কাৰ্বন পেপাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


এখন কাৰ্বন পেপাৰ

কাৰ্বন পেপাৰ বা কাৰ্বনিক পেপাৰৰ (ইংৰাজী: Carbon paper) আৱিষ্কাৰ হৈছিল কোনো লিখনিৰ প্ৰতিলিপি বাৰে বাৰে কৰি থাকিব লগা হোৱাটো কিছু অসুবিধাজনক অৱস্থাৰ পৰা হাত সাৰিবলৈ কৰা চিন্তাৰ ফলতেই। বৰ্তমান অৱশ্যে মানুহে কাৰ্বন পেপাৰক চমুৱাই কেৱল কাৰ্বন বুলিয়েই কয়। লেখা আৰম্ভ কৰাৰ আগতে কাগজখনৰ তলত সমজোখৰ এখন কাৰ্বন পেপাৰ ভৰাই লৈ তলত আন এখন উকা কাগজ ৰাখি, এবাৰতে মূল কপিটোৰ উপৰি আন এটা কপি পাব পাৰি। তেনেকৈ এখনৰ তলত আন এখন কাৰ্বন পেপাৰ ভৰাই কেইবাখনো প্ৰতিলিপি এবাৰতে পাব পাৰি। টাইপ মেচিনত (কেতিয়াবা হাতে লিখাতো) কাৰ্বন পেপাৰ ভৰাই লৈ এনেদৰে প্ৰতিলিপি কৰা হয়। কাৰ্বন পেপাৰ প্ৰস্তুত কৰা প্ৰথম ব্যক্তিজন আছিল লণ্ডনৰালফ্‌ ৱেজউড[উদ্ধৃতিৰ প্ৰয়োজন]। ১৮০৬ চনত তেওঁ কাৰ্বন পেপাৰ উদ্ভাৱন কৰে। অৱশ্যে তেওঁ প্ৰস্তুত কৰা কাৰ্বন পেপাৰ প্ৰকৃততে চিয়াঁহীত ডুবাই লৈ শুকোৱা পাতল কাগজহে আছিল। পাতল কাগজ এখন চিয়াঁহীত ডুবাই লৈ ব্লটিং কাগজৰ মাজত দি শুকুৱাই লৈ সেইখনকেই বগা কাগজৰ তলত দি কাৰ্বন পেপাৰৰূপে ব্যৱহাৰ কৰিছিল। বৰ্তমান উন্নত মানৰ কাৰ্বন পেপাৰ প্ৰস্তুত হৈছে।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]