সমললৈ যাওক

ইয়াংলি উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইয়াংলি উৎসৱ(ইংৰাজী: Iyangli Festival) অসমৰ তিৱা সমাজৰ একাংশৰ মাজত পালিত এক লোকাচাৰ৷ ই এক কৃষিভিত্তিক অনুষ্ঠান৷ তিৱাসকল মূলতঃ জড়বাদী৷ তেওঁলোকে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ যেনে, নদ-নদী, শিল, বাঁ, কাঠৰ কুণ্ডা, ধান-চাউল, খেৰ আদিৰ পূজা কৰে আৰু পূজাৰ অন্তত দেৱ-দেৱীসদৃশ এই উপসৰ্গসমূহক সন্তুষ্ট কৰিবলৈ লেথাৰি নিছিগাকৈ নৃত্য-গীত পৰিৱেশন কৰে৷[1]

উৎসৱৰ প্ৰস্তুতি

[সম্পাদনা কৰক]

ইয়াংলি উৎসৱ গাঁৱৰ মুৰব্বী “লৰ’’ৰ ঘৰৰ পৰা আৰম্ভ হোৱা নিয়ম৷ গাঁৱৰ বিভিন্ন বিভাগৰ বিষয়াসকল যেনে, দলৈ, মাজি, ফাদৰ আদি উৎসৱৰ আগদিনা “লৰ’’ৰ ঘৰত উপস্থিত হয় আৰু উৎসৱৰ যা-যোগাৰ কৰে৷ ডেকাল’ৰাসকলে উৎসৱৰ বাবে নৃত্য-গীত কৰিবলৈ সাজু হয়৷ তেওঁলোকৰ পিন্ধনত থাকে জাতীয় সাজ৷ নতুন ঠেনা, টাগলা, ঠেনাচ, টঙালি, ফুলাম কাপোৰৰ পাগুৰিত লেংজাই(ভীম চৰাইৰ কাখি) গুজি হাতত লাংখুই-বাৰু(ঢাল-তৰোৱাল) লৈ নৃত্যৰ বাবে সাজু হয়৷ “লৰ’’ই প্ৰত্যেক বিষয়ববীয়াক তামোল-পাণেৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়৷ ডেকাসকলে “লৰ’’ৰ ঘৰৰ পৰা কিছু দূৰৈত “ইয়াংলি চাল’’অৰ্থাৎ উৎসৱৰ মূল থলী প্ৰস্তুত কৰি থয়৷ পাহাৰৰ মাজৰ সমতল ভূমিত এই “ইয়াংলি চাল’’ সজা হয়৷ থলীৰ সোঁমাজত ওঘ ডাঙৰ গছ এজোপা থাকে৷ হাবি-বন কাটি পৰিষ্কাৰ কৰা ঠাইখনৰ গছজোপাৰ ওচৰতে “আগৰ চাং’’(সৰু বাঁহৰ চাং) আৰু ওচৰতে এডাল “আগৰ খুন্দা’’(ওখ বাঁহৰ খুটি) পোতা হয়৷ একাষত খেৰ-পাতেৰে এটা সৰু জুপুৰী আৰু একাষত বলি দিবলৈ ওখ আৰু দীঘলীয়া এখন বেদী নিৰ্মাণ কৰা হয়৷[2][3]

পূজাৰ বিধি

[সম্পাদনা কৰক]

লৰৰ নিৰ্দেশত সকলোৱে মুঠ ৩৫টা বঁটাত বিভিন্ন দেৱ-দেৱীলৈ নৈবেদ্য লৈ ডলাত তামোল-পাণ আগবঢ়াই পূজা আৰম্ভ কৰে৷ পূজাৰ বাবে লৰৰ চোতালত একুৰা জুই জ্বলোৱা হয় আৰু তাৰ পোহৰতে পূজা কৰা হয়৷ এই পূজাত কৃত্ৰিম পোহৰ নিষিদ্ধ৷ অজাসকলে গুৰুৰ স্মৰণত সাতবাৰ বাঁহী বজায়৷ ইয়াৰ পিছত লুডাং খ্ৰাম(দীঘল ঢোল) আৰু বাঁহীৰ সুৰত জুইকুৰাৰ চাৰিওফালে সাতবাৰ ঘূৰি ঘূৰি নৃত্য কৰে৷ এই সময়তে “লৰ’’ৰ চোতালত অস্থায়ীভাৱে সাজি লোৱা খেৰৰ চালিৰ তলত সমবেত হৈ থকা ডেকাসকলৰ মাজৰ পৰা এজনক ৰঙা পাৰিৰ শাৰীসদৃশ এখন কাপোৰেৰ লখিমী সজাই নৃত্যথলীত উপস্থিত কৰায়৷ চোতালত থিয় হৈ থকা লখিমীগৰাকীক ধূনাবাতি ঘূৰাই বিচনীৰে বা দি দি জুইকুৰাক বেৰি ধৰি নৃত্য কৰে৷ ইয়াৰ পাছত সাজ-পোছাক কৰি সাজু হৈ থকা ডেকাসকলে উকি মাৰি নৃত্য কৰিবলৈ ধৰে৷ গোটেই ৰাতি এই নৃত্য চলে৷ মাজে মাজে যুৱতীসকলে বাঁহৰ চুঙাত জু খাবলৈ দি নৃত্যৰত ডেকাসকলক উৎসাহ দি থাকে৷[2][3]

