এষ্টাৰ লিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এষ্টাৰ লিছ (ইংৰাজী: Esther Leach; ১৮০৯-১৮৪৩) ঔপনিবেশিক ভাৰতৰ ইংৰাজী মঞ্চৰ অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। তেওঁ ভাৰতৰ নাট্য ইতিহাসৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব। তেওঁক কলিকতা চহৰৰ প্ৰথম পেছাদাৰী ইংৰাজী থিয়েটাৰসমূহৰ ভিতৰত অন্যতম ছান্স ছৌচি থিয়েটাৰ (১৮৩৯-১৯৪৯) প্ৰতিষ্ঠা আৰু পৰিচালনা কৰা আৰু তেওঁৰ সময়ৰ কলকতাৰ মঞ্চৰ এগৰাকী শীৰ্ষস্থানীয় মহিলা হিচাপে গণ্য কৰা হয়।[1] তেওঁক ভাৰতীয় ছাৰা ছিডনছ বুলি উল্লেখ কৰা হয়।[2]

জীৱন[সম্পাদনা কৰক]

এষ্টাৰ লিছ আছিল মিৰাটত নিয়োজিত এজন ব্ৰিটিছ সৈনিক মিষ্টাৰ ফ্লেটমেনৰ কন্যা। তেওঁ এজন নন-কমিচনড্ অফিচাৰ জন লিছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অভিনেত্ৰী মিচেছ এণ্ডাৰছন তেওঁলোকৰ সন্তান আছিল।

বেৰহামপুৰৰ ৰেজিমেণ্টৰ শিক্ষকে এষ্টাৰ লিছক বিদ্যায়তনিক প্ৰশিক্ষণ দিছিল। সেনাবাহিনীৰ বাবে অনুষ্ঠিত কৰা অপেছাদাৰী নাট্যমঞ্চত অভিনয় কৰিছিল আৰু অভিনয়ে যথেষ্ট মনোযোগ কৰিব পাৰিছিল আৰু জনপ্ৰিয়তা লাভ কৰিছিল। বিষয়াসকলে তেওঁৰ শ্বেক্সপীয়েৰৰ গ্ৰন্থসমূহ উপহাৰ দিয়ে। তেওঁক ভাৰতৰ প্ৰথমগৰাকী পেছাদাৰী অভিনেত্ৰী আছিল বুলি যুক্তি দিব পাৰি।

কলকাতা থিয়েটাৰ আৰু দমদম থিয়েটাৰত তেওঁ সক্ৰিয়ভাবে জড়িত আছিল। ১৮২২ চনত তেওঁ দমদম থিয়েটাৰৰ প্ৰবন্ধক-পৰিচালক হৈছিল। ১৮২৫ চনৰ পৰা ১৮৩৮ চনৰ ভিতৰত তেওঁ চৌংৰগী থিয়েটাৰৰ শীৰ্ষস্থানৰ তাৰকা শিল্পী আছিল।[3] চৌৰংগী থিয়েটাৰৰ সোণালী যুগৰ সমান্তৰালকৈ তেওঁৰ কেৰিয়াৰো উৰ্দ্ধমুখী হৈছিল। চৌৰংগী থিয়েটাৰৰ সফলতাৰ আংশিক কাৰণ এষ্টাৰ লিছ বুলি কোৱা হয়। ১৮৩৮ চনত ভাৰত এৰি ইংলেণ্ডলৈ যায়।

১৮৩৯ চনত উভতি অহাৰ লগে লগে তেওঁ চৌৰংগী থিয়েটাৰ বন্ধ হোৱাৰ পিছত ছান্স ছৌচি থিয়েটাৰ প্ৰতিষ্ঠা কৰে। শিল্প ৰসিক মিষ্টাৰ ষ্টকেলাৰৰ সহযোগত আৰু কলিকতাৰ অভিজাত শ্ৰেণীৰ সমৰ্থনত চৌৰংগী থিয়েটাৰৰ বিকল্পৰ প্ৰয়োজনীয়তা অনুভৱ কৰাত তেওঁ এই থিয়েটাৰ প্ৰতিষ্ঠা কৰে। ১৮৩৯ চনৰ আগষ্ট মাহত এটা অস্থায়ী ভৱনত ছান্স ছৌচি থিয়েটাৰ উদ্বোধন কৰা হয়। ১৮৪১ চনৰ ৮ মাৰ্চত নিজাকৈ এটা ভৱন উদ্বোধন কৰে। ইয়াক ৪০০ জন দৰ্শকৰ বহাৰ সুবিধা থকা এটা মাৰ্জিত সৰু থিয়েটাৰ হিচাপে বৰ্ণনা কৰা হয়। থিয়েটাৰটোৰ ক্ষেত্ৰত তেওঁ লক্ষণীয়ভাৱে সফলতা লাভ কৰিছিল আৰু কলকাতাৰ ব্ৰিটিছৰ লগতে ভাৰতীয় দৰ্শককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।[2]

১৮৪৩ চনৰ ২ নৱেম্বৰত ছান্স ছৌচিত অনুষ্ঠান চলি থকা সময়ত তেওঁৰ পোছাকত জুই লাগে। তেওঁ গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আৰু কেইদিনমানৰ পিছত তেওঁৰ মৃত্যু হয়। মৃত্যুশয্যাত তেওঁ থিয়েটাৰখনৰ মালিকীস্বত্ব তেওঁৰ সহকৰ্মী নীনা বেক্সটাৰৰ হাতলৈ হস্তান্তৰ কৰে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Shaw, Dennis. "Esther Leach, The Mrs. Siddons of Bengal"‘, Educational Theatre Journal, X, 304-310
  2. 2.0 2.1 2.2 Shaw, Dennis. "Esther Leach, The Mrs. Siddons of Bengal"‘, Educational Theatre Journal, X, 304-310
  3. P. Guha-Thakurta, Bengali Drama: Its Origin and Development