ই-বুক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এগৰাকী পাঠকে ইলেকট্ৰনিক মাধ্যমত ই-বুক পঢ়িছে।

ই-বুক (ইংৰাজী: e-book; ইলেক্ট্ৰনিক কিতাপৰ সংক্ষিপ্ত ৰূপ), ডিজিটেল ৰূপত উপলব্ধ কৰা একোখন কিতাপৰ প্ৰকাশন, য'ত লিখনি, ছবি বা দুয়োটাই থাকিব পাৰে আৰু এইসমূহ কম্পিউটাৰ বা অন্যান্য ইলেক্ট্ৰনিকৰ ফ্লেট-পেনেল ডিছপ্লেত পঢ়িব বা চাব পৰা যায়।[1] কেতিয়াবা "এখন ছপা কিতাপৰ ইলেক্ট্ৰনিক সংস্কৰণ" বুলি সংজ্ঞায়িত কৰা হয়,[2] যদিও কিছুমান ই-বুক ছপা কিতাপৰ সমতুল্য নহয়। ই-বুকসমূহ নিৰ্দিষ্ট ই-ৰিডাৰ ডিভাইচত পঢ়িব পাৰি, ইয়াৰোপৰি নিয়ন্ত্ৰণযোগ্য দৰ্শন পৰ্দাৰ বৈশিষ্ট্য থকা যিকোনো কম্পিউটাৰ ডিভাইচতো পঢ়িব পাৰি। উদাহৰণ স্বৰূপে ডেস্কটপ কম্পিউটাৰ, লেপটপ, টেবলেট, কিণ্ডল আৰু স্মাৰ্টফোনকে ধৰি অন্যান্য ইলেকট্ৰনিক মাধ্যম সমূহ। ২০০০ চনত ছপা আৰু ই-বুক বিক্ৰীৰ এটা ধাৰা ইণ্টাৰনেটলৈ যোৱাৰ প্ৰৱণতা দেখা গৈছিল,[উদ্ধৃতিৰ প্ৰয়োজন] য'ত পাঠকে ই-কমাৰ্চ ব্যৱস্থা ব্যৱহাৰ কৰি ৱেবছাইটত পৰম্পৰাগত কাগজৰ কিতাপ আৰু ই-বুক ক্ৰয় কৰে। ছপা কিতাপৰ সহায়ত পাঠকে প্ৰকাশক বা কিতাপৰ দোকানৰ ৱেবছাইটত কিতাপৰ কভাৰৰ ছবি ক্ৰমান্বয়ে ব্ৰাউজ কৰি অনলাইনত শিৰোনাম নিৰ্বাচন আৰু অৰ্ডাৰ দিব পাৰে; তাৰ পিছত কাগজৰ কিতাপবোৰ ডাক ​​বা অন্য ডেলিভাৰী সেৱাৰ জৰিয়তে পাঠকলৈ প্ৰেৰণ কৰা হয়। ই-বুকৰ সহায়ত ব্যৱহাৰকাৰীয়ে অনলাইনত শিৰোনামসমূহ ব্ৰাউজ কৰিব পাৰে, তাৰ পিছত যেতিয়া তেওঁলোকে শিৰোনামসমূহ নিৰ্বাচন কৰি অৰ্ডাৰ কৰে তেতিয়া ই-বুকখন তেওঁলোকক অনলাইনত পঠিয়াব পাৰি বা ব্যৱহাৰকাৰীয়ে ই-বুকখন ডাউনলোড কৰিব পাৰে।[3] ২০১০ চনৰ আৰম্ভণিলৈকে আমেৰিকাৰ ই-বুকসমূহৰ সামগ্ৰিক প্ৰকাশনৰ পৰিসংখ্যাই হাৰ্ডকপিক অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিছিল।[4]

