ক'ল্ডপ্লে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক'ল্ডপ্লে
Coldplay members standing side-by-side onstage wearing costumes inspired by French revolutionaries
২০০৯ চনত ক'ল্ডপ্লে. বাওঁফালৰ পৰা সোঁফাললৈ: ক্ৰিচ মাৰ্টিন, গায় বেৰিমেন, জনী বাকলেণ্ড, ৱিল চেম্পিয়ন
প্ৰাথমিক তথ্য
আন নাম
  • Pectoralz (1996–97)
  • Starfish (1997–98)
মূল লণ্ডন, ইংলেণ্ড
সংগীতৰ প্ৰকাৰ
কাৰ্যকাল ১৯৯৬-বৰ্তমানলৈ
ৰেকৰ্ড লেবেল
সহযোগী 
ৱেবছাইট coldplay.com
সদস্য
* গায় বেৰিমেন


ক'ল্ডপ্লে (ইংৰাজী: Coldplay) হৈছে গায়ক তথা কীবৰ্ডীষ্ট ক্ৰীচ মাৰ্টিন আৰু মুখ্য গীটাৰিষ্ট জনী বাকলেণ্ডে ১৯৯৬ চনত লণ্ডনৰ য়ুনিভাৰ্ছিটী কলেজত প্ৰতিষ্ঠা কৰা এটা ব্ৰিটিছ ৰকবেণ্ড[5]। পেক্টৰেলজ(Pectoralz) নামেৰে গঠন হোৱাৰ কিছুদিন পাছত বেছিষ্ট(বেছ গীটাৰিষ্ট) হিচাপে গায় বেৰিমেনে যোগ দিয়ে আৰু তেওঁলোকে নামটো ষ্টাৰফিছ(Starfish)লৈ সলনি কৰে[6] । ৱিল চেম্পিয়নে পাছত বেকিং ভকেলিষ্ট আৰু ড্ৰামাৰ হিচাপে যোগদান কৰে। কলা পৰিচালকৰূপে থকা ফিল হাৰ্ভেক প্ৰায়ে বেণ্ডটোৰ পঞ্চমন সদস্য হিচাপে ধৰা হয়[7]। তেওঁলোকৰ তিনিটা এক্সটেণ্ডেড প্লে - ১৯৯৮ চনত ছেফটি(Safety ) আৰু ব্ৰাদাৰ এণ্ড ছিষ্টাৰ(Brothers & Sisters) আৰু ১৯৯৯ চনত দ্য ব্লু ৰুম(The Blue Room)ৰেকৰ্ডিং আৰু মুকলি কৰাৰ আগেয়ে বেণ্ডৰ নামটো ১৯৯৮ চনত "ক'ল্ডপ্লে"লৈ সলনি কৰে[8]। ২০০০ চনত তেওঁলোকৰ ছিংগল য়েল্ল'("Yellow") মুকলি কৰাৰ পাছত বিশ্বজোৰা খ্যাতি লভিবলৈ সক্ষম হয়। সেই বছৰতে তেওঁলোকৰ প্ৰথম এলবাম পেৰাছুটছে(Parachutes) মাৰ্কাৰি প্ৰাইজৰ বাবে মনোনয়ন লাভ কৰে। দ্বিতীয় এলবাম এ ৰাশ্ব অৱ ব্লাড টু দ্য হেড(A Rush of Blood to the Head)(২০০২) সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে অন্যান্য বঁটাৰ সৈতে NMEৰ বৰ্ষশ্ৰেষ্ঠ এলবাম সন্মান লাভ কৰে। তেওঁলোকৰ তাৰপাছৰ এলবাম এক্স & ৱাই(X&Y) ২০০৫ চনৰ সৰ্বাধিক বিক্ৰী হোৱা এলবাম হিচাপে পৰিগণিত হয় আৰু ধনাত্মক মন্তব্য লাভ কৰিবলৈ সক্ষম হয় যদিও কেইবাজনো সমালোচকে আগৰ এলবামকেইটাতকৈ মানদণ্ড কিছু কম হোৱা বুলি প্ৰকাশ কৰিছিল। তেওঁলোকৰ চতুৰ্থ এলবাম ভিভা লা ভিডা অৰ ডেথ এন্ড অল হিজ ফ্ৰেণ্ডছ(২০০৮)Viva la Vida or Death and All His Friends (2008), ব্ৰায়ন ইনোৱে প্ৰযোজনা কৰিছিল আৰু এই এলবামটোৱে সমালোচকৰ যথেষ্ট ধনাত্মক মন্তব্য লাভ কৰাৰ লগতে ৫১ সংখ্যক গ্ৰেমী বঁটা আজুৰি আনিছিল[9]। ২০১২২ চনৰ অক্টোবৰ মাহত ক'ল্ডপ্লেই তেওঁলোকৰ পঞ্চম এলবাম মাইল' যিল'ট'(Mylo Xyloto) মুকলি কৰে, যিটো ৩৪ খন দেশৰ চাৰ্টবাষ্টাৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ২০১১ চনৰ UKৰ সৰ্বাধিক বিক্ৰী হোৱা ৰক এলবাম হিচাপে পৰিগণিত হয় আৰু সমালোচকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰে[10]।২০১৪ চনৰ মে' মাহত তেওঁলোকে ষষ্ঠ এলবাম ঘষ্ট ষ্টৰীজ(Ghost Stories) মুকলি কৰে আৰু এইটো এলবামেও মিশ্ৰিত প্ৰতিক্ৰিয়াৰ লগতে কেইবাখনো দেশৰ এলবাম চাৰ্টৰ শীৰ্ষস্থান লভিবলৈ সক্ষম হয়। ২০১৫ চনৰ ডিচেম্বৰত তেওঁলোকে সপ্তম এলবাম এ হেড ফুল অৱ ড্ৰিমজ( A Head Full of Dreams) মুকলি কৰে আৰু কেইবাখনো মুখ্য বজাৰৰ শীৰ্ষ দুটা স্থানৰ ভিতৰত থকাৰ লগতে মিশ্ৰিত সমালোচনা লাভ কৰে।

