সমললৈ যাওক

কাব্যপ্ৰভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাব্যপ্ৰভা অতুলচন্দ্ৰ বৰুৱাৰ দ্বাৰা সম্পাদিত এখন কাব্য গ্ৰন্থ। "কাব্যপ্ৰভা" গ্ৰন্থত প্ৰাক্‌শংকৰী যুগৰ আদি আৰু অপ্ৰমাদী কবিসকলৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ বিভিন্নজন কবিৰ কবিতা সন্নিবিষ্ট কৰিছে। কাব্যপ্ৰভাৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ পাইছিল ১৯৪২ চনৰ ফেব্ৰুৱাৰী মাহত। কলিকতাৰ ৮৫ নং অপাৰ চাৰকুলাৰ ৰোডৰ 'ভাৰতমিহিৰ যন্ত্ৰ'ত শ্ৰী যুগলচৰণ দাসৰ দ্বাৰা মুদ্ৰিত এই সংকলনটি 'অসম বুক ষ্টোৰ্চ' পাণবজাৰ গুৱাহাটীৰ পৰা প্ৰকাশিত হৈছিল। গ্ৰন্থখনিৰ প্ৰথম সংস্কৰণটিৰ মূল্য আছিল ১/৪ টকা।

সম্পাদনাৰ মূল উদ্দেশ্য

[সম্পাদনা কৰক]

অসমীয়া ভাষাই ১৮৩৭ চনৰ পৰা ১৮৭৩ চনৰ সময়ছোৱাত ভীষণ সংকতৰ মুখামুখি হৈছিল যদিও পৰৱৰ্তী সময়ত অসমীয়া ভাষাত এটা নৱজাগৰণৰ সৃষ্টি হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ সৌজন্যত অসমীয়া ভাষাটো অসমীয়া হাইস্কুলবোৰৰ শিক্ষাৰ বাহন হোৱাৰ উপৰিও অন্যান্য উন্নত প্ৰাদেশিক ভাষাৰ দৰে এম.এ মহলাতো এটি সুকীয়া স্থান দখল কৰিছিল। এই পৰিৱৰ্তনৰ লগত সমতা ৰক্ষা কৰি আগবাঢ়ি যাবলৈ হ'লে স্কুল-কলেজৰ অসমীয়া পাঠবোৰলৈ পৰিৱৰ্তন আনিবই লাগিব বুলি অনুভৱ কৰি অতুলচন্দ্ৰ বৰুৱাই পঢ়াশালীয়া অসমীয়া ছাত্ৰ- ছাত্ৰীৰ সুবিধা হোৱাকৈ "কাব্যপ্ৰভা" যুগুত কৰিছে বুলি পাতনিত উল্লেখ কৰিছে। ১৯৪২ চনৰ সময়ছোৱাৰ প্ৰৱেশিকা শ্ৰেণীৰ বাবে উপযোগী হোৱাকৈ অসমীয়া কবিতাৰ বাছনি এখনৰ অভাৱ পূৰণৰ চেষ্টাই হৈছে "কাব্যপ্ৰভা" সম্পাদনাৰ মূল উদ্দেশ্য।

সন্নিবিষ্ট কবিতা

[সম্পাদনা কৰক]

অতুলচন্দ্ৰ বৰুৱাই "কাব্যপ্ৰভা"ৰ পাতনিত অসমীয়া কাব্য সাহিত্যৰ বুৰঞ্জীক প্ৰধানতঃ দুটা ভাগত ভাগ কৰিছে - প্ৰাচীন আৰু আধুনিক। সাম্প্ৰদায়িক,বিদ্বেষমূলক আৰু আদি ৰসাত্মক কবিতা সংকলনটোত বৰ্জন কৰিছে। সংকলনটোত চনেট বা চতুৰ্দশপদী কবিতা,বেলাড বা আখ্যানমূলক কবিতা,ইলিজী বা শোকৰ কবিতা,অমিত্ৰাক্ষৰ ছন্দৰ কবিতা,বৰ্ণনাত্মক কবিতা আদিৰ উপযুক্ত সমাৱেশৰ দ্বাৰা পুৰণি আৰু নতুন কবিতাৰ বৈশিষ্ট্য দেখুৱাবলৈ যত্ন কৰিছে।