ই-বুক ক্ৰয় কৰাৰ মূল কাৰণসমূহ- কম মূল্য, সহজলভ্যতা(যিহেতু তেওঁলোকে ঘৰৰ পৰা বা মোবাইল ডিভাইচৰ সহায়ত সহজতে কিনিব পাৰে আৰু পঢ়িব পাৰে) আৰু অধিক পৰিমাণৰ নিৰ্বাচন আদি বুলি জনা যায়।[5] ই-বুকৰ সৈতে, "ইলেক্ট্ৰনিক বুকমাৰ্কে কিতাপ একোখন কিমানলৈ পঢ়া হৈছে সেয়া চিন ৰাখিবলৈয়ো সহজ কৰি তোলে, আৰু ই-বুক পাঠকে ব্যৱহাৰকাৰীক পৃষ্ঠাসমূহৰ টীকা দিবলৈ অনুমতি দিব পাৰে।" [6] "যদিও কল্পকাহিনী আৰু অকল্পকাহিনী কিতাপ ই-বুক ফৰ্মেটত আহে, কাৰিকৰী সামগ্ৰী বিশেষভাৱে উপযুক্ত।" ই-বুকৰ ক্ষেত্ৰত প্ৰগ্ৰেমিং কিতাপৰ বাবে ক'ডৰ উদাহৰণ কপি কৰিব পাৰি।[6] আমেৰিকাত ই-বুক পঢ়া পাঠকৰ পৰিমাণ বৃদ্ধি পাইছে; ২০১৩ চনৰ ২৩%ৰ বিপৰীতে ২০১৪ চনলৈ ২৮% প্ৰাপ্তবয়স্কই ই-বুক পঢ়িবলৈ আৰম্ভ কৰে। লগতে ২০১৪ চনৰ ভিতৰত ৫০% আমেৰিকান প্ৰাপ্তবয়স্কৰ হাতত ই-ৰিডাৰ বা টেবলেট আছিল, ২০১৩ চনত ৩০% ৰ হাতত এনে ডিভাইচ আছিল।[7]

পৰিভাষা[সম্পাদনা কৰক]

ই-বুকক "ই-জাৰ্নেল", "ই-সংস্কৰণ", বা "ডিজিটেল কিতাপ" বুলিও কোৱা হয়। ই-বুক পঢ়াৰ বাবে বিশেষভাৱে ডিজাইন কৰা এটা ডিভাইচক "ই-ৰিডাৰ", "ই-বুক ডিভাইচ" বোলা হয়।

ইতিহাস[সম্পাদনা কৰক]

দ্য ৰেডিজ (১৯৩০)[সম্পাদনা কৰক]

কোনো-কোনোৱে ই-ৰিডাৰৰ ধাৰণাটোক ব্যৱহাৰকাৰীক পৰ্দাত কিতাপ চাবলৈ সক্ষম কৰিব পৰা এটা যন্ত্ৰৰ ধাৰণাৰ সৈতে ১৯৩০ চনৰ বব ব্ৰাউনে প্ৰথম "টকি" নামৰ এখন চিনেমা চোৱাৰ পিছত লিখা এখন গ্ৰন্থৰপৰা অনুসন্ধান কৰা বুলি মত ব্যক্ত কৰিছে।[8]

ব্ৰাউনৰ ধাৰণাটোৱে অৱশ্যে মাধ্যমতকৈ অৰ্থগ্ৰাফী আৰু শব্দভাণ্ডাৰৰ সংস্কাৰৰ ওপৰত বহু বেছি মনোনিৱেশ কৰিছিল। সেই অনুসৰি তেওঁ সাধাৰণ শব্দ আৰু ক্ৰিয়া বা গতি অনুকৰণ কৰিবলৈ বিৰাম চিহ্নক প্ৰতিষ্ঠাপন কৰিবলৈ বিপুল সংখ্যক প'ৰ্টমেণ্ট চিহ্নৰ প্ৰৱৰ্তন কৰে। গতিকে এই ধাৰণাটো "ই-বুক"ৰ ইতিহাসৰ লগত খাপ খাই পৰে নে নপৰে সেয়া স্পষ্ট নহয়। পিছৰ ই-ৰিডাৰসকলে কেতিয়াও ব্ৰাউনৰ দৰে মডেল অনুসৰণ কৰা নাছিল; কিন্তু তেওঁ ই-ৰিডাৰৰ ক্ষুদ্ৰকৰণ আৰু বহনযোগ্যতাৰ বিষয়ে সঠিকভাৱে ভৱিষ্যদ্বাণী কৰিছিল। জেনিফাৰ শ্বুছলাৰে এটা প্ৰবন্ধত লিখিছে, "ব্ৰাউনে যুক্তি আগবঢ়োৱা এই মেচিনটোৱে, পাঠকসকলক টাইপকৰা শব্দৰ আকাৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু কাগজ উৎপাদনৰ বাবে কাটিবলগীয়া গছবোৰ ৰক্ষা কৰিবলৈ দিব, এই সকলোবোৰৰ লগতে সেই দিনটো খৰতকীয়াকৈ আমাৰ সমুখলৈ লৈ আনিব যেতিয়া শব্দবোৰ 'স্পন্দনশীল ইথাৰত পোনপটীয়াকৈ ৰেকৰ্ড কৰিব' পৰা হ'ব।" [9] ব্ৰাউনে বিশ্বাস কৰিছিল যে ই-ৰিডাৰে পঢ়াৰ ক্ষেত্ৰত এক সম্পূৰ্ণ নতুন অভিজ্ঞতা কঢ়িয়াই আনিব। শ্বুইছলাৰে ইয়াক পুৰণি এটা চিনাকি গীতৰ ছন্দবোৰৰ সৈতে নতুনৰ সংযোগেৰে এক নতুন গীত সৃষ্টি কৰা 'ডিজে'ৰ সৈতে তুলনা কৰিছে।[9]

