কাঠৰ জোখ মাপ
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
কাঠৰ জোখ মাপৰ একক (ইউনিট) হ'ল কেবি (KB)। কাঠ এডাল ত্ৰিমাত্ৰিক (three dimension) । সেই তিনিটা অংশ হ'ল- কাঠডালৰ দৈৰ্ঘ্য (length), কাঠডালৰ প্ৰস্থ (breadth) আৰু কাঠডালৰ উচ্চতা (height) । প্ৰস্থ আৰু উচ্চতা বেছিভাগ ইঞ্চিত থাকে আৰু দৈৰ্ঘ্য সাধাৰণতে ফুটত ধৰা হয়। প্ৰস্থ আৰু উচ্চতাক ফুটত লিখিলে বহুত সৰু মান পোৱা যায় আৰু ই গণনাৰ বাবে সুবিধাজনক। ইয়াৰ পৰিৱৰ্তে দৈৰ্ঘ্যক ইঞ্চিত লিখিলে ডাঙৰ মান এটা পোৱা যায়।
কাঠৰ জোখ কেবি উলিওৱা পদ্ধতি
[সম্পাদনা কৰক]যদি কাঠডালৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা পূৰণ কৰিলে ১৪৪ পোৱা যায় তেতিয়া হ’লে কাঠডাল ১ কেবিৰ হ’ব।[1] অৰ্থাৎ
১ কেবি = দৈৰ্ঘ্য (ফুট) × প্ৰস্থ(ইঞ্চি) × উচ্চতা (ইঞ্চি) = ১৪৪
১৪৪ তকৈ বেচি হোৱা মানে ১ কেবিতকৈ বেচি, কম মানে ১ কেবিতকৈ কম।
উদাহৰণস্বৰূপে: ২ ইঞ্চি প্ৰস্থ, ৩ ইঞ্চি উচ্চতা (2 by 3) আৰু ২৪ ফুট দৈৰ্ঘ্যৰ কাঠ এডাল 1 কেবিৰ হ'ব। (কাৰণ, ২×৩×২৪=১৪৪)। তেনেকুৱা ২০ ডাল কাঠৰ জোখ ২০ কেবি হ'ব।
তেনেকৈ ৪ ইঞ্চি প্ৰস্থ, ৪ ইঞ্চি উচ্চতা (4 by 4) আৰু ৯ ফুটৰ কাঠ এডালো ১ কেবিৰ হ'ব। ( কাৰণ, ৪×৪×৯=১৪৪)।
ঠিক একেদৰে আমি যদি তক্তা এখন লওঁ যিখনৰ ১২ ইঞ্চি প্ৰস্থ, ২ ইঞ্চি উচ্চতা আৰু ৬ ফুট দৈৰ্ঘ্য (যি কাঠৰ প্ৰস্থ বেছি, উচ্চতা কম তাকেই আমি তক্তা বোলো)। তেতিয়া তক্তাখনও ১ কেবিৰ হ'ব। ( কাৰণ, ১২×২×৬=১৪৪)।
যিহেতু কাঠডালৰ দৈৰ্ঘ্য ফুটত থাকে। আমি ফুটক ইঞ্চিলৈ নিওঁ হিচাপটো কৰিব পাৰোঁ। আমি জানো যে-
১ ফুট = ১২ ইঞ্চি ১২ ফুট = ১৪৪ ইঞ্চি
গতিকে, ১ কেবি = ১২ × ১৪৪ = ১৭২৮ ইঞ্চি।
১ কেবি কাঠ হ'বলৈ ১৭২৮ (ইঞ্চি×ইঞ্চি×ইঞ্চি) হ’বই লাগিব। দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা যিকোনো হ’ব পাৰে, কিন্তু তিনিওটা পূৰণ কৰিলে ১৭২৮ হ’বই লাগিব।
উদাহৰণস্বৰূপে: ২ ইঞ্চি প্ৰস্থ, ৩ ইঞ্চি উচ্চতা (2 by 3) আৰু ২৪ ফুট (বা ২৪×১২=২৮৮ ইঞ্চি) দৈৰ্ঘ্যৰ কাঠ এডাল ১ কেবিৰ হ'ব। (কাৰণ, ২×৩×২৮৮=১৭২৮ ইঞ্চি×ইঞ্চি×ইঞ্চি)।
এক কেবি শাল কাঠৰ দাম প্ৰায় ১৫০০ টকা। চেগুনৰ দাম প্ৰায় ১০০০ টকা। যদি আমাক ৫০ কেবি চেগুন কাঠ লাগে ৫০ ৰে ১০০০ ক পূৰণ কৰিব লাগিব।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Meaning of KB in wood/wooden furniture/forestry. What is the exact quantity of wood meant by KB of wood?". Financehubnepal.com. 3 April 2020. https://www.financehubnepal.com/2020/04/meaning-of-kb-in-woodwooden.html?m=1। আহৰণ কৰা হৈছে: 16 June 2020.