সমললৈ যাওক

একাকীত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

একাকীত্ব হৈছে ব্যক্তিবিশেষৰ অন্য ব্যক্তিৰ সৈতে সংযোগ বা সংস্পৰ্শৰ অভাৱৰ যোগেদি সৃষ্ট এক সঙ্গবিহীন, বা দূৰীভূত, বা পৃথকীকৃত অৱস্থা। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ধনাত্মক আৰু ঋণাত্মক উভয়ধৰণৰ প্ৰভাৱ থাকিব পাৰে। হস্ৰকালীন একাকীত্বক প্ৰায়েই ব্যক্তিবিশেষৰ বহিঃপ্ৰভাৱৰ পৰা দূৰৈত নিজস্ব কৰ্ম, ভাৱনা বা জিৰণিৰ সময় হিচাপে গণ্য কৰা হয়। ব্যক্তিৰ নিজস্ব একান্ততাৰ খাতিৰত হস্ৰকালীন একাকীত্বক প্ৰয়োজনীয় হিচাপে বিবেচনা কৰিব পাৰি। অৱশ্যে অনাকাংক্ষিত দীৰ্ঘকালীন একাকীত্ব সংক্ৰমিত ৰোগ, মানসিক বিসংগতি, স্নায়ৱিক বিসংগতি, জীৱিকা, কেৰিয়াৰ বা নিয়োগ উদ্ভূত মানসিক পৰিস্থিতি, আপোন ব্যক্তিৰ বিয়োগ, ঘূণে ধৰা সম্পৰ্কৰ দৰে অনিচ্ছাকৃত বাছনি ইত্যাদিৰ ফলশ্ৰুতি, অথবা ইচ্ছাকৃত বাছনি হ'ব পাৰে।

একাকীত্ব আৰু নিঃসঙ্গতাৰ মাজত এক তফাৎ আছে। একাকীত্ব আৰু নিঃসঙ্গতাই ক্ৰমে অকলে থকাৰ (বা থাকিবলগা হোৱাৰ) ক্ৰমে ধনাত্মক (হৰ্ষমূলক) আৰু ঋণাত্মক (বিমৰ্ষমূলক) পৰিস্থিতিক বুজায়। [1][2] Hannah Arendt-ই তেওঁৰ The Origins of Totalitarianism শীৰ্ষক গ্ৰন্থত লিখিছিল যে, [3]

"In solitude, in other words, I am 'by myself,' together with my self, and therefore two-in-one, whereas in loneliness I am actually one, deserted by all others."

স্বাস্থ্যৰ ওপৰত প্ৰভাৱ

[সম্পাদনা কৰক]

সম্পূৰ্ণ একাকীত্বৰ জৰিয়তে দেখা দিয়া লক্ষণৰাজি(যিবোৰক ইন্দ্ৰিয়জ চ্যুতি (sensory deprivation) হিচাপেও জনা যায়)ৰ ভিতৰত উদ্বিগ্নতা, ইন্দ্ৰিয়জ বিভ্ৰান্তি, বা সময় আৰু উপলব্ধিৰ বিকৃতি আদি অন্তৰ্ভুক্ত। অৱশ্যে, এইসমূহ কেৱল অন্যান্য ব্যক্তিৰ সৈতে সংযোগৰ অভাৱৰ ফলেই নহয়, ইয়াৰ লগতে ইন্দ্ৰিয়সমূহৰ উদ্দীপনৰ মাত্ৰাও হ্ৰাস হয়। গতিকে, ব্যক্তিবিশেষৰ মনোচক্ৰক ব্যস্ত ৰাখি এইধৰণৰ বিৰূপ প্ৰভাৱৰ পৰিমাণ কম কৰিব পৰা যায়। [4] দীৰ্ঘকালীন একাকীত্বক সৰ্বসাধাৰণতেই অনাকাংক্ষিত হিচাপে গণ্য কৰা হয়, কিয়নো ইয়াৰ ফলস্বৰূপে ব্যক্তিয়ে আন্তঃবৈক্তিক সম্পৰ্কসমূহ স্থাপন কৰাত অপাৰগ হৈ নিঃসঙ্গতা আৰু বৈৰাগ্যৰ সম্মুখীন হ'বলগাত পৰে। তদুপৰি, ইয়াৰ ফলতেই নিদানিক হতাশাগ্ৰস্ততাৰ উদ্ভৱ হ'ব পাৰে। অৱশ্যে, কিছু লোকৰ ক্ষেত্ৰত ইয়াৰ ঋণাত্মক প্ৰভাৱ তুলনামূলকভাৱে কম হোৱা পৰিলক্ষিত হয়। আন কিছু ব্যক্তি(যেনে উদাসীন ধৰ্মযাজক বা সন্যাসী)য়ে একাকীত্বক আধ্যাত্মিক প্ৰবুদ্ধি প্ৰাপ্তিৰ পথ হিচাপে গণ্য কৰে। নিৰ্জন দ্বীপত পৰিত্যক্ত বা নিৰ্বাসিত বহু ব্যক্তিৰ ক্ষেত্ৰত একাকীত্বৰ বহু বছৰৰ পিছতো মনোৰোগজনিত কোনো লক্ষণ নেদেখাৰ তথ্যও পোৱা যায়। [উদ্ধৃতিৰ প্ৰয়োজন] ছিজ'ফ্ৰেনিয়া আৰু ছিজ'ইদ ব্যক্তিত্ব বিসংগতিৰ দৰে বিশেষ মনোৱস্থাৰ কিছুমান ব্যক্তিৰ ক্ষেত্ৰত একাকীত্বৰ প্ৰৱণতা স্বভাৱগতভাৱে থাকিব পাৰে। [5]

