এইচ আই ভি/এইডছ ৰোগীৰ বিৰুদ্ধে বৈষম্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এইচ আই ভি/এইডছ বা চেৰ'ফ'বিয়া ৰোগীৰ বিৰুদ্ধে বৈষম্য হ'ল এইচ আই ভি/এইডছ ৰোগীক লৈ(এইচ আই ভি/এইডছ ৰোগত আক্ৰান্ত পি এল এইচ আই ভি লোক) পক্ষপাতিত্ব কৰা, এই ৰোগত আক্ৰান্ত লোকক ভয় বা প্ৰত্যাখ্যান কৰা আৰু এওলোকৰ বিৰোদ্ধ কলংক জাপি দিয়া। এনে ৰোগৰ দ্বাৰা সহজে আক্ৰান্ত হোৱা সামাজিক তথা লৈঙ্গিক গোট যেনে এলজিবিটিকিউ+ সম্প্ৰদায়ৰ সদস্য, শিৰাত ড্ৰাগছ সেৱন কৰা, আৰু যৌনকৰ্মীসকল সাধাৰণতে এনে বৈষম্যৰ বলি হোৱা দেখা যায়। পি এল এইচ আই ভিৰ বিৰুদ্ধে সামাজিক কলংকৰ পৰিণতি যথেষ্ট ভয়াৱহ কিয়নো এইচআই ভি/এইডছৰ বৈষম্যই সমগ্ৰ বিশ্বতে এইচ আই ভি/এইডছ পৰীক্ষা আৰু যত্নৰ সুবিধা লাভ কৰাত সক্ৰিয়ভাৱে বাধাৰ সৃষ্টি কৰে।[1] তদুপৰি এই নেতিবাচক অপযশ সমূহ চিকিৎসকৰ দ্বাৰা পালিত কু-সংস্কাৰৰ ৰূপত এলজিবিটিকিউ+ সম্প্ৰদায়ৰ সদস্যসকলৰ বিৰুদ্ধে বেছিকৈ ব্যৱহাৰ কৰা হয়।[2]

এই বৈষম্যই বিভিন্ন সমস্যাৰ সৃষ্টি কৰে, যেনে- ৰক্তদানৰ নিষেধাজ্ঞা, পূৰ্বৰ সন্মতি অবিহনে বাধ্যতামূলক এইচ আই ভি পৰীক্ষা, স্বাস্থ্যসেৱাৰ পৰিৱেশৰ ভিতৰত গোপনীয়তা উলংঘা, আৰু এইচ আই ভি ৰোগত আক্ৰান্ত ব্যক্তিৰ বিৰুদ্ধে লক্ষ্য কৰি হিংসাৰ মনোভাৱ সৃষ্টি কৰা। বহু দেশত অক্ষমতা আইনৰ দ্বাৰা গৃহ নিৰ্মাণ, নিয়োগ, আৰু স্বাস্থ্য/সামাজিক সেৱাৰ সুবিধাৰ ক্ষেত্ৰত এইচ আই ভি/এইডছৰ বৈষম্যক নিষিদ্ধ কৰা হৈছে যদিও, বিশ্বজুৰি এইচ আই ভি পজিটিভ ব্যক্তিসকলে এতিয়াও কলংক আৰু নিৰ্যাতনৰ চিকাৰ হ'ব লগা হয়।[3] সামগ্ৰিকভাৱে এইচ আই ভি/এইডছৰ ব্যাপক বৈষম্যই এইচ আই ভিৰ পৰামৰ্শ গ্ৰহণ আৰু পৰীক্ষাৰ বাবে সংকোচ, পৰিচয় সংকটৰ চিন্তা, বিচ্ছিন্নতা, নিসংগতা, আত্মসন্মান লাঘৱ হোৱাৰ ভয়, আৰু ৰোগ নিয়ন্ত্ৰণৰ প্ৰতি আগ্ৰহৰ অভাৱৰ সৃষ্টি কৰে।[4] ইয়াৰোপৰি এইচ আই ভিত আক্ৰান্ত ব্যক্তি বা এইচ আই ভি আক্ৰান্ত বুলি ধৰা লোকৰ বিৰুদ্ধে হিংসাত্মক কাৰ্য্যই ৰোগৰ অগ্ৰগতিৰ প্ৰতিক্ৰিয়াত চিকিৎসাৰ অগ্ৰগতি গুৰুতৰভাৱে প্ৰভাৱিত কৰিব পাৰে।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Stigma in the HIV/AIDS epidemic: a review of the literature and recommendations for the way forward". AIDS খণ্ড 22 Suppl 2 (Suppl 2): S67-79. August 2008. doi:10.1097/01.aids.0000327438.13291.62. PMID 18641472. 
  2. "Training to reduce LGBTQ-related bias among medical, nursing, and dental students and providers: a systematic review". BMC Medical Education খণ্ড 19 (1): 325. August 2019. doi:10.1186/s12909-019-1727-3. PMID 31470837. 
  3. "Civil Rights" (en ভাষাত). HIV.gov. 2017-11-10. https://www.hiv.gov/hiv-basics/living-well-with-hiv/your-legal-rights/civil-rights। আহৰণ কৰা হৈছে: 2018-04-10. 
  4. "HIV and AIDS-related stigma and discrimination: a conceptual framework and implications for action". Social Science & Medicine খণ্ড 57 (1): 13–24. July 2003. doi:10.1016/S0277-9536(02)00304-0. PMID 12753813. 
  5. "Violence Against Women and HIV/AIDS: Critical Intersections. Intimate Partner Violence and HIV/AIDS". World Health Organization. 2004. https://www.who.int/hac/techguidance/pht/InfoBulletinIntimatePartnerViolenceFinal.pdf?ua=1.