কমলা পান্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলা পান্ত

২০১৫ চনত কমলা পান্ত
ৰাষ্ট্ৰীয়তা ভাৰতীয়


কমলা পান্ত (ইংৰাজী: Kamla Pant; জন্ম: ১৮ ডিচেম্বৰ ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় নাৰীবাদী, ৰাজনীতিবিদ আৰু নাৰী অধিকাৰ কৰ্মী[1] তেওঁ ২০০০ চনত পৃথক উত্তৰাখণ্ড ৰাজ্য গঠনৰ বাবে হোৱা উত্তৰাখণ্ড আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।

প্ৰাথমিক জীৱন[সম্পাদনা কৰক]

১৯৫৬ চনৰ ১৮ ডিচেম্বৰত উত্তৰাখণ্ডৰ চামোলী জিলাৰ এক শ্ৰমিক পৰিয়ালত কমলা পান্তৰ জন্ম হৈছিল। বিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁ বিভিন্ন ছাত্ৰ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। চিপকো আন্দোলনৰ সৈতে জড়িত কৰ্মীসকলৰ সংস্পৰ্শলৈ অহাৰ পিছৰে পৰা তেওঁৰ সামাজিক সক্ৰিয়তা আৰম্ভ হৈছিল।[2] কমলা পান্তই কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে কুমাওন বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও লাভ কৰে। ৮০ৰ দশকত তেওঁ কুমাওনত উকীল হিচাপে কাম কৰিছিল, অঞ্চলটোৰ কম সংখ্যক মহিলা উকীলৰ ভিতৰত তেওঁ এগৰাকী অন্যতম উকীল আছিল।

শামসেৰ সিং বিষ্ট আৰু উত্তৰাখণ্ড সংঘৰ্ষ বাহিনী অন্য সহকৰ্মীৰ সৈতে কমলা পান্ত চিপকো আন্দোলনৰ সৈতে জড়িত মূল নেতা আছিল।[3] ১৯৮৪ চনৰ ভিতৰত পান্তৰ সামাজিক সক্ৰিয়তা আৰু আন্দোলন ৰাজনীতিৰ পটভূমিয়ে নতুন গতি লাভ কৰে যেতিয়া উত্তৰাখণ্ড সংঘৰ্ষ বাহিনীৰ নেত্ৰী হিচাপে তেওঁ কুমাওনত বিখ্যাত “নচা নাহি ৰোজগাৰ দো” (নিচা নহয়, কৰ্মসংস্থান দিয়ক) আন্দোলনৰ নেতৃত্ব দিয়ে। এই আন্দোলনত তেওঁ ১১ দিন উপবাসে থাকি অনশন কৰিছিল আৰু তেওঁৰ উপবাস ভাঙিবৰ বাবে উতিতৰ প্ৰদেশ চৰকাৰে চৰকাৰে কুমাওনৰ গ্ৰাম্য অঞ্চলত সুৰা সম্পূৰ্ণ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল। কুমাওনৰ তাৰাই অঞ্চলত তেওঁ ভাড়াতীয়া কৃষক সকলৰ অধিকাৰৰ বাবে কাম কৰিছিল। মহিলাৰ অধিকাৰৰ বাবেও কাম কৰিছিল, নাৰী সৰবৰাহৰ ওপৰত বিশেষ ভাবে গুৰুত্ব দি তেওঁ মহিলাৰ অধিকাৰৰ বাবেও কাম কৰিছিল।