উদ্ভাৱক[সম্পাদনা কৰক]

প্ৰথম ই-বুকৰ উদ্ভাৱকজনৰ বিষয়ে দ্বি-মত আছে। এইক্ষেত্ৰত নাম অহা কিছুমান উল্লেখযোগ্য প্ৰাৰ্থী হৈছে:

ৰবাৰ্ট বুছা (১৯৪৬–১৯৭০)[সম্পাদনা কৰক]

ৰবাৰ্ট বুছা, এছ.জে.য়ে ১৯৪৬ চনৰ পৰা আৰম্ভ কৰি ১৯৭০ চনত সম্পূৰ্ণ কৰা থমাছ একুইনাছৰ ৰচনাৰ ভিত্তিত প্ৰস্তুত কৰা ইনণ্ডেস্ক থমিষ্টিকাছ নামৰ গ্ৰন্থখনক প্ৰথম ই-বুক বুলি ধাৰণা কৰা হয়।[10] যদিও প্ৰথমে এই কিতাপখনৰ সকলোবোৰ ডাটা এটা কম্পিউটাৰত সংৰক্ষণ কৰা হৈছিল, পিছলৈ ১৯৮৯ চনত এটা বিতৰণযোগ্য CD-ROM সংস্কৰণ উপলব্ধ হয়। ডিজিটেলাইজড পাঠ্য নিজস্বভাৱে প্ৰকাশিত সংস্কৰণ হিচাপে নহৈ, লিখিত গ্ৰন্থ অধ্যয়ন আৰু ভাষিক সমন্বয় বিকাশৰ বাবে এটা মাধ্যম হোৱাৰ বাবে এই কামত যতি পেলোৱা হয়।[11] ২০০৫ চনত গ্ৰন্থখনৰ সূচকাংক অনলাইনত প্ৰকাশ কৰা হয়।[12]

এঞ্জেলা ৰুইজ ৰ'বেলছ (১৯৪৯)[সম্পাদনা কৰক]

১৯৪৯ চনত স্পেইনৰ ফেৰলৰ এগৰাকী শিক্ষয়িত্ৰী এঞ্জেলা ৰুইজ ৰ’বেলছে এনচিক্ল’পিডিয়া মেকানিকা বা মেকানিকেল এনচাইক্ল’পিডিয়া নামৰ এটা যন্ত্ৰৰ পেটেণ্ট লাভ কৰে, যিটোৰ কাম সংকোচিত বায়ুৰ দ্বাৰা কৰা হয় আৰু ইয়াত লিখনী আৰু গ্ৰাফিক্স সমূহ 'স্পুল'ত থাকে। ব্যৱহাৰকাৰীয়ে ঘূৰি থকা 'স্পিণ্ডল'ত এই সমূহ লোড কৰিব। তেওঁৰ এনে এটা যন্ত্ৰ তৈয়াৰ কৰাৰ আশা আছিল যিটোয়ে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে স্কুললৈ কঢ়িয়াই অনা কিতাপৰ সংখ্যা হ্ৰাস কৰিব। চূড়ান্ত যন্ত্ৰটোত অডিঅ' ৰেকৰ্ডিং, এটা মেগনিফাইং গ্লাছ, এটা কেলকুলেটৰ আৰু ৰাতি পঢ়াৰ বাবে এটা বৈদ্যুতিক পোহৰ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল।[13] তেওঁৰ এই যন্ত্ৰটো উৎপাদন ক্ষেত্ৰত বাহাল ৰখা হোৱা নাছিল যদিও ইয়াৰ এটা প্ৰ'ট'টাইপ 'এ ক'ৰুনাৰ নেচনেল মিউজিয়াম অৱ চাইন্স এণ্ড টেকন'লজি'ত ৰখা হৈছে।[14]

