কাব্য-কুসুম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পণ্ডিত গুণাভিৰাম বৰুৱাৰ দ্বাৰা সংকলিত 'কাব্য - কুসুম' ৰ প্ৰথমভাগ অসমীয়া কবিসকলৰ গ্ৰন্থৰ পৰা উদ্ধৃত এখন পদাৱলী।   কবিতাৰ ৭৫ নং বৰ্ণৱালিস‌ ষ্ট্ৰীটৰ বাঙ্গালা যন্ত্ৰত শ্ৰী নলিনীমোহন দাসৰ দ্বাৰা এই গ্ৰন্থখনি মুদ্ৰিত হৈছিল।

   "কাব্য-কুসুম"ৰ পাতনি-

      গুণাভিৰাম বৰুৱাই 'কাব্য - কুসুম' ৰ প্ৰথম অংশতে উল্লেখ কৰিছে যে তেওঁ অশেষ কষ্টৰে বিভিন্ন ঠাইৰ পৰা অসমীয়া পদ্য সংগ্ৰহ কৰি তাৰে কোনো কোনো অংশ এই পুথিত উদ্বৃত কৰিছে। হৰিবিলাস আগৰৱালাৰ পুৰণি পুথি প্ৰকাশ কৰাত অত্যন্ত আগ্ৰহ থকাৰ বাবে গুণাভিৰাম বৰুৱাই ' কাব্য - কুসুম ' গ্ৰন্থখন তেওঁলৈ আগবঢ়াইছে। গ্ৰন্থখনৰ প্ৰথম ভাগত অসমীয়া কবি কেইজনমানৰ   কবিতাৰ পৰিচয় পোৱা যায়। আন আন কবিসকলৰ পুথি সংগ্ৰহ কৰিবলৈ যত্ন কৰি থকাৰ কথাও বৰুৱাই গ্ৰন্থখনত উল্লেখ কৰিছে। সেই সময়ৰ পঢ়াশলীয়া পুথিৰ অভাৱ ' কাব্য - কুসুম ' পুথিয়ে কিছু পৰিমাণে পূৰণ কৰিছিল। নগাঁৱৰ টেক্স বুক কমিটীয়ে এই পুথিখন পাথ্যপুথিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছিল বুলি উল্লেখ পোৱা যায়।

       "কাব্য-কুসুম"ত সন্নিবিষ্ট কবিতা -

      গ্ৰন্থখনত থকা পুৰণি অসমীয়া পদ্য সমূহ হ'ল - " ঈশ্বক ভক্তি ", 'প্ৰতিজ্ঞা পালন ', ' শুক্ৰ পুৰুহিতৰ ভক্তি ', ' দুষ্টৰ মিত্ৰতা বিষম ', ' বব্ৰুবাহ‌ন ৰজাৰ সভাঘৰ ', ' দ্ৰৌপদীৰ বিলাপ ', ' হানি পুৰণ ঋণ শোধ নৱনাৰায়ন ৰজাৰ বিদ্ৰোৎ সাহীতা ', ' অৰ্জুন বব্ৰবাহ যুদ্ধ ', ' অশ্বমেধ যজ্ঞ ', ' মহাভাৰত অনুবাদকৰ নিবেদন ', ' কুম্ভকৰ্ণৰ নিদ্ৰা ভংগ ', ' ৰাৱণ বধ ', ' শ্ৰী কৃষ্ণৰ মিথি গমন ', ' কুৰুক্ষেত্ৰ যজ্ঞ ', 'কবি আনন্দ কন্দলীৰ ' সাধু ইচ্ছা ', ' স্তুতি ', ' শংকৰদেৱৰ বংশাৱলী ', ' মাধৱদেৱ ', ' কলি যুগৰ আচাৰ ', ' কৃষ্ণ আৰু জাম্বুৱন্তৰ  যুদ্ধ ', ' নৰনাৰায়ণ বা মল্লদেব ৰাজা ', ' মল্লদেব ৰাজাৰে পাঠানৰ যুদ্ধ ', ' উষা অনিৰুদ্ধৰ ভোজন ', ' কাৰ্য সম্পাদনৰ পূৰ্বে বৃথা আশা কৰা অযুগুত '। মাধৱদেৱ বিৰচিত  ' ভক্তি - ৰত্নাৱলী ', শংকৰদেৱৰ অষ্টম স্কন্ধ ভাগৱতৰ ' বলিছলন ' খণ্ড, ' অমৃতমথন ', হৰিবৰ বিপ্ৰৰ ' বব্ৰুবাহনৰ যুদ্ধ ', অনন্ত কন্দলীৰ মহাভাৰত উদ্যোগ পৰ্ব , ৰাম সৰস্বতীৰ মহাভাৰতৰ পুষ্পাহৰণ বনপৰ্বৰ, শ্ৰী ধৰ কন্দলিৰ  মহাভাৰতৰ অশ্বমেধপৰ্ব, মাধৱ কন্দলীৰ ৰামায়ণৰ লংকা কাণ্ড , অনন্ত কন্দলীৰ দশম স্কন্ধ ভাগৱতৰ শেষ খণ্ড, মাধৱদেৱৰ ঘোষা  গদাধৰ বা লক্ষ্মীদেৱৰ শংকৰ চৰিত্ৰ, শংকৰদেৱৰ কীৰ্তন স্যামন্ত হৰণ, শ্ৰী চন্দ্ৰ ভাৰতীৰ কুমাৰ হৰণ, শংকৰদেৱৰ ত্ৰয়োত্ৰিংশতম  ভটিমাৰ পৰা গুণাভিৰাম বৰুৱাই পদসমূহ উদ্ধৃত কৰিছে।

তথ্যসূত্ৰ - কাব্য-কুসুম

প্ৰণেতা - বৰুৱা,গুণাভিৰাম

মুদ্ৰক - শ্ৰী নলিনীমোহন দাসৰ  দ্বাৰা মুদ্ৰিত বাঙ্গালা যন্ত্ৰত, কলিকতা,৭৫ নং কৰ্ণৱালিস ষ্ট্ৰীট

সময় - ১৮০৬