কাৰ্বন নেন'টিউব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

কাৰ্বন নেন'টিউব (ইংৰাজী: Carbon nanotube, CNT) হৈছে কাৰ্বনৰ এটি প্ৰতিৰূপ, যি চিলিণ্ডাৰ আকৃতিত উপলব্দ। স্থিতিস্থাপকতা ইয়াৰ প্ৰধান বৈশিষ্ট্য। ই দুটা প্ৰকাৰত উপলব্ধ: (১) চিংগল ৱাল নেন'টিউব বা এক স্তৰ বিশিষ্ট নেন'টিউব হৈছে যাৰ ব্যাসৰেখা নেন'মিটাৰত, তাৰ সমষ্টিয়ে SWCNTs বা ছিংগল ৱাল কাৰ্বন নেনটিউবছ বা এক স্তৰ বিশিষ্ট। (২) বহু-স্তৰ বিশিষ্ট বা মাল্টি ৱাল কাৰ্বন নেনটিউব (ইংৰাজী: MWCNTs) য'ত এক স্তৰীয় নেন'টিউববোৰ ভাণ-ডাৰৱাল বলৰ জৰিয়তে গছৰ গাৰ চাপৰ নিচিনা আকৃতিৰে জোৰা লাগি থাকে। লেজাৰ অপসাৰণ পদ্ধতিৰে নেন'টিউব প্ৰস্তুত কৰা যায়। জাপানী পদাৰ্থবিদ সুমিও ইজিমা য়ে প্ৰথমে কাৰ্বন নেন'টিউব আৱিষ্কাৰ কৰিছিল।