ক'ল্ডপ্লেই ২০৯ বাৰ মনোনয়ন লাভ কৰাৰ ভিতৰত ৬২ টা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে- যাৰ ভিতৰত আছে নটা ব্ৰীট এৱাৰ্ড- চাৰিবাৰ শ্ৰেষ্ঠ ব্ৰিটিছ গ্ৰুপ-পাঁচবাৰ এম টিভি ভিডিঅ'মিউজিক এৱাৰ্ড আৰু ৩১ টা মনোনয়নৰ ভিতৰত সাতটা গ্ৰেমী এৱাৰ্ড[11]। ২০০৯ চনৰ ডিচেম্বৰ মাহত ৰলিং ষ্টনৰ পাঠকসকলে ২০০০চনৰ ফ'ৰ-বেষ্ট-আৰ্টিষ্ট হিচাপে ভোটদান কৰে[12]। ক'ল্ডপ্লেই বিভিন্ন সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো সহায় আগবঢ়াইছে যেনে অক্সফামৰ মেক ট্ৰেড ফেয়াৰ কেম্পেইন( Make Trade Fair campaign) আৰু এমেষ্টি ইণ্টাৰনেছনেল(Amnesty International)। তেওঁলোকে সাহায্যাৰ্থে কৰা কিছুমান প্ৰদৰ্শনৰ ভিতৰত Band Aid 20, Live 8, Sound Relief, Hope for Haiti Now: A Global Benefit for Earthquake Relief, One Love Manchester, The Secret Policeman's Ball, Sport Relief আৰু the UK Teenage Cancer Trust অন্যতম[13]

ইতিহাস[সম্পাদনা কৰক]

১৯৯৬-১৯৯৯: গঠন আৰু প্ৰথম বৰ্ষ[সম্পাদনা কৰক]