১৯৯০ চনত পান্ত, উমা ভাট, শীলা ৰাজৱাৰ আৰু বাসন্তী পাঠকে সন্মিলিতভাবে নাৰী আৰু সামাজিক বিষয়ক কেন্দ্ৰ কৰি অঞ্চলটোৰ প্ৰথমখন আলোচনী “উত্তৰা” প্ৰকাশ কৰে।[4] ২০১৫ চনত প্ৰকাশৰ ২৫ বছৰ সম্পূৰ্ণ কৰা উত্তৰা উত্তৰাখণ্ডত বাস কৰা বহু মহিলাৰ হৈ মাত মাতি আহিছিল আৰু নাৰীক "সমৰ্থনৰ সলনি সন্মানৰ প্ৰয়োজন হোৱা সম লিংগ" হিচাপে উপস্থাপন কৰিছিল।[4] ইয়াৰ পিছত ১৯৯২ চনত তেওঁ আন কেইগৰাকীমান সহযোগীৰ মহিলাৰ সৈতে লগলাগি দেৰাডুন অঞ্চলত “প্ৰগতিশীল মহিলা মঞ্চ” গঠন কৰে। সংৰক্ষণ বিৰোধী আন্দোলনক পৃথক ৰাজ্যিক আন্দোলনলৈ ৰূপান্তৰিত কৰাত এই মঞ্চই যথেষ্ট সহায় কৰিছিল।

১৯৯৪ চনত কুখ্যাত মুজ্জাফৰনগৰ কাণ্ডৰ পিছত পান্তে সন্মুখৰ পৰা নেতৃত্ব দি অঞ্চলটোৰ সকলো মহিলাক একত্ৰিত কৰি উত্তৰ প্ৰদেশৰ পৰা সুকীয়া ৰাজ্য গঠনৰ দাবীত “উত্তৰাখণ্ড মহিলা মঞ্চ” (ইউ.এম.এম.) নামৰ এটা বৃহত্তৰ সংগঠন প্ৰতিস্থা কৰে। এই সংগঠনটো কেৱল পৃথক ৰাজ্য গঠনৰ দিশত আন্দোলনৰ বাটকটীয়া আৰু পতাকাবাহী নাছিল বৰঞ্চ বিশ্বৰ যিকোনো ঠাইতে থকা কেইটামান সৰ্বমহিলা আন্দোলন বাহিনীৰ ভিতৰত অন্যতম আছিল। তেওঁৰ নেতৃত্বত উত্তৰাখণ্ড মহিলা মঞ্চৰ কৰ্মকৰ্তাসকলে গাইৰছাইন (ৰাজ্যৰ দুটা প্ৰধান অঞ্চল যথা কুমাওন আৰু গড়ৱালৰ মাজত থকা এখন সৰু পাহাৰীয়া চহৰ)ক ৰাজ্যখনৰ ৰাজধানী হিচাপে নিৰ্ধাৰণ কৰিবলৈ দাবী জনায় আৰু এয়া ৰাজ্যৰ নিপীড়িত নাগৰিকসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল।[5][6]

উত্তৰাখণ্ডই পূৰ্ণৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ পাছতো উত্তৰাখণ্ড মহিলা মঞ্চই নাৰী অধিকাৰ, ৰাজ্যৰ দৰিদ্ৰ বাসিন্দাৰ মৌলিক মানৱ অধিকাৰ, সুৰা নিষেধাজ্ঞা, নাৰী সৰবৰাহৰ, চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক সংস্কাৰ, গ্ৰামসভা সবলীকৰণ আৰু “জল, জংঘল আৰু জমীন” আদি বিষয়সমূহৰ হকে আজিও যুঁজি আহিছে। বৰ্তমান উত্তৰাখণ্ড মহিলা মঞ্চই বহু মহিলা আৰু পুৰুষ সতীৰ্থৰ সৈতে উত্তৰাখণ্ডৰ স্বৰাজ অভিযানৰ আহ্বায়ক হিচাপে সন্মুখৰ পৰা সক্ৰিয়ভাৱে নেতৃত্ব দি আছে। পান্তে তেওঁৰ ৰাজ্যৰ বয়সস্থ মহিলাসকলৰ হৈ মাত মাতিছে আৰু তাৰ ফলতেই ২০১৪ চনত মুখ্যমন্ত্ৰী হৰিশ ৰাৱটে অৱশেষত বৃদ্ধসকলক সহায় কৰিবলৈ খাদ্য সুৰক্ষা কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।[1] তেওঁৰ মতে পূৰ্বৰ চৰকাৰসমূহে কল্যাণমূলক ক্ষেত্ৰত ৬০ বছৰৰ ওপৰৰ বহু সংখ্যক মহিলাক অৱহেলা কৰিছে।[1]