ডগলাছ এংগেলবাৰ্ট আৰু এণ্ড্ৰিজ ভান ডেম (১৯৬০ চনৰ দশক)[সম্পাদনা কৰক]

কোনোকোনো ইতিহাসবিদে ইলেক্ট্ৰনিক কিতাপসমূহ ষ্টেনফৰ্ড ৰিচাৰ্চ ইনষ্টিটিউট (SRI)ৰ ডগলাছ এংগেলবাৰ্টৰ নেতৃত্বত এনএলএছ প্ৰকল্প আৰু ব্ৰাউন বিশ্ববিদ্যালয়ৰ এণ্ড্ৰিজ ভ্যান ডেমৰ নেতৃত্বত হাইপাৰটেক্সট সম্পাদনা ব্যৱস্থা আৰু ফ্ৰেছ প্ৰকল্পৰ দ্বাৰা ১৯৬০ চনৰ আৰম্ভণিতে আৰম্ভ হোৱা বুলি বিবেচনা কৰে,।[15][16][17] ভ্যান ডেমে সাধাৰণতে "ইলেক্ট্ৰনিক বুক" শব্দটোৰ উদ্ভাৱন কৰা বুলি জনা যায়,[18] [19] আৰু এই শব্দটো ১৯৮৫ চনৰ ভিতৰত এটা প্ৰবন্ধৰ শিৰোনামত ব্যৱহাৰ কৰিব পৰাকৈ প্ৰতিষ্ঠিত কৰি তোলা হৈছিল।[20]

অনলাইনত বিস্তৃত প্ৰাথমিক পাঠ্য পঢ়াৰ বাবে, লগতে ইংৰাজী কবিতা আৰু জৈৱৰসায়নকে ধৰি কেইবাটাও পাঠ্যক্ৰমৰ সাৰাংশ আৰু অনলাইন আলোচনাৰ বাবে 'ফ্ৰেছ' ব্যৱহাৰ কৰা হৈছিল। ব্ৰাউনৰ অধ্যাপকসকলে এই 'ফ্ৰেছ'ক ব্যাপক ভাৱে ব্যৱহাৰ কৰিছিল; উদাহৰণস্বৰূপে দাৰ্শনিক ৰডেৰিক চিছহলমে ইয়াক ব্যৱহাৰ কৰি তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰস্তুত কৰিছিল। এইদৰে ব্যক্তি আৰু বস্তুৰ প্ৰস্তাৱনাত (১৯৭৯) তেওঁ লিখিছে "যুগ সৃষ্টিকাৰী ফাইল উদ্ধাৰ আৰু সম্পাদনা ব্যৱস্থাৰ অবিহনে কিতাপখন সম্পূৰ্ণ নহ'লহেঁতেন..."[21] ইলেক্ট্ৰনিক কিতাপ ব্যৱস্থাৰ ক্ষেত্ৰত ব্ৰাউন বিশ্ববিদ্যালয়ৰ কাম বহু বছৰ ধৰি চলি থাকিল, ইলেক্ট্ৰনিক মেৰামতি-মেনুৱেলৰ বাবে আমেৰিকাৰ নৌসেনাই পুঁজিৰে সহায় কৰা প্ৰকল্পসমূহ অন্তৰ্ভুক্ত হৈ আছে।[22]

মাইকেল এছ হাৰ্ট (১৯৭১)[সম্পাদনা কৰক]

ইয়াৰোপৰি কেইবাটাও প্ৰকাশনে মাইকেল এছ হাৰ্টক ই-বুকখনৰ উদ্ভাৱক হিচাপে উল্লেখ কৰিছে।[23][24][25] ১৯৭১ চনত ইলিনয় বিশ্ববিদ্যালয়ৰ জেৰক্স চিগমা ভি মেইনফ্ৰেমৰ অপাৰেটৰসকলে হাৰ্টক কম্পিউটাৰ ব্যৱহাৰৰ বাবে যথেষ্ট সময় দিছিল। এই সম্পদৰ যোগ্য ব্যৱহাৰ বিচাৰি তেওঁ আমেৰিকাৰ স্বাধীনতা ঘোষণাপত্ৰখন কম্পিউটাৰত সাধাৰণ ভাৱে টাইপ কৰি তেওঁৰ প্ৰথম ইলেক্ট্ৰনিক নথিপত্ৰ সৃষ্টি কৰে। হাৰ্টে সাধাৰণ লিখনী ব্যৱহাৰ কৰি নথিপত্ৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল যাতে ইয়াক ডিভাইচসমূহত ডাউনলোড আৰু চাবলৈ যিমান পাৰি সহজ হয়।

