সমললৈ যাওক

কবিতা কৃষ্ণণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কবিতা কৃষ্ণণ
সৰ্বভাৰতীয় প্ৰগতিশীল মহিলা সমিতিৰ সম্পাদিকা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৭
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তিৰ সদস্য
কাৰ্যকাল
২০১৬ – ২০২২
ব্যক্তিগত তথ্য
জন্ম
কবিতা কৃষ্ণণ

১৯৭৩ (বয়স ৫০–৫১)[1]
কোনোৰ, তামিলনাডু[1]
ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তি
শিক্ষা মুম্বাই বিশ্ববিদ্যালয়
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
পেচা ৰাজনীতিবিদ
নাৰী অধিকাৰ কৰ্মী

কবিতা কৃষ্ণণ (ইংৰাজী: Kavita Krishnan) হৈছে এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ পিছত নাৰীৰ ওপৰত হোৱা হিংসাজনিত সমস্যা সম্পৰ্কে প্ৰচাৰ কৰিছিল।[2]

কবিতা কৃষ্ণণ “ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তি”ৰ সদস্য আছিল আৰু দুটা দশকৰো অধিক সময় ধৰি ইয়াৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল। দলটোৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া প্ৰকাশন “লিবাৰেচন”[3]ৰ তেওঁ সম্পাদিকা আৰু সৰ্বভাৰতীয় প্ৰগতিশীল মহিলা সমিতিৰো (AIPWA) সম্পাদিকা আছিল।[4]


শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তামিলনাডুৰ কোনোৰৰ এটা তামিল পৰিয়ালত কবিতা কৃষ্ণণৰ জন্ম হৈছিল। তেওঁ ছত্তীশগড়ৰ ভিলাইত ডাঙৰ-দীঘল হৈছিল।[1] দেউতাকে ষ্টীল প্লাণ্টত অভিযন্তা হিচাপে কাম কৰাৰ বিপৰীতে মাকে ইংৰাজী পঢ়ুৱাইছিল। মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা কবিতা কৃষ্ণণে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এমফিল লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

কবিতা কৃষ্ণণে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত (মুম্বাই বিশ্ববিদ্যালয়ৰ সংযুক্ত কলেজ) অৰুণ ফেৰেইৰাৰ নেতৃত্বত নাট্যগোষ্ঠীৰ অংশগ্ৰহণ কৰি বাটৰ নাট আৰু প্ৰতিবাদ কৰিছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পিছৰে পৰা তেওঁ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৯৫ চনত ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদিকা হিচাপে নিৰ্বাচিত হৈছিল।[5] সেই সময়ত কবিতা কৃষ্ণণ “নিখিল ভাৰত ছাত্ৰ সমিতি”ৰ (আইছা; AISA) সদস্যা আছিল। ছাত্ৰ নেতা চন্দ্ৰশেখৰ প্ৰসাদক লগ পোৱাৰ পাছৰে পৰা তেওঁ ৰাজনীতিত অধিক সক্ৰিয় হৈ পৰে। ছাত্ৰ নেতা চন্দ্ৰশেখৰ প্ৰসাদো জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ আছিল আৰু আইছাৰ সদস্য আছিল। ১৯৯৭ চনৰ ৩১ মাৰ্চত বিহাৰৰ ছিৱানত ৰাজপথৰ এখন সভাত ভাষণ দি থকা অৱস্থাত সহযোগী চি. পি. আই. (এম. এল.) নেতা শ্যাম নাৰায়ণ যাদৱৰ সৈতে চন্দ্ৰশেখৰক হত্যা কৰা হৈছিল। এই ঘটনাৰ পিছতে সমাজকৰ্মী হিচাপে কবিতা কৃষ্ণণৰ জীৱন সলনি হৈ পৰিল। কৃষ্ণণ যুটীয়া সম্পাদক নিৰ্বাচিত হোৱাৰ এবছৰৰ আগতে জে. এন. ইউ. ছাত্ৰ সন্থাৰ সভাপতি হিচাপে থকা চন্দ্ৰশেখৰে প্ৰথমে তেওঁৰ আবেগক স্বীকাৰ কৰিছিল আৰু মহিলাৰ অধিকাৰৰ বাবে পূৰ্ণকালীন কাম কৰিবলৈ পৰামৰ্শ দিছিল।[6] চান্দুৰ (জে. এন. ইউ.ৰ শিক্ষাৰ্থীসকলে চন্দ্ৰশেখৰক মৰমতে চান্দু বুলি মাতিছিল) হত্যাৰ পিছত জে এন ইউৰ হাজাৰ হাজাৰ ছাত্ৰই গণ বিক্ষোভত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাক্তন সাংসদ সদস্য মহম্মদ চাহাবুদ্দিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়, কাৰণ শিক্ষাৰ্থীসকলে বিশ্বাস কৰিছিল যে তেওঁৰ লোকে এই আক্ৰমণ সংঘটিত কৰিছিল।[7] দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা কৃষ্ণণ সহিতে সকলো প্ৰতিবাদকাৰীক লালু যাদৱৰ লোকে আক্ৰমণ কৰিছিল।[8] প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত তেওঁক আঠ দিন কাৰাগাৰত আবদ্ধ কৰি ৰাখিছিল।[9][10]

