উদ্বেগজনক বিকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উদ্বেগমূলক বিকাৰ
দ্য স্ক্ৰিম (নৰ্ৱেজিয়ান: স্ক্ৰিক) নৰৱেৰ শিল্পী এডভাৰ্ড মুঞ্চৰ এখন ছবি।[1]
বিভাগ মনোৰোগ চিকিৎসা, ক্লিনিকেল চাইক’লজি
লক্ষণ চিন্তিত হোৱা, দ্ৰুত হৃদস্পন্দন, শাৰীৰিক কম্পন[2]
জটিলতা মেজৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ, টোপনিৰ অসুবিধা, নিম্ন মানৰ জীৱন শৈলী, আত্মহত্যা[3]
আৰম্ভণি ১৫–৩৫ বছৰীয়া[4]
স্থায়িত্ব > ৬ মাহ[2][4]
কাৰণ জিনীয় আৰু পৰিৱেশগত কাৰক[5]
আশংকাৰ কাৰণ শিশু নিৰ্যাতন, পাৰিবাৰিক ইতিহাস, দৰিদ্ৰতা[4]
ৰোগ নিৰূপণ Psychological assessment
একেধৰণৰ ৰোগ হাইপাৰথাইৰয়ডিজম; হৃদৰোগ, কেফেইন, মদ, বা ভাঙৰ ব্যৱহাৰ। ইয়াৰোপৰি কিছুমান পূৰ্বে ব্যৱহৃত ঔষধৰ পৰা আঁতৰি থকা[4][6]
চিকিৎসা জীৱনশৈলীৰ পৰিৱৰ্তন, চাইকোথেৰাপি, ঔষধৰ ব্যৱহাৰ[4]
ঔষধ Antidepressants, anxiolytics, beta blockers[5]
পুনৰাবৃত্তি প্ৰতি বছৰত ১২%[4][7]

উদ্বেগজনক বিকাৰ (ইংৰাজী: Anxiety disorder)[8] হৈছে মানসিক বিকাৰৰ এটা গোট যাৰ বৈশিষ্ট্য হৈছে উদ্বেগ আৰু ভয়ৰ উল্লেখযোগ্য অনুভূতি।[9] উদ্বেগ হৈছে জৱিষ্যতৰ পৰিঘটনাৰ চিন্তা, আনহাতে ভয় হৈছে সাম্প্ৰতিক পৰিঘটনাৰ প্ৰতিক্ৰিয়া। এই অনুভূতিৰ ফলত হৃদস্পন্দন বৃদ্ধি আৰু কম্পনৰ দৰে শাৰীৰিক লক্ষণ আদিয়ে দেখা দিব পাৰে।[9][10]সাধাৰণ উদ্বেগ বিকাৰ, নিৰ্দিষ্ট ভয়, পৃথককৰণৰ উদ্বেগ, এগোৰাফ'বিয়া, আতংক, আৰু নিৰ্বাচিত মিউটিজম আদি কেইবাটাও উদ্বেগজনক বিকাৰ আছে।[9] এইসমূহৰ লক্ষণসমূহত বিকাৰৰ পাৰ্থক্য থাকে। এজন ব্যক্তিৰ এটাতকৈ অধিক উদ্বেগজনক বিকাৰ হ'ব পাৰে।[9]

উদ্বেগজনক বিকাৰৰ কাৰণ জিনীয় আৰু পৰিৱেশগত কাৰকৰ সমন্বয় বুলি ভবা হয়। বিপদজনক কাৰকসমূহৰ ভিতৰত শিশু নিৰ্যাতনৰ ইতিহাস, পাৰিবাৰিক মানসিক বিকাৰৰ ইতিহাস আৰু দৰিদ্ৰতা আদি অন্তৰ্ভুক্ত। উদ্বেগজনিত বিকাৰ প্ৰায়ে অন্যান্য মানসিক বিকাৰৰ সৈতে দেখা দিয়ে, বিশেষকৈ মেজৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ, ব্যক্তিত্বৰ বিকাৰ আৰু দ্ৰব্য ব্যৱহাৰৰ বিকাৰ।[9] ৰোগ নিৰ্ণয় কৰিবলৈ লক্ষণসমূহ সাধাৰণতে মানুহৰ গাত কমেও ৬ মাহে সক্ৰিয় হ'ব লাগে। এনে লক্ষণ সমূহ পৰিস্থিতিৰ বাবে আশা কৰিব পৰাতকৈয়ো অধিক হ'ব লাগে আৰু ই ব্যক্তিৰ দৈনন্দিন জীৱনত কাম কৰাৰ ক্ষমতাক হ্ৰাস কৰিব লাগে। আন আন সমস্যাসমূহৰ ফলত একে ধৰণৰ লক্ষণ দেখা দিব পাৰে, যেনে- হাইপাৰথাইৰয়ডিজম; হৃদৰোগ, কেফেইন, মদ, বা ভাঙৰ ব্যৱহাৰ। ইয়াৰোপৰি কিছুমান পূৰ্বে ব্যৱহৃত ঔষধৰ পৰা আঁতৰি থকা আদি[11] উদ্বেগজনক বিকাৰসমূহ অত্যধিক বা স্থায়ী স্বাভাৱিক ভয় বা উদ্বেগৰ পৰা পৃথক।


