কলাজ
![]() কলাজ |
কলাজ (ইংৰাজী Collage: ফৰাচী শব্দ Coller ৰ পৰা যাৰ অৰ্থ হৈছে আঠা লগোৱা[1])। কলাজ দৃশ্য কলাৰ এটা বিশেষ কৌশল। এই কলাত বিভিন্ন ৰূপৰ সংযোজনৰ দ্বাৰা সম্পূৰ্ণ নতুন এক ৰূপ তৈয়াৰ কৰা হয়। কলাজ এটা নিৰ্মাণ কৰিবলৈ সাধাৰণতে কোনো ৰঙীন আলোচনী, বাতৰি কাকত, ফিতা, ৰং, ৰঙীন কাগজ বা হস্ত নিৰ্মিত কাগজৰ টুকুৰা, অন্যান্য কলাকৃতি, সূতা, কাপোৰৰ টুকুৰা, ফটো ইত্যাদিৰ ব্যৱহাৰ কৰা দেখা যায়। এই উপাদান সমূহক কাগজ বা কেনভাচত আঠা দি লগোৱা হয়। কলাজৰ উৎপত্তি কেইবাশ বছৰ আগতেই হয়। কিন্তু এই কৌশলটো বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰা হে নাটকীয় ভাৱে কলাৰ এটি অংশ হিচাপে নতুনত্ব লাভ কৰে। বিংশ শতাব্দীৰ আৰম্ভণিতে জৰ্জ ব্ৰাক আৰু পাবলো পিকাচোৰ দ্বাৰা কলাজ তৈয়াৰ হৈছিল। তেতিয়া এই কলাজ আধুনিক কলাৰ এক বিশিষ্ট অংশ হিচাপে পৰিচিত হৈ পৰে।[2]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Enslen, Denise. "Origin of the term "collage"". Archived from the original on 2012-04-12. https://www.webcitation.org/query?url=http%3A%2F%2Fcollagedenise.com%2Fpage2.html&date=2012-04-12.
- ↑ Collage, essay by Clement Greenberg Retrieved July 20, 2010