২০১২ চনত ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীত ২৩ বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ পিছত সংঘটিত হোৱা ধৰ্ষণ বিৰোধী ব্যাপক প্ৰতিবাদৰ সময়ত অন্যতম প্ৰভাৱশালী কৰ্মী[11] হিচাপে কবিতা কৃষ্ণণৰ বক্তৃতাসমূহে যথেষ্ট অৰিহণা যোগাইছিল। দিল্লীৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ ঘৰৰ বাহিৰত হোৱা প্ৰতিবাদস্থলীত তেওঁ দিয়া এটা ভাষণ ইউটিউবত ব্যাপকভাৱে প্ৰচাৰিত হৈছিল।[12]

২০২২ চনৰ ১ ছেপ্টেম্বৰত এটা ফেচবুক পোষ্টৰ জৰিয়তে কৃষ্ণণে চি.পি.আই. (এম.এল.) মুক্তি দলৰ তেওঁ দলৰ সাধাৰণ সদস্য হৈ থাকিব কিন্তু বাকী সকলো পদবী আৰু দায়িত্বৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। চীন আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সৈতে জড়িত বিভিন্ন বিষয়ত নেতৃত্বৰ সৈতে তেওঁৰ মতানৈক্যৰ পৰিণতি হিচাপে তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইয়াৰ আগৰ মাহবোৰত তেওঁ প্ৰায়ে সমাজবাদী আৰু কমিউনিষ্ট শাসন ব্যৱস্থাক সমালোচনা কৰিছিল।[13][14]

  • ফিয়েৰলেছ ফ্ৰীডম (Fearless Freedom) ২০২০ চনৰ মে’ মাহত প্ৰকাশ পাইছিল।

স্বীকৃতি

[সম্পাদনা কৰক]

