সমললৈ যাওক

কাশীনাথ বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাশীনাথ বৰ্মন
জন্ম ১৮৯৫
নলবাৰী জিলা
মৃত্যু ১৯৬৩
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাহিত্যিক, শিক্ষক
উল্লেখযোগ্য কৰ্ম নাৰীৰত্ন
ধৰ্ম হিন্দু ধৰ্ম

কাশীনাথ বৰ্মন (ইংৰাজী: Kashinath Barman) এগৰাকী শিক্ষক, জীৱনী-প্ৰণেতা আৰু সাহিত্যিক।

জন্ম আৰু বংশ-পৰিচয়

[সম্পাদনা কৰক]

কাশীনাথ বৰ্মনৰ জন্ম ১৮৯৫ চনত নলবাৰীৰ ধৰ্মপুৰ মৌজাৰ আমনিগাঁৱত। পিতৃৰ নাম দুতিৰাম বৰ্মন। মাতৃৰ নাম কেতেকী দেৱী।

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

প্ৰাথমিক শিক্ষা নলবাৰী মাইনৰ স্কুলত আৰম্ভ হয়। গোলাঘাট হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। গোলাঘাট হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি পিতৃৰ সহযোগত আমনি স্কুলৰ শিক্ষক পদত নিযুক্ত হয়। ১৯১২ খ্ৰীষ্টাব্দত শিক্ষক প্ৰশিক্ষণ পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ পিছত তিনিচুকীয়া মাইনৰ স্কুলৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। ১৯১৬ খ্ৰীষ্টাব্দত 'নৰ্মাল পঢ়িবলৈ যোৰহাটলৈ যায় আৰু ১৯১৮ খ্ৰীষ্টাব্দত প্ৰথম বিভাগত পাছ কৰি যোৰহাটৰ প্ৰেক্‌ক্টিচিং স্কুলৰ হে'ড পণ্ডিত পদত অধিষ্ঠিত হয়। ১৯৩০ খ্ৰীষ্টাব্দৰ পৰা ১৯৩৯ খ্ৰীষ্টাব্দলৈ কমলপুৰ এম. ভি স্কুলৰ প্ৰধান শিক্ষকৰূপে কাম কৰে। জীৱনৰ পিছৰছোৱাত নাজিৰাত নিগাজীকৈ থাকিবলৈ লয়। শিৱসাগৰৰ হাইস্কুলতো দহবছৰমান শিক্ষকতা কৰে।

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

নৰ্মাল স্কুলৰ আলোচনী 'প্ৰভাত' সম্পাদনা কৰি থকা অৱস্থাত ভালেসংখ্যক শিক্ষা সম্পৰ্কীয় লেখা ৰচনা কৰে। তেওঁ 'নাৰীৰত্ন' নামৰ অমূল্য গ্ৰন্থত ভাৰতীয় বুৰঞ্জীৰ মুঠ চৈধ্যগৰাকী সাহসী আৰু বুদ্ধিদীপ্ত বীৰাংগনাৰ জীৱনী প্ৰকাশ কৰিছে। ১৯৪৯ খ্ৰীষ্টাব্দত 'অমৰ কাহিনী' আৰু 'গল্প লহৰি' নামৰ দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। 'অমৰ কাহিনী'ত পৃথিৱীৰ এঘাৰজন ধৰ্ম গুৰু আৰু 'গল্প লহৰি'ত ছটা ভিন্ন ধৰ্মী গল্পক স্থান দিয়া হৈছে।[1]

প্ৰসংগসূত্ৰ

[সম্পাদনা কৰক]
  1. দত্তবৰুৱা, মঞ্জু, সম্পা.(২০১২), অসম লেখক কোষ(তৃতীয় খণ্ড), অসম সাহিত্য সভা, পৃ.২৮-১৯