উপ্চেলাইট
উপ্চেলাইট মেগনেছিয়াম কাৰ্বনেটৰ এটা অনাৰ্দ্ৰ (ইংৰাজী: anhydrous) ৰূপ। ২০১৩ চনৰ জুলাই মাহত এই পদাৰ্থবিদৰ প্ৰথম সম্ভেদ প্ৰকাশিত হৈছিল। [1][2] প্ৰতি গ্ৰামত ৮০০ মিটাৰ² পৃষ্ঠকালিসম্পন্ন উপ্চেলাইট এতিয়ালৈকে আৱিস্কৃত সকলো এলকালি আৰ্থ মেটেল কাৰ্বনেট(ইংৰাজী:alkali earth metal carbonate)ৰ ভিতৰত সৰ্বোচ্চ পৃষ্ঠকালি সম্পন্ন পদাৰ্থ হিচাপে চিহ্নিত হৈছে। এই পদাৰ্থবিধে নিম্ন আপেক্ষিক আৰ্দ্ৰতাত এতিয়ালৈকে উপলব্ধ শ্ৰেষ্ঠ শোষক হিচাপে পৰিচিত hygroscopic zeolites-তকৈও বেছি পানী শোষণ কৰিব পাৰে। ইয়াৰ উপৰিও উপ্চেলাইটে যিঅ'লাইটত(zeolites)কৈ কম উষ্ণতাতে পানী পৰিত্যাগো কৰিব পাৰে, অৰ্থাৎ ইয়াৰ বাবে উপ্চেলাইটক কম শক্তিৰ প্ৰয়োজন হয়।
নামকৰণ
[সম্পাদনা কৰক]ছুইডেনৰ বিখ্যাত উপ্চেলা বিশ্ববিদ্যালয়ৰ নামানুসাৰে এই পদাৰ্থবিধৰ নাম উপচেলাইট ৰখা হৈছে। এই বিশ্ববিদ্যালয়তে এই পদাৰ্থবিধৰ অৱস্থিতিৰ প্ৰথম গৱেষণামূলক সম্ভেদ প্ৰকাশ পাইছিল। ইংৰাজী উপ্চেলাইট লিপ্যন্তৰত (অৰ্থাৎ "upsalite"- ত) এটাহে "p" আছে যদিও উপৰোক্ত বিশ্ববিদ্যালয়খন যিখন নগৰত অৱস্থিত, সেই নগৰখনৰ নাম "Uppsala"-হে। তথাপিও, এই নগৰখনৰ নামৰ পুৰণি উচ্চাৰণ "Upsala" হোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ নৱ-লেটিন (ইংৰাজী:New Latin/(Neo-)Latin) নামটো অৰ্থাৎ Universitas Regia Upsaliensis-ত এটাহে "p" আছে।
সংশ্লেষণ
[সম্পাদনা কৰক]সাধাৰণ বায়ুমণ্ডলীয় চাপতকৈ তিনিগুণ বেছি চাপত মেগনেছিয়াম অক্সাইড (MgO) আৰু কাৰ্বন ডাইঅক্সাইড (CO2)ক মিথানলত দ্ৰৱীভূত কৰি বিশুদ্ধ MgCO3(উপ্চেলাইট) প্ৰস্তুত কৰা হিয়।
ধৰ্ম
[সম্পাদনা কৰক]উপ্চেলাইটৰ জলীয় বাষ্প শোষণ কৰিব পৰা ক্ষমতা যিঅ'লাইটতকে বেছি। আনহাতে যিঅ'লাইট উপ্চেলাইটতকৈ বহু বেছি খৰচী পদাৰ্থ। উপ্চেলাইট আৰ্দ্ৰ পৰিবেশৰ পৰা বহুগুণে শুষ্ক পৰিবেশলৈ সঞ্চালিত কৰিলেও ই শোষিত পানীৰ বেছি অংশই ধৰি ৰাখিব পাৰে। ৯৫ °ছেলছিয়াছ উষ্ণতালৈ উত্তপ্ত কৰি ইয়াৰ শুষ্ক ৰূপটো ঘূৰাই পাব পাৰি। ইয়াৰ বিপৰীতে, বেছিভাগ যিঅ'লাইটৰ শুষ্ক ৰূপ পাবলৈ সিহঁতক ১৫০ °ছেলছিয়াছতকৈও বেছি উষ্ণতালৈ উত্তপ্ত কৰিব লগা হয়। এই শুষ্ককৰণ ধৰ্মৰ মূল হৈছে- উপ্চেলাইটৰ বৃহৎ অভ্যন্তৰীণ পৃষ্ঠকালি। মেগনেছিয়াম কাৰ্বনেটৰ বিভিন্ন ৰূপৰ পৃষ্ঠত পানী আৱদ্ধ হৈ থাকে আৰু এইবোৰ স্ফটিকাকাৰ (ইংৰাজী:crystalline); ইয়াৰ বিপৰীতে উপ্চেলাইটৰ পৃষ্ঠত কোনো পানী সংযোজিত হৈ নাথাকে আৰু ই স্ফটিকাকাৰ নহয়। উপ্চেলাইট প্ৰকৃততে মেছ'ফৰাছ (ইংৰাজী:Mesoporous) পদাৰ্থ হে। ইয়াৰ ফলতেই ইয়াৰ পৃষ্ঠকালি বৃহৎ- প্ৰতি গ্ৰামত ৮০০ বৰ্গমিটাৰ(৮,৬০০ বৰ্গফুট)। [3]
