কন চুতিয়ানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কন চুতিয়ানী বিয়াল্লিছৰ আন্দোলনৰ এগৰাকী সংগ্ৰামী মহিলা৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ বিভিন্ন ঠাইৰ পৰা সমদল কৰি অহা জনতাৰ মাজত তেঁৱো আছিল৷ সেই সমদল প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা কৰিছিল আৰু লাঠীচালনাত কন চুতীয়ানী আন বহুতৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল৷ সেই আঘাততে শৰীৰ ভাগি পৰা কন চুতীয়ানীৰ কিছুদিন পিছতে মৃত্যু হয়৷[1]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "দেশৰ হকে প্ৰাণ ত্যাগ কৰা .....". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 25 August 2023.