কাঠমাণ্ডুৰ যুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয় প্ৰকাশ মল্ল (১৭৩৬-১৭৬৮) কাঠমাণ্ডুৰ শেষ ৰজা

কাঠমাণ্ডু যুদ্ধ (ইংৰাজী: Battle of Kathmandu) বা কাঠমাণ্ডু ঘেৰাও অথবা কান্তীপুৰ ঘেৰাও নেপালৰ একত্ৰীকৰণৰ সময়ত সংঘটিত হোৱা যুদ্ধ।[1] ১৭৬৮ চনত কাঠমাণ্ডুত এই যুদ্ধ হৈছিল আৰু ইয়াৰ ফলত ইয়াৰ ৰজা জয় প্ৰকাশ মল্ল বিজয়ী গোৰ্খা ৰাজ্যৰ ৰজা পৃথ্বী নাৰায়ণ শ্বাহৰ হাতত পৰাস্ত হৈছিল। শ্বাহৰ বিজয়ৰ লগে লগে নেপালত শ্বাহ বংশ প্ৰতিষ্ঠা হয় আৰু খিলঞ্জীয়া নেৱাৰসকলৰ শাসনৰ অন্ত পৰে।[2] নেৱাৰসকলে নিজৰ ৰাজ্য সম্প্ৰসাৰণ কৰি থকা গোৰ্খালীসকলৰ হাতত পৰাস্ত হৈছিল।[3]

অৱৰোধ[সম্পাদনা কৰক]

কাঠমাণ্ডু (বিকল্প নাম: কান্তীপুৰ) কাঠমাণ্ডু উপত্যকাৰ তিনিখন ৰাজধানী চহৰৰ ভিতৰত এখন আছিল, বাকী দুখন আছিল ললিতপুৰ আৰু ভক্তপুৰ। কাঠমাণ্ডু ৰাজ্য তিব্বত সীমান্তলৈকে উত্তৰ দিশলৈ সময় লাগিছিল ১২–১৩ দিনৰ যাত্ৰাৰ৷ ত্ৰিশুলি নদীয়ে পশ্চিমে কাঠমাণ্ডু আৰু গোৰ্খাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছিল।[4]

গোৰ্খালীসকলে কাঠমাণ্ডু উপত্যকাৰ চহকী সংস্কৃতি, বাণিজ্য, উদ্যোগ আৰু কৃষিৰ বাবে দখল কৰিবলৈ ইচ্ছা কৰিছিল।[5] ১৭৩৬ চনত গোৰ্খালী ৰজা নৰা ভূপাল শ্বাহে উপত্যকাৰ উত্তৰ-পশ্চিমে থকা সীমান্তৱৰ্তী চহৰ আৰু দুৰ্গ নুৱাকোটত আক্ৰমণ চলায় আৰু সম্পূৰ্ণকৈ পৰাস্ত হয়।[6]

১৭৪২ চনত নৰা ভূপাল শ্বাহৰ পুত্ৰ পৃথ্বী নাৰায়ণ শ্বাহ ৰজা হয় আৰু পুনৰ এই অভিযান আৰম্ভ কৰে।[7][8] কাঠমাণ্ডুক বাহুবলেৰে ল’ব নোৱাৰিব বুলি নিশ্চিত হৈ শ্বাহে উপত্যকাটোৰ বাণিজ্য আৰু যোগানৰ পথবোৰ ৰুদ্ধ কৰি বশ কৰিবলৈ চেষ্টা কৰিলে। তেওঁৰ সৈন্যই চাৰিওফালৰ পাহাৰৰ কূটনৈতিক কৌশলপূৰ্ণ পথসমূহ দখল কৰিছিল, আৰু তিব্বত আৰু ভাৰতক সংযোগ কৰা গুৰুত্বপূৰ্ণ বাণিজ্যিক পথসমূহ সম্পূৰ্ণ বন্ধ কৰিছিল।

১৭৪৪ চনত তেওঁ নুৱাকোট দখল কৰে, যাৰ ফলত তেওঁ নেপালত ভৰি থবলৈ সক্ষম হয় আৰু হিমালয়ৰ মাজেৰে যোৱা বাণিজ্য পথত থকা তিব্বতৰ সৈতে বাণিজ্যিক লেনদেন বন্ধ কৰিবলৈ আদেশ দিছিল৷[9] ১৭৬২ আৰু ১৭৬৩ চনত গোৰ্খালিসকলে ক্ৰমে মাকৱানপুৰ আৰু ধুলিখেলক আগুৰি ধৰি কাঠমাণ্ডু উপত্যকাক পশ্চিম, দক্ষিণ আৰু পূবৰ পৰা ঘেৰি ধৰে।[10]

বৃটিছ অভিযান[সম্পাদনা কৰক]

দীৰ্ঘদিনীয়া অৱৰোধৰ ফলত মল্ল ৰজাই আক্ৰমণকাৰী গোৰ্খালীসকলৰ বিৰুদ্ধে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰিবলৈ বাধ্য হয়। ইংৰাজসকলে সহায় কৰাৰ আশ্বাস পাই নেৱাৰসকলৰ মনোবল বৃদ্ধি হ’ল।[11][12]


১৭৬৭ চনৰ আগষ্ট মাহত কেপ্তেইন জৰ্জ কিনলোচে ব্ৰিটিছ বাহিনীক নেতৃত্ব দি কাঠমাণ্ডুত আৱদ্ধ বাসিন্দাসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ে৷[13] তেওঁলোকে কাঠমাণ্ডুৰ পৰা ৭৫ কিলোমিটাৰ (৪৭ মাইল) দূৰত উপস্থিত হৈ সিন্ধুলী আৰু হৰিহৰপুৰৰ দুৰ্গসমূহ দখল কৰে যদিও কাজী বামশৰজ পাণ্ডে আৰু চৰ্দাৰ বংশু গুৰুঙৰ দুয়োফালৰ পৰা কৰা আক্ৰমণত পিছুৱাই যাবলৈ বাধ্য হয়।[14][15] কেপ্তেইন কিনলোচে কাঠমাণ্ডুত উপস্থিত হোৱাত ব্যৰ্থ হোৱাৰ খবৰ জয় প্ৰকাশলৈ প্ৰেৰণ কৰাত, এই খবৰে তেওঁক হতাশ কৰি তুলিছিল। কিন্তু স্থানীয় ব্যৱসায়ীসকলে বিহাৰ আৰু বংগৰ ব্যৱসায়ীসকলৰ বাণিজ্যৰ ওপৰত পৰা ক্ষতিকাৰক প্ৰভাৱৰ বাবে বৃটিছৰ এই বিফলতাক সকাহ হিচাপে গণ্য কৰিছিল।[16]

থামেল দখল[সম্পাদনা কৰক]

ৰজা পৃথ্বী নাৰায়ণ শ্বাহে কাঠমাণ্ডু উপত্যকাৰ বাহিৰৰ স্থানীয় লোকসকলক সহযোগিতাৰ আশ্বাস দিবলৈ আৰম্ভ কৰিলে। কাঠমাণ্ডুৰ স্থানীয় নেৱাৰসকলে পৃথ্বী নাৰায়ণৰ উদাৰ স্বভাৱ আৰু ব্যক্তিত্বৰ শলাগ ল’বলৈ আৰম্ভ কৰে।[16] পৃথ্বী নাৰায়ণে জয় প্ৰকাশক আত্মসমৰ্পণ কৰিবলৈ বাতৰি পঠিয়ায়। কিন্তু জয় প্ৰকাশে গোৰ্খালী বাহিনীৰ ওপৰত দ্বিতীয়বাৰৰ বাবে বৃটিছে আক্ৰমণ কৰিব বুলি আশা কৰিবলৈ ধৰিলে।

১৭৬৮ চনৰ ছেপ্টেম্বৰৰ আৰম্ভণিৰ ফালে পৃথ্বী নাৰায়ণে কান্তীপুৰ বাহিনীৰ শক্তিৰ বিষয়ে অনুধাৱন কৰিবলৈ আৰম্ভ কৰে। তেওঁ দেৱালযুক্ত কাঠমাণ্ডু চহৰৰ বাহিৰত থকা থামেল অঞ্চল দখল কৰে।[17] জয় প্ৰকাশে থামেলত গোৰ্খালী আক্ৰমণক প্ৰতিহত কৰা নাছিল।[18] কৃষি, বাণিজ্য আৰু হস্তশিল্পৰ ওপৰত ক্ষতিসাধন কৰা ব্ৰিটিছ বাহিনীক পৰাস্ত কৰাৰ পিছৰে পৰা পৃথ্বী নাৰায়ণক স্থানীয় লোকসকলে তেওঁলোকৰ ত্ৰাণকৰ্তা হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰে।[18] ইফালে মন্দিৰৰ ধন-সম্পত্তিৰ আড়ম্বৰপূৰ্ণ অপব্যৱহাৰৰ বাবে জয় প্ৰকাশ স্থানীয় নেৱাৰসকলৰ মাজত জনপ্ৰিয় নাছিল।[18] শেষত জয় প্ৰকাশৰ সমৰ্থনত মাত্ৰ কেইজনমান মৈথিলী ব্ৰাহ্মণ নাগৰিক আছিল কাৰণ আন বাসিন্দাসকলে জয় প্ৰকাশৰ সলনি পৃথ্বী নাৰায়ণলৈ আনুগত্য প্ৰদৰ্শন কৰিছিল।[18]

আক্ৰমণ[সম্পাদনা কৰক]

কাঠমাণ্ডু অৱৰোধ অব্যাহত থকাৰ লগে লগে ১৭৬৭ চনত কীৰ্তিপুৰৰ যুদ্ধত গোৰ্খালিসকলে কীৰ্তিপুৰ দখল কৰে। কাঠমাণ্ডুৰ পশ্চিমে অৱস্থিত পাহাৰৰ শিখৰত থকা চহৰখনৰ পতনে ভীষণ ৰক্তাক্ত যুদ্ধ আৰু বন্য উন্মাদনাৰ ফলস্বৰূপে উপত্যকাটোৰ প্ৰতিৰক্ষাৰ বাবে এক বিপৰ্যয়ৰ সৃষ্টি কৰিছিল।

১৮২৫ চনৰ আহিন মাহৰ ১৩ তাৰিখে (২৬ ছেপ্টেম্বৰ ১৭৬৮) বামশৰজ পাণ্ডে, সুৰপ্ৰতাপ শ্বাহ আৰু তুলাৰাম পাণ্ডেৰ নেতৃত্বত গোৰ্খালী বাহিনীয়ে কাঠমাণ্ডু আক্ৰমণ কৰি নিশা ৰাজপ্ৰসাদ দখল কৰে।[19] এই আক্ৰমণৰ তিনিটা পৰিধিৰ তিনিটা বিন্দু আছিল— ভীমসেনস্থান, নাৰদেবী আৰু টুণ্ডিখেল। ভীমসেনস্থানত নেৱাৰ মহিলাসকলে নিজৰ ঘৰৰ খিৰিকীত থিয় হৈ তলৰ গোৰ্খালী সৈনিকসকলৰ ওপৰত জলকীয়াৰ গুড়িমিহলি পানীৰ বাল্টি ঢালি দিছিল। পুৰুষসকলে পথৰ ওপৰত আক্ৰমণকাৰীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়৷ চমু যুদ্ধৰ অন্তত জয়প্ৰকাশ মল্লই উপলব্ধি কৰিলে যে তেওঁক নগৰৰ সম্ভ্ৰান্ত লোকে বিশ্বাসঘাতকতা কৰিছে, আৰু কাঠমাণ্ডু তেওঁৰ হাতৰ পৰা হেৰাই গৈছে। ইয়াৰ পিছত তেওঁ নিজৰ বিশ্বাসযোগ্য সৈন্যৰ সৈতে ললিতপুৰলৈ পলায়ন কৰে।[20]এই আক্ৰমণ প্ৰত্যাক্ৰমণত দুয়োপক্ষৰ মৃত্যুৰ সংখ্যা আছিল ২০-২৫।[19] পিছদিনা ৰাতিপুৱা কাঠমাণ্ডুৰ বাসিন্দাসকলে সাৰ পাই মাথোঁ গম পায় যে পৃথ্বী নাৰায়ণ শ্বাহ তেওঁলোকৰ ৰজা হৈ পৰিছে। স্থানীয় লোকে সমদল কৰি উপহাৰ লৈ তেওঁলোকৰ নতুন ৰজাক শুভেচ্ছা জনাবলৈ ৰাজপ্ৰসাদলৈ গ’ল। অভিবাদন অনুষ্ঠান উপলক্ষে বন্দুকৰ গুলী ফুটোৱা হয়। ইয়াৰ মাজতে বন্দুকৰ গুলী ফুটোৱাৰ সময়ত হঠাতে বাৰুদ জ্বলি উঠে আৰু ফলত তুলাৰাম পাণ্ডেৰ মৃত্যু হয়।[21]

তাৰ পিছৰ মাহকেইটাত গোৰ্খালীসকলে ললিতপুৰো দখল কৰে। তাৰ পিছত নেপালৰ তিনিজন ৰজাই ভক্তপুৰত একত্ৰিত হৈ আগ্ৰাসীসকলৰ বিৰুদ্ধে চূড়ান্ত স্থিতি লয়।[22] ১৭৬৯ চনত শ্বাহে ভক্তপুৰ জয় কৰে, যাৰ ফলত তেওঁৰ নেপাল জয় সম্পূৰ্ণ হয়। তেওঁ শ্বাহ বংশ প্ৰতিষ্ঠা কৰে যি পৰৱৰ্তীকালত ২০০৮ চনত নেপাল গণৰাজ্যলৈ পৰিণত হয়।[23]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Hamilton, Francis Buchanan (1819). An Account of the Kingdom Of Nepal and of the Territories Annexed to This Dominion by the House of Gorkha. Edinburgh: Longman. http://www.gutenberg.org/files/30364/30364-h/30364-h.htm#page7। আহৰণ কৰা হৈছে: 11 November 2012.  Page 7.
  2. Waller, Derek J. (2004). The Pundits: British Exploration Of Tibet And Central Asia. University Press of Kentucky. পৃষ্ঠা. 171. ISBN 9780813191003. 
  3. Brown, Percy (1912). Picturesque Nepal. প্ৰকাশক London: Adam and Charles Black. https://archive.org/stream/picturesquenepal00brow#page/n67/mode/2up। আহৰণ কৰা হৈছে: November 7, 2012. 
  4. Giuseppe, Father (1799). Account of the Kingdom of Nepal. প্ৰকাশক London: Vernor and Hood. পৃষ্ঠা. 308. https://books.google.com/books?id=vSsoAAAAYAAJ&pg=PA307। আহৰণ কৰা হৈছে: November 7, 2012. 
  5. Raj, Yogesh (2012). "Introduction". Expedition to Nepal Valley: The Journal of Captain Kinloch (August 26-October 17, 1767). প্ৰকাশক Kathmandu: Jagadamba Prakashan. পৃষ্ঠা. 7. ISBN 9789937851800. 
  6. Northey, William Brook and Morris, Charles John (1928). The Gurkhas: Nepal-Their Manners, Customs and Country. Asian Educational Services. আই.এচ.বি.এন. 9788120615779. Pages 30-31.
  7. Stiller, Ludwig F. (1968). Prithwinarayan Shah in the light of Dibya Upadesh. Catholic Press. পৃষ্ঠা. 39. 
  8. Singh, Nagendra Kr (1997). Nepal: Refugee to Ruler: A Militant Race of Nepal. APH Publishing. পৃষ্ঠা. 125. ISBN 9788170248477. https://books.google.com/books?id=Aaog6bnQlNYC। আহৰণ কৰা হৈছে: November 7, 2012. 
  9. Singh, Nagendra Kr (1997). Nepal: Refugee to Ruler: A Militant Race of Nepal. APH Publishing. পৃষ্ঠা. 112. ISBN 9788170248477. https://books.google.com/books?id=Aaog6bnQlNYC। আহৰণ কৰা হৈছে: November 7, 2012. 
  10. Raj, Yogesh (2012). "Introduction". Expedition to Nepal Valley: The Journal of Captain Kinloch (August 26-October 17, 1767). প্ৰকাশক Kathmandu: Jagadamba Prakashan. পৃষ্ঠা. 5. ISBN 9789937851800. 
  11. Raj, Yogesh (2012). "Appendix B". Expedition to Nepal Valley: The Journal of Captain Kinloch (August 26-October 17, 1767). প্ৰকাশক Kathmandu: Jagadamba Prakashan. পৃষ্ঠা. 110. ISBN 9789937851800. 
  12. Marshall, Julie G. (2005). "Gurkha Conquest of Nepal and the Kinloch and Logan Missions". Britain and Tibet 1765-1947: A Select Annotated Bibliography of British Relations with Tibet and the Himalayan States Including Nepal, Sikkim and Bhutan. Routledge. পৃষ্ঠা. 39. ISBN 9780415336475. 
  13. Chatterji, Nandalal (1939). "The First English Expedition to Nepal". Verelst's Rule in India. Indian Press. পৃষ্ঠা. 21. https://books.google.com/books?id=oW4BAAAAMAAJ। আহৰণ কৰা হৈছে: 14 November 2013. 
  14. Raj, Yogesh (2012). "Introduction". Expedition to Nepal Valley: The Journal of Captain Kinloch (August 26-October 17, 1767). প্ৰকাশক Kathmandu: Jagadamba Prakashan. পৃষ্ঠা. 13–14. ISBN 9789937851800. 
  15. Giuseppe, Father (1799). Account of the Kingdom of Nepal. প্ৰকাশক London: Vernor and Hood. পৃষ্ঠা. 320. https://books.google.com/books?id=vSsoAAAAYAAJ&pg=PA307। আহৰণ কৰা হৈছে: November 12, 2012. 
  16. 16.0 16.1 Acharya 1973b, পৃষ্ঠা. 54.
  17. Acharya 1973b, পৃষ্ঠা. 54-55.
  18. 18.0 18.1 18.2 18.3 Acharya 1973b, পৃষ্ঠা. 55.
  19. 19.0 19.1 Acharya 1973a, পৃষ্ঠা. 25.
  20. Giuseppe, Father (1799). Account of the Kingdom of Nepal. প্ৰকাশক London: Vernor and Hood. পৃষ্ঠা. 320. https://books.google.com/books?id=vSsoAAAAYAAJ&pg=PA307। আহৰণ কৰা হৈছে: November 12, 2012. 
  21. Acharya 1973b, পৃষ্ঠা. 25.
  22. Giuseppe, Father (1799). Account of the Kingdom of Nepal. প্ৰকাশক London: Vernor and Hood. পৃষ্ঠা. 322. https://books.google.com/books?id=vSsoAAAAYAAJ&pg=PA307। আহৰণ কৰা হৈছে: November 12, 2012. 
  23. "Nepal's Gorkha kingdom falls". The Times of India. 2 June 2008. Archived from the original on 11 April 2013. https://archive.today/20130411033226/http://articles.timesofindia.indiatimes.com/2008-06-02/rest-of-world/27770497_1_narayanhity-dipendra-prithvi-narayan-shah.