ইতিহাসত শাস্তিৰ পদ্ধতি হিচাপে বলপূৰ্ব্বক নিঃসঙ্গতা (বন্দীত্ব) ব্যৱহৃত হৈ আহিছে। ইয়াক প্ৰায়েই এক ধৰণৰ নিপীড়ন হিচাপে বিবেচনা কৰা হয়।

আৱেগজনিত একাকীত্ব হৈছে একধৰণৰ বিছিন্নতা য'ত ব্যক্তিবিশেষৰ এক সুচল সামাজিক সংযোগী বিন্যাস থকা স্বত্বেও আনৰ পৰা আৱেগিকভাৱে বিছিন্ন অনুভৱ কৰে।

Robert J. Coplan আৰু Julie C. Bowker-ৰ দৰে গৱেষকসকলে বিছিন্নতা আৰু একাকীত্ব অন্তৰ্নিহিতভাৱেই অকাৰ্য্যকৰ আৰু অনাকাংক্ষিত হিচাপে থকা ধাৰণাত মান্তি নহয়। ২০১৩ চনত প্ৰকাশিত তেওঁলোকৰ A Handbook of Solitude নামৰ গ্ৰন্থখনত তেওঁলোকে ক্ষেত্ৰবিশেষে একাকীত্বৈ ব্যক্তিৰ আত্ম-মৰ্য্যদাৰ বৃদ্ধি, স্পষ্টতাৰ সৃষ্টি কৰাৰ লগতে কেতিয়াবা থেৰাপী হিচাপে কাম কৰাৰ বিষয়ে বৰ্ণনা কৰে। [6] তেওঁলোকৰ দ্বাৰা সম্পাদিত এই গ্ৰন্থখনত একাকীত্বৰ সম্পৰ্কে তেওঁলোকে কেৱল মনস্তত্ব সম্বন্ধীয় লেখাকেই অন্তৰ্ভুক্ত কৰা নাই, বৰং আন আন ক্ষেত্ৰৰ বিশেষজ্ঞৰ নিৱন্ধও অন্তৰ্ভুক্ত কৰিছে। ইয়াত Fong-ৰ দ্বাৰা লিখিত অধ্যায়টোত একাকীত্ব কিদৰে ব্যক্তিবিশেষৰ কেৱল এক ব্যক্তিগত প্ৰক্ষেপপথেই নহৈ আন সামাজিক পৰিস্থিতিৰ সৈতে মোকাবিলা এক পদ্ধতিও সেয়া বৰ্ণনা কৰিছে। [7]


মনস্তাত্বিক প্ৰভাৱ

[সম্পাদনা কৰক]
Breslover Hasid practicing hitbodedut.

একাকীত্বৰ ধনাত্মক আৰু ঋণাত্মক উভয়ধৰণৰ প্ৰভাৱেই আছে। বেছিভাগ সময়তেই, এই প্ৰভাৱসমূহ আৰু প্ৰভাৱসমূহৰ বৰ্তি থকা কাল ব্যক্তিয়ে একাকী বিছিন্নতাত কটোৱা সময়ৰ ওপৰত নিৰ্ভৰ কৰে।[8] ধনাত্মক প্ৰভাৱ স্বতন্ত্ৰতাৰ পৰা বৰ্দ্ধিত আধ্যাত্মিকতালৈ হ'ব পাৰে,[9] আনহাতে ঋণাত্মক প্ৰভাৱসমূহ ব্যক্তিক সামাজিক মূল্যৰ পৰা অপসৰিত কৰি মানসিক ৰোগৰ সূচনা কৰিব পাৰে। [10] ধনাত্মক প্ৰভাৱী একাকীত্ব কাম্য যদিও ঋণাত্মক প্ৰভাৱী একাকীত্ব অনিচ্ছাকৃত আৰু অনাকাংক্ষিত। [11]

ধনাত্মক প্ৰভাৱসমূহ

[সম্পাদনা কৰক]

