কম্পিউটাৰ ভাইৰাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইক্ৰ'চফ্টৰ গৰাকী বিল গেটচলৈ এৰা এক ভাইৰাছ


কম্পিউটাৰ ভাইৰাছ (Computer Virus) এটা কম্পিউটাৰ প্ৰ’গ্ৰাম যি নিজে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰিব পাৰে। ভাইৰাছবোৰক মেলৱেৰ (Malware) বা এডৱেৰ (Adware) বা স্পাইৱেৰৰ (Spyware) লগত একে বুলি ভবা হয় যদিও, এইবোৰৰ নিজৰ প্ৰতিলিপি তৈয়াৰ কৰাৰ ক্ষমতা নাথাকে। সঁচা অৰ্থত ক’বলৈ গ’লে ভাইৰাছবোৰে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ বিভিন্ন মাধ্যমেৰে বিয়পি পৰে। ই সহজে চিডি, ডিভিডি, য়ু এছ বি ড্ৰাইভ বা ইণ্টাৰনেটৰ মাধ্যমেৰে বিয়পি পৰে। ভাইৰাছবোৰে বিভিন্ন ফাইলত আক্ৰান্ত কৰি ইণ্টাৰনেটৰ মাধ্যমেৰে ইয়াৰ বংশ বিস্তাৰ কৰে। বিভিন্ন ধৰণৰ প্ৰ’গ্ৰাম যেনে ট্ৰ’জান হৰ্চ (Trozan Horse), ৱৰ্ম (Worm), ৰুটকিত (Root-kit), স্পাইৱেৰ, এডৱেৰ আদিবোৰ মালৱেৰৰ অন্তৰ্গত হয়। ট্ৰ’জান হৰ্চ, ৱৰ্ম আদিক কেতিয়াবা ভাইৰাছৰ লগত তুলনা কৰা হয় যদিও ইয়াত প্ৰযুক্তিগত পাৰ্থক্য আছে। ৱৰ্মবোৰে প্ৰতিৰক্ষা ভেদ কৰি নেটৱৰ্কৰ মাধ্যমেৰে নিজক বিস্তাৰ কৰে। ট্ৰ’জান হৰ্চবোৰে বিশেষ ক্ষতি নকৰে কিন্তু কম্পিউটাৰৰ কিছুমান কাৰ্যপ্ৰণালী লুকুৱাই ৰাখে। ৱৰ্ম আৰু ট্ৰ’জান হৰ্চবোৰে কম্পিউটাৰডেইটা (data) প্ৰণালীৰ ক্ষতি সাধন কৰিব পাৰে। কিছুমান ভাইৰাছে মাত্ৰ নিজৰ প্ৰতিলিপি তৈয়াৰ কৰাতে ক্ষান্ত থাকে।

ইতিহাস[সম্পাদনা কৰক]

পোন প্ৰথমবাৰৰ বাবে জন ভ’ন নিউমেনে (John von Neumann) ১৯৪৯ চনত ইলিনয় বিশ্ববিদ্যালয়ত (Illinois University) "Theory and Organization of Complicated Automata" শীৰ্ষক এক বক্তৃতা দিছিল। তেওঁ কৈছিল যে কিছুমান কম্পিউটাৰ প্ৰ’গ্ৰামে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰি ল’ব পাৰে।[1] পিছত তেওঁৰ এই কথাখিনি Theory of self-reproducing automata বুলি প্ৰকাশ কৰা হয়। প্ৰথম ভাইৰাছ শব্দটো ব্যৱহাৰ কৰিছিল ১৯৮৪ চনত, ফ্ৰেড ক’হেনে দক্ষিণ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত অৰ্পণ কৰা তেওঁৰ গৱেষণা পত্ৰ Computer Viruses - Theory and Experiments ত। পিছত ১৮৮৭ চনত প্ৰকাশ কৰা এটা প্ৰতিবেদনত ক’হেনে মন্তব্য কৰে যে, নিখুঁতভাৱে ভাইৰাছ চিনাক্ত কৰিবলৈ কোনো এলগ’ৰিথিম পোৱা নাযায়। কিন্তু তাৰ আগতে, অৰ্থাত্‍ ১৯৬৯ চনত Galaxy নামৰ আলোচনী খনত ডেৱিড গেৰ’ল্ডে তেওঁৰ এটা চুটি গল্পত প্ৰথমে ভাইৰাছ শব্দটো ব্যৱহাৰ কৰে নিজে নিজকে পুণ:নিৰ্মাণ কৰিব পৰা প্ৰগ্ৰেমৰ বিষয়ে বুজাবলৈ। আজিৰ তাৰিখত ভাইৰাছ বা মেলৱেৰ ব্যৱহাৰৰ মূল উদ্দেশ্য হ’ল কাৰোবাৰ লাভৰ কাৰণে আন এজনৰ ব্যক্তিগত বা ব্যৱসায়িক তথ্য চুৰি কৰা আৰু চৰকাৰী নাইবা আন কোনো কৰ্প’ৰেট ৱেবছাইটত বিশেষ সুৰক্ষাৰে সংৰক্ষিত থকা তথ্য চুৰি নাইবা নষ্ট কৰি পেলোৱা। এই উদ্দেশ্যৰে সৃষ্টি কৰা বহু ভাইৰাছ, ট্ৰ’জান হৰ্ছ বা ৱৰ্ম আদিয়ে ইণ্টাৰনেটৰ সহায়ত বিয়পি পৰি সাধাৰণ কম্পিউটাৰ ব্যৱহাৰকাৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। Normal 0 false false false EN-US X-NONE AS

