এমুঠি পুঠি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ
পৰিচালক কুলনন্দিনী মহন্ত[2]
ৰচনা
প্ৰযোজক
  • ভাস্কৰ হাজৰিকা
  • শ্যাম বৰা
  • সুনীল আগৰৱালা
অভিনয়ত কেনী বসুমতাৰী
প্ৰতিভা চৌধুৰী
পৰিবেশক মেটানৰ্মেল ম'শ্যন পিকছাৰ্ছ
মুক্তি
১৭ জুন ২০২২ (অসম)[1]
দৈৰ্ঘ্য
১১৫ মিনিট[1]
দেশ ভাৰত
ভাষা অসমীয়া

এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ (ইংৰাজী: Emuthi Puthi - A Very Fishy Trip) বা এমুঠি পুঠি ২০২২ চনৰ ১৭ জুনত মুক্তিপ্ৰাপ্ত[3] অসমীয়া ভাষাৰ এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালনা কুলনন্দিনী মহন্তৰ। ইয়াৰ কাহিনীভাগ যুটীয়াভাৱে ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্তই লিখিছে।[1] পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি ছবিখনৰ শ্বুটিং সম্পন্ন কৰা হৈছিল আই ফোনত (I Phone)।[2] ভাস্কৰ হাজৰিকা, শ্যাম বৰা আৰু সুনীল আগৰৱালাৰ প্ৰযোজনাৰে এই ছবিখন হৈছে আই ফোনত শ্বুটিং সম্পন্ন হোৱা প্ৰথমখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ।[4]

পটভূমি[সম্পাদনা কৰক]

চলচ্চিত্ৰৰ মূল কাহিনীভাগত এগৰাকী বিদ্ৰোহী কিশোৰীয়ে মাজনিশা ঘৰৰ পৰা পলাই ৰহস্যময় মাছৰ সন্ধানত তেওঁৰ উদ্ভট স্বভাৱৰ আইতাকৰ সৈতে যাত্ৰা কৰে।[3] এগৰাকী আৰক্ষীয়ে তেওঁলোকক খেদি ফুৰে। কাকতালীয়ভাৱে এই আৰক্ষীগৰাকী কিশোৰীগৰাকীৰ মাতৃ আৰু আইতাকগৰাকীৰ কন্যা। কাহিনীটোৱে জটিল মানৱীয় আৱেগক সামৰি লৈছে।[2]

অভিনয় শিল্পী[সম্পাদনা কৰক]

ক্ৰমিক নং অভিনয় শিল্পী[1] চৰিত্ৰ
কেনী বসুমতাৰী ধ্ৰুৱ
মনোজ বৰকটকী বিতু
ৰুবুল বড়ো লাক্সাৰী
নিতালী দাস ইন্দিৰা
মণীষা ভূঞা ৰিমলি
প্ৰতিভা চৌধুৰী আইতা
সৃষ্টি শৰ্মা ঋত্বিকা

সংগীত[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ আৱহ সংগীত বেছহোলৰ (মনদ্বীপ তাৰো)।[5]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "ডেউকা"   কেইছি  
2. "মাছ"   অৰূপজ্যোতি বৰুৱা  
3. "বিহু"   অৰূপজ্যোতি বৰুৱা  
4. "বাট চালোঁ"   ঋষি বৰা  
5. "হাল্লাগোল্লা"   প্ৰীতম দত্ত  
6. "চৰকাৰ"   জিগএক্স  

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]