স্বতন্ত্ৰতাক একাকীত্বৰ এক ধনাত্মক প্ৰভাৱ হিচাপে বিবেচনা কৰিব পাৰি। কিয়নো সাময়িকভাৱে একাকী সময় কটোৱা ব্যক্তিজনে আনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে তেওঁ নিজৰ কৰ্মৰ ওপৰত অধিক আস্থাশীল হ'ব পাৰে। বৰ্দ্ধিত স্বতন্ত্ৰতাই যোগেদি ব্যক্তি এটা স্ব-নিৰ্ভশীল কটোৱাত সহায় কৰে। [9]

স্বতন্ত্ৰতাৰ জৰিয়তে ব্যক্তিবিশেষৰ সৃজনশীলতা উজ্জীৱিত কৰিব পাৰে। একাকীত্বৰ যোগেদি প্ৰাপ্ত স্বতন্ত্ৰতাই ব্যক্তিবিশেষৰ মনোবিক্ষেপণ হ্ৰাস কৰি সৃজনশীলতাৰ উজ্জীৱন ঘটাব পাৰে। ১৯৯৪ চনত Mihaly Csikszentmihalyi নামৰ মনোবিদজনে কৈছিল যে যিসকল কিশোৰ-কিশোৰীয়ে সাময়িকভাৱে অকলশৰে কটাব নোৱাৰে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰায়েই বৃদ্ধি নহয়। [9]

একাকীত্বৰ আন এক উপকাৰী দিশ হৈছে ব্যক্তিৰ আত্ম-উন্নয়নৰ বাবে সময় কটাব পৰাটো। যেতিয়া কোনো ব্যক্তিয়ে আনৰ পৰা একাকীভাৱে সময় কটায়, তেওঁলোকে নিজৰ সম্পৰকে ধাৰণা সঠিক অনুধাৱন কৰিবলৈ সুবিধা পায়। ইয়েই ব্যক্তিক বাহ্যিক বিক্ষেপণ নোহোৱাকৈ আত্ম-পৰিচয় আৱিষ্কাৰ কৰাৰ সুযোগ দিব পাৰে। একাকীত্বই মননৰ, ব্যক্তিগত আধ্যাত্মিকতা আৰু আত্ম-পৰীক্ষণৰ সময়ো প্ৰদানকৰে। এনেধৰণৰ ক্ষেত্ৰত, ব্যক্তিবিশেষে আন ব্যক্তিৰ সৈতে তেওঁৰ আন্তঃসম্পৰ্ক লাঘৱ নোহোৱাকৈ অৰ্থপূৰ্ণ হৈ থকালৈকে একাকীত্ব ধনাত্মক প্ৰভাৱী। [9]

ঋণাত্মক প্ৰভাৱসমূহ

[সম্পাদনা কৰক]

একাকীত্বৰ ঋণাত্মক প্ৰভাৱসমূহ কাৰাবন্দীৰ জৰিয়তে পৰ্যবেক্ষণ কৰিব পাৰি। একাকীভাৱে অধিক সময় কটোৱা কাৰাবন্দীসকলৰ আচৰণ শোচনীয় হৈ পৰিব পাৰে। [10] একাকীত্বই বিশেষ কিছুমান মনস্তাত্বিক প্ৰতিক্ৰিয়াৰ সূচনা কৰিব পাৰে, যিবোৰৰ পৰা স্বাস্থ্যৰ হানিৰ সম্ভাৱনা বৃদ্ধি পায়। [12]

একাকীত্বৰ ঋণাত্মক প্ৰভাৱ বয়সৰ ওপৰতো নিৰ্ভৰ কৰে। প্ৰাথমিক পৰ্য্যায়ৰ স্কুলীয়া ল'ৰা-ছোৱালীয়ে সঘনাই একাকীত্বৰ সম্মুখীন হ'লে সিহঁত ঋণাত্মকভাৱে প্ৰভাৱান্বিত হয়। [13] কিয়নো, এই বয়সত একাকীত্ব সৰু ল'ৰা-ছোৱালীৰ দ্বাৰা স্ব-নিৰ্বাচিত নহয়। প্ৰাথমিক পৰ্য্যায়ৰ ল'ৰা-ছোৱালী যেতিয়া সামাজিকভাৱে আনৰ সৈতে ভাৱ-বিনিময়ৰ ক্ষেত্ৰত সংকোচবোধসম্পন্ন হয় তেতিয়া সিহঁতে নিজে একাকীত্বৰ আশ্ৰয় ল'ব পাৰে যাৰ ফলত সিহঁত কুন্ঠাবোধ আৰু সামাজিক প্ৰত্যাখ্যানৰ সম্মুখীন হ'ব লগা হয়।