ফৰ্মেট[সম্পাদনা কৰক]

PDF ফৰ্মেটৰ আৰ্হি চিত্ৰ।

ই-বুকৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ লগে লগে ই-বুকৰ ফৰ্মেটবোৰো উন্নীত হৈ আহিছে। বৰ্তমানলৈ কেইবাটাও ই-বুক ফৰ্মেট আৱিষ্কাৰ হৈছে।

এই ফৰ্মেট সমূহ বিভিন্ন প্ৰকাশকৰ দ্বাৰা সমৰ্থিত, আৰু ইয়াৰে কিছুমান গোলকীয়ভাৱে সমৰ্থিত। এই সমূহৰ ভিতৰত সাধাৰণতে ব্যৱহাৰ হৈ থকা ফৰ্মেট কিছুমান হৈছে: KPF, EPUB2, EPUB3, Mobi, আৰু PDF আদি। ইয়াৰে PDF ফৰ্মেটৰ আৱিষ্কাৰ হৈছিল ১৯৯৪চনত।[26] গুগল বুকছে বহুতো ৰাজহুৱা ডমেইনৰ কাম এই মুক্ত ফৰ্মেটলৈ ৰূপান্তৰিত কৰিছে।[27]

প্ৰকাশকসকলে গ্ৰহণ নকৰা কিতাপ থকা লেখকসকলে তেওঁলোকৰ ৰচনাসমূহ অনলাইনত আগবঢ়াই যাতে সেইবোৰ আনে চাব পাৰে। ৱেবত বেচৰকাৰী (আৰু মাজে মাজে অকৰ্তৃত্বশীল) কিতাপৰ কেটেলগ উপলব্ধ হয় আৰু ই-বুকৰ বাবে নিবেদিত চাইটসমূহে ই-বুকৰ বিষয়ে তথ্য জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে।[28] আমেৰিকাৰ গ্ৰাহক ই-বুক প্ৰকাশন বজাৰৰ প্ৰায় দুই তৃতীয়াংশ "বিগ ফাইভ"ৰ দ্বাৰা নিয়ন্ত্ৰিত। "বিগ ফাইভ" প্ৰকাশকসকল হ'ল: হেচেট, হাৰ্পাৰকলিন্স, মেকমিলান, পেংগুইন ৰেণ্ডম হাউচ আৰু চাইমন এণ্ড শ্বুষ্টাৰ।[29]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Gardiner, Eileen and Ronald G. Musto. "The Electronic Book." In Suarez, Michael Felix, and H. R. Woudhuysen. The Oxford Companion to the Book. Oxford: Oxford University Press, 2010, p. 164.
  2. "e-book Archived February 8, 2011, at the Wayback Machine". Oxford Dictionaries. April 2010. Oxford University Press. (accessed September 2, 2010).
  3. "BBC – WebWise – What is an e-book?" (en ভাষাত). www.bbc.co.uk. http://www.bbc.co.uk/webwise/guides/about-e-books। আহৰণ কৰা হৈছে: 2017-05-26. 
  4. eBook Revenues Top Hardcover – GalleyCat Archived July 1, 2013, at the Wayback Machine. Mediabistro.com (June 15, 2012). Retrieved August 28, 2013.
  5. Bhardwaj, Deepika (2015). "Do e-books really threaten the future of print?". The Times of India. http://timesofindia.indiatimes.com/life-style/books/features/Do-e-books-really-threaten-the-future-of-print/articleshow/46581815.cms. 
  6. 6.0 6.1 "e-book Definition from PC Magazine Encyclopedia". https://www.pcmag.com/encyclopedia/term/42214/e-book. 
  7. E-reading rises as device ownership jumps Archived March 27, 2014, at the Wayback Machine. Pew Research. Retrieved July 24, 2014.
  8. Brown, Bob (2009), The Readies, ISBN 9780892630226, https://books.google.com/books?id=Jn6PQAAACAAJ, r কৰা হৈছে: 2013-08-28 .
  9. 9.0 9.1 Schuessler, Jennifer (2010-04-11). "The Godfather of the E-Reader". The New York Times. https://www.nytimes.com/2010/04/11/books/review/Schuessler-t.html. 
  10. Bryson, Anne (2014). Medieval Studies and the Computer. প্ৰকাশক City: Elsevier Science. ISBN 978-1-322-55604-8. OCLC 899135579. 
  11. Priego, Ernesto (August 12, 2011). "Father Roberto Busa: one academic's impact on HE and my career". The Guardian (London). https://www.theguardian.com/higher-education-network/blog/2011/aug/12/father-roberto-busa-academic-impact. 
  12. "Index Thomisticus", Corpus Thomisticum, http://www.corpusthomisticum.org/it/index.age .
