সমললৈ যাওক

কাঠনিবাৰী ঘাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাঠনিবাৰী ঘাট অসমীয়া ভাষাৰ এটা উল্লেখযোগ্য গল্প। গল্পকাৰ মহিম বৰা[1] গল্পটোৰ প্ৰথম প্ৰকাশ হয় ১৯৬১ চনত।[2] মহিম বৰাৰ

গ্ৰন্থ ৱিৱৰণ

[সম্পাদনা কৰক]

গল্পটোত কাঠনিবাৰী ঘাটত জাহাজৰ বাবে অপেক্ষা কৰি কটোৱা এটি উজাগৰী নিশা, তাৰ ৰোমাঞ্চকৰ পৰিৱেশ আৰু আকস্মিক কৰুণ পৰিসমাপ্তি দেখুৱা হৈছে। গল্পটো লেখকৰ নিজা অভিজ্ঞতাৰ বৰ্ণনাৰে আৰম্ভ হৈছে। গল্পটোৰ বিষয়বস্তু সংক্ষেপে এনেধৰণৰ— ব্ৰহ্মপুত্ৰৰ পাৰত দ’ম হৈ পৰি আছে কয়লাৰ পাহাৰবোৰ। বাৰিষা বতৰত ব্ৰহ্মপুত্ৰৰ পানী ৰাজআলিৰ কাষ পায়গৈ। বালিৰ ওপৰত চচ, তৰ্জা আদি পেলাই অহা-যোৱা কৰা বাট কৰা হৈছে। এয়েই কাঠনিবাৰী ঘাট। ইয়াত এখন চাহৰ দোকান আছে। দোকানখন বালিত পোতা বাঁহৰ চাঙৰ ওপৰত খেৰৰ চালি দি নিৰ্মিত। জাপ দুৱাৰখন বহল। কেৰাচিন টিনৰ টাপলি দি সজা। বাঁহৰ খুঁটা চাৰিটাৰ ওপৰত দুচলা ফলীয়া বাঁহ দি নিৰ্মাণ কৰা এখন বহা বেঞ্চ। ইয়াত যাত্ৰীসকলে চাহ খোৱা, বিড়ি কিনা, চিগাৰেট জ্বলোৱা, কথা পতা আদি কৰিব পাৰে। লেখকে এখন গৰুগাড়ী আহি ঘাটৰ ওচৰত ৰোৱা দেখিলে। গৰুগাড়ীখনৰ পৰা এজন পোন্ধৰ-ষোল্ল বছৰীয়া ল’ৰা আৰু এগৰাকী সদ্য বিবাহিতা মহিলা ঘাটলৈ নামি আহে। সেইদিনা জাহাজ বহু পলমকৈ অহাৰ কথা। সন্ধ্যা লাগি যোৱাৰ পাছতো জাহাজৰ কোনো খবৰ নাহিল। জাহাজঘাটত লেখকে দেখা পোৱা ল’ৰাজনৰ নাম আছিল বৰুণ আৰু গাভৰুজনী বৰুণৰ বায়েক। তেওঁলোকে ঘাটত জাহাজৰ অপেক্ষাত থাকোঁতে ক্ৰমাৎ লেখকৰ লগত পৰিচয় হ’ল। গাভৰুগৰাকীৰ দেউতাকে এখন চাহ বাগানত চাকৰি কৰে। গাভৰুগৰাকীৰ বিয়া হোৱা বেছিদিন হোৱা নাই। স্বামীৰ ঘৰ যোৰহাটত। তেওঁলোক যোৰহাটলৈ যাবলৈ আহিছে। গাভৰুগৰাকী এসপ্তাহৰ কাৰণে দেউতাকৰ ঘৰলৈ আহিছিল। কিন্তু হঠাতে যোৰহাটৰ পৰা এখন টেলিগ্ৰাম অহাত সদ্য বিবাহিতা গাভৰুগৰাকী ভায়েক বৰুণৰ সৈতে যোৰহাটলৈ যাবলৈ আহিছে। তেওঁলোক জাহাজৰে শিলঘাটলৈ যাব আৰু তাৰ পাছত বাছত উঠি যোৰহাটলৈ যাব। টেলিগ্ৰামখনত গাভৰুগৰাকীৰ স্বামীৰ চাইকেল