পিছদিনা পুৱা বিষয়ববীয়াসকলে উপবাসে থাকি “লখিমীগৰাকী’’ক উৎসৱৰ মূল ঠাই “ইয়াংলি চাল’’লৈ আনে৷ ইয়াংলি চালত পূজা আৰম্ভ হোৱাৰ লগে লগে ডেকাসকলৰ মাজতো নৃত্য আৰম্ভ হয়৷ ঢাল আৰু তৰোৱাল লৈ উকি মাৰি মাৰি দূৰন্ত গতিত ডেকাসকলে নৃত্য কৰে৷ নৃত্যৰ মাজে মাজে সমবেত গাঁওবাসীয়ে জু খাবলৈ দিয়ে৷ নৃত্যৰ শেষত “লৰ’’ই সাতটা ছাগলী, তিনিটা গাহৰি, দুটা কুকুৰা, এটা হাঁহ আৰু এটা পাৰচৰাই বলি দি বছৰটোলৈ শস্যৰ উৎপাদন বৃদ্ধি আৰু অপায়-অমংগলৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ ভগৱানক প্ৰাৰ্থনা কৰে৷ নৃত্য-গীত, বলি-বিধানৰ মাজতে বিষয়ববীয়াসকলে দুটা ধানৰ পুৰা বান্ধি চাঙত প্ৰতিষ্ঠা কৰে৷[2][3]

ইয়াৰ পিছত “লখিমীগৰাকী’’ক পুখুৰীৰ পাৰলৈ আনি প্ৰতীকী নাও এখন চলাই তাত মহাদেউৰ গীত গাই গাই এযোৰা কুকুৰা বলি দি মঙল চায়৷ ইয়াৰ পিছত পুনৰ ইয়াংলি চাললৈ উভতি আহে আৰু ধানৰ পুৰা বান্ধি থোৱা “আগৰ চাং’’ৰ আগত এটা হাঁহ আৰু এটা পাৰ বলি দিয়ে৷ তাৰপিছত পিঠাগুড়ি মিহলোৱা পানী টংলতিৰ পাতেৰে মানুহৰ গাত ছটিয়াই উপস্থিত সকলোকে পৱিত্ৰ কৰে৷ সন্ধিয়া ধীৰ গতিৰে সাতপাক নৃত্য কৰি নৃত্যৰ সামৰণি মাৰে আৰু কেইবাকুৰাও জুই জ্বলাই তাৰ পোহৰত বলিৰ মাংসৰে ভোজৰ আয়োজন কৰে৷ আঞ্জা-ভাজিত নিমখ-হালধিৰ বাদে আন মছলা প্ৰয়োগ কৰা নহয়৷ খোৱা-বোৱাৰ পিছত লখিমীগৰাকীক শোভাযাত্ৰা কৰি “লৰ’’ৰ ঘৰলৈ আগবঢ়াই আনে৷

পৰৱৰ্তী দিনাও নৃত্যগীত কৰা হয় যদিও সেইদিনা বলি-বিধান নাথাকে৷ উৎসৱৰ সামৰণি বলিৰ মাংস ৰ’দত শুকুৱাই সকলোৱে ভগাই লয়৷ পূজাত ৰখা ধানৰ পুৰাৰ পৰা সকলো পৰিয়ালকে এমুঠিকৈ ধান দিয়া হয়৷ তেওঁলোকে এই ধান বৰ পৱিত্ৰ জ্ঞান কৰে৷ এই উৎসৱ সকলো তিৱালোকে পালন নকৰে৷ কোনো কোনো অঞ্চলৰ তিৱা লোকেহে ইয়াংলি উৎসৱ পালন কৰে৷ [2] [3]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. কাকতি, ধনদা (জানুৱাৰী ২০১৯). "তিৱাসকলৰ ধৰ্মীয় বিশ্বাস আৰু নৱবৈষ্ণৱবাদ". সূৰ্যৱতী (অসম সাহিত্য সভাৰ ৰহা অধিৱেশনৰ স্মৃতিগ্ৰন্থ): ৩৫২. 
  2. 2.0 2.1 2.2 2.3 মিলি, কৃষ্ণৰাম (২০০৯). তিৱাসকলৰ ইয়াংলি উৎসৱ. প্ৰকাশক ১৫৭: নিলাক্ষী মিলি, হিল ভিউ পাব্লিকেশ্যনচ্. 
  3. 3.0 3.1 3.2 3.3 "লোকসংস্কৃতিৰ সঁফুৰা". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9b2995-9b89829b89cd9959c39a49bf9f0-9b89819ab9c19f09be। আহৰণ কৰা হৈছে: 20 March 2023.