২০১৪ চনৰ “বিবিচিৰ ১০০ গৰাকী মহিলা”ৰ ভিতৰত অন্যতম হিচাপে কবিতা কৃষ্ণণে স্বীকৃতি লাভ কৰিছিল।[15]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "The Mass Mobiliser". Archived from the original on 12 December 2015. https://web.archive.org/web/20151212011847/http://indiatoday.intoday.in/story/cpiml-activist-kavita-krishnan-on-delhi-gangrape-december-16/1/242792.html. 
  2. Kumar, Sanjay. "Interview with Kavita Krishnan". The Diplomat. Archived from the original on 23 May 2014. https://web.archive.org/web/20140523153826/https://thediplomat.com/2014/01/kavita-krishnan/। আহৰণ কৰা হৈছে: 30 May 2014. 
  3. "CPI (ML) Liberation | Links International Journal of Socialist Renewal". links.org.au. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303172210/http://links.org.au/taxonomy/term/65। আহৰণ কৰা হৈছে: 2016-02-22. 
  4. "AIPWA blog". AIPWA. Archived from the original on 31 May 2014. https://web.archive.org/web/20140531091025/http://aipwa-aipwa.blogspot.com/। আহৰণ কৰা হৈছে: 30 May 2014. 
  5. Iqbal, Naveed. "The making of an activist". The Indian Express. Archived from the original on 2 July 2015. https://web.archive.org/web/20150702100958/http://archive.indianexpress.com/news/the-making-of-an-activist/1084817/0। আহৰণ কৰা হৈছে: 25 March 2015. 
  6. Bazliel, Sharla. "Kavita Krishnan on Delhi gangrape". India Today. Archived from the original on 12 December 2015. https://web.archive.org/web/20151212011847/http://indiatoday.intoday.in/story/cpiml-activist-kavita-krishnan-on-delhi-gangrape-december-16/1/242792.html। আহৰণ কৰা হৈছে: 25 March 2015. 
  7. Staff Reporter (2012-03-24). "Three sentenced to life in Chandrasekhar murder case". The Hindu. Archived from the original on 27 February 2014. https://web.archive.org/web/20140227080204/http://www.thehindu.com/news/national/other-states/three-sentenced-to-life-in-chandrasekhar-murder-case/article3220897.ece। আহৰণ কৰা হৈছে: 25 March 2015. 
  8. Joshi, Rajesh. "Red Island Erupts". Outlook. Archived from the original on 4 April 2015. https://web.archive.org/web/20150404154035/http://www.outlookindia.com/article/Red-Island-Erupts/203394। আহৰণ কৰা হৈছে: 25 March 2015. 
  9. Krishnan, Kavita. "Tongueless in Tihar". Tehelka. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402185852/http://archive.tehelka.com/story_main16.asp?filename=Cr030406Tongueless.asp। আহৰণ কৰা হৈছে: 25 March 2015. 
  10. "INDIA: Student leader arrested for 1997 protest". Green Left Weekly. 2016-09-05. Archived from the original on 23 October 2015. https://web.archive.org/web/20151023054429/https://www.greenleft.org.au/node/34635। আহৰণ কৰা হৈছে: 25 March 2015. 
  11. Ray, Tinku. "NPR Blogs". NPR. Archived from the original on 21 March 2015. https://web.archive.org/web/20150321095317/http://www.npr.org/blogs/goatsandsoda/2015/03/10/392111392/an-anti-rape-activist-is-disturbed-by-indias-daughter। আহৰণ কৰা হৈছে: 25 March 2015. 
  12. "Kavita Krishnan, Secretary of the All India Progressive Women's Association (AIPWA)". YouTube. Archived from the original on 28 March 2015. https://web.archive.org/web/20150328092642/https://www.youtube.com/watch?v=pbOhDJFc0Dc। আহৰণ কৰা হৈছে: 26 March 2015. 
  13. Scroll Staff (2 September 2022). "Kavita Krishnan quits all posts in CPI(M-L) after calling Soviet regime, China autocratic" (en-US ভাষাত). Scroll.in. https://scroll.in/latest/1031872/kavita-krishnan-quits-all-posts-in-cpi-m-l-after-calling-soviet-regime-china-autocratic। আহৰণ কৰা হৈছে: 2022-09-03. 
  14. Sharma, Unnati (2022-09-02). "'Left not fully consistent, coherent about democracy', says Kavita Krishnan after CPI(M-L) exit" (en-US ভাষাত). ThePrint. https://theprint.in/politics/left-not-fully-consistent-coherent-about-democracy-says-kavita-krishnan-after-cpim-l-exit/1113426/। আহৰণ কৰা হৈছে: 2022-09-03. 
  15. "Who are the 100 Women 2014?" (en-GB ভাষাত). BBC News. 2014-10-26. https://www.bbc.com/news/world-29758792.