দুৰ্ঘটনা হোৱা বুলি লিখিছে আৰু চিন্তাৰ কোনো কাৰণ নাই বুলি জনাইছে। কিন্তু সোনকালে মাতি পঠোৱা বাবে গাভৰুগৰাকীয়ে ভায়েক বৰুণক লগত লৈ জাহাজঘাটলৈ আহিছে। সেইনিশা জাহাজখন সময়মতে আহি নোপোৱাত ৰাতিটো ঘাটতে থাকিবলগীয়া হ’ল। লেখকৰ লগত গাভৰুগৰাকী আৰু ভায়েক বৰুণৰ চিনা-পৰিচয় হোৱাৰ পাছত লাহে-লাহে আত্মীয়তা গঢ়ি উঠে। বহু পলমকৈ জাহাজখন ঘাটত আহি ৰয় যদিও কিবা যান্ত্ৰিক বিজুতিৰ বাবে মেৰামতি কৰিব লাগিব বুলি টিকট মাষ্টৰে জনালে। জাহাজখনৰ পৰা বৰুণৰ বায়েকৰ এজন দূৰ সম্পৰ্কীয় দেওৰেক নামি আহিল। তেওঁৰ নাম মামু। দেওৰেকে নবৌৱেকক আগবঢ়াই নিবলৈ আহিছে। গাভৰুগৰাকীয়ে স্বামীৰ দুৰ্ঘটনাৰ বিষয়ে দেওৰেকক প্ৰশ্ন কৰাত চিন্তাৰ কোনো কাৰণ নাই বুলি কয়। তেতিয়া গাভৰুগৰাকীৰ লগতে বৰুণ আৰু লেখকে যথেষ্ট সকাহ অনুভৱ কৰে। বৰুণৰ বায়েকে নাও এখন ভাড়া কৰি শিলঘাটলৈ যাব বিচাৰে, কাৰণ জাহাজত গ’লে পলম হ’ব আৰু শিলঘাটৰ পৰা যোৰহাটলৈ যোৱা বাছখন ধৰিব নোৱাৰিব। সেই মতেই তেওঁলোকে নাও এখন ভাড়া কৰি শিলঘাটলৈ ৰাওনা হ’ল। লগত লেখক আৰু গাভৰুগৰাকীৰ দেওৰেক মামুও আহে। শিলঘাটত বৰুণ আৰু বৰুণৰ বায়েক বাছত উঠে। ইফালে মামু চাহ দোকানলৈ গৈ বহু দেৰিলৈকে উলটি নহাত লেখকে তেওঁক বিচাৰি চাহৰ দোকান পায়। তেতিয়া মামুৱে উত্তেজিত হৈ চিগাৰেট হুপি আছিল। লেখকে মামুক সোনকালে বাছত উঠিবলৈ কয়। তেতিয়া মামুৱে লেখকক এইবুলি জনালে যে সি অভিনয় হে কৰি আছে, নবৌৱেকৰ আগত মিছা কথা কৈ আহিছে। সঁচা কথাটো হ’ল, ককায়েকৰ মটৰ দুৰ্ঘটনাত মৃত্যু হৈছে। কথাখিনি কৈয়ে মামুৱে বাছখনত জঁপিয়াই উঠে আৰু বাছখনে যাত্ৰা আৰম্ভ কৰি অদৃশ্য হৈ পৰে। [3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰেন্য. প্ৰকাশক গুৱাহাটী: কথা প্ৰকাশন. পৃষ্ঠা. ১৫৪.
  2. মহিম বৰা (২০১৩). কাঠনিবাৰী ঘাট. প্ৰকাশক ডিব্ৰুগড়: বনলতা.
  3. হিমাংশু ৰঞ্জন ভূঞা (১ আগষ্ট, ২০১৯). https://nilacharai.com/assamese-short-story-kathanibari-ghat-by-mahim-bora-a-discussion/ আহৰণ কৰা হৈছে: 21 May 2020.