কন্যাক নগা জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কন্যাক
মুঠ জনসংখ্যা
৩২০,০০০ প্ৰায় ( ভাৰত আৰু বাৰ্মা)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
নাগালেণ্ড আৰু নগা স্বায়ত্ব-শাসিত অঞ্চল
ভাষাসমূহ

কন্যাক ভাষা

ধৰ্ম

খ্ৰীষ্টান ধৰ্ম আৰু এনিমিজম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

ৱাংচু, অন্যান্য নাগা লোক

পৰম্পৰাগত পোছাকত কন্যাক জনজাতিৰ এজন প্ৰধান

কন্যাকসকল নগা জনজাতি গোটবোৰৰ ভিতৰত এটা।[1] নাগালেণ্ডৰ মন জিলা, অৰুণাচল, অসম আৰু ম্যানমাৰৰ কাষৰীয়া অঞ্চলত বাস কৰা কন্যাক হৈছে নাগালেণ্ডৰ অন্যতম মুখ্য জনজাতি। তেওঁলোক মঙ্গোল জাতিত অন্তৰ্ভুক্ত আৰু ভাষিকভাৱে তিব্বত-বাৰ্মা পৰিয়ালৰ নাগা-কুকি গোটত অন্তৰ্ভুক্ত।[2] উত্তৰ পূব ভাৰতৰ নাগালেণ্ডৰ ১৬টা জনজাতিৰ ভিতৰত কন্যাকসকল আটাইতকৈ ডাঙৰ। [3] নাগালেণ্ডত, তেওঁলোক থকা ঠাইখন 'আংঘসকলৰ দেশ' বুলিও জনাজাত। আংঘ বা ৱাংঘসকল এই জাতিৰ পৰম্পৰাগত মুৰব্বী সেয়ে তেওঁলোকে সকলোৰে পৰা উচ্চ সন্মান অৰ্জন কৰে। তেওঁলোকে শত্ৰুৰ মূণ্ড চিকাৰ কৰি সন্মানৰ চিহ্ন হিচাপে মুখত টেটু অৰ্জন কৰে।[4] কন্যাকসকলৰ অন্যতম পৰম্পৰাগত পেচাবোৰ হৈছে: বন্দুকমেৰামতিৰ কাম, লোৰ কাম, পিতলৰ কাম, আৰু বাৰুদ নিৰ্মাণ। তেওঁলোকে 'জাংলাউ' আৰু কাঠৰ ভাস্কৰ্য নিৰ্মাণত পাৰদৰ্শী। জাংলাউ নামৰ সঁজুলিটো অত্যন্ত বহুমুখী, কিয়নো ই চুৰি আৰু কুঠাৰ দুয়োটা হিচাপে কাম কৰিব পাৰে।

উৎসৱ[সম্পাদনা কৰক]

আওলিয়াং হৈছে কন্যাকসকলৰ মুখ্য উৎসৱ। এপ্ৰিলৰ প্ৰথম সপ্তাহত (১-৬ তাৰিখ) বসন্তক স্বাগতম জনোৱাৰ বাবে আৰু লগতে বীজ ৰোপণৰ আগতে ভূমিত সৰ্বশক্তিমানৰ (কাৱাং) আশীৰ্বাদ পোৱাৰ বাবে উদযাপন কৰা হয় এই উৎসৱ। তেওঁলোকৰ আন এক উৎসৱ লাও অং মো, হৈছে আগষ্ট/ছেপ্টেম্বৰ মাহত উদযাপন কৰা পৰম্পৰাগত শস্য চপোৱা উৎসৱ।[5]

সমাজ[সম্পাদনা কৰক]

