ওৱাংগালা উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


ওৱাংগালা
ওৱাংগালা
ওৱাংগালা নৃত্য
পালন কৰে গাৰো জনজাতি
প্ৰকাৰ কৃষিভিত্তিক উৎসৱ
জনগোষ্ঠীয় উৎসৱ

ওৱাংগালা গাৰো জনজাতিসকলৰ আটাইতকৈ উল্লেখযোগ্য উৎসৱ। ওৱাংগালা মূলতঃ গাৰো জনগোষ্ঠীৰ কৃষি ভিত্তিক অনুষ্ঠান হলেও কৃষিৰ লগত ইয়াৰ তেনে কোনো পোনপটীয়া সম্পৰ্ক নাই। আহিন কাতি মাহত খেতি চপোৱাৰ সময়ত গাৰো বিশ্বাসৰ শস্যৰ দেৱতা মিছিচালজংবা চালজং (সূৰ্যদেৱতা) দেৱতালৈ কৃতজ্ঞতাৰ চিন স্বৰূপে মদ-মাংসৰে উপচাৰ আগবঢ়োৱা হয় আৰু আনুষ্ঠানিক ভাৱে খামাল বা পুৰোহিতৰ দ্বাৰা চালজং দেৱতালৈ প্ৰাৰ্থনা জনোৱা হয়। ওৱাংগালা অনুষ্ঠানৰ প্ৰস্তুতি অৱশ্যে তেওঁলোকৰ খেতিৰ আৰম্ভণিৰ সময়ৰ পৰাই চলে। ইয়াৰ বাবে নিৰ্দিষ্ট কোনো দিন বাৰ থকাৰ কথা জনা নাযায়।[1] খেতি চপোৱাৰ পিছত সমজুৱাভাৱে মিলি দিন স্থিৰ কৰি লোৱা হয়। উৎসৱৰ নিৰ্দিষ্ট দিনত প্ৰথমে গাঁৱৰ মুখিয়াল নগাঁমা (গাঁওবুঢ়া)জনৰ ঘৰতে শস্য দেৱতাৰ নামত পূজা পতা হয়। মদ, মাংস আৰু ঘৰতে প্ৰস্তুত কৰা চু (লাওপানী) দেৱতালৈ আগবঢ়োৱা হয়। ইয়াৰ পিছত গোটেই গাঁওবাসীয়ে নকমাৰ ঘৰতে এসাঁজ খায়। খোৱা-বোৱাৰ অন্তত প্ৰথমে বয়সিয়াল লোকসকলে আৰু পিছত ডেকা- গাভৰুহঁতে নাচ-গান কৰে। পিছদিনা ৰাতিপুৱা গাঁওবাসী পুনৰ মুখিয়াল জনৰ ঘৰলৈ আহে তাতে চাচাতনামৰ ওৱাংগালাৰে আন এটি পৰ্ব পালন কৰে। চাচাতৰ বাবে ঢোল, খোল, নাগেৰা আৰু কাঁহৰ চৰিয়া আকৃতিৰ বাদ্য বজোৱা হয়। বয়সিয়াল লোকসকলে গাৰোসকলৰ নিজা মিল্লাম (ঢাল-তৰোৱাল) লৈ গ্ৰিকানামৰ এবিধনাচ নাচে। ডেকাসকলে চৰাই খেদাৰ নিচিনাকৈ মুখেৰে শব্দ কৰে। কোনো কোনো আঢ্যবন্ত মুখিয়ালৰ ঘৰত চাচাতৰ সময়ত ধুনী জ্বলোৱা ৰীতি প্ৰচলিত আছে। ইয়াৰ পিছত পানী মিহলি চাউলৰ গুড়িৰে ঘৰৰ বেৰত প্ৰলেপ দিয়া হয় আৰু উপস্থিত মানুহখিনিৰ গাতো ঘঁহি দিয়া দেখা যায়। ইয়াক এক পৱিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।[2] ইয়াৰ পিছতহে গাই-গুটীয়াভাৱে নিজৰ ঘৰত চাচাতপালন কৰা হয়। প্ৰত্যেক ঘৰ মানুহে ‘চু’প্ৰস্তুত কৰে। ঘৰে ঘৰে বনোৱা ‘চু’ হ'লেহে ওৱাংগালা উছৱৰ অন্ত পৰে। ওৱাংগালা উৎসৱৰ মুখ্য আকৰ্ষণ হ’ল ঢোল আৰু নাচৰ প্ৰতিযোগিতা। গাৰোৰ স্থানীয় গাঁও বিলাকৰ মাজত এই প্ৰতিযোগিতাবোৰ চলে। সৰু-ডাঙৰ সকলো শ্ৰেণীৰ মানুহে এই প্ৰতিযোগিতাত ভাগ ল’ব পাৰে। ইয়াৰ বাবে এশ এটা ডাঙৰ-দীঘল আকৃতিৰ ঢোল যোগাৰ কৰা হয়। ল’ৰা, ডেকা, বুঢ়া মানুহ, তিৰোতা সকলোৱে ইয়াত ভাগ ল’ব। পাৰে। নিজৰ জাতীয় পোছাক পৰিধান কৰি, মূৰত চৰাইৰ পাখি আৰু গছৰ পাত। আদি গুজি, নমাই হাতত এখন দা আৰু বয়সিয়ালসকলে মিল্লাম লৈ নাচে। তাৰ মাজৰপৰাই এটি শ্ৰেষ্ঠ দল বাছি উলিওৱা হয়। মুকলি পথাৰত বিৰাটজন সমূদ্ৰৰ মাজত এই ওৱাংগালা নৃত্য অনুষ্ঠিত হয়। বিহুৰ ৰাঙলী পৰিৱেশত অসমীয়া ডেকা- গাভৰুৱে চা-চিনাকি হোৱাৰ দৰে ওৱাংগালা উৎসৱতো গাৰো ডেকা-গাভৰুৰ হিয়া। দিয়া-নিয়াৰ সোণালী সুযোগ উপস্থিত হয়।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শৰ্মা গোস্বামী, প্ৰণতি. "ওৱাংগালা: অসমীয়া সংস্কৃতিৰ কণিকা". http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9939f19be9829979be9b29be. 
  2. অসমৰ সংস্কৃিত কোষ, ড॰ নাৰাষণ দাস, পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃষ্ঠা-১০৭
  3. অসমৰ সংস্কৃিত কোষ, পৃষ্ঠা-৩৭৫