ইৰেবাছ
ইৰেবাছ | |
---|---|
অন্ধকাৰৰ দেৱতা | |
সঙ্গী | নাইক্স |
পিতৃ-মাতৃ | মহাশূন্য |
সহোদৰ | নাইক্স টাৰ্টাৰাছ গেইয়া ইৰ'চ |
সন্তান | থানাট'ছ, এপাটে, ইথাৰ, হেমেৰা, হিপ্নোছ আদি |
ৰোমান সমাৰ্থক | স্ক'টাছ |
গ্ৰীক আখ্যান অনুসৰি ইৰেবাছ ("গভীৰ অন্ধকাৰ, ছাঁ[1] বা "আৱৰি থকা"[2]) বা ইৰেবোছ হৈছে আদি দেৱতাসকলৰ অন্যতম যি অন্ধকাৰক প্ৰতিনিধিত্ব কৰে। উদাহৰণ স্বৰূপে, হেচিঅ'ডৰ থিঅ'গনিয়ে তেওঁক মহাশূন্যৰ পৰা জন্মলাভ কৰা সৃষ্টিৰ আদি অৱস্থাৰ প্ৰথম পাঁচটা সত্তাৰ ভিতৰত এজন বুলি চিনাক্ত কৰে। [3]
আখ্যান
[সম্পাদনা কৰক]গ্ৰীক কবি হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইৰেবাছ হৈছে কেঅ'ছ বা মহাশূন্যৰ সন্তান আৰু নাইক্সৰ ভ্ৰাতৃ।[3]
পৌৰাণিক গ্ৰীক পৰম্পৰা আৰু সাহিত্যত ইৰেবাছৰ বিশেষত্ব কম যদিও তেওঁক নাইক্সৰ লগতে আন কেইবাগৰাকীও দেৱ-দেৱীৰ পিতৃ আছিল বুলি কোৱা হয়। পৌৰাণিক কাহিনীৰ উৎসসমূহৰ মতে তেওঁলোক হৈছে ইথাৰ, হেমেৰা, হেচপেৰাইডচ, হিপ্নোছ, মইৰাই, গেৰাছ, ষ্টাইক্স, চাৰন, নেমেচিছ আৰু থানাটোছ।[4]
গ্ৰীক সাহিত্যত ইৰেবাছ নামটো পাতালপুৰীৰ এক অঞ্চল হিচাপেও ব্যৱহাৰ কৰা হয় য'ত মৃত ব্যক্তিসকলৰ প্ৰৱেশ ঘটে। কেতিয়াবা টাৰ্টাৰাছৰ সলনিও ইৰেবাছৰ নাম ব্যৱহাৰ কৰা হয়।[5][6][7][8][9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ἔρεβος. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project.
- ↑ Graves, Robert (2017). The Greek Myths - The Complete and Definitive Edition. Penguin Books Limited. পৃষ্ঠা. 124. ISBN 9780241983386.
- ↑ 3.0 3.1 Hesiod. Theogony, 116– 124.
- ↑ Hyginus. Fabulae, 1-49
- ↑ Elizabeth, Alice (1896). The Sources of Spenser's Classical Mythology. প্ৰকাশক New York: Silver, Burdett and Company. পৃষ্ঠা. 52, 55. https://books.google.com/books?id=5g1LAAAAIAAJ.
- ↑ Morford, Mark P. O. (1999). Classical Mythology: Sixth Edition. প্ৰকাশক New York: Oxford University Press US. পৃষ্ঠা. 36, 84, 253, 263, 271. ISBN 0-19-514338-8., আই.এচ.বি.এন. 9780195143386
- ↑ Peck, Harry Thurston (1897). Harper's Dictionary of Classical Literature and Antiquities, Volume 1. প্ৰকাশক New York: Harper. পৃষ্ঠা. 620. https://books.google.com/books?id=RacKAAAAIAAJ.
- ↑ Rengel, Marian (2009). Greek and Roman Mythology A to Z. Infobase Publishing. পৃষ্ঠা. 51. ISBN 978-1-60413-412-4., আই.এচ.বি.এন. 9781604134124
- ↑ Turner, Patricia (2001). Dictionary of Ancient Deities. Oxford University Press. পৃষ্ঠা. 170. ISBN 0-19-514504-6., আই.এচ.বি.এন. 9780195145045