কাশী কৰৱত মন্দিৰ (কাশী কৰৌত)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
কাশী কৰৱত মন্দিৰ - এইটো এটা সৰু আত্মহত্যা মন্দিৰ হয়। এইটো কাশীৰ প্ৰসিদ্ধ ব্লু লছীৰ দোকান আৰু কাশী বিশ্বনাথ মন্দিৰৰ পৰা কিছু মিটাৰ দূৰত অৱস্থিত আৰু ইয়াক এটা প্ৰাচীন শিৱ মন্দিৰ বোলা হয়। এইটো এটা সৰু মন্দিৰ আৰু মাত্ৰ স্থানীয় লোক সকলহে তালৈ যায়। বৰ্তমান মন্দিৰৰ মাটিৰ তলৰ কুঠৰীত মাত্ৰ পূজাৰী আৰু তেওঁলোকৰ সম্বন্ধীয় সকলেহে প্ৰৱেশ কৰিব পাৰে। তেওঁলোকে ২৫ প্ৰজন্ম ধৰি সেই ঠাইৰ চোৱাচিতা কৰি আহিছে। তাত থকা কৰতখন ব্ৰিটিছ সকলে লৈ গৈছিল।
হিন্দু ধৰ্মৰ ধৰ্মগুৰুসকলে যি সাধনা সাধকসকলক কয়, সেয়া শাস্ত্ৰ প্ৰমাণিত নহয়। যাৰ বাবে সাধকসকলে ঈশ্বৰৰ পৰা কোনো উপকাৰ নাপালে যিটো ভক্তিৰ পৰা আশা কৰা হৈছিল। কাশীৰ ধৰ্মগুৰুসকলে এটা নিন্দনীয় আৰু অপৰাধমূলক পৰিকল্পনা কৰিলে যে ভগৱান শিৱই আদেশ দিছে যে কাশী চহৰত প্ৰাণ আহুতি দিয়াজনৰ বাবে স্বৰ্গৰ দুৱাৰ মুকলি হ’ব। কোনো বাধা নোহোৱাকৈ তেওঁ স্বৰ্গলৈ যাব। বৰ্তমান জিলা- সন্ত কবীৰ নগৰ (উত্তৰ প্ৰদেশ)ৰ মগহৰ নগৰত (উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ ওচৰত) মৃত্যু হোৱাজন নৰকলৈ যাব বা গাধৰ শৰীৰ প্ৰাপ্ত কৰিব।
মগহৰত মৃত্যু হোৱাজন পোনপটীয়াকৈ গাহৰি বা গাধৰ যোনিলৈ অৰ্থাৎ নৰকলৈ যাব আৰু কাশীত মৃত্যু হোৱা সকল পোনপটীয়াকৈ স্বৰ্গলৈ যাব বুলি প্ৰচাৰ কৰা ভ্ৰান্ত ধাৰণাটোৰ বাবেই আগতে সকলোৱে কাশীত জীৱনৰ শেষ সময় অতিবাহিত কৰিছিল।
সেইবাবেই আশে-পাশে থকা গাঁৱৰ মানুহে বৃদ্ধ বয়সত মাক-দেউতাকক কাশীৰ স্বাৰ্থপৰ পণ্ডিত পূজাৰীৰ হাতত গতাই দিছিল। তেওঁলোকে ভাড়াৰ ভিত্তিত বুঢ়া-বুঢ়ী সকলক নিজৰ লগত ৰাখিছিল। তাৰ পিছত লাহে লাহে বুঢ়া-বুঢ়ীৰ সংখ্যা বাঢ়ি আহিল, গতিকে স্বাৰ্থপৰ পণ্ডিত আৰু পুৰোহিতসকলে চিন্তা কৰিবলৈ ধৰিলে যে এজনক সেৱা কৰাই টান, সকলোকে কেনেকৈ সেৱা কৰিব। তাৰ পাছত গংগা নদীৰ পাৰত ইটাৰ প্ৰকাণ্ড গুহা এটা সাজিছিল যাতে তেওঁলোকক জোৰকৈ মাৰিব পাৰে। তাৰ পাছত সেই গুহাটোৰ ভিতৰত কৰতৰ দৰে বস্তু এটা স্থাপন কৰা হ’ল যাক সেই সময়ৰ মানুহে কৰৌত বুলি কৈছিল। তেতিয়া সেই বুঢ়া-বুঢ়ী সকলক কোৱা হ’ল যে যিয়ে সোনকালে স্বৰ্গলৈ যাব বিচাৰে, এই গুহাটোত কৰতেৰে মূৰ কাটি পেলাওক, তেওঁ পোনে পোনে স্বৰ্গলৈ যাব। এইটোৱেই শিৱ ভগৱানৰ আদেশ। এই কথা শুনাৰ পিছত, যিহেতু সকলো বয়োজ্যেষ্ঠই ইতিমধ্যে দুখ আৰু বেদনাত অশান্তি পাইছিল, গতিকে এই দুখৰ পৰা মুক্তি পাবলৈ সকলোৱে হয় বুলি ক'লে, আৰু সকলোৰে এজন এজনকৈ মূৰ কাটি পেলোৱা হৈছিল। যেতিয়াই সেই কৰতখন কোনো কাৰণত আচল হৈ পৰিছিল, তেতিয়াই কোৱা হৈছিল যে ঈশ্বৰৰ আদেশ এতিয়াও আপোনাৰ বাবে অহা নাই। তেতিয়া সেই বুঢ়াজনে কান্দি কান্দি উভতি আহিছিল আৰু কিছু সময়ৰ পাছত আকৌ কৰতেৰে মূৰটো কাটিবলৈ পুৰোহিতসকলক মাচুল দিছিল। এইদৰে সেই বৃদ্ধসকলৰ সংখ্যা কমি গ’ল। যিটো আছিল অতি নিষ্ঠুৰতাৰে ভৰা কুকৰ্ম। উল্লেখযোগ্য সেই মন্দিৰত কেৱল সনাতন হিন্দু ধৰ্মৰ লোকেহে প্ৰৱেশ কৰিব পাৰিছিল।