ব্যৱহাৰ
[সম্পাদনা কৰক]ইয়াৰ সম্ভাৱ্য ব্যৱহাৰৰ ভিতৰত অন্যতম হৈছে- ইলেক্ট্ৰনিক আৰু ঔষধ উৎপাদন উদ্যোগ সমূহত পাৰিৱেশিক বাষ্প নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় শক্তিৰ হ্ৰাসকৰণ। ইয়াৰ লগতে hockey rinks আৰু গুদামসমূহতো ইয়াক ব্যৱহাৰ কৰিব পৰা যাব। বিষাক্ত আৱৰ্জনা, ৰাসায়নিক, তৈল আৱৰ্জনাৰ দূৰীকৰণ আৰু ঔষধ বিতৰণ ব্যৱস্থা, অগ্নিকাণ্ডৰ পৰৱৰ্তী পৰ্যায়ত নিকাকৰণ, দূৰ্গন্ধ নিয়ন্ত্ৰণ ইত্যাদি ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পৰা যাব। [1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 A Template-Free, Ultra-Adsorbing, High Surface Area Carbonate Nanostructure Forsgren J, Frykstrand S, Grandfield K, Mihranyan A, Strømme M (2013) A Template-Free, Ultra-Adsorbing, High Surface Area Carbonate Nanostructure. PLoS ONE 8(7): e68486. doi:10.1371/journal.pone.0068486
- ↑ "Researchers Develop Record Breaking Magnesium Carbonate Material". SciTech Daily. 2013-07-18. http://scitechdaily.com/researchers-develop-record-breaking-magnesium-carbonate-material/। আহৰণ কৰা হৈছে: 2013-07-19.
- ↑ Bissette, Andrew (12 August 2013). "Scientists make ‘impossible material’ … by accident". The Conversation. http://theconversation.com/scientists-make-impossible-material-by-accident-16911। আহৰণ কৰা হৈছে: 14 August , 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Uppsala University, Sweden (2013-07-18). "‘Impossible’ material made by Uppsala University researchers". http://www.uu.se/en/media/press-release-document/?id=2736&area=3&typ=artikel&na&lang=en। আহৰণ কৰা হৈছে: 2013-07-19.
- Uppsala University, Sweden (2013-07-25). "A Template-Free, Ultra-Adsorbing, High Surface Area Carbonate Nanostructure". http://www.plosone.org/article/info%3Adoi%2F10.1371%2Fjournal.pone.0068486। আহৰণ কৰা হৈছে: 2013-07-25.