  14. 14.0 14.1 14.2 Natarajan, Mangai (2008), "Role of Women Police", Women Police in a Changing Society: Back Door to Equality (Ashgate Publishing, Ltd.): p. 54, ISBN 978-0-7546-4932-8, https://books.google.com/books?id=RKnClbGW9-AC&q=eve-teasing&pg=PA54 
  15. "Special squad to nab eve teasers formed in Kerala". OneIndia (Greynium Information Technologies Pvt. Ltd.). 28 August 2006. http://www.oneindia.com/2006/08/28/special-squad-to-nab-eve-teasers-formed-in-kerala-1156746313.html. 
  16. "Special team to check roadside romeos in Allahabad". Indopia. 20 February 2009. http://www.indopia.in/India-usa-uk-news/latest-news/507034/National/1/20/1. 
  17. Linda S. Stone, Bride Burning, archived from the original on 2015-09-24, https://web.archive.org/web/20150924093623/http://www.sage-ereference.com/view/law/n64.xml, আহৰণ কৰা হৈছে: 2024-03-08 
  18. "Hassled, but helpless". The Hindu. http://www.thehindu.com/thehindu/mp/2002/09/10/stories/2002091000070100.htm। আহৰণ কৰা হৈছে: 4 February 2016. 
  19. "Murder charges in eve-teasing case". The Indian Express. 27 July 1998. Archived from the original on 15 October 2012. https://web.archive.org/web/20121015021542/http://www.expressindia.com/ie/daily/19980727/20850084.html. 
  20. "MSU hostel girls beat up eve teasers". The Times of India (Vadodara). 23 February 2009. Archived from the original on 6 November 2012. https://web.archive.org/web/20121106154403/http://articles.timesofindia.indiatimes.com/2009-02-23/vadodara/28032265_1_eve-teasers-hostel-girl-students. 
  21. Srivastava, Arunima (29 June 2006). "Public prosecution: Crime and instant punishment!". The Times of India. http://timesofindia.indiatimes.com/lucknow-times/public-prosecution-crime-and-instant-punishment/articleshow/1690507.cms. 
  22. "Youth held for eve-teasing, told to distribute handouts". Indian Express News Service. ScreenIndia.com. 10 June 2008. http://www.screenindia.com/news/youth-held-for-eveteasing-told-to-distribute-handouts/320866/.