ক্ৰিচ মাৰ্টিন আৰু জনি বাকলেণ্ডে ১৯৯৬ চনৰ ছেপ্টেম্বৰ মাহত য়ুনিভাৰ্ছিটী কলেজ, লণ্ডনৰ অৰিয়েণ্টেছন সপ্তাহত লগ পায়[14]। পাছৰ গোটেই বছৰকেইটা তেওঁলোকে এটা বেণ্ড খোলাৰ পৰিকল্পনা কৰে আৰু অৱশেষত পেক্টৰলজ(Pectoralz) নামৰে এটা বেণ্ড গঠন হয়[5]। মাৰ্টিন আৰু বাকলেণ্ডৰ বন্ধু গায় বেৰিমেনে পাছত বেণ্ডত যোগ দিয়ে। ১৯৯৭ চনত ইতিমধ্যে তেওঁলোকে নামটো ষ্টাৰফিচলৈ সলনি কৰে আৰু সৰু সৰু ক্লাববোৰত প্ৰদৰ্শন কৰিবলৈ লয়[6]। মাৰ্টিনে তেওঁৰ বিদ্যালয়ৰ বন্ধু ফিল হাৰ্ভেক বেণ্ডৰ পৰিচালক হিচাপে লয়[15]। ৱিল চেম্পিয়নে ড্ৰামাৰ হিচাপে যোগ দিয়াৰ পাছত তেওঁলোক সম্পূৰ্ণ হয়। ৱিলে পিয়ান', গীটাৰ, বেচ আদি বজাইছিল যদিও পাছত খুব সোনকালেই ড্ৰাম বজাবলৈ শিকি লয়। টিম ক্ৰম্পটন নামৰ এজন ছাত্ৰই তেওঁৰ নিজৰ বেণ্ডৰ বাবে ব্যৱহাৰ কৰা নামটো পৰামৰ্শ কৰা মতে ষ্টাৰফিছৰ পৰা নামটো ক'ল্ডপ্লে কৰা হয়[8]

সংগীত শৈলী[সম্পাদনা কৰক]

মাৰ্টিনৰ মতে তেওঁলোকে "limestone rock" সংগীত সৃষ্টি কৰে[16]। বেণ্ডটোৰ সংগীতক মেডিএটভ আৰু ব্লু ৰোমাণ্টিক হিচাপে অভিহিত কৰা হৈছে। ক'ল্ডপ্লেই পষ্ত ব্ৰীটপপ বেণ্ড হিচাপে আৰম্ভ হৈছিল। ১৯৯০ৰ শেষৰ ফালে, তেওঁলোকৰ সংগীতত ড্ৰীম পপৰ সোৱাদ পপোৱা গৈছিল। তেওঁলোকৰ দ্বিতীয় এলবাম এ ৰাশ্ব টু দ্য ব্লাড আছিল ইক & দ্য বান্নিমেন, কেট বুশ্ব,জৰ্জ হেৰিচন আদিৰ দৰে আৰ্টিষ্টৰ অনুপ্ৰেৰণা। তৃতীয় এলবামটোৰ সংগীত শৈলী আৰ্ট ৰকৰ ফালে সলনি হয়।

বেণ্ডৰ সদস্য[সম্পাদনা কৰক]

  • গায় বেৰিমেন - বেছ গীটাৰ, বেকিং ভকেল, পিয়ান', কীবৰ্ড
  • জনী বাকলেণ্ড - লীড গীটাৰ, বেকিং ভকেল, পিয়ান', কীবৰ্ড
  • ৱিলি চেম্পিয়ন - ড্ৰাম, পাৰ্কাচন, বেকিং ভকেল, পিয়ান', কীবৰ্ড, গীটাৰ
  • ক্ৰীচ মাৰ্টিন - মুখ্য গায়ক, গীটাৰ, পিয়ান', কীবৰ্ড, ছিন্থেচাইজাৰ

ডিস্কগ্ৰাফী[সম্পাদনা কৰক]

  • পেৰাছ্যুট(২০০০)
  • এ ৰাশ্ব অৱ ব্লাড টু দ্য হেড(২০০২)
  • এক্স & ৱাই (২০০৫)
  • ভিভা লা ভিডা অৰ ডেথ এণ্ড অল হীজ ফ্ৰেণ্ডছ
  • মাইল যিল'ট' (২০১১)
  • ঘ'ষ্ট ষ্ট'ৰীজ
  • এ হেড ফুল অৱ ড্ৰীমজ(২০১৫)

কনচাৰ্ট ট্যুৰ[সম্পাদনা কৰক]