  13. García, Guillermo (January 25, 2013). "Doña Angelita, la inventora gallega del libro electrónico" (es ভাষাত). Fundación Española para la Ciencia y la Tecnología. http://www.agenciasinc.es/Reportajes/Dona-Angelita-la-inventora-gallega-del-libro-electronico। আহৰণ কৰা হৈছে: May 15, 2014. 
  14. Lallanilla, Marc (January 30, 2013). "Is This 1949 Device the World's First E-Reader?". Live Science. http://www.livescience.com/26728-first-e-reader.html। আহৰণ কৰা হৈছে: May 15, 2014. 
  15. DeRose, Steven J; van Dam, Andries (1999). "Document Structure and Markup in the FRESS Hypertext System". Markup Languages খণ্ড 1 (1): 7–32. doi:10.1162/109966299751940814. 
  16. Carmody, Steven; Gross, Walter; Nelson, Theodor H; Rice, David; van Dam, Andries (1969), "A Hypertext Editing System for the /360", in Faiman; Nievergelt, Pertinent Concepts in Computer Graphics: Proceedings of the Second 17 University of Illinois Conference on Computer Graphics, University of Illinois Press, pp. 291–330 .
  17. van Dam, Andries; Rice, David E (1970), Computers and Publishing: Writing, Editing and Printing, Advances in Computers, Academic Press, pp. 145–74 .
  18. Reilly, Edwin D (August 30, 2003), Milestones in Computer Science and Information Technology, Greenwood, p. 85, ISBN 9781573565219, https://books.google.com/books?id=JTYPKxug49IC&pg=PA85 .
  19. Hamm, Steve (December 14, 1998), "Bits & Bytes: Making E-Books Easier on the Eyes", Business Week: 134B, http://www.infotoday.com/searcher/apr00/ardito.htm .
  20. Yankelovich, Nicole; Meyrowitz, Norman; van Dam, Andries (October 1985), "Reading and Writing the Electronic Book", Computer খণ্ড 18 (10): 15–30, doi:10.1109/mc.1985.1662710, http://dl.acm.org/citation.cfm?id=4407 .
  21. Chisholm, Roderick M (August 16, 2004). Person And Object: A Metaphysical Study. Psychology Press. পৃষ্ঠা. 11–. ISBN 978-0-415-29593-2. https://books.google.com/books?id=2x2I93Ui9i4C&pg=PA11। আহৰণ কৰা হৈছে: April 12, 2012. 
  22. "An experimental system for creating and presenting interactive graphical documents." ACM Transactions on Graphics 1(1), Jan. 1982
  23. Michael S. Hart, Project Gutenberg, http://www.gutenberg.org/wiki/Michael_S._Hart 
  24. Flood, Alison (September 8, 2011). "Michael Hart, inventor of the ebook, dies aged 64". The Guardian (London). https://www.theguardian.com/books/2011/sep/08/michael-hart-inventor-ebook-dies. 
  25. Grimes, William (5September 8, 2011). "Michael Hart, a Pioneer of E-Books, Dies at 64". The New York Times. https://www.nytimes.com/2011/09/09/business/michael-hart-a-pioneer-of-e-books-dies-at-64.html?pagewanted=all. 
  26. eBooks: 1993 – PDF, from past to present Archived April 25, 2016, at the Wayback Machine Gutenberg News
  27. Where do these books come from? Archived December 24, 2014, at the Wayback Machine Google Support. Retrieved January 8, 2015.
  28. eBooks: la guerra digital global por el dominio del libro Archived মে' 12, 2011 at the Wayback Machine  – By Chimo Soler.
  29. "Frequently asked questions regarding e-books and U.S. libraries". American Library AssociationTransforming Libraries. 2014-10-03. http://www.ala.org/transforminglibraries/frequently-asked-questions-e-books-us-libraries। আহৰণ কৰা হৈছে: 2014-10-09.