সমললৈ যাওক

এক'লেণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এক'লেণ্ডত ৰাইজৰ জলকেলি

এক'লেণ্ড (ইংৰাজী: Accoland) অসমৰ গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ২১ কি:মি: আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২ কি:মি: দূৰত্বত পাটগাঁও নামৰ স্থানত অৱস্থিত এখন জল উদ্যান। এইখন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত একমাত্ৰ ৱাটাৰ পাৰ্ক। ইয়াত বিভিন্ন ধৰণৰ পানীত খেলা খেলৰ উপৰিও বিভিন্ন মনোৰঞ্জনধৰ্মী উপাদান আছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অনান্য ৰাজ্যৰ লোকসকলেও আনন্দ উপভোগ কৰাৰ বাবে এই উদ্যানলৈ আহে। বছৰৰ বিভিন্ন সময়ত দৰ্শকসকল ইয়ালৈ আহে যদিও গ্ৰীষ্ম কালত দৰ্শকৰ সংখ্যা অধিক হয়। উদ্যানখন সপ্তাহৰ প্ৰত্যেক দিনাই খোলা থাকে। পুৱা ১০:৩০ বজাত খোলা হয় আৰু ৰাতি ৭:৩০ বজাত বন্ধ কৰা হয়।[1]

সুবিধা সমূহ

[সম্পাদনা কৰক]

পুৰুষ-মহিলা, শিশু-বয়স্ক উভয় বয়সৰ ব্যক্তিৰ মনোৰঞ্জন কৰাৰ ক্ষেত্ৰত উদ্যানখনত বিশেষ গুৰুত্ব দিয়া হয়। এক'লেণ্ডত থকা কাৰ্টুন চৰিত্ৰ মিকি মাউচ আৰু ডনাণ্ড ডাক আদিয়ে শিশুসকলৰ মন আকৰ্ষণ কৰে। মনোৰঞ্জনকাৰী ব্যক্তিসকলৰ নিৰাপত্তাৰ বাবে লকাৰৰ সুবিধা দিয়া হৈছে। খাদ্যসহিতে উদ্যানত প্ৰৱেশ কৰাৰ অনুমতি নাই কিন্তু বিভিন্ন ধৰণৰ দেশীয় আৰু বিদেশী সুস্বাদু খাদ্যৰ বাবে উদ্যানৰ ভিতৰত কেণ্টিনৰ ব্যৱস্থা আছে।[1] টৰ্নেডো আৰু বুমাৰেং সুবিধা থকা ভাৰতৰ বৃহত্তৰ উদ্যানসমূহৰ মাজত এক'লেণ্ড অন্যতম।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "accoland amusement park". ixigo.com. http://www.ixigo.com/accoland-amusement-park-guwahati-india-ne-1754329 আহৰণ কৰা হৈছে: ২৭ অক্টোবৰ ২০১৪.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]