ভাইৰাছ প্ৰ'গ্ৰাম এটা লিখা প্ৰথম গৰাকী ব্যক্তি আছিল জন কনৱে (John Conway)। ১৯৬০ চনত, গেম অৱ লাইফ(Game of Life) নামৰ 'প্ৰাণ-অনুকৰণ প্ৰ'গ্ৰাম' (Life Emulation Program) এটাত তেওঁ নিজে নিজে প্ৰতিলিপি তৈয়াত কৰিব পৰা প্ৰ'গ্ৰাম লিখিছিল।[2]

কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) পৰীক্ষাৰ বাবে ১৯৭০ চনত প্ৰথমে নিজৰ প্ৰতিলিপি প্ৰস্তুত কৰিব পৰা প্ৰ'গ্ৰাম লিখা হৈছিল। এইবোৰক 'জীৱ' (Organism) বোলা হৈছিল।[2]

১৯৭২ চনত ভেইথ ৰিচাকে তেওঁৰ প্ৰবন্ধ "Selbstreproduzierende Automaten mit minimaler Informationsübertragung" (Self-reproducing automata with minimal information exchange) ত বৰ্ণনা কৰিছিল যে SIEMENS 4004/35 কম্পিউটাৰ প্ৰণালীৰ বাবে এছেম্বলাৰ ভাষাভাইৰাছৰ সৃষ্টি কৰা হৈছিল।

১৯৮০ চনত জুৰ্গান ক্ৰৱাচে তেওঁৰ গৱেষণা পত্ৰ "Selbstreproduktion bei Programmen" (Self-reproduction of programs) ত উল্লেখ কৰিছিল যে কেতিয়াবা কম্পিউটাৰ ভাইৰাছবোৰে জৈৱিক ভাইৰাছৰ দৰে লক্ষণ দেখুৱাই। ১৯৮৩ চনত প্ৰথম বাৰৰ বাবে এনে প্ৰ'গ্ৰামক 'ভাইৰাছ' বুলি উল্লেখ কৰিছিল ফ্ৰেডৰিক কোহেন (Frederick Cohen) আৰু লেন এদলমেন-এ (Len Adleman)। [2]

ভাইৰাছৰ প্ৰয়োগেৰে কম্পিউটাৰৰ ব্যৱস্থা বিঘ্ন কৰাৰ প্ৰথম ঘটনা সংঘটিত হৈছিল, ১৯৮৬ চনত। এই ভাইৰাছক পাকীস্তানী ব্ৰেইন ভাইৰাছ (Pakistani Brain Virus) বুলি জনা যায়। এই ভাইৰাছ প্ৰগ্ৰামটোৰ লেখক আছিল পাকিস্তানলাহোৰ চহৰৰ দুই ভাতৃ বছিত আৰু আমজাদ ফাৰুক আলভি (Basit and Amjad Farooq Alvi)।[2]

তথ্য-সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 von Neumann, J. (1949), Theory and Organization of Complicated Automata, in Burks (1966), pp. 29-87 (Part One). Based on transcripts of lectures delivered at the University of Illinois, in December 1949. Edited for publication by A.W. Burks.
  2. 2.0 2.1 2.2 2.3 http://www.scientificamerican.com/article.cfm?id=when-did-the-term-compute আহৰণ কৰা তাৰিখ, ১৮ আগষ্ট, ২০১১

তথ্য সমল[সম্পাদনা কৰক]

  • von Neumann, J. (1949), Theory and Organization of Complicated Automata, in Burks (1966), pp. 29-87 (Part One). Based on transcripts of lectures delivered at the University of Illinois, in December 1949. Edited for publication by A.W. Burks.
  • http://www.scientificamerican.com/article.cfm?id=when-did-the-term-compute আহৰণ কৰা তাৰিখ, ১৮ আগষ্ট, ২০১১

বাহ্যিক সংযোগ[সম্পাদনা কৰক]