কন্যাকসকল ভাৰতৰ উত্তৰ পূব অঞ্চলৰ অৰুণাচল প্ৰদেশৰ টিৰাপ, লংডিং আৰু চাংলাং জিলাত বাস কৰে; অসমৰ চিবসাগৰ জিলাতো তেওঁলোকৰ বসতি। তেওঁলোকক অৰুণাচল প্ৰদেশত ʼৱাংচুʼ বুলি জনা যায় ('ৱাংচু' হৈছে 'কন্যাক'ৰ সমাৰ্থক শব্দ)। জাতিগত, সাংস্কৃতিক আৰু ভাষিকভাৱে একেখন চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নকট আৰু টাংচাও কন্যাকসকলৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্ক। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা নাগা জনজাতিসকলৰ ভিতৰত কন্যাকসকল অন্তিম জনজাতি আছিল। অতীতত, তেওঁলোকে ওচৰৰ গাওঁবোৰত আক্ৰমণ কৰাৰ বাবে কুখ্যাত আছিল, যাৰ ফলত প্ৰায়ে বিৰোধী যোদ্ধাসকলৰ শিৰশ্ছেদ হৈছিল। শিৰশ্ছেদ কৰা মুৰবোৰ ট্ৰফী হিচাপে লোৱা হৈছিল আৰু সাধাৰণতে 'বান' (এটা সাম্প্ৰদায়িক ঘৰ)ত ওলমাই দিয়া হৈছিল। চিকাৰ কৰা নৰমুণ্ডৰ সংখ্যাই এজন যোদ্ধাৰ শক্তিসূচিত কৰিছিল। কিছুমান মানুহে নৰমুণ্ড চিকাৰক তেওঁলোকৰ দৈনন্দিন জীৱনৰ বৃত্তি হিচাপে গণ্য কৰিছিল। তেওঁলোকে গাওঁখনক শত্ৰুৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰিছিল। তেওঁলোকক গাওঁখনৰ উদ্ধাৰকৰ্তা হিচাপে গণ্য কৰা হৈছিল। [6] শিৰশ্ছেদ অভিযানবোৰ প্ৰায়ে কিছুমান অন্ধবিশ্বাসৰ দ্বাৰা পৰিচালিত হৈছিল, যেনে সন্মান, সংহতি আনুগত্য আৰু ত্যাগৰ নীতি। খ্ৰীষ্টান ধৰ্মপ্ৰচাৰক আৰু ব্ৰিটিছ শাসনৰ প্ৰচেষ্টাৰ ফলত বিংশ শতিকাৰ আৰম্ভণিতে নৰমুণ্ড চিকাৰ প্ৰথাৰ সমাপ্তি ঘটিছিল।[7] জনজাতীয় সদস্যসকলে তেওঁলোকৰ প্ৰত্যেকে নিজৰ কৰ্তব্য আৰু দায়িত্বক কঠোৰভাৱে পালন কৰি এক অতি শৃংখলাবদ্ধ সামূহিক জীৱন বজাই ৰাখে। এজন ধৰ্মপ্ৰচাৰকে জনাইছিল যে কিছুমান কন্যাক জনজাতিয়ে তেওঁলোকৰ শত্ৰুৰ পৰা লোৱা প্ৰকৃত দাঁতৰ মালা পিন্ধাও দেখা গৈছিল।[8]

ভাষা[সম্পাদনা কৰক]

কন্যাক ভাষাটো চীন-তিব্বতৰ চাল পৰিয়ালৰ উত্তৰ নগা উপশাখাৰ অন্তৰ্গত বুলি উদ্ধৃতি পৌৱাযায়।[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 'Konyak Nagas' by Christoph von Furer-Haimendorf, (1969)
  2. Pradheep, K., Pandey, A., & Bhatt, K. C. (2016). Wild edible plants used by Konyak tribe in Mon district of Nagaland: Survey and inventorisation. Indian Journal of Natural Products and Resources (IJNPR)[Formerly Natural Product Radiance (NPR)], 7(1), 74-81.
  3. Pandey, D. K., Adhiguru, P., & De, H. K. (2019). Attachment to shifting cultivation among Konyak Naga tribe in Eastern Himalaya: choice or compulsion?. Current Science, 116(8), 1387.
  4. "Portraits of India's last tattooed headhunters before they disappear". https://qz.com/india/1136007/the-konyaks-of-nagaland-indias-famed-tattooed-headhunters-are-a-vanishing-tribe/. 
  5. La, K. Altruistic World Online Library., https://survivorbb.rapeutation.com/viewtopic.php?f=60&t=4204&start=237
  6. Penzu, T. (2009). Ancient Naga head hunters: lives and tales in prose and poetry. Mittal Publications.
  7. Penzu, T. (2009). Ancient Naga head hunters: lives and tales in prose and poetry. Mittal Publications.
  8. Hutton, J. H. (1928). The Significance of Head-Hunting in Assam. The Journal of the Royal Anthropological Institute of Great Britain and Ireland, 58, 399-408.; https://www.jstor.org/stable/pdf/2843630.pdf?casa_token=kPNUaBQX6IAAAAAA:rcPIxWJuyb2yhrIueYTVs3KgBJI421YIKhUxInyGmhJSPt9eu0DaLi8gPzfdxnH64zAKdQdYObJ9RqP1A1O0JTze9tt72J9yTlohE_7aZGFI0Hdo5w
  9. Coupe, A. R. (2012). Overcounting numeral systems and their relevance to subgrouping in the Tibeto-Burman languages of Nagaland. Language and Linguistics, 13(1), 193-220. https://dr.ntu.edu.sg/bitstream/10220/24045/1/Overcounting%20numeral%20systems%20and%20their%20relevance%20to%20sub-grouping%20in%20the%20Tibeto-Burman%20languages%20of%20Nagaland.pdf