কিশোৰ-কিশোৰীসকলে সাধাৰণতে অকলশৰে সময় কটাই সন্তুষ্টি অনুভৱ নকৰে। অৱশ্যে, কোনো কিশোৰ বা কিশোৰী আদিৰে পৰা অকলশৰে কটালে একাকীত্বও তেওঁৰ বাবে উপভোগ্য হৈ উঠিব পাৰে। কিন্তু মন কৰিবলগীয়া যে, সঘনাই একাকী সময় কটোৱা কিশোৰ-কিশোৰীৰ বহিঃজগতৰ সৈতে সমন্বয় সাধনত সমস্যাৰ সৃষ্টি হয়। সেয়েহে, একাকী সময় আৰু সামাজিক সম্পৰ্কৰ সময়ৰ মাজত সমতুলতা ৰক্ষা কৰা দ্ৰকাৰ। [13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Paul Tillich, The Eternal Now, 1963, chapter 1 "Loneliness and Solitude", section II: "Our language has wisely sensed these two sides of being alone. It has created the word 'loneliness' to express the pain of being alone. And it has created the word 'solitude' to express the glory of being alone."
  2. Alexander Pope. "Ode on Solitude". http://www.poemhunter.com/poem/ode-on-solitude/। আহৰণ কৰা হৈছে: 2016-04-01. 
  3. Hannah Arendt, The Origins of Totalitarianism, 1973, chapter 13 "Ideology and Terror: A Novel Form of Government", page 476: "As Epictetus sees it (Dissertationes, Book 3, ch. 13) the lonely man (eremos) finds himself surrounded by others with whom he cannot establish contact or to whose hostility he is exposed. The solitary man, on the contrary, is alone and therefore 'can be together with himself' since men have the capacity of 'talking with themselves.' In solitude, in other words, I am 'by myself,' together with my self, and therefore two-in-one, whereas in loneliness I am actually one, deserted by all others.", আই.এচ.বি.এন. 0-15-670153-7. Solitude is a pivotal phenomenon in the thinking of existentialists, and reflections on it have been recently tied with pandemic lockdowns and self-isolation solitary confinement; for example as argued in: Nader El-Bizri, "Being in Solitary Quarantine", Studia UBB Philosophia, Vol. 65, No. 2 (2020): 7-32.
  4. [1]Archived March 22, 2005, at the Wayback Machine
  5. Maltsberger, J.T., M. Pompili and R. Tatarelli (2006), "Sandro Morselli: Schizophrenic Solitude, Suicide, and Psychotherapy", Suicide and Life-Threatening Behavior খণ্ড 36 (5): 591–600, doi:10.1521/suli.2006.36.5.591, PMID 17087638. 
  6. Coplan, Robert J., Bowker, Julie C. (2013). A Handbook of Solitude: Psychological Perspectives on Social Isolation. Wiley Blackwell. 
  7. Fong, Jack (2014). The Role of Solitude in Transcending Social Crises--New Possibilities for Existential Sociology.. Wiley-Blackwell. পৃষ্ঠা. 499–516. 
  8. Bartol, C.R., & Bartol, A.M. (1994). "Psychology and Law: Research and Application (2nd ed.)". প্ৰকাশক CA: Brooks/Cole.: Pacific Grove. Archived from the original on November 30, 2011. https://web.archive.org/web/20111130075821/http://www.uplink.com.au/lawlibrary/Documents/Docs/Doc82.html। আহৰণ কৰা হৈছে: April 20, 2021. 
  9. 9.0 9.1 9.2 9.3 Long, Christopher R. and Averill, James R. “Solitude: An Exploration of the Benefits of Being Alone.” Journal for the Theory of Social Behaviour 33:1 (2003): Web. 30 September 2011.
  10. 10.0 10.1 Kupers, Terry A. “What To Do With the Survivors? Coping With the Long-Term Effects of Isolated Confinement”. Criminal Justice and Behavior 35.8 (2008): Web. 30 September 2011.
  11. Long, Christopher R.; Seburn, Mary; Averill, James R.; More, Thomas A. (5 September 2002). "Solitude Experiences: Varieties, Settings, and Individual Differences". Personality & Social Psychology Bulletin (Sage Publications) খণ্ড 29 (5): 578–83. doi:10.1177/0146167203029005003. PMID 15272992. http://psp.sagepub.com/। আহৰণ কৰা হৈছে: 28 November 2011. 
  12. "Loneliness triggers cellular changes that can cause illness, study shows" (en-US ভাষাত). PsyPost. http://www.psypost.org/2015/11/loneliness-triggers-cellular-changes-that-can-cause-illness-study-shows-39407। আহৰণ কৰা হৈছে: 2016-04-03. 
  13. 13.0 13.1 Larson, R. W. (1997-02-01). "The emergence of solitude as a constructive domain of experience in early adolescence". Child Development খণ্ড 68 (1): 80–93. doi:10.2307/1131927. ISSN 0009-3920. PMID 9084127.