কলিকতাৰ কৃষ্ণ কূপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কলিকতাৰ কৃষ্ণ কূপ, ২০ জুন ১৭৫৬

কলিকতাৰ কৃষ্ণ কূপ (ইংৰাজী: Black Hole of Calcutta) আছিল কলিকতাৰ ফৰ্ট উইলিয়াম দূৰ্গত থকা এটি অন্ধকূপ। ইয়াৰ আকাৰ আছিল ৪.৩০ মিটাৰX৫.৫০ মিটাৰ (১৪X১৮ ফুট)। এই অন্ধকূপটোত বংগৰ নৱাব চিৰাজ উদ দৌল্লাই যুদ্ধবন্দীসকলক ১৭৫৬ চনৰ ২০ জুন তাৰিখে আবদ্ধ কৰি থৈছিল।[1][2]:58 ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰী আৰু ব্ৰিটিছ যুদ্ধবন্দীজন জেফানিয়াহ হলৱেলৰ ভাষ্য অনুসৰি, ফৰ্ট উইলিমাম দূৰ্গৰ পতনৰ পাছতেই জীৱিত অৱস্থাত থকা ব্ৰিটিছ সৈন্য, ভাৰতীয় চিপাহী আৰু সাধাৰণ ভাৰতীয় নাগৰিকক নিশাটোৰ ভিতৰতে এই কূপত বন্দী কৰি ৰখা হয়। তেওঁলোকৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰে যে, ১৪৬জন বন্দীৰ ১২৩ জনেই অত্যধিক তাপৰ কৱলত পৰি শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে।[3] আধুনিক ইতিহাসকাৰসকলৰ মতে, ৬৪জন বন্দীক সেইটো কূপলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰে ভিতৰত ৪৩জনৰ মৃত্যু হৈছিল।[4]

নেপথ্য[সম্পাদনা কৰক]

কলিকতা চহৰত যাতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুস্থিৰভাৱে আৰু বাধাহীনভাৱে বাণিজ্য প্ৰসাৰ কৰিব পাৰে, তাৰ বাবে ফৰ্ট উইলিমাম দূৰ্গটো স্থাপন কৰা হৈছিল। ১৭৫৬ চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা এক সামৰিক আক্ৰমণৰ সম্ভাৱনাই গা কৰি উঠে। আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে ব্ৰিটিছসকলে দূৰ্গটো শক্তিশালী কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ছিৰাজ উদ-দৌলাই দূৰ্গ-নিৰ্মাণৰ কাম-কাজ বন্ধ কৰিবলৈ আদেশ জাৰী কৰে। ফৰাচীসকলে নিৰ্দেশটো মানি ল'লে কিন্তু ব্ৰিটিসকলে অৱজ্ঞা কৰিলে।

ব্ৰিটিছৰ এই অসন্মতিৰ ফলত, ছিৰাজ উদ দৌলাই তেওঁৰ সৈন্যদল সংগঠিত কৰি ফৰ্ট উইলিয়াম দূৰ্গ অৱৰোধ কৰিবলৈ প্ৰস্তুত হ'ল। যুদ্ধত টিকি থাকিবলৈ, ব্ৰিটিছ সেনাধ্যক্ষই সুৰক্ষা-বেষ্টনীত বাছি থকা সৈন্যদলক পলায়ন কৰিবলৈ আদেশ দিয়ে। প্ৰায়সংখ্যকেই পলায়ন কৰিলে যদিও ১৪৬জন সৈন্যজন জেফেনিয়াহ হলৱেলৰ তত্ত্বাৱধানত তাতেই থাকি গ'ল। তেখেতে আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন জ্যেষ্ঠ আমোলা। জীৱনৰ আগবয়সত তেখেত এজন সামৰিক শৈল চিকিৎসক আছিল।[5]

ইয়াৰোপৰি, ভাৰতীয় চিপাহীৰ পৰিত্যাগৰ ফলত ফৰ্ট উইলিমায়ত ব্ৰিটিছৰ প্ৰতিৰক্ষা দুৰ্বল হৈ পৰিছিল। ১৭৫৬ চনৰ ২০ জুন তাৰিখে এই দূৰ্গটো সম্পূৰ্ণভাৱে বঙালী সৈন্যই অৱৰুদ্ধ কৰে। ব্ৰিটিছৰ বাচি থকা সেনাসকলক কৰায়ত্ত কৰা হয় আৰু যুদ্ধবন্দী হিচাপে ঘোষণা কৰা হয়। তেওঁলোকৰ সংখ্যাটো ৬৪ ৰ পৰা ৬৯ৰ ভিতৰত হ'ব। তেওঁলোকৰ লগতে আছিল এংলো-ভাৰতীয় বংশমূলৰ অজ্ঞাত সংখ্যাৰ সৈন্য আৰু একাংশ নাগৰিক। এই নাগৰিকসকলেও ফৰ্ট উইলিমায় দূৰ্গতে আশ্ৰয় লৈ আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] চিৰাজ উদ দৌল্লাৰ অনুগত সৈন্যদলটোৱে ব্ৰিটিছ বিষয়া আৰু সদাগৰসকলক গ্ৰেপ্তাৰ কৰে আৰু বলপূৰ্বকভাৱে 'কৃষ্ণ কূপ' নামৰ অন্ধকাৰ কূপটোত আবদ্ধ কৰি ৰাখে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Gupta, Brejen K. (1962). Sirajuddaullah and the East India Company, 1756-1757. প্ৰকাশক Leiden: E. J. Brill. পৃষ্ঠা. 76. https://books.google.com/books?id=o-MUAAAAIAAJ&pg=PA76. 
  2. Cummins, Joseph (2013). The World's Bloodiest History: Massacre, Genocide, and the Scars They Left on Civilization. প্ৰকাশক New York: Crestline. পৃষ্ঠা. 56–73. ISBN 9781616734633. https://books.google.com/books?id=BaqmFQtvC-oC&pg=PA58। আহৰণ কৰা হৈছে: 12 April 2020. 
  3. Little, J. H. (1916). "The Black Hole — The Question of Holwell's Veracity". Bengal: Past and Present খণ্ড 12: 136–171. 
  4. Dalrymple, William. The anarchy : the relentless rise of the East India Company. Fraser, Olivia, 1965-. প্ৰকাশক New York, NY. ISBN 1-63557-395-5. OCLC 1076511649. https://www.worldcat.org/oclc/1076511649. 
  5. Wolpert, Stanley (2009). A New History of India (8th সম্পাদনা). প্ৰকাশক New York, NY: Oxford UP. পৃষ্ঠা. 185. ISBN 978-0-19-533756-3.