২০১২ চনত নিৰ্ভয়া নামৰ এগৰাকী যুৱতীক কৰা দলবদ্ধ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ বিৰোদ্ধে পান্তে তীব্ৰ প্ৰতিবাদ কৰিছিল।[7]

২০১৫ চনত তেওঁ এজন ট্ৰান্সজেণ্ডাৰ ব্যক্তিক উত্তৰাখণ্ড ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বিৰোধিতা কৰিছিল কাৰণ এগৰাকী ট্ৰান্সজেণ্ডাৰে “মহিলাৰ সমস্যাসমূহ বুজিব আৰু সহানুভূতিশীল হ'ব পাৰে” বুলি তেওঁ অনুভৱ কৰিব পৰা নাছিল।[8]

শেহতীয়াকৈ তেওঁ বিদ্যালয়সমূহক ন্যায্য শিক্ষা মাচুল ল’বলৈ আহ্বান জনাইছে, বিশেষকৈ ব্যক্তিগত বিদ্যালয়সমূহক বৰ্ধিত বিদ্যালয়ৰ মাচুল নল’বৰ বাবেও আহ্বান জনাইছে।[9] উত্তৰাখণ্ডৰ ব্যক্তিগত বিদ্যালয়সমূহ জড়িত থকা বিষয়টোৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে তেওঁ প্ৰতিবাদৰ আয়োজন কৰাত সহায় কৰিছে আৰু “আন্দোলনৰ সূচনা কৰিছে”।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Rawat, Harish (11 September 2014). "U'khand to Launch Food Security Scheme for Elderly Women". The Times of India. http://timesofindia.indiatimes.com/city/dehradun/Ukhand-to-launch-food-security-scheme-for-elderly-women/articleshow/42290266.cms. 
  2. Agrawal, Rakesh (August 2015). "Hill State's Dam Dilemma". Civil Society Online. Archived from the original on 22 November 2015. https://web.archive.org/web/20151122222721/http://www.civilsocietyonline.com/pages/Details.aspx?776. 
  3. Guha, Ramachandra (30 April 1993). "Personality Clashes Lead to Internal Schisms". Down To Earth. Archived from the original on 19 September 2015. https://web.archive.org/web/20150919112308/http://www.downtoearth.org.in/blog/personality-clashes-lead-to-internal-schisms-30900। আহৰণ কৰা হৈছে: 20 August 2015. 
  4. 4.0 4.1 Tripathi, Shikha (13 March 2014). "An Equal Gender". The Hindu. http://www.thehindu.com/features/magazine/an-equal-gender/article5764248.ece. 
  5. "Mahila Manch Blames Government for Poor Condition of Schools". The Tribune. 3 March 2015. http://www.tribuneindia.com/news/uttarakhand/community/mahila-manch-blames-government-for-poor-condition-of-schools/48832.html. 
  6. Saxena, Shivani (8 April 2015). "Protesters Unite Against Pvt School 'Loot'". The Times of India. http://timesofindia.indiatimes.com/city/dehradun/Protesters-unite-against-pvt-school-loot/articleshow/46854679.cms. 
  7. "Doonites Want Death for Rape Accused". The Tribune. 30 December 2012. http://www.tribuneindia.com/2012/20121231/dplus.htm#2. 
  8. Azad, Shivani (29 April 2015). "Appointment of Transgender to U'khand Women's Commission Kicks Up a Storm". The Times of India. http://timesofindia.indiatimes.com/city/dehradun/Appointment-of-transgender-to-Ukhand-womens-commission-kicks-up-a-storm/articleshow/47101005.cms. 
  9. Saxena, Shivani (10 April 2015). "Complaint Cell Against School Fee Hike Opens". The Times of India. http://timesofindia.indiatimes.com/city/dehradun/Complaint-cell-against-school-fee-hike-opens/articleshow/46881598.cms. 
  10. Saxena, Shivani (19 April 2015). "Now, 10 More Citizen Groups Join Campaign Against Pvt Schools". The Times of India. http://timesofindia.indiatimes.com/city/dehradun/Now-10-more-citizen-groups-join-campaign-against-pvt-schools/articleshow/46973078.cms.