গ্ৰন্থখনিত পুৰণি কবিতাৰ ভাগটোত মাধৱ কন্দলিৰ "ৰামৰ ওচৰৰ পৰা ভৰতৰ বিদায়",শংকৰদেৱৰ "কুণ্ডিল নগৰৰ বৰ্ণনা","শিশুলীলা", মাধৱদেৱৰ "বৰগীত",ৰাম সৰস্বতীৰ "শ্ৰীকৃষ্ণৰ প্ৰবোধ বচন আৰু পাণ্ডৱৰ কাম্যক বন ত্যাগ", শিষ্ট ভট্টাচাৰ্যৰ " শিশুপালৰ প্ৰতি শ্ৰীকৃষ্ণৰ কটূক্তি", গোবিন্দ মিশ্ৰৰ  "গীতা" সন্নিবিষ্ট হৈছে।

আধুনিক কবিসকলৰ ক্ৰম অনুযায়ী কবিতাসমূহ গ্ৰন্থখনত সন্নিবিষ্ট কৰাৰ লগতে প্ৰতিজন কবিৰ চমু পৰিচিতি একোটা সম্পাদকে অন্তৰ্ভুক্ত কৰিছে। কাব্যখনৰ আধুনিক ভাগত ভোলানাথ দাস, হেমচন্দ্ৰ গোস্বামী,চন্দ্ৰকুমাৰ আগৰৱালা,লক্ষ্মীনাথ বেজবৰুৱাকে প্ৰমুখ্য কৰি ৰঘুনাথ চৌধুৰী,চন্দ্ৰধৰ বৰুৱা,হিতেশ্বৰ বৰবৰুৱা,যতীন্দ্ৰনাথ দুৱৰা,তৰুণৰাম ফুকন,নলিনীবালা দেবী,পদ্মধৰ চলিহা,অতুলচন্দ্ৰ হাজৰিকা,বিনন্দচন্দ্ৰ বৰুৱা,গণেশচন্দ্ৰ গগৈ আদি মুঠ ২৯জন আধুনিক কবিৰ দুই তিনিটাকৈ কবিতা সন্নিবিষ্ট কৰিছে। 'মেঘ','পুৱা','মানৱ বন্দনা','বীণ-বৰাগী","প্ৰকৃতি বিভৱ","আজি আৰু কালি","জাতীয় গৌৰৱ","কেতেকী","সাদৰী","ধূলিকণামই","চকুলো","মৰিশালিখনি","ওমৰতীৰ্থ","বৰপেটা",কামৰূপ","জনমভূমি","পৰীক্ষা","সপোন","ধুমুহা","ভাৰতবৰ্ষ","নাৱৰীয়া" আদি সুখপাঠ্য কবিতাসমূহ সংকলনটিত আছে।

বিভিন্নজনৰ মন্তব্য

[সম্পাদনা কৰক]
  1. কবি ৰঘুনাথ চৌধুৰীৰ মতে " ....ন- পুৰণি দুয়োবিধ কবিতাৰ সংগ্ৰহ হিচাপে "কাব্যপ্ৰভা" অসমীয়া সাহিত্যত অপূৰ্ব আৰু অদ্বিতীয় বুলি নিঃসন্দেহে ক'ব পাৰি। ....."
  2. গোপীনাথ বৰদলৈয়ে "কাব্যপ্ৰভা"ৰ বিষয়ে কৈছে - "....কাব্যপ্ৰভা পঢ়ি চালো। কবিতাসমূহ সাহিত্য-বুৰঞ্জীৰ যুগ হিচাপে দিয়া হৈছে আৰু সেই যুগৰ ৰচনা আৰু ভাৱধাৰাৰ প্ৰকাশক হৈ পৰিছে।"
  3. 'অসমীয়া',১৪/১০/১৯৪১ ত প্ৰকাশিত হৈছিল - ".....এই পুথিত ন-পুৰণি দুয়ো চামৰ লিখকৰ কবিতালৈ প্ৰায় সমানে চকু দিয়া হৈছে....। এই কবিতাসমূহৰ লগতে সংশ্লিষ্ট কবিসকলক আৰু তেওঁলোকৰ মূল পুথি বা পুথিসমূহৰ বিষয়েও চমুকৈ উল্লেখ কৰি সম্পাদকে উপযোগী কাম কৰিছে। আমি তেখেতৰ এই নৱ প্ৰচেষ্টাৰ কৃতকাৰ্যতা কামনা কৰিছো।"

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

কাব্যপ্ৰভা,সম্পাদক - বৰুৱা,অতুলচন্দ্ৰ, প্ৰকাশক- দুৱৰা,ডাঃ পোৱালচন্দ্ৰ, প্ৰথম সংস্কৰণ - ১৯৪২,ফেব্ৰুৱাৰী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]