  • পেৰাছ্যুট ট্যুৰ (২০১১-০১)
  • এ ৰাশ্ব অৱ ব্লাড টু দ্য হেড ট্যুৰ (২০০২-০৩)
  • টুইষ্টেড লজিক ট্যুৰ (২০০৫-০৭)
  • ভিভা লা ভিডা ট্যুৰ (২০০৮-১০)
  • ঘ'ষ্ট ষ্ট'ৰীজ ট্যুৰ (২০১৪)
  • এ হেড ফুল অৱ ড্ৰীমজ ট্যুৰ (২০১৬- )

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

ক'ল্ডপ্লেই ২০৯ বাৰ মনোনয়ন লাভ কৰাৰ ভিতৰত ৬২ টা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে- যাৰ ভিতৰত আছে নটা ব্ৰীট এৱাৰ্ড- চাৰিবাৰ শ্ৰেষ্ঠ ব্ৰিটিছ গ্ৰুপ-পাঁচবাৰ এম টিভি ভিডিঅ'মিউজিক এৱাৰ্ড আৰু ৩১ টা মনোনয়নৰ ভিতৰত সাতটা গ্ৰেমী এৱাৰ্ড।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Deusner, Stephen M. (1 June 2009). "Coldplay: LeftRightLeftRightLeft | Album Reviews". Pitchfork. http://pitchfork.com/reviews/albums/13074-leftrightleftrightleft/। আহৰণ কৰা হৈছে: 11 September 2011. 
  2. Dowling, Stephen (19 August 2005). "Entertainment | Are we in Britpop's second wave?". BBC News. http://news.bbc.co.uk/2/hi/entertainment/4745137.stm। আহৰণ কৰা হৈছে: 11 September 2011. 
  3. "Coldplay, Satriani Copyright Lawsuit Dismissed". 15 September 2009. 
  4. "Yahoo – Coldplay album 'Ghost Stories'". 15 January 2015. 
  5. 5.0 5.1 Ali, Mehreen F. (26 November 2005). "All That Is Cold play". Dawn. Archived from the original on 1 June 2008. https://web.archive.org/web/20080601192601/http://www.dawn.com/weekly/yworld/archive/051126/yworld6.htm। আহৰণ কৰা হৈছে: 1 May 2008. 
  6. 6.0 6.1 (Roach 2003, পৃষ্ঠা 19)
  7. "Newsreel: An appeal to Wikipedia enthusiasts". coldplay.com. Archived from the original on 9 August 2017. https://web.archive.org/web/20170809171008/http://www.coldplay.com/newsdetail.php?id=80। আহৰণ কৰা হৈছে: 7 May 2016. 
  8. 8.0 8.1 "Newsreel: An appeal to Wikipedia enthusiasts". coldplay.com. Archived from the original on 9 August 2017. https://web.archive.org/web/20170809171008/http://www.coldplay.com/newsdetail.php?id=80। আহৰণ কৰা হৈছে: 22 September 2014. 
  9. "Nominations for the 51st Grammy Awards". USA Today. 3 December 2008. http://www.usatoday.com/life/music/awards/grammys/2008-12-03-grammy-nominations_N.htm। আহৰণ কৰা হৈছে: 28 December 2008. 
  10. "Coldplay, Noel Gallagher and Foo Fighters revealed as biggest selling rock acts of 2011". NME.COM. 17 January 2012. http://www.nme.com/news/various-artists/61476। আহৰণ কৰা হৈছে: 22 September 2014. 
  11. McCormick, Neil (14 December 2015). "Coldplay: 'Rock music has nowhere left to go’". The Telegraph. http://www.telegraph.co.uk/music/artists/coldplay-rock-music-has-nowhere-left-to-go/. 
  12. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; MTV2009 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  13. (Roach 2003, পৃষ্ঠা 122)
  14. "Front Row King". frontrowking.com. Archived from the original on 14 May 2014. https://web.archive.org/web/20140514030523/http://frontrowking.com/coldplay-tickets/index.html। আহৰণ কৰা হৈছে: 13 May 2014. 
  15. (Roach 2003, পৃষ্ঠা 22)
  16. Caroline Hedley (9 February 2009). "Grammy awards 2009: Coldplay lead British triumph". The Daily Telegraph (UK). http://www.telegraph.co.uk/culture/music/4565494/Grammy-awards-2009-Coldplay-lead-British-triumph.html। আহৰণ কৰা হৈছে: 31 March 2009.