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Peter Aspden (21 April 2012). "So, what does 'The Scream' mean?". Financial Times. Archived from the original on 14 October 2013. https://web.archive.org/web/20131014055630/http://www.ft.com/intl/cms/s/2/42414792-8968-11e1-85af-00144feab49a.html?ftcamp=published_links%2Frss%2Flife-arts%2Ffeed%2F%2Fproduct#axzz1sjsVkL2H. 
  2. 2.0 2.1 Diagnostic and Statistical Manual of Mental DisordersAmerican Psychiatric Associati. (5th সম্পাদনা). প্ৰকাশক Arlington: American Psychiatric Publishing. 2013. পৃষ্ঠা. 189–195. ISBN 978-0890425558. https://archive.org/details/diagnosticstatis0005unse/page/189. 
  3. "Anxiety disorders - Symptoms and causes" (en ভাষাত). Mayo Clinic. https://www.mayoclinic.org/diseases-conditions/anxiety/symptoms-causes/syc-20350961। আহৰণ কৰা হৈছে: 23 May 2019. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 Craske, MG; Stein, MB (24 June 2016). "Anxiety.". Lancet খণ্ড 388 (10063): 3048–3059. doi:10.1016/S0140-6736(16)30381-6. PMID 27349358. 
  5. 5.0 5.1 "Anxiety Disorders". NIMH. March 2016. Archived from the original on 27 July 2016. https://web.archive.org/web/20160727230427/http://www.nimh.nih.gov/health/topics/anxiety-disorders/index.shtml#pub2। আহৰণ কৰা হৈছে: 14 August 2016. 
  6. "Psychiatric emergencies (part III): psychiatric symptoms resulting from organic diseases". Eur Rev Med Pharmacol Sci খণ্ড 17 Suppl 1: 86–99. 2013. PMID 23436670. Archived from the original on 10 March 2016. https://web.archive.org/web/20160310035445/http://www.europeanreview.org/wp/wp-content/uploads/86-99.pdf. open access publication – free to read
  7. Kessler (2007). "Lifetime prevalence and age-of-onset distributions of mental disorders in the World Health Organization's World Mental Health Survey Initiative". World Psychiatry খণ্ড 6 (3): 168–76. PMID 18188442. 
  8. MARQUEZ, CHAREE. "LMFT". California Prime Recovery. https://californiaprimerecovery.com/mental-health-issue/anxiety/। আহৰণ কৰা হৈছে: 21 July 2023. 
  9. 9.0 9.1 9.2 9.3 9.4 Diagnostic and statistical manual of mental disorders 5th edition: DSM-5. প্ৰকাশক Arlington, VA Washington, D.C: American Psychiatric Association. 2013. পৃষ্ঠা. 189–195. ISBN 978-0-89042-555-8. OCLC 830807378. 
  10. Pharmacological treatment of mental disorders in primary health care. World Health Organization. 2009. ISBN 978-92-4-154769-7. [পৃষ্ঠা নং প্ৰয়োজন]
  11. Hovenkamp-Hermelink, Johanna H. M.; Jeronimus, Bertus F.; Myroniuk, Solomiia; Riese, Harriëtte; Schoevers, Robert A. (May 2021). "Predictors of persistence of anxiety disorders across the lifespan: a systematic review". The Lancet. Psychiatry খণ্ড 8 (5): 428–443. doi:10.1016/S2215-0366(20)30433-8. PMID 33581052. https://pure.rug.nl/ws/files/177228875/Predictors_of_persistence_of_anxiety_disorders_across_the_lifespan_a_systematic_review.pdf.