এ টি এম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এ টি এম

এ টি এমইংৰাজীত সম্পূৰ্ণ নাম Automated Teller M achine ,সংক্ষেপে এ টি এম (ATM) বুলি কোৱা আৰু লিখা হয়। এ টি এম হ'ল বেংক বা কোনো বিত্তীয় প্ৰতিষ্ঠানে কম্পিউটাৰ-দূৰসংযোগ ব্যৱস্থাৰ জৰিয়তে কোনো কৰ্মচাৰী নোহোৱাকৈ ৰাজহুৱা স্থানত তেওঁলোকৰ গ্ৰাহকক ধন পৰিশোধ কৰাৰ এটা পদ্ধতি তথা যন্ত্ৰ। এ টি এমে সম্প্ৰতি সমগ্ৰ বেংকিং ব্যৱস্থাটোতে বৈপ্লৱিক পৰিবৰ্তন আনিছে। সঠিক হিচাপত টকা আগবঢ়াই দিব পৰা যান্ত্ৰিক পদ্ধতি আৱিষ্কাৰ কৰিছিল লুথাৰ জৰ্জ ছিমজিয়ানে। ১৯৩৯ চনত ছিটি বেংক অৱ নিউয়ৰ্কে নিউয়ৰ্কত এই পদ্ধতি ব্যৱহাৰ কৰিবলৈ লয়। কিন্তু গ্ৰাহকে গ্ৰহণ নকৰাৰ বাবে ছমাহৰ পাছত সেই পদ্ধতি উঠাই দিবলগীয়া হয়। [1]

২৫ বছৰ মানৰ পাছত ডিলাৰু নামৰ এজন প্ৰযুক্তিবিদে প্ৰথম ইলেকট্ৰনিক এ টি এমটো সাজি উলিয়ায়। ১৯৬৭ চনৰ ২৭ জুনত বাৰ্কলেছ বেংকে উত্তৰ লণ্ডনত আকৌ ইলেকট্ৰনিক এ টি এম ব্যৱহাৰ কৰিবলৈ লয়। ব্ৰিটিছ অভিনেতা ৰেগ ভাৰ্নিয়ে প্ৰথম এ টি এম ব্যৱহাৰ কৰিছিল।

প্ৰথমতে এ টি এমত এবাৰেই ব্যৱহাৰ কৰিব পৰা 'টোকেন' বা ভাউচাৰ ব্যৱহাৰ কৰা হৈছিল। ১৯৬৫ চনত কাৰ্ডত 'পাৰ্ছনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ' ব্যৱহাৰ কৰি ব্ৰিটিছ অভিযন্তা জেমছ গুডফেলোৱে এই ব্যৱস্থাটোক আৰু এখোজ আগবঢ়াই দিলে। ইয়াৰ ফলত নিৰাপদভাৱে একেখন এ টি এম কাৰ্ডকে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা হ'ল।[1]

এ টি এমৰ ব্যৱহাৰ[সম্পাদনা কৰক]

এই ব্যৱস্থাত প্ৰতিজন গ্ৰাহকক প্লাষ্টিকেৰে নিৰ্মিত এখন বিশেষ ধৰণৰ এ টি এম কাৰ্ড দিয়া হয়। কাৰ্ডখনৰ এটা চুম্বকীয় ষ্ট্ৰিপত এখন চিপ থাকে। তাত প্ৰতিজন গ্ৰাহকৰ বাবে একোটা নম্বৰ (PIN: Personal Identification Number) আৰু আন নিৰাপত্তা সম্পৰ্কীয় তথ্য কিছুমান লিখা থাকে। [1]

লগতে পঢ়ক[সম্পাদনা কৰক]

  • Brain, Marshall Marshall Brain's More How Stuff Works, John Wiley and Sons Ltd, New York, October 2002, ISBN 0-7645-6711-X
  • Donley, Richard Everything has its price, Fireside Books /Simon & Schuster, New Jersey, March 1995, ISBN 0-671-89559-1
  • Guile, Bruce R., Quinn, James Brian Managing Innovation Cases from the Services Industries, National Academy Press, Washington (D.C.), January 1988, ISBN 0-309-03926-6
  • Hillier, David Money Transmission and the Payments Market, Financial World Publishing, Kent UK, January 2002, ISBN 0-85297-643-7
  • IESNA Committee Lighting for Automatic Teller Machines, Illuminating Engineering Society of North America, January 1997, ISBN 0-87995-122-2
  • Ikenson, Ben Patents: Ingenious Inventions How They Work and How They Came to Be, Gina Black Dog & Leventhal Publishers, Inc., April 2004, ISBN 1-57912-367-8
  • Mcall, Susan Resolution of Banking Disputes, Sweet & Maxwell, Ltd., December 1990, ISBN 0-85121-644-7
  • Peterson, Kirk Automated Teller Machine as a National Bank under the Federal Law, William S. Hein & Co., Inc., August 1987, ISBN 0-89941-587-3
  • Schneier, Bruce (January 2004). Secrets and Lies: Digital Security in a Networked World. John Wiley & Sons. ISBN 0-471-45380-3. 
  • Zotti, Ed Triumph of the Straight Dope, Random House, February 1999, ISBN 0-345-42008-X
  • The Fraudsters - How Con Artists Steal Your Money (ISBN 978-1-903582-82-4)by Eamon Dillon, published September 2008 by Merlin Publishing

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩২শ বছৰ (৫ম সংখ্যা): ৩৭. ১ - ১৫ ফেব্ৰুৱাৰি ২০১৩. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]