এম ইব্ৰাহিম আলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এম ইব্ৰাহিম আলি
জন্ম ১৯১৭ চন
, দৰং জিলা, অসম
মৃত্যু ১৯৫৭ চন
পেচা কবি, শিক্ষক, সম্পাদক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি 'কাঁচিজোন'(শিশু আলোচনী), 'চাহাৰ'(কবিতা পুথি), 'ৰাজদ্ৰোহী'(উপন্যাস),‘পৰী কুৱঁৱৰীৰ দেশত’(শিশু উপন্যাস) ইত্যাদি।

এম ইব্ৰাহিম আলি(ইংৰাজী: M Ibrahim Ali) (১৯১৭-১৯৭৫) আছিল অসমৰ এজন শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁৰ জন্ম হয় দৰং জিলাৰ, 'মঙলদৈ'ৰ ছিপাঝাৰৰ ওচৰৰ শিঙিমাৰী গাঁৱত। [1]

জীৱনৰ আদি ভাগ[সম্পাদনা কৰক]

ইম ইব্ৰাহিম আলিৰ জন্ম হয় ১৯১৭ চনত। তেওঁৰ পিতৃ মৰহুম আবিদ আলি আৰু মাতৃ আমিনা খাতুন। মঙলদৈ হাই স্কুলৰ অষ্টম শ্ৰেণীলৈকে পঢ়ি যোৰহাট নৰ্মাল স্কুলত নাম লগায়। পাছত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে এম. এ. ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন[সম্পাদনা কৰক]

এম ইব্ৰাহিম আলি আছিল এজন শিক্ষক, বিদ্যালয়ৰ উপ-পৰিদৰ্শক। তেওঁ সৈন্য বাহিনীৰ চাকৰিটো যোগদান কৰিছিল। তেওঁ এজন সাহিত্যিক হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৫১ চনৰ পৰা চাৰিবছৰ কাল তেওঁ শিশু আলোচনী 'কাঁচিজোন'ৰ সম্পাদক আছিল। তেওঁ কবিতা, জীৱনী, উপন্যাস, শিশু-উপন্যাস আদি সাহিত্যৰ নানান দিশত মূল্যৱান অহিৰণা আগবঢ়ায়।

সাহিত্য[সম্পাদনা কৰক]

কবিতা পুথি[সম্পাদনা কৰক]

  • ‘চাহাৰা’ (১৯৪৭),
  • ‘নিস্তব্ধ, বিষাদ’ (১৯৭৪)

উপন্যাস[সম্পাদনা কৰক]

  • ‘পৰী কুৱঁৱৰীৰ দেশত’ (১৯৫৫,)
  • 'ৰাজদ্ৰোহী'
  • 'মাটি আৰু সোণ'
  • 'পুৱতি নিশাৰ অনামী তৰা'

শিশু সাহিত্য[সম্পাদনা কৰক]

  • ‘কাঁচিজোন’ (আলোচনী)
  • ‘পৰী কুৱঁৱৰীৰ দেশত’ (শিশু উপন্যাস,১৯৫৫)
  • 'কুমাৰী জেবুন্নিচা'
  • 'চোহৰাব ৰুস্তম'

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

শিশু উপন্যাস ‘পৰী কুৱঁৰীৰ দেশত’ গ্ৰন্থৰ বাবে তেওঁ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. শিৱনাথ বৰ্মন (২০০৯). এম.ইব্ৰাহিম আলি, অসমীয়া জীৱনী অভিধান. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ১৩.