মফজ্জ্বল হুছেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(এম হুছেইনৰ পৰা পুনঃনিৰ্দেশিত)

মফজ্জ্বল হুছেইন চমুকৈ এম হুছেইন (জ. ২৯ জানুৱাৰী, ১৯৪৪ - মৃ. ৯ ছেপ্টেম্বৰ, ১৯৯৯) অসমৰ এগৰাকী জনপ্ৰিয় মঞ্চ যাদুকৰ আছিল। শৈশৱত বিষধৰ সাপ ধৰি ভাল পোৱা মফজ্জ্বল হুছেইনে কিশোৰ অৱস্থাত ঘৰৰপৰা আঁতৰি গৈ ডেৰাডুনত যাদুকৰ ধৰমৰাজ গৰ্গিয়াৰৰ ওচৰত যাদুৰ কলা আয়ত্ব কৰিছিল। ১৯৭২ চনৰপৰা মফজ্জ্বল হুছেইনে 'যাদু সম্ৰাট এম. হুছেইন' নামেৰে পেছাদাৰী যাদুকৰ হিচাপে আত্মপ্ৰকাশ কৰে। অসম আৰু ভাৰতৰ বিভিন্ন স্থানত পেছাদাৰী যাদু শ্বো প্ৰদৰ্শন কৰাৰ বাহিৰেও তেখেতে ১৯৭৫ ডুবাই, মাস্কট, নেপাল আৰু ভূটানত যাদু প্ৰদৰ্শন কৰিছিল। তেখেতৰ যাদু প্ৰদৰ্শনত যাদুসমূহ বিভিন্ন লৌকিক কাহিনী, খুহুটীয়া কাহিনী আদিৰ আলমত ৰচনা কৰা হৈছিল। কাহিনীৰ লগতে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক বিষয়ৰ ওপৰতো তেখেতে যাদুৰ উপযোগী কাহিনী সৃষ্টি কৰি লৈছিল। কহিনুৰ থিয়েটাৰৰ নাটক কুশল কোঁৱৰ-ত ফাঁচীৰ দৃশ্যটোৰ পৰিকল্পনা আৰু পৰিদৰ্শন এম. হুছেইনৰ যাদুৰে কৰা হৈছিল। ১৯৭৩ চনত কলিকতাত অনুষ্ঠিত All India Magician Conference and Competition-ত এক প্ৰদৰ্শনীত এম হুছেইনে ২,২০০ ফুট দীঘল কাগজৰ ৰছী উলিয়াই নতুন অভিলেখ স্থাপন কৰিছিল।[1]

চমু জীৱনালেখ[সম্পাদনা কৰক]

মফজ্জ্বল হুছেইনৰ জন্ম হৈছিল আমগুৰি গাঁৱৰ কণজান চাৰিআলিত, ১৯৪৪ চনৰ ২৯ জানুৱাৰী তাৰিখে। পিতৃৰ নাম অকণমান আলী আৰু মাতৃৰ নাম মাকন বেগম। তিনিপুত্ৰৰ ভিতৰত মাজু পুত্ৰ মফজ্জ্বুলৰ শৈশৱ অতিবাহিত হৈছিল তেতিয়াৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিগবৈৰ গোলাই-ৰ গলিত। সৰু কালৰেপৰাই মফজ্জ্বলে অসাধাৰণ কাম কৰি ভাল পাইছিল। স্কুলত পঢ়ি থকাৰ কালতে তেখেতে সাপ ধৰিবলৈ আৰম্ভ কৰিছিল।[1]

