সমললৈ যাওক

কায়াহ ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কায়াহ ৰাজ্য (মান: ကယားပြည်နယ်; পূৰ্বৰ কাৰেনি ৰাজ্য) হৈছে ম্যানমাৰৰ এখন ৰাজ্য। পূব ম্যানমাৰত অৱস্থিত ইয়াৰ উত্তৰে শ্বান ৰাজ্য, পূবে থাইলেণ্ডৰ মে হং ছন প্ৰদেশ আৰু দক্ষিণ আৰু পশ্চিমে কায়িন ৰাজ্য[1] ই প্ৰায় ১৮° ৩০′ আৰু ১৯° ৫৫′ উত্তৰ অক্ষাংশৰ ভিতৰত আৰু ৯৬° ৫০′ আৰু ৯৭° ৫০′ পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ইয়াৰ আয়তন ১১,৬৭০ কিলোমিটাৰ (৪,৫১০ বৰ্গমাইল)।[2] ইয়াৰ ৰাজধানী হৈছে ল্বয়কাউ (লয়-কাউ বুলিও উচ্চাৰণ কৰা হয়)।[3] ২০১৪ চনৰ ম্যানমাৰৰ লোকপিয়ল অনুসৰি এই ৰাজ্যৰ আনুমানিক জনসংখ্যা আছিল ২৮৬,৭৩৮ জন। ইয়াত প্ৰধানকৈ কাৰেনি জনগোষ্ঠীয়ে বাস কৰে, যাক ৰেড কেৰেন বা কায়াহ বুলিও কোৱা হয়, যিটো চীন-তিব্বতী জনগোষ্ঠী।[4]

১৮৭৫ চনৰ ২১ জুনত বাৰ্মিজৰ ৰজা মিণ্ডন মিনৰ সৈতে হোৱা চুক্তিত ব্ৰিটিছ চৰকাৰে কাৰেনি ৰাজ্যৰ স্বাধীনতাক স্বীকৃতি আৰু নিশ্চয়তা প্ৰদান কৰে, যাৰ দ্বাৰা দুয়োপক্ষই এই অঞ্চলটোক কনবাং বাৰ্মাৰ বা গ্ৰেট ব্ৰিটেইনৰ নহয় বুলি স্বীকৃতি দিয়ে।[5]

২০২১ চনৰ পিছত

[সম্পাদনা কৰক]

২০২৩ চনৰ ৭ নৱেম্বৰ তাৰিখে কাৰেনি নেচনেল পিপলছ লিবাৰেচন ফ্ৰণ্ট, কাৰেনি আৰ্মি আৰু কাৰেনি নেচনেলিটিজ ডিফেন্স ফৰ্চে শাসকীয় ৰাজ্য প্ৰশাসন পৰিষদ জুন্টাৰ বিৰুদ্ধে "অপাৰেচন ১১০৭" নামেৰে জনাজাত সামৰিক আক্ৰমণ আৰম্ভ কৰে। ৰাজধানী দখল কৰাৰ লক্ষ্যৰে ২০২৩ চনৰ ১১ নৱেম্বৰৰ পৰা "অপাৰেচন ১১১১" নামেৰে জনাজাত অতিৰিক্ত আক্ৰমণ আৰম্ভ হয়।[6][7]

২৮ নৱেম্বৰত দ্য ইৰাৱাডীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কে.এন.ডি.এফৰ উপ-মুখ্য সেনাধ্যক্ষ মাৰৱীয় (বাৰ্মিজ: မာဝီက)য়ে দাবী কৰিছিল যে জুন্তা বিৰোধী বাহিনীয়ে কায়াহ ৰাজ্যৰ ৮০% অংশ নিয়ন্ত্ৰণ কৰে আৰু লয়কাওৰ আধা অংশ নিয়ন্ত্ৰণ কৰে, য'ত এটা অন্তৱৰ্তীকালীন কাৰেনি চৰকাৰ স্থাপন কৰা হৈছিল। ই জুন্তা চৰকাৰৰ ঠাইত গঠন কৰা হৈছিল, যিখন ভাঙি পৰিছিল।[8][9][10]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Kayah State". The Kite Tales. https://kite-tales.org/en/region/kayah-state আহৰণ কৰা হৈছে: 2024-10-17.
  2. "Kayah State". Myanmar 2024. https://www.myanmars.net/travel/kayah-state.html আহৰণ কৰা হৈছে: 2024-10-17.
  3. Burmese, RFA (2024-06-07). "Myanmar junta halfway to recapturing Kayah state capital". Radio Free Asia. https://www.rfa.org/english/news/myanmar/junta-recapture-loikaw-kayah-06072024151016.html আহৰণ কৰা হৈছে: 2024-10-17.
  4. "Northeast India, Myanmar, Animism". Encyclopedia Britannica. 1998-07-20. https://www.britannica.com/topic/Kayan আহৰণ কৰা হৈছে: 2024-10-17.
  5. Chisholm, Hugh, ed. (1911). "Karen-Ni". Encyclopædia Britannica. 15 (11th ed.). Cambridge University Press. p. 678.
  6. "ကရင်နီဒေသ ၁၁၀၇ စစ်ဆင်ရေး တိုက်ပွဲ ဆင်နွှဲ" (my ভাষাত). BBC News မြန်မာ. 9 November 2023. https://www.bbc.com/burmese/articles/cyx2379qdz9o.
  7. "ကရင်နီဒေသ ၁၁၀၇ စစ်ဆင်ရေး စတင်" (my ভাষাত). ဗွီအိုအေ. 8 November 2023. Archived from the original. Error: If you specify |archiveurl=, you must also specify |archivedate=. https://web.archive.org/web/20231110130401/https://burmese.voanews.com/a/7346374.html.
  8. Kha, Kyaw (28 November 2023). "Operation 1111 'Close to Securing All of Kayah State for Myanmar Resistance'". The Irrawaddy. https://www.irrawaddy.com/in-person/interview/operation-1111-close-to-securing-all-of-kayah-state-for-myanmar-resistance.html আহৰণ কৰা হৈছে: 28 November 2023.
  9. "Junta's Administration Ousted from Karenni State- Loikaw still a war-zone". https://www.bnionline.net/en/news/juntas-administration-ousted-karenni-state-loikaw-still-war-zone.
  10. The Irrawaddy (26 December 2023). "Christmas mass held for IDPs in Karenni State". Meta Platforms, Inc.Facebook. https://www.facebook.com/theirrawaddy/posts/pfbid0563cJ5n6qRa1jMcjiLXzYuR33CRSfpHqNDiqMrDVkJumWcz76pXJGpekoVzWCqPMl আহৰণ কৰা হৈছে: 27 December 2023.