কাতি পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কাতি পূজা বা কাতিকা পূজা(ইংৰাজী: Kati puja) অসমৰ ঠাইবিশেষে অনুষ্ঠিত হোৱা এক লৌকিক পূজা৷ এই পূজা কেৱল মহিলাৰ দ্বাৰাই অনুষ্ঠিত হয়৷ ভাৰতৰ আন কিছুমান ঠাইত প্ৰচলিত “কাৰ্তিক পূজা’’ মহিলা আৰু অবিবাহিতা যুৱতীসকলৰ মাজত কাতি মাহৰ সংক্ৰান্তিত পতা হয়৷ “কাৰ্তিক পূজা’’ আৰু “কাতি পূজা’’ কাতি মাহৰ সংক্ৰান্তিত পতা হয় আৰু দুয়োটা পূজাৰ উপাস্য দেৱতা কাৰ্তিক৷ অৱশ্যে, দুয়োগৰাকী দেৱতাৰ একে নহয়৷ ভাৰতৰ আন আন ঠাইত প্ৰচলিত কাৰ্তিক পূজাৰ দেৱতাগৰাকী পুৰাণ বৰ্ণিত শিৱগৌৰিৰ সন্তান[1] আৰু অসমত শিৱ-চণ্ডীৰ পুত্ৰ হ’লেও, তেওঁ সন্তান আৰু শস্যদাতা৷[2] কাতি ঠাকুৰ লোকদেৱতা শিৱ আৰু চণ্ডীৰ পুত্ৰ আৰু সন্তান দাতা-প্ৰজনন দেৱতা; শাস্ত্ৰত বৰ্ণিত দেৱ-সেনাপতি নহয়৷ অসমত এই পূজা নিৰ্দিষ্ট দিনত পাতিব নোৱাৰিলে আঘোণত পতা হয়; তেতিয়া ইয়াক “নমলা কাতি’’ বোলা হয়৷[3] এই পূজাত দম্পতীসকলে সুন্দৰ সন্তান কামনা কৰি আৰু অবিবাহিতা ছোৱালীয়ে সুন্দৰ স্বামী কামনা কৰি এই পূজা কৰে৷ অসমৰ কোচ-ৰাজবংশী লোকসকলেও কাৰ্তিক পূজা পাতে৷ তেওঁলোকৰ কাতিপূজা হ’ল, স্কন্দ পুৰাণ উল্লিখিত কাৰ্তিক পূজা৷ মহাদেৱএ অগ্নিৰ শৰীৰত প্ৰৱেশ কৰি এই পুত্ৰ উৎপাদন কৰিছিল৷[4]

পূজাৰ বিধি[সম্পাদনা কৰক]

কাতি পূজাৰ বাবে ঘৰৰ পৰা নিলগত কোনো মুকলি ঠাইত চাৰিটা কলপুলি পুতি মণ্ডপ সাজি সেই মণ্ডপত বাহন ময়ুৰৰ সতে কাতি ঠাকুৰৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হয়৷ মণ্ডপৰ ওপৰত চন্দ্ৰতাপ অঁৰা থাকে৷ মণ্ডপৰ কলপুলিত এযোৰ ধনু-কাড় ওলোমাই থোৱা হয়৷ পূজা দিবলৈ মহিলা বা যুৱতীসকলে আগদিনা উপবাসে থাকি ঘট্ এযোৰ আৰু তামোল-পাণ দেৱতাৰ উদ্দেশ্যে আগবঢ়ায়৷[3] এই পূজাৰ মানস কৰা থাকিলে হাতীৰ ওপৰত ম’ৰা চৰাই আৰু তাৰ ওপৰত কাতি মূৰ্তি বহুওৱা হয়৷ তেতিয়া তাক “হাতীৰ কাতি’’ বোলা হয়৷ কেতিয়াবা দুটা কাতি ঠাকুৰৰ মূৰ্তি একেলগ কৰি দিয়ে, ইয়াক “যোৰা কাতি’’ বুলি কয়৷[4] কাতি ঠাকুৰৰ পূজা লৌকিক নিয়মেৰে কৰা হয়৷ পূজাৰ আৰম্ভণিতে “সৃজন’’ গীত গোৱা হয়৷[3] ৰাজবংশীসকলে পূজাৰ আনুষ্ঠানিকতা শেষ হোৱাৰ পিছত “সৃজন গীত’’ গায়৷[4] পুত্ৰ সন্তান কামনা কৰি উপবাসী মহিলাসকলে মূৰ্তিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি কৰি গীত গাই নৃত্য পৰিৱেশন কৰে৷ নৃত্যত পটু দুই-এক মহিলাই পুৰুষৰ পোছাক পিন্ধি নাচে৷ এই পূজাৰ গীত আৰু নৃত্যত ঢাক বজোৱা হয়৷ ঢাক বজোৱা “ঢাকুৱা’’ আৰু পুৰোহিতৰ বাহিৰে আন কোনো পুৰুষ কাতি ঠাকুৰৰ পূজা চাব নোৱাৰে৷[3] যৌন ভাৱনাৰে পূজা কৰা এই অনুষ্ঠানত সন্ধ্যা নৃত্য গীত কৰা হয়৷ গীতবোৰত মহাদেৱৰ বিয়াৰ পৰা আৰম্ভ কৰি পুত্ৰ কাৰ্তিকৰ জন্মলৈকে সকলো বৃতান্ত বৰ্ণনা কৰা আছে৷[5][6]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. https://media.banglabhumi.in/kartik-puja/
  2. https://voice24x7.in/opinion/kati-puja-is-a-women-centric-festival-in-goalpara/
  3. 3.0 3.1 3.2 3.3 নাথ, দ্বিজেন (২০১৩). গোৱালপৰীয়া লোকসংস্কৃতি. বনলতা. পৃষ্ঠা. ৩১৬. ISBN 978-81-7339-422-5. 
  4. 4.0 4.1 4.2 ভকত, ড° লাবণ্য (২০২১). কোচ-ৰাজবংশী সংস্কৃতি কোশ. বনমালী প্ৰকাশন. পৃষ্ঠা. ৭৪. ISBN 978-93-81678-81-7. 
  5. গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোকসংস্কৃতি ৩. ক্ৰান্তিকাল. পৃষ্ঠা. ২৬৬. 
  6. বৰুৱা, নিখিলেশ (১৪ নৱেম্বৰ ২০১৯). "অবিভক্ত গোৱালপাৰা জিলাৰ কাতি পূজা". দৈনিক অগ্ৰদূত: ৫.