কিশোৰ অৱস্থাতে মফজ্জ্বল ডিগবৈ চহৰলৈ যাদু প্ৰদৰ্শন কৰিবলৈ অহা ডেৰাডুনৰ যাদুকৰ ধৰমৰাজ গাৰ্গিয়াৰৰ সংস্পৰ্শলৈ আহে আৰু মেট্ৰিক পৰীক্ষাৰ পাছতেই মফজ্জ্বলে গাৰ্গিয়াৰৰ লগ লাগে আৰু ভাৰতৰ বিভিন্ন স্থানত যাদু প্ৰদৰ্শনৰ সময়ত গাৰ্গিয়াৰৰ সংগী হয়। যাদুবিদ্যাৰ প্ৰতি ৰাপ দেখুওৱাৰ বাবে পৰিয়ালটোৱে মফজ্জ্বলৰ নিচাক ভাল চকুৰে চোৱা নাছিল। সেয়ে, গাৰ্গিয়াৰ সংগৰপৰা উভতি অহাৰ পাছত ১৯৬০ চনত তেওঁ আকৌ ঘৰ এৰে আৰু কলিকতালৈ যায়। কলিকতাত তেওঁ বিভিন্ন যাদুকৰৰ লগত যাদু শিল্পৰ কলা-কৌশল শিকিবলৈ লয়।[1]

ডিগবৈ চহৰতে মফজ্জ্বল হুছেইনে প্ৰথমবাৰলৈ যাদু প্ৰদৰ্শন কৰে কালী পূজাৰ প্ৰথম সন্ধ্যাত। এই অনুষ্ঠানতে তেখেতে পোছাকী নাম এম হুছেইন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।[1]

১৯৭৩ চনত কলিকতাত অনুষ্ঠিত All India Magician Conference and Competition-ত তেখেতে ২,২০০ ফুট দীঘল কাগৰ ৰছী অবিৰতভাৱে নিৰ্গমণ কৰি এক অভিলেখৰ গৰাকী হয়। ইয়াৰ পাছতে তেওঁ অসমলৈ ঘূৰি আহে আৰু নিয়মীয়াকৈ যাদু প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। যাদু শিল্পক মঞ্চত পৰিবেশিত কলা হিচাপে নিয়মীয়াকৈ প্ৰদৰ্শন কৰিবলৈ লয় এম হুছেইনে। অসমৰ লগতে ভাৰতৰ নানা ঠাইত আৰু কেইবাৰমান বিদেশতো তেখেতে যাদু প্ৰদৰ্শন কৰে।[1] ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ কালত ৰাষ্ট্ৰপতি ভৱনৰ মঞ্চত তেখেতৰ অতিথিৰ বাবে এম হুছেইনে যাদু প্ৰদৰ্শন কৰিছিল।[2] তেখেত ৰাষ্ট্ৰপতি ভি.ভি. গিৰি আৰু জ্ঞানী জেইল সিঙৰ সন্মুখতো যাদু প্ৰদৰ্শন কৰিছিল।[1]

৬ ফুট ২ ইঞ্চি উচ্চতা আৰু ১৩২ কিলোগ্ৰামৰ এম হুছেইনৰ শাৰীৰিক অৱনতিৰ বাবে পাছলৈ মেজিক প্ৰদৰ্শন কমি আহিবলৈ ধৰিছিল। ১৯৯৮ চনৰপৰা তেখেতে শাৰীৰিকভাৱে অসুস্থ হৈ থাকিবলৈ আৰম্ভ কৰে। তেখেতৰ আৰ্থিক অৱস্থাও দুৰ্বল হৈ পৰিছিল আৰু চিকিৎসাৰ উপযুক্ত অৰ্থ সংগ্ৰহ কৰিবলৈ অসুবিধা পাইছিল।[1] সেই সময়ত তেখেতে চিকিৎসাধীন হৈ থকা অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীসকলেও তেখেতৰ চিকিৎসাৰ বাবে অৰ্থ ব্যয় কৰিছিল।[3]

১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহৰ ৯ তাৰিখে (৯/৯/১৯৯৯) তেখেতৰ মৃত্যু হয়।

উপস্থাপন শৈলী[সম্পাদনা কৰক]

বিশাল শৰীৰৰ অধিকাৰী এম হুছেইনৰ মঞ্চ উপস্থিতি আছিল অনন্য। তেখেতৰ মেজিকৰ আইটেমসমূহ সাধাৰণতে গম্ভীৰ, অলৌকিক বা কাব্যিক বিধৰ আছিল। প্ৰদৰ্শিত যাদুসমূহ সাধাৰণতে গম্ভীৰ ভাৱে অৱতাৰণা কৰা হৈছিল যদিও কেইটামান যাদু ধেমেলীয়া বিধৰো ৰাখিছিল। বিভিন্ন ঐতিহাসিক ঘটনা (The Dream of Shahjahan), দেশপ্ৰেমমূলক কাহিনী (কুশল কোঁৱৰৰ ফাঁচী) আদিৰ আলম লৈ যাদুসমূহ প্ৰদৰ্শন কৰা হৈছিল। এম হুছেইনে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত সম্প্ৰীতিৰ বাৰ্তাবাহক, নাৰীৰ সম অধিকাৰ আদিৰ ওপৰতো যাদুৰ প্ৰদৰ্শন প্ৰস্তুত কৰিছিল। তেখেতৰ বিশাল দেহ, গুৰু-গম্ভীৰ কণ্ঠই তেখেতৰ যাদু প্ৰদৰ্শনত গম্ভীৰতা আনি দিছিল। অসমত যাদু প্ৰদৰ্শনক মঞ্চ-কলা হিচাপে প্ৰথমে প্ৰতিষ্ঠিত কৰিছিল এম হুছেইনে।[1]

এম হুছেইনে ১৯৯১ চনত গুৱাহাটীৰ ফাঁ‌চী বজাৰৰ পদপথত এটা কংকাল লগত লৈ বজাৰ কৰাৰ এক অনুষ্ঠানো কৰিছিল।

অন্ধবিশ্বাসৰ বিৰূদ্ধে[সম্পাদনা কৰক]

এম হুছেইনৰ যাদু অনুষ্ঠানত ভূত-প্ৰেত, অলৌকিকতা আদিৰ ওপৰতো যাদু ৰখা হৈছিল যদিও, প্ৰদৰ্শনৰ শেষত হুছেইনে সদায়ে যাদু যে কোনো তন্ত্ৰ-মন্ত্ৰ বা ভূত-প্ৰেতৰ দ্বাৰা সমাধা নহয়, বৰং যাদু যে হাতৰ কাৰচাজীৰ এক কলাহে সেইটো ব্যক্ত কৰিছিল। তেখেতৰ দুই-এটা যাদুৰ আঁৰৰ কৌশলো ৰাইজৰ আগত দেখুৱাই দিছিল নিজৰ অনুষ্ঠানৰ মাজতেই। মানুহৰ মাজৰপৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবেও তেখেতে কাম কৰিছিল।

সন্মান[সম্পাদনা কৰক]

এম.এ.এন. মাছ কমিউনিকেশ্বনৰ উদ্যোগত এম হুছেইনৰ মৃত্যু দিন ৯ ছেপ্টেম্বৰ দিনটোক 'মেজিচিয়ান দিৱস' হিচাপে উদযাপন কৰি ২০১৪ চনৰ সেই তাৰিখত Illusionz - A Grand Magical Evening নামে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত এক যাদু উৎসৱৰ আয়োজন কৰি এম হুছেইনক স্মৰণ কৰা হয়।[4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 খলিলুৰ ৰহমান হাজৰিকা, ভূত-প্ৰেত সকলো মিছা সঁচা মাথোঁ দহো আঙুলিৰ কিটিপ, পূৰ্বাচল, আমাৰ অসম, ২৫ জানুৱাৰী, ২০১৫
  2. Chit chat with Bhupenda and Lily Baideu, www.posoowa.org[সংযোগবিহীন উৎস] আহৰণ কৰা তাৰিখ: ৩০ জানুৱাৰী ২০১৫
  3. JADU SAMRAT M.HUSSAIN IN HOSPITAL BED, The Sentinel, 21 Aug-1998 Archived 2016-03-05 at the Wayback Machine আহৰণ কৰা তাৰিখ: ৩০ জানুৱাৰী, ২০১৫
  4. Illusionz - A Grand Magical Evening আহৰণ কৰা তাৰিখ: ৩০ জানুৱাৰী, ২০১৫