কলীয়া গোঁসাই সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

কলীয়া গোঁসাই সত্ৰ অসমৰ শোণিতপুৰ জিলাবালিপৰা অঞ্চলত অৱস্থিত এখন সত্ৰ। বালিপৰা অঞ্চলক প্ৰসিদ্ধ কৰা প্ৰধান চাৰিখন সত্ৰৰ ভিতৰত কলীয়া গোঁসাই সত্ৰ বা থান অন্যতম। দৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আহি এই সত্ৰখন দৰ্শন কৰেহি। লোকবিশ্বাস অনুসৰি এই সত্ৰৰ মহিমা অপাৰ।

কলীয়া গোসাঁই সত্ৰখনৰ অৱস্থিতি:[সম্পাদনা কৰক]

শোণিতপুৰ জিলা সদৰ তেজপুৰ চহৰৰ পৰা বালিপৰা অঞ্চলৰ দূৰত্ব ২৩ কিলোমিটাৰ। তেজপুৰৰ পৰা বালিপৰালৈ যাতায়তৰ সু-ব্যৱস্থা আছে। বালিপৰা চাৰিআলিৰ পৰা ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত ৫ কিলোমিটাৰ আগুৱাই গ’লে পোৱা যায় মানশিৰি নদী। মানশিৰি নদীৰ ওপৰৰ দলং পাৰ হৈ ঘাইপথৰ পৰা ১ কিলোমিটাৰ ভিতৰলৈ সোমালেই ৰাস্তাৰ বাঁওকাষে কলীয়া গোঁসাই সত্ৰ। যাতায়তৰ সু-ব্যৱস্থাৰ হেতুকে এই সত্ৰখনত বছৰৰ বাৰটা মাহতে ভক্তৰ ভিৰ পৰিলক্ষিত হয়।

সত্ৰখনৰ ইতিহাস আৰু কিংবদন্তী:[সম্পাদনা কৰক]

বালিপৰা অঞ্চলৰ মানশিৰি (বা মনেশ্বৰী) নৈৰ পাৰত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত কলীয়া গোঁসাই সত্ৰ অৱস্থিত। স্বৰ্গদেউ গদাধৰ সিংহ এই সত্ৰখনৰ প্ৰধান পৃষ্ঠপোষক আছিল। গদাধৰ সিংহই ল’ৰা ৰজাৰ পৰা পলাই ফুৰি অন্তত আহোম ৰাজপাতত উঠালৈ এই সময়ছোৱাত এই সত্ৰখনৰে বিজড়িত অলেখ কাহিনী আছে। যদিও স্বৰ্গদেৱে সত্ৰ স্থাপনৰ হেতুকে ৪২ বিঘা মাটি আগবঢ়াইছিল, কিন্ত্ত পৰিতাপৰ কথা যে বৰ্তমান বেদখলকাৰীৰ প্ৰকোপত সত্ৰখনৰ মাথো ২ বিঘামান মাটিহে বাকী ৰৈছেগৈ।

এই সত্ৰৰ অৱস্থান পূৰ্বতে দুৰ্গম হাবি বননিৰে ঢাকি ৰাখিছিল। শ্ৰী শ্ৰী মাধৱানন্দ গোস্বামীদেৱে ১৬০৩ শকত এই সত্ৰখন স্থাপন কৰে। জনা যায় যে, মাধৱানন্দ দেৱে পৰশুৰাম কুণ্ডলৈ স্নান কৰিবলৈ যাওতে ল’ৰা ৰজাৰ ভয়ত ছদ্মবেশত থকা গদাপাণিৰ লগত ভেটা-ভেটি হয়। মাধৱানন্দ দেৱে ভৱিষৎ বাণী কৰি কয় যে ত্ৰি পক্ষান্তৰে তেওঁ আহোম ৰাজপাট দখল কৰিব। এই ভৱিষৎ বাণী শুনি গদাপানীয়ে আশ্চৰ্য্য প্ৰকাশ কৰিলে আৰু ক’লে যে যদি ভৱিষৎবাণী বাস্তৱত ৰূপায়িত হয়, তেন্তে তেওঁক উপযুক্ত সন্মান প্ৰদৰ্শন কৰা হ’ব। ত্ৰি পক্ষান্তৰৰ ভিতৰত গদাধৰ সিংহই ৰাজপাট দখল কৰে আৰু মাধৱানন্দদেৱক বিচাৰ-খোঁচাৰ কৰি ৰাজ-দৰবাৰলৈ আদৰি আনি উপযুক্ত সন্মান প্ৰদৰ্শন কৰে। মাধৱানন্দদেৱে সত্ৰ স্থাপনত ৰজাৰ সহযোগিতা বিচাৰে আৰু গদাধৰ সিংহও অতি আনন্দ মনেৰে সত্ৰ স্থাপন কৰাত সহায় কৰিব বুলি কথা দিয়ে। ইয়াৰ পিছতে মাধৱানন্দ দেৱে সত্ৰ স্থাপন কৰাৰ মানসেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ তেজপুৰ অতিক্ৰমি ‘থিয় আতি’ নামে ঠাইত ৰয়হি। তাত তেওঁ দেখিলে যে সত্ৰ স্থাপনৰ বাবে উপযুক্ত ব্যৱস্থা নাই। গতিকে তাৰ পৰা তেওঁ উজাই আহিবলৈ ধৰিলে। 'থিয় আতি' নামে যি ঠাইত গোঁসাই ৰৈছিল, পাছত ৰাইজে সেই ঠাইত নামঘৰ, মণিকুট, কুঁৱা সজাই গোঁসাইৰ স্মৃতি চিহ্ন ৰাখে। এইদৰে উজাই আহি গোঁসাই প্ৰভুৱে বালিপৰাৰ মানশিৰি নৈৰ পাৰত সত্ৰ স্থাপন কৰে। গদাধৰ সিংহই ৪২ বিঘা মাটি, ডবা, বৰকাঁহ, শঙ্খ, ঘণ্টা, গো-মুখ শঙ্খ, সোণৰ আঙুঠি, তামৰ থাল আৰু এখন তৰোৱাল এই সত্ৰক দান কৰি সত্ৰ স্থাপনত অৰিহণা যোগাইছিল। ইয়াৰ উপৰিও গোঁসাই আৰু সত্ৰৰ সুবিধাৰ্থে কমাৰ,কুমাৰ ঢুলীয়া, নাপিতৰ পৰিয়াল সত্ৰৰ চৌহদত সংস্থাপন কৰে। পোনতে গোঁসায়ে আশে পাশে থকা জনজাতি লোকসকলক মতাই আনি শৰণ ভজন দি শিষ্য পাতে। পিছলৈ এই সত্ৰৰ শিষ্যৰ সংখ্যা বাঢ়ি যায়। এই সত্ৰৰ শেষজনা সত্ৰাধিকাৰ আছিল জগৎ চন্দ্ৰ গোস্বামীদেৱ। বৰ্তমান তেখেতৰ পৰিয়ালে সত্ৰখন পৰিচালনা কৰি আছে যদিও সত্ৰাধিকাৰৰ দায়িত্ব কোনো গ্ৰহণ কৰা নাই। [1]

তথ্য সংগ্ৰহ:[সম্পাদনা কৰক]

  1. তৰুণ চন্দ্ৰ বড়া, বালিপৰাৰ চাৰি সত্ৰৰ ইতিহাস, পৃষ্ঠা ৪৩, বালিপৰা স্মৰণিকা, ১৯৯৪