কাণ বিন্ধনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এজন ব্ৰাহ্মণ ল'ৰাৰ কৰ্ণবেধ (দুয়োখন কাণতে) কৰা হৈছে।

কাণ বিন্ধনী বা “কৰ্ণ বেধ’’ (ইংৰাজী: Karnabedha) নামনি অসমৰ এক সংস্কাৰমূলক অনুষ্ঠান৷ এই অনুষ্ঠান কেৱল নাৰীকেন্দ্ৰিক৷ এই অনুষ্ঠানত ছোৱালীৰ কাণৰ লতিত অলংকাৰ পৰিধান কৰিবলৈ ফুটা কৰা হয়৷[1] নামনি অসমৰ ঠাইবিশেষে যদিও ই কেৱল মহিলাকেন্দ্ৰিক অনুষ্ঠান; হিন্দু ধৰ্মৰ “ষোড়শ সংস্কাৰ’’ৰ ভিতৰত “কৰ্ণবেধ’’ পুৰুষৰ কাণ বিন্ধা কৰা এক সংস্কাৰমূলক অনুষ্ঠান৷ [2] ই কাণত ছিদ্ৰ কৰা অনুষ্ঠান, যি মানুহৰ প্ৰথম বছৰৰ পৰা পঞ্চম বছৰৰ মাজত শুভ দিনত কৰা হয়৷

ৰীতি[সম্পাদনা কৰক]

অসমীয়া সমাজত কন্যা সন্তান জন্ম হ’লে শিশুটিৰ এবছৰ, তিনিবছৰ, পাঁচবছৰ আদি অযুগ্ম বছৰত পঞ্জিকা মতে, জন্ম ৰাশি, জন্ম নক্ষত্ৰ, জন্ম মাহ, ৰবিবাৰ, শনিবাৰ আৰু মংগলবাৰ আৰু “হৰি শয়ন’’ত বাদে চ’ত মাহ এৰি উত্তৰায়ণ কালত[3] কাণ বিন্ধনী পতা হয়৷ ঠাই বিশেষে বিজয়া দশমীৰ দিনা কাণ বিন্ধনী পতা হয় আৰু কিবা অসুবিধাবশতঃ সেইদিনা পাতিব নোৱাৰিলে বা শনিবাৰ বা মংগলবাৰ পৰিলে পিছদিনা পুৱা পতা হয়৷ সেইদিনা চোতালত বৰপীৰা এখন পাৰি তাত আনাকাটা বস্ত্ৰ এখন পাৰি শিশুটিক বহিবলৈ দিয়া হয়৷ শিশুটিক নতুন কাপোৰ পিন্ধোৱা হয়৷ আয়তীৰ উৰুলিৰ মাজেৰে কোনোবা অভিজ্ঞ মহিলা এগৰাকীয়ে কাণত বিন্ধা কৰে৷ আগৰ দিনত কেটেলা পহুৰ কাঁইটেৰে কাণ বিন্ধোৱা হৈছিল৷ আজিকালি সোণৰ বেজী বা আন জোঙা বস্তু যেনে, পনিয়লৰ কাঁইট, নেমুৰ কাইঁট বা বেজী ব্যৱহাৰ কৰা হয়৷ কাণ বিন্ধোৱা মহিলাগৰাকীক “পাঁচ সিকি’’ মাননি দিয়া নিয়ম৷ কাণ বিন্ধোৱাৰ পিছত শিশুটিক মিঠাই খাবলৈ দিয়া হয়৷[1] নামনি অসমৰ বৰপেটা অঞ্চলত ছোৱালীক কাণ বিন্ধাওতে মোমায়েকৰ ঘৰৰ পৰা সোণৰ গুণাৰ কাণফুলি দিয়া নিয়ম৷ সেই গুণাৰে কাণ ফুটাই পিন্ধাব লাগে৷ আনাকাটা কাপোৰ অতি আৱশ্যকীয় বস্ত্ৰ৷ কিছুবছৰ আগলৈকে কোনো কোনো সম্প্ৰদায়ৰ ল’ৰাকো কাণ বিন্ধোৱা হৈছিল যদিও বৰ্তমান কেৱল ছোৱালীবোৰৰ বাবেহে এই অনুষ্ঠান কৰা হয়৷ এই অনুষ্ঠানত ঘৰ-পৰিয়ালৰ মানুহক নিমন্ত্ৰণ দিয়াৰ উপৰি গাঁৱৰ বয়সীয়াল মহিলাসকলকো মতা হয়৷ চোতালত তুলসীতল বা গোঁসাই ঘৰৰ আগত চাকি জ্বলাই হৰিধ্বনি কৰি কাণ বিন্ধোৱাৰ পিছত ছোৱালীজনীক সাত টকা আৰু “গন্ধো’’ৰ লাৰু হাতত দিয়ে৷ আইসকলে নাম গায় আৰু পিছত নিমন্ত্ৰিতসকলক চাহ-নিমকি-মিঠাইৰে আপ্যায়ন কৰা হয়৷ কোনো কোনোৱে উৎসৱ উপলক্ষে ভোজৰো আয়োজন কৰে৷ আৰ্থিকভাবে দুৰ্বল পৰিয়ালে সাধাৰণ বেজীৰে কাণ ফুটাই সূতা বন্ধি থয় আৰু পিছত এৰুৱাই দিয়ে৷[4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 বৰা, ড° ভদ্ৰ কান্ত (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃষ্ঠা. ২৪. ISBN 978-81-928310-0-8. 
  2. Pandey, R.B., "The Hindu Sacraments (Sanskāra)" in S. Radhakrishnan (ed.) The Cultural Heritage of India, vol.II, (1962, reprint 2003). Kolkata:The Ramakrishna Mission Institute of Culture, আই.এচ.বি.এন. 81-85843-03-1, p.402
  3. দাস, নাৰায়ণ; ৰাজবংশী, পৰমানন্দ (সম্পা:). অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. ২০৩. 
  4. কলিতা, ফুলকুমাৰী (সম্পাদনা) (১৯৯৩). লোককৃষ্টি আৰু নাৰী. অমিয়া দাস